ফটাঢোল

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                   (১)

বিষে-কোপে জৰ্জৰিত ধনীৰাম বৰা,

পানীটুপি নাপালে দিনতে আধামৰা।

        দোকানত খাপ-পিতি,

        থাকোঁতে হ’ল এই গতি,

সেয়ে চাগৈ হ’ম ডেলিভাৰি দিব সুৰা।

                (২)

ৰাইজে নাজানে যদু সিন্ধি খন্দা চোৰ,

আন্ধাৰতে গৃহস্থই মাৰি দিলে গোৰ,

        গোৰ খাই যিহে হ’ল,

        পেণ্ট খুলি পৰি গ’ল,

পকেটত ওলাল উৰহী গছৰ ওৰ।

               (৩)

বহুদিন জুহালত জ্বলা নাই জুই,

এঘটি পানীকে গিলি সোণ থাকে শুই,

         গ’লে হাজিৰা বিচাৰি,

        পুলিচে দেখাই এচাৰি,

ৰাস্তাত পোৱা আপেলটো দিলোঁ তাক ধুই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *