ফটাঢোল

আপদীয়া পদ্য-সঞ্জীৱ কুমাৰ মহন্ত

           (১)

কালকৰ’ণাই ছানি ধৰে  

অসমৰ মাটি পানী বায়ু,

দিনক দিনে কমিছে বহুজনৰ আয়ু,

এচাম মৰিছে খাবলৈ নাপাই

এচাম মৰিছে ড্ৰাগছ-কানি খায়,

কৰ’ণাতকৈ মূল্যবৃদ্ধিয়ে ৰাইজৰ মূৰত ৰামটাঙোন সোধায়। 

      (২)

জাক জাক লিডাৰ 

আমাৰ অসমত

জয় আই অসম  

সকলোৰে মুখত।

ক্ষমতাৰ খকত  আদৰ্শৰ 

নাই  কোনো কাম,

টকশ্ব’ত গৈ জাতীয়তাবাদৰ জয়গান সদায় গাম…।

সাপ হৈ খুটিম বেজ হৈ জাৰিম

তথাপিতো কিন্তু 

ৰাজনীতি কৰিম

জাতি মাটি ভেটি সকলো বাদ 

পলিটিক্স ইজ জিন্দাবাদ।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *