ফটাঢোল

অদূৰ ভৱিষ্যতে ‘উবেৰ’এ  কি কি কৰাৰ সম্ভাৱনা আছে-হিমাংশু ৰাজখোৱা

‘উবেৰ’ত কেব এখন বুক কৰিলে দিম্পল কলিতাই।

অলপ সময়ৰ পাছত-

: ছাৰ, কোনখিনিত আছে?

: নুনমাটি চেক্টৰ ওৱানত আছোঁ। উজান বজাৰলৈ যাম।

: ছাৰ, আপুনিতো কালি আপোনাৰ মাক ফোন কৰি কৈছিল আজি গোটেই দিনটো আপুনি আপোনাৰ ৰূমতে থাকিব।

: আৰে বাদ দিয়া না তোমাক কিয় লাগে? আৰ্জেণ্ট কাম আহি গৈছে। দাদা এজনক লগ কৰিবলৈ যাওঁ।

: এঃ ছাৰ, আপুনি মিছা কিয় কৈছে? অলপ সময়ৰ আগতেটো আপুনি ৰিয়া নামৰ ছোৱালী এজনীক মেছেজ দিছে, লগ কৰিবলৈ যাম বুলি।

: তাতে তোমাৰ কি প্ৰব্লেম? ৰিয়া মোৰ বাইদেউ।

: কিন্তু আপোনাৰ Chat history য়ে কয় আপুনি কেতিয়াও ৰিয়াক বাইদেউ বুলি মতা নাই। আপুনিতো তেওঁক…

: মই যি বুলিয়েই নামাতো তোমাৰ তাতে কি হ’ল? ৰিয়া তোমাৰ ভণ্টি নেকি?

: ছৰী ছাৰ। ৰিয়া মেডাম বাৰু আপোনাৰ গার্লফ্রেণ্ড নেকি?

: তোমাক কেলেই লাগে বে?

: নহয় মানে ছাৰ, আপোনাৰ মায়ে আপোনাৰ বাবে ছোৱালী চাই আছে বিয়া পাতিবলৈ। আপুনি বিচাৰিলে আমি তেখেতক ইনফৰ্ম কৰি দিব পাৰিম যে, ইউ হেভ এ গাৰ্ল ফ্রেণ্ড।

: এই একদম নিদিবা আৰু লেট মি মেক উৱান থিং ক্লিয়েৰ। মোৰ কোনো গাৰ্ল ফ্রেণ্ড নাই!

: এইটো আপুনি ছাৰ মিছা কথা কৈছে। আপোনাৰ ফোনত যে ‘জান’ বুলি এটা এয়াৰটেল নম্বৰ চেভ কৰা আছে। সেইটো কাৰ তেন্তে?

: অহ shit! অঁ, সেইটো মোৰ গার্লফ্রেণ্ডৰ নম্বৰ। এই যে ৰিয়া নামৰ ছোৱালীজনী মই এতিয়া লগ কৰিবলৈ গৈ আছোঁ, তাইৰ নম্বৰ।

: কিন্তু ছাৰ, সেইটো ‘জান’ৰ নম্বৰ। সেইটো নম্বৰৰ পৰা কালি আপোনাক মেছেজ কৰিছে যে তেওঁ কালি ডিব্ৰুগড়লৈ গৈছে। আপুনিও হেভ এ চেফ জার্নী দিছে।

: অঁ ভাই, অঁ। সেই ‘জানে’ই মোৰ গার্লফ্রেণ্ড। তাইৰ মাহীয়েকৰ অসুখ। তালৈ খবৰ ল’বলৈ গৈছে।

: ছৰী ছাৰ। আমি অত্যন্ত দুখেৰে জনাইছোঁ যে ‘জান’ৰ ফোনত ‘মাহী’ নামেৰে যিটো নম্বৰ চেভ হৈ আছে সেইটোৰ পৰা এটা পুৰুষ কণ্ঠই কথা কয়। তেওঁলোকৰ লাষ্ট conversation আছিল, ‘মই ডিব্ৰুগড়লৈ আহি আছোঁ। লেটছ এনজয়’।

: হোৱাত দা ফা..চিৰিয়াছলি? তাই মোক এনেকৈ ঠগিলে? মই তাইক সঁচাই ভাল পাইছিলোঁ।

: ইমান মিছা কথা নক’ব ছাৰ। আপুনি অলপ দেৰিৰ পাছতে ৰিয়া নামৰ এগৰাকী যুৱতীৰ লগত ডেটত যাবলৈ ওলাইছে।

: তাইৰ লগত মোৰ বেলেগ ৰিলেশ্যন নাই হে। ৰিয়া আৰু মই ‘জাষ্ট ফ্রেণ্ড’৷ মই ‘জান’কেই ভালপাওঁ।

: হেঃ! তেন্তে কালি ৰাতি যে আপুনি ৰিয়াৰ লগত অলপ ‘ইনটিমেট’ ধৰণৰ ভিডিও কল এটা কৰিছিল সেইটো কি আছিল?

: আচ্ছা ঠিক আছে ভাই। জহন্নামে যাওক ‘জান’, ৰিয়াই মোৰ গার্লফ্রেণ্ড। আজি আমাৰ থাৰ্ড টাইম ডেট।

: কিন্তু ছাৰ! ৰিয়া মেমে এই মুহূৰ্তত..

: ঐ, দুখীয়া মানুহৰ ‘উইকিলিকছ’ ইমান বক বক আৰু শুনিব নোৱাৰোঁ। কেব লৈ সোনকালে আহি যোৱা। উজান বজাৰলৈ যাম।

: যোৱাৰ দৰকাৰ নহ’ব ছাৰ। এই মুহূৰ্তত ৰিয়াই আপোনালৈ মেছেজ এটা লিখি আছে যে তেওঁ আৰু আপোনাৰ লগত ৰিলেশ্যন নাৰাখে। আজিৰ ডেট কেঞ্চেল। মেছেজ চেণ্ড হৈ গৈছে। চাওকচোন আপুনি পাইছে চাগৈ।

: অঁ, আহিছে। আচ্ছা চাই লওঁ অলপ। তুমি আহিব নালাগে চাগে, ৰাখা।

: ছৰী ছাৰ। মই কেব লৈ অলৰেডি আপোনাৰ লোকেশ্যনলৈকে আহি পাইছোঁ। আপুনি নগ’লেও বিল পে কৰিব লাগিব ছাৰ। ছশ চল্লিছ টকা।

: ইমান কিয়?

: এই যে ইমান সময়ে আপোনাক ইফৰ্মেশ্যনবোৰ দিলোঁ। উবেৰে তাৰ বাবে আপোনাক চার্জ কৰিছে ছাৰ। পেচেঞ্জাৰ ডেলিভাৰী নহ’লেও ইফৰ্মেশ্যন ডেলিভাৰী। উবেৰ ইনফ’

: মইতো ইমান টকা দিব নোৱাৰিম। পইচা নাই ইমান মোৰ একাউণ্টত।

: কিন্তু ছাৰ, যোৱাকালি আপুনি আপোনাৰ দেউতাৰ পৰা চল্লিছ হাজাৰ টকা লৈছে। আপোনাৰ একাউণ্টত সেই টকা ক্ৰেডিট হৈছে।

: অঁ, সেইটো মই অনলাইন ক’ৰ্চ এটাৰ বাবে জে এন ইউত জমা দিব লাগে।

: কিন্তু ছাৰ আপোনাৰ জি মেইল একাউণ্টে কয়, আপুনি কোনো ক’ৰ্চৰ বাবে জে এন ইউৰ লগত যোগাযোগ কৰা নাই।

: হেই, বাদ দিয়া হে। মোৰ টকা মই নিদিওঁ। তুমি যি কৰা কৰি থাকা।

: ন’ প্ৰব্লেম ছাৰ। আমি অলৰেডি আপোনাৰ একাউণ্টৰ পৰা ভেট সহ আমাৰ বিল ডেবিত কৰি লৈছোঁ।

: হোৱাট?…

: হয় ছাৰ। ৰাখোঁ তেন্তে। হেভ এ গুড দে ছাৰ।

(প্রিয় পাঠক, খুব মজা ল’লে ন দিম্পলৰ এই কাহিনীৰ? মজা লৈ থাকোঁতে চাগে আপুনি পাহৰিয়েই গ’ল, আপুনিও এতিয়া এটা এনড্ৰইদ ফোন হাতত লৈ আছে।) 

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *