ফটাঢোল

বৰমাৰ আলেখলেখ-শ্ৰুতিমালা মিশ্ৰ

বৰমা আমাৰ পিজি মানে পেয়িং গেষ্টটোৰ মালিকৰ মাক৷ চকুত পিন্ধা পাৱাৰী বিতচকুযোৰেৰে বৰমা একদম জগমগ ব্যক্তি৷ মাতটো বৰ টেঙটেঙীয়া। পুৱাই বিষ্ণু চেত্ৰীয়ে “মমী, গখীৰ অনিছোঁ” বুলি বাহিৰত কলিং বেলটোত আঙুলিৰে হেঁচি চাপ বহুৱাই দিয়াৰ লগে লগেই বৰমাৰ দিনটোলৈ ডিঙিৰ লাউডস্পীকাৰ বাজিবলৈ আৰম্ভ কৰে৷ গাখীৰৰ চচপেনটো হাতত লৈয়ে গাখীৰত মিহলোৱা পানীৰ পৰিমাণটো চশমাৰ কাষেৰে আগদিনাই অনুমান কৰি পিছদিনা বিষ্ণুক দিয়ে ব্ৰহ্ম গালি৷ গাখীৰ বাকি বাকি মুখত এমোকোৰা বিমল পাগুলি পাগুলি বিষ্ণু চেত্ৰীয়ে কাণত ঠিলা ভৰাই থোৱাৰ দৰে একো নুশুনা ভাও ধৰি গাখীৰ দিয়েই গুচি যায়গৈ৷ মাজে মাজে “এ মমী, টেপৰ পানী মিলাওঁহ গখীৰত” বুলি সঁচাটোও কৈ দিয়ে৷

ফাৰ্ষ্ট ফ্লʼৰত থকা আমিকেইজনীৰ পুৱাৰ পৰা ৰাতি এঘাৰ বজালৈ বৰমাৰ আৱাজ কৰ্ণকুহৰত প্ৰৱেশ কৰিয়েই থাকে৷ লগৰ দুই-এজনীৰ গধূলি আৰু ৰাতি ফোনত প্ৰেমিকৰ লগত কিবা কাজিয়া লাগিলেও ইচ্ছামতে গালি দিব নোৱাৰে, বৰমাৰ কাণত উৰি উৰি উফৰি গৈ এটুকুৰা-দুটুকুৰা তৰ্কাতৰ্কিৰ ভাগ পৰিবই৷ তাৰপিছত গুৱালগালি, “এইসোপাই মাক-বাপেকবোৰৰ টকাবোৰ উৰুৱাবলৈ গুৱাহাটীলৈ পঢ়িবলৈ আহিছে৷ নিধকবোৰ, পঢ়াৰ সময়ত চোৱা কাজিয়া কৰাৰ উৎপাত! হেৰৌ, এইকেইটাৰ বয়সত আমি বিয়া হৈ চৰুৱেই চম্ভালিছিলোঁ৷” ইফালে বৰমাৰ গালি শুনি আমিকেইজনীৰ খুকখুক হাঁহি৷

বহু ৰান্ধনীয়ে বৰমাৰ পিজিৰ কিচেনত পদধূলা দি ধন্য কৰিলে, কাৰোবাৰ যদি সদায় ভাতত চুলি তেন্তে আন কাৰোবাৰ সদায় বাচন ধোৱাত পাল মৰা স্বভাৱ৷ চচপেন, কুকাৰ, হেঁতাৰ চুকে-কোণে ভীমবাৰৰ নিচানে বিজয়ধ্বজা উৰুৱাই সদম্ভে নিজৰ অস্তিত্ব জাহিৰ কৰি থকাত বহুকেইজনকে বৰমাই ইতিমধ্যে টা-টা-বাই-বাই দিছেই৷ শেষত বহুত বিচাৰ-খোচাৰ কৰি কৰি ৰঙাপাৰাৰ পৰা ৰীতা আৰু আৰতিৰ এণ্ট্ৰি হ’ল বৰমাৰ পিজিৰ কিচেনত৷ দুয়োজনী বাগানীয়া হʼলেও বৰমাৰ ঘৰ আৰু পিজিৰ কিচেনৰ তলা-নলা খুব সোনকালেই আয়ত্ত্ব কৰি লʼলে। সদায় পুৱা পাঁচ বজাতে ৰীতাই এক কেটলি গাখীৰ চাহ বহাই দিয়ে মানে আৰতীয়ে ডাঙৰ কাঁহী এখনত ডাঙৰ গুডডেʼ বিস্কুট এপেকেট ঢালি সজাই লয়। ডাইনিং হলত ২০ জনী ছোৱালীৰ চাহৰ গিলাচ সজাই থোৱা থাকে৷ এইখিনি দি উঠিয়েই ৰীতাই দৌৰি গৈ বৰমাক একাপ চাহ দি আহে, লগতে ফ্ৰীতে দুটামান সংস্কৃত গালিও খাই আহে চাহত চাহপাত-চেনী এইবোৰ দিওঁতে বেছি হয় বাবে৷ তায়ো বাপ্পেকে “ধুৰ বুঢ়ীৰ কথা কোনে শুনে” বুলি ইখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে৷ 

ইয়াৰ পিছত ভাতৰ বেলিকা, সদায় ৰাতিপুৱা একেটাই আইটেম – ভাত, দাইল আৰু আলুভাজি, লগতে এচামুচ পানী উঠি যোৱা উঁৱলি যোৱা ৰঙা ৰঙৰ আচাৰ। ছোৱালীবোৰক ভাত দিয়েই ৰীতাই এখন কাঁহীত বৰমাৰ কাৰণে সজাই লৈ দৌৰ দিয়ে৷ আমিও দৌৰাদৌৰি ভাত খাই থাকোঁ, লগতে বৰমাৰ কণ্ঠৰ পৰা ঘণ্টাত ১২০কি:মি: বেগেৰে উফৰি অহা গালিও শুনি থাকোঁ – “মাৰৰ মূৰটো ৰান্ধিছ এয়া৷ এইসোপা দাইল ৰান্ধিছ, ভাতৰ ওপৰত ঢালি দিলেই তলেৰে হুৰুসকৈ মাৰাথান ৰেচ দি দৌৰে। এয়া… এয়া… আলুভাজি! আলুভাজিত নিমখ ক’ত! পইচাকেইটা হʼলে ঠিকমতে ল’ব জানিছ।” সেই একেখন গালিৰ ৰেকৰ্ড শুনি থাকিয়েই ছোৱালীগালে নিজৰ নিজৰ কাঁহী-বাতি মাজি ডাইনিংত একাদিক্ৰমে মেলি দি থৈ যায় শুকাবলৈ। দুপৰীয়াও বিভিন্ন সময়ত আহি পোৱা ছোৱালীবোৰে ভাত খাবলৈ বহিলে তলৰ পৰা বৰমাৰ টেঙটেঙীয়া মাতটোৰে এষাৰ বাক্যই শুনে প্ৰায়ে – “অʼ আৰতি, গৰম ভাত দে না।” সৰু চৰিয়া এটাত ভাত লৈ আৰতিৰ একেবাৰে ঢপলিয়াই গৈ পাই মানে আকৌ গালি আৰম্ভ – “ইমানকৈ মাতি আছোঁ যে শুনা নাই নেকি! পিজিৰ ছোৱালীহঁতৰ লগত সিহঁতৰ সেই কেলেহুৱা বয়ফ্ৰেণ্ডকেইটাৰ কথা পাতি আছ ন! সদায় ভাতকেইটা খোৱাৰ সময়ত ডিঙি ফালি চিঞৰি মৰিব লাগে।” নিজৰ ভ্ৰূ দুটা চৰম বিৰক্তিত কোঁচাই আৰতিয়ে থেকেচা মাৰি ভাত দি আহে, গালিও খাই থাকে।

বৰমা মানুহজনী বৰ চৌখিন মহিলা৷ একদম টিপটপ চাদৰ-মেখেলা পিন্ধি গধূলি নিজৰ ঘৰৰ সন্মুখৰ লনখনত খোজ কাঢ়ে গৰমৰ দিনত গাত দুইকেজিমান নাইচিল পাউডাৰ ঢালি। চুলিখিনি ওপৰলৈ পকাই একদম ক্লাটচাৰ এটাৰে উধনীয়া খোপা এটাও মাৰি থৈ ডেমকেয়াৰ ভাবত দিয়া খোজকেইটাই আমাৰ মাজত হাঁহিৰ খিটখিটনি এটা তোলে। খোজকঢ়াৰ মাজে মাজে গেʼটৰ ওপৰেৰে জুমি জুমি কোনোবাজনী বʼৰ্ডাৰৰ বয়ফ্ৰেণ্ডে গলিৰ মুখত তহল দিব আহিছে নেকি চায়৷ বৰমাৰ ভয়ত সাউতকৈ গেʼট খুলি কোনোবাজনীয়ে যে প্ৰিয়জনৰ এবাৰ দৰ্শনপ্ৰাপ্তি কৰিব সেয়াও অসাধ্য৷ মাজে মাজে বৰমাই মুখত ফেচপেক লগায়। বাৰাণ্ডাৰ এচুকৰ আৰামচকীখনত শুই লৈ মুলতানি মাটিৰ লগত গাখীৰ মিহলাই ফেচপেক বনাই লৈ গোটেই মুখমণ্ডলত আৰু ডিঙিত সানে৷ তিঁয়হ দুটুকুৰা কাটি লৈ চকুৰ পতাত দি আধা ঘণ্টামান ফেচপেক শুকাবলৈ দিয়ে৷ তেনেই এটা নিৰ্জন দুপৰীয়াত স্থানীয় পোষ্টমেনজনে অফিচিয়েল কিবা চিঠি এখন দিবলৈ আহি বৰ মনোযোগেৰে এড্ৰেছটো পঢ়ি চিঠিখন বাহিৰতে থকা লেটাৰবক্সটোত সুমুৱাই থৈ যাব ধৰোঁতেই হঠাৎ বৰমাৰ এই ফেচপেকীয়া চেহেৰা দেখি ব্ৰহ্ম চক খাই “ভূত ভূত” বুলি চিঞৰি তৰা-নৰা চিঙি দৌৰ দিয়া ঘটনাৰো ছোৱালীবোৰ সাক্ষী আছিল৷ “অসভ্য, দুৰাচাৰ এই দিনে-পোহৰে মৰদ একোটাই মোকো চিনি নাপাই ভূত বুলি চিঞৰি মৰিব আহিছ, ইস্” বুলি বৰমাই মাক-ভনীয়েকক ধৰি দগৰা ঝাৰণ দিলে৷ মাহৰ প্ৰথম সপ্তাহত হোষ্টেল ফীজ বিচাৰি বিচাৰি বৰমাৰ মাতটো ফাৰ্ষ্ট ফ্লʼৰ, চেকেণ্ড ফ্লʼৰ ৰজনজনাই বাজি থাকে৷ সেই একেখন ৰেকৰ্ড মাহৰ পিছত মাহ ধৰি বাজি থাকে – “হোষ্টেল ফীজ সময়মতে দিব নোৱাৰ তহঁতে৷ ইস কি চাবা বেটিহঁতৰ ফোনটোতে চুমা দিয়াৰ বাহাৰ৷ হেৰৌ চুমা দিবলৈ পাহৰিছ নে তহঁতে? ফীজ যে দিবলৈ পাহৰ।” কাণত হেডফোন লৈ ছোৱালীহঁতৰো একেখন ঘোগোলা উঠা গালিৰ ৰেকৰ্ডেই শুনি থকা মেইন কাম৷ বৰমাৰ পিজি এইদৰেই গালিৰ মাজেৰেই চলি থাকে, চলি আছিল৷

☆ ★ ☆ ★ ☆

10 Comments

  • অজান অনুভৱ

    পিজি বৰমাৰ অভিজ্ঞতা মোৰো আছে, বৰ অশান্তি

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ অজান ।

    Reply
    • দিবাকৰ দেৱ চৌধুৰী

      সুন্দৰ লিখনি।

      Reply
  • দীক্ষিতা

    আমাৰ পিজিৰ ৰান্ধনিজনক আকৌ দাদা বুলি মাতিব লাগে, খুৰা বুলিলে হেনো বেয়া পায়। কিবা কামত কেতিয়াবা দৰকাৰ হয় যে, গতিকে ভালকৈ মাতবোল লগাই থকাটো ভাল। মোতকৈ দুমাহৰ পুৰণি ৰূমমেটজনীয়ে মোক বুজাই দিছিল। ?? এই পিজি/হোষ্টেলবোৰতো সৰু ডাঙৰ অনেক কাহিনী।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ আটাইলৈকে ?

    Reply
  • বন্দিতা জৈন

    সুন্দৰ লিখিছা শ্ৰুতি। ভাল লাগিল

    Reply
  • ডলী

    ভাল লাগিল

    Reply
  • জিতু

    বঢ়িয়া

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    আন্তৰিক ধন্যবাদ আটাইলৈকে ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিছে শ্ৰুতি

    Reply

Leave a Reply to দিবাকৰ দেৱ চৌধুৰী Cancel reply

Your email address will not be published. Required fields are marked *