ফটাঢোল

চতুৰ-বৰ্ণালী এচ মূদৈ

ফ্রেণ্ডলিষ্টৰ দাদা এজনে বৰষুণৰ ফটো এখন প’ষ্ট কৰি কেপচন দিলে, “তুমি বৰষুণ হোৱা হ’লে!” 

বহুপৰ ছবিখন চাই নিজৰ অজানিতে মুখেৰে, “আস্ কি ৰোমাণ্টিক কেপচন আৰু ছবি” বুলি ওলাল।

ওচৰতে এজন বন্ধুৱে ৰজনীত তুলসী মিলাই জোকাৰি আছিল। মই হাঁ কৰি চাই থকাত সিও উকি মাৰি চালে মোৰ ফোনৰ স্ক্রীণলৈ। প’ষ্টটো দেখি মই যিমান অবাক সি হাঁহি হে দিলে৷

মই ভ্ৰু কোঁচাই তাক প্ৰশ্ন কৰিলোঁ,

: হাঁহিছ কিয় বে?

সি আৰম্ভ কৰিলে,

: এইজনে কাক বৰষুণ হ’বলৈ কৈছে?

ক’লোঁ,

: হয়তো তেওঁৰ প্ৰাক্তনক নাইবা তেওঁৰ ৱাইফক আৰু নহ’লে তেওঁৰ গার্লফ্রেণ্ডক। এইটো প্রশ্ন কিয়? আৰু ইয়াত হাঁহিবলৈ কি আছে?

সি ক’লে,

: ঐ এতিয়াও নুবুজিলি কিয় বৰষুণ হ’বলৈ কৈছে!

মই মূৰটো লৰাই,

: নাই বে ক, কিয়?

সি হাঁহি এটা মাৰি ক’লে,

: বৰষুণ কিমান পৰে?

মই প্ৰশ্নটো শুনি তাৰফালে অবাক দৃষ্টি নিক্ষেপ কৰি সুধিলোঁ।

: এইটো কি প্ৰশ্নহে?

সি ক’লে,

: আৰে ক না বৰষুণ কিমান পৰে? 

মই বোলো,

: ঐ বৰষুণৰ টোপাল কি হিচাপ কৰিব পাৰি নেকি জধা? অসংখ্য…

সি ক’লে,

: এতিয়া বুজিলি সেই ব্যক্তিয়ে নিজেও বিচাৰে তেওঁৰ অসংখ্য গার্লফ্রেণ্ড হওক। শুন বন্ধু, অলপ চতুৰ নহ’লে দুনীয়াত টিকি থকা মহা মুচকিল।

মই মনে মনে ভাবিলোঁ  কথাটো আচলতে চাবলৈ গ’লে সত্য। তাৰ মানে যিজন দাদাই প’ষ্ট কৰিছিল তেওঁৰ চৰিত্রই বেয়া। অথবা কিবা বেয়া মতলব আছে নিশ্চয়। বন্ধুক অশেষ ধন্যবাদ দি ঘৰলৈ গুচি আহিলোঁ। ঘৰ পাই হাত মুখ ধুই ভাত খাই থাকোঁতে হঠাৎ টুং কৈ মোৰ গার্লফ্রেণ্ডৰ মেচেজ আহিল। ৰাতি তেতিয়া আনুমানিক চাৰে দহ বাজিছে। আবেলি বৰষুণ পৰাত আকাশখন ফৰকাল হৈ আছিল। তৰাৰে ভৰি আছিল। মই বেলকনিত বহি মোৰ প্ৰেমিকাৰ মেচেজ অপেন কৰিলোঁ। বৰ ধুনীয়াকৈ মোৰ প্ৰেয়সীয়ে লিখিছে, 

“প্রিয়, তুমি তৰা হোৱা মই আকাশ হৈ তোমাক চুই দিম…!” মোৰ প্রেমিকাই অসমীয়া প্ৰধান বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে। এইদৰে কেপচন বনোৱাত তেওঁ অতি ওস্তাদ। মনটো আনন্দত ভৰি গ’ল বাক্যটো দেখি। তৰা ভৰা আকাশখনলৈ চালোঁ ৷ হঠাৎ লক্ষ্য কৰিলোঁ আকাশত এটা দুটা নহয় অলেখ তৰা। বন্ধুৰ কথা মনলৈ আহিল৷ মোৰ হাত কঁপিল৷ মোৰ প্রেমিকায়ো মোক বাঁহ দি আছে? 

না এইটো হ’ব নোৱাৰে৷ মই লগালগ সুধিলোঁ,

: মই তৰা হ’ম মানে কি হাঁ? কেইটা তৰা আছে তোমাৰ এনেকুৱা?

মেচেজ চিন হৈছে৷ বুজাই গৈছে মোৰ প্ৰেমিকাই বাৰে বাৰে ৰিপ্লাইট মেচেজ লিখিছে কাটিছে, চেণ্ড আৰু কৰা নাই। সন্দেহ বাঢ়ি গৈ থাকিল। মোৰ হার্টবিট তেতিয়া ১৮০ হ’বলৈ ধৰিলে! পাঁচ বছৰৰ ৰিলেচন। এইটো কৰিব পাৰিলে তাই? বুকু নকঁপিল নে ইমান মৰম কৰাৰ পিছত? মই যেতিয়া প্ৰায় কান্দি দিওঁ যেন হৈ পৰিলোঁ তাই মেচেজ কৰিলে৷ অপেন কৰি দেখিলোঁ,

: কি আজেবাজে বকিছা অনুৰাগ? তুমি কি টিভিৰ টক-শ্ব?

আশ্বৰ্য্য এই সময়তো তাই কবিতা আৰম্ভ কৰিছে! আকৌ বন্ধুৰ কথা মনলৈ আহিল। টক-শ্বটো এটা নহয়! বহুকেইটা হয়! এইবাৰ কান্দিয়েই দিলোঁ খঙত। মেচেজ কৰিলোঁ,

: এনে আৰু কিমানটা টক-শ্ব লৈ  তুমি গৈছা?

এইবাৰ ৰিপ্লাই লগে লগে আহিল৷ তাই সুধিছে,

: নিচা কৰিছা তুমি

লিখিলোঁ,

: মোৰ কথাৰ উত্তৰ দিয়া!

তাই লিখিলে,

: কি উত্তৰ দিম? তোমাৰ দৰে আৰু কোন হ’ব? আৰু মই কিয় টক-শ্ব লৈ যাম? সেইটো এনেই ৰোমাণ্টিকভাৱে লিখিছিলোঁ৷

মই বিশ্বাস নকৰিলোঁ! তুমুল কাজিয়াৰ পিছত তাই মোক ব্লকত চাকৰি দি থৈ দিলে। মনৰ মাজত বহুকেজি ওজনৰ এটা শিল জমা হৈ ৰ’ল। আজি বন্ধুৱে নোকোৱা হ’লে এই সম্পৰ্ক বহুদূৰ আগুৱাই গ’লহেঁতেন। আৰু কষ্ট পাব লগা হ’লহেঁতেন। বন্ধুলৈ এটা ফোন কৰিলোঁ। বন্ধুৱে ফোন ধৰি সুধিলে,

: কি ৰে কি সমস্যা? কিবা হ’ল নেকি তোৰ?

ক’লোঁ,

: বন্ধু আজি তই নথকা হ’লে মোৰ সর্বনাশ হৈ গ’লহেঁতেন৷ তই ঠিকেই কৈছিলি বে, অলপ চতুৰ নহ’লে দুনীয়াত টিকি থকা মহা মুচকিল৷

বি:দ্ৰ: টুং কৈ মেচেজৰ শব্দটো আহিল৷ আজিকালি মই খুব সাৱধান৷ তৰা, টক শ্ব, বৰষুণৰ টোপাল, চৰাইৰ জাক, নৈ-সাগৰ আদিৰ উপমা দিয়া ৰিস্তা পোনছাতেই ৰিজেক্ট৷ 

হওঁ হওঁকৈ থকা সম্পৰ্ক এটাৰ পৰা মেচেজ৷ বেংকত কৰে৷ মেচেজত লিখিছে “আমাৰ সম্পৰ্কটো যেন এটি এমৰ পিন নম্বৰটোৰ দৰে”

দীঘল উশাহ এটা লৈ বন্ধুলৈ ফোন লগালোঁ৷ পিন নম্বৰে কি বুজাই জানিবলৈ৷

☆ ★ ☆ ★ ☆

3 Comments

  • Pinku

    Mojja mojja

    Reply
  • জিতু

    বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এ মজা! এ টি এমৰ পিন নম্বৰ মন গ’লে অৱশ্যে সলাব পাৰি৷

    Reply

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *