ফটাঢোল

ভেকচিন (সুখী দাম্পত্য জীৱনৰ চাবিকাঠি)-ডা° ধ্ৰুৱলোচন নাথ

ডিউটি শেষ হ’বৰ সময়তে মবাইলৰ স্ক্ৰীণত শ্ৰীমতীৰ তিনিটাকৈ মিচ্‌ডকল দেখি দৌৰাদৌৰিকৈ সা-সৰঞ্জামবোৰ বেগত ভৰাই হস্পিতাল এৰিবলৈ লৈছিলোঁহে ঘপহকৈ সোমাই আহিলেই নহয় ওচৰৰে চৌধুৰীমাষ্টৰ বোলাজন ৷ উস্‌ আমাৰ কি ভোক ভাগৰ নাই! এক্কেবাৰে পেইনফুল ড’জ এটা দিম বুলি মুখ মেলিবলৈ লওঁতেই মাষ্টৰে মাত লগালে,

: ছাৰ, ছাৰ মানে মোৰ শ্ৰীমতীৰ; মোৰ শ্ৰীমতীৰ…

বুলি পেঘেনিয়াই থকা দেখি গেঙেৰি মাৰি ধৰিলোঁ,

: হেৰা মাষ্টৰ, শ্ৰীমতী অকল তোমাৰেই নহয়; ঘৰত  আমাৰো শ্ৰীমতী আছে বুজিছা৷ গতিকে কি হৈছে সোনকালে কোৱা৷ মোৰ দেৰি হৈছে৷

লগে লগে মাষ্টৰে তেওঁৰ ঘৰুৱা বেমাৰৰ চাইন- চিমটমবোৰ এফালৰ পৰা আৰম্ভ কৰিলে৷ মই বোলো,

: মাষ্টৰ, আমি লোকৰ ঘৰ-সংসাৰ চোৱা বিভাগৰ ডাক্তৰ নহওঁ নহয়৷ ইমানেই যদি ঘৰুৱা অশান্তি হৈ আছে তেনেহ’লে মা-খনাৱতী ৰূপাৱতী বা জ্যোতিষী কিৰই’য়ংৰ ওচৰলৈ নাযাৱ কিয়!

: ছাৰেও যে আৰু কথা কয়৷ বিজ্ঞানৰ শিক্ষক হৈ ফেংচুই-ঠেংচুই, তাবিজ-মাদুলি আদি  বিশ্বাস কৰোঁ কেনেকৈ! আৰু আপুনিয়েইতো মোৰ বিপদৰ বন্ধু৷

বুলি কৈ মোক বশ কৰি মাষ্টৰৰ আঠ বছৰীয়া বৈবাহিক জীৱনৰ, প্ৰথম বছৰ “তুমি খুৱাব পাৰিলে খাম, পিন্ধাব পাৰিলে পিন্ধিম”ৰ -মিঠা মিঠা দিনবোৰৰ পৰা কেঁহা-টেঙা-তিতা আদি বিভিন্ন ঢাপবোৰ পাৰ হৈ আহি এতিয়া  ’না’- বুলি ক’লেই একেবাৰে বমি কৰিবলগীয়া হোৱা” খুৱাব-পিন্ধাব নোৱাৰোঁ যদি বিয়া কৰাইছিলা কিয়? লৈকে কৈ হুমুনিয়াহ এটা কাঢ়িলে৷ আগেয়ে ধমক-চমক দিলে হেনো এপষেকমান নিতাল মাৰিছিল৷ পিচে সেইবোৰ দৰবে এতিয়া আৰু কাম নিদিয়া হ’ল৷ থাৰ্ড ডিগ্ৰীতো বাদেই ৰঙাচকু দেখুৱালেও এতিয়া তাইৰ মুখেৰে-ফেনাইল থাইঅ’ডিন, এলড্ৰিন, গেমাক্সিন আদি শব্দবোৰ ওলোৱা হ’ল৷ পাৰিবাৰিক হিংসা প্ৰতিৰোধ আইনৰ ভয়ত এতিয়া তেওঁৰ হাতত আৰু অস্ত্ৰ নোহোৱা হ’ল৷ নতুনকৈ সংসাৰত সোমোৱা বহুতেই হেনো মোৰ এডভাইচ্‌ মতে প্ৰতিষেধক ব্যৱহাৰ কৰি এতিয়া সুখে সন্তোষে আছে৷ সেয়েহে “দয়া কৰি কিবাএটা কৰি দিব লাগে” বুলি কৈ , মাষ্টৰে দীঘলকৈ উশাহ এটি ল’লে৷

বোলো,

: বোপা, জ্ঞানীজনে এনেই কোৱা নাই নহয়, বিবাহ হ’ল এনে এখন কিতাপ-যিখন কিতাপৰ প্ৰথম অধ্যায়টো লিখা হ’ল কবিতাৰে আৰু বাকীকেইটা অধ্যায় লিখা থাকে গদ্যত৷ আৰু প্ৰেম, বিবাহ এইবোৰ স্বৰ্গীয় বাবেইতো বিয়াৰ পিছত বতাহ, বৰষুণ, ধুমুহা, ঢেৰেকনি আৰু কেতিয়াবা বজ্ৰপাতৰ সৃষ্টি হয়৷

: হাঁ!

: হাঁ মানে৷ তোমাৰদৰে দোধোৰমোধোৰত থকা বহুতৰ বাবে আকৌ বিবাহ হেনো এটি সঁজা, য’ত উৰি থকাবোৰে সোমাব খোজে, আৰু সোমাই থকাবোৰে অনবৰতে ওলাই লৰ মাৰিব খোজে৷

: তেতিয়াহ’লে ছাৰ, এৰাএৰিয়েই হওঁ নেকি!

: তাৰ পিছত?

: দৰকাৰ হ’লে আন এগৰাকী আনিম!

: খবৰদাৰ৷ আইন-কানুনবোৰৰ ওপৰিও জীৱনত এটা কথা মনত ৰাখিবা মাষ্টৰ প্ৰথম বিবাহ হ’ল জ্ঞানৰ ওপৰত কল্পনাৰ জয় আৰু দ্বিতীয় বিবাহ! ই হ’ল প্ৰত্যাশাৰ ওচৰত অভিজ্ঞতাৰ পৰাজয়৷

সংসাৰ সাগৰৰ ওপৰত অগাধ দখল থকা বুলি ভাবি মাষ্টৰে ভেবা লাগি মোৰ মুখৰ ফালে চাই সুধিলে,

: ছাৰ এতিয়া!

: তাকেইতো উপায় আছিল কিন্তু দেৰি হ’ল৷ মানে পলমকৈ জেগাত পৌচিলি৷ এইবোৰ ভাইৰেল বেমাৰৰ দৰে, ভেকচিনৰ বাদে আন দৰবে বৰ এটা কাম নিদিয়ে৷

      ’মেকুৰী কটাৰ বাবে প্ৰসস্ত  সময়

        বিয়াৰ প্ৰথম ৰাতি -নতু দেৰি হয় ৷’

কথাষাৰ শুনিছানে!

: হয় ছাৰ৷ কিন্তু জীৱহত্যা কৰাটোতো বেয়া কাম! আৰু কেনেবাকৈ পশু পক্ষী সুৰক্ষা দিয়া সংগঠনৰ হাতত পৰিলেতো হিতে বিপৰীত হ’ব!

: সেই বাবেইতো যুগৰ পৰিবৰ্তনৰ লগে লগে কৰ্ম পদ্ধতিৰো পৰিবৰ্তন হয়৷

: বুজি নাপালোঁ ছাৰ৷

: শুনা তেন্তে, বাকীছোৱা কাল সুখেৰে থাকিবলৈ হ’লে যুগ্মজীৱনৰ প্ৰথম নিশাই ৰিস্কলৈ ভেকচিন এটা দিব লাগিব৷ এই ধৰা ৰাতি ভাত পানী খাই তোমালোকৰ লগতে ঘৰৰ আটায়ে শুইছে মাত্ৰ৷ অলপ পৰ যোৱাৰ পিছতে তোমাৰ কোঠাত স-শব্দে ’ ঠা আ চ ’৷ সেইবুলি ক’ইনাৰ গালত নহয়, গাৰুৰ তলৰ পৰা উলিয়াই জোকাৰি জোকাৰিও জ্বলাব নোৱাৰা টৰ্চলাইটটোৰ পকা মজিয়াৰ লগত সংঘৰ্ষ৷ বিছনাৰ পৰা নামি তুমি এক মুহূৰ্তৰ বাবে থিয় হৈ কঁপি থাকিব লাগিব৷ দেখিবা ন-কইনাই শোৱাৰ পৰা একেজাঁপে উঠি বহি পৰিছে৷ কিবা অঘটন হৈছে বুলি ভাবি তোমাৰ মা-দেউতা, ককাই-দদাই নাহিলেও “কি হৈছে, কি হৈছে” বুলি ন-বৌ, ভায়েক-ভনীয়েক আৰু জীয়াই থাকে যদি তোমাৰ আইতাই আহি দুৱাৰমুখত হাজিৰ হ’বই৷ 

কইনাৰ যে একো হোৱা নাই আৰু তোমাৰ খঙটো যে মাত্ৰ দৰকাৰৰ সময়ত কামত নহা টৰ্চ লাইটটোৰ ওপৰতহে আছিল সেইটো লগে লগে দুৱাৰ খুলি দি আকাৰে ইংগিতে বুজাব লাগিব৷ কইনাক অভয় বাণী শুনাই, তোমাৰ এই স্বভাৱটোৰ বাবে আটায়ে ভৰ্ৎসনা দি অলপ পিছতে নিজৰ নিজৰ বিছনাত উঠিব৷ বিছনাত বহি লৈ দৰবে কাম দিছে নে নাই তুমি মনে মনে লক্ষ্য কৰিব লাগিব আৰু বিভিন্নজনৰ পৰা পোৱা ফিড্‌ বেক মতে সকলো ঠিকে ঠাকে ঘটিলে যি ধাতুৰে গঢ়া নহওক কিয় ভৱিষ্যতৰ কথা চিন্তা কৰি কঁপা-কঁপা মাতেৰে কইনাই তোমাৰ বাহুত ধৰি ক’ব, “বেয়া নাপায় যদি কথা এটা সোধোঁ?” তুমি মাত্ৰ মূৰ দুপিয়াব লাগিব৷ “টৰ্চ লাইটটো নজ্বলিলেই বুলি তাক এনেকৈ আচাৰিব লাগেনে!” “নহয় মানে সময়ৰ বস্তু সময়ত নাপালে মোৰ কেতিয়াবা মূৰে কাম নকৰা হয় অ’৷” “হেৰি, যি যেনেকৈ লাগে মোক আগে আগে ক’ব দেই, মোৰ হ’লে এইবোৰলৈ বৰ ভয় লাগে৷” তুমি ওচৰতে থকা জাৰৰ পৰা পানী এগিলাচ খাই, বিছনাত উঠি “ভয় নকৰিবা মোৰ সোণ৷ তোমাক মই নিজে চাই চিতিহে আনিছোঁ৷” লগেলগে লাইটৰ চুইছ অফ্‌৷ পিছদিনাৰ পৰা দেখিবা আনৰ বাবে “চাদি বৰবাদী” হ’লেও তোমাৰ বাবে কিন্তু বহুদিনলৈ আজাদী ৷ হেঃ হেঃ হেঃ!

কথাৰ তালে তালে ফূৰ্তি পাই মাষ্টৰেও হাঁহি দিলে,

: হেঃ  হেঃ  হেঃ!

: কিন্তু মাষ্টৰ, “বিয়াৰ প্ৰথম ৰাত্ৰি বধিবা বিড়াল নহ’লে বৰ্বাদ চব তাবৎ পয়মাল৷” টৰ্চ বিয়াৰ প্ৰথম নিশাই ভাঙিব লাগিব৷ কাৰণ ই বেমাৰ হোৱাৰ আগতে দিয়া ভেকচিনহে৷ গতিকে তোমাৰ বাবে নহয় আৰু এক্সিডেণ্টলি তুমি যদি কিবা কৰাও এই দৰবে এতিয়া বেমাৰীৰ আনকি নোম এডালো লৰাব নোৱাৰে৷ আঁঠুকাঢ়ি কান্দি কান্দি ভোগা টৰ্চৰ আয়না বুটলিব লাগিব! নহ’লে নিজৰ ভৰি কাটিব৷

: তেনেহ’লে ছাৰ, মোৰ সংসাৰ সুখৰ উপায়!

: আছে বোপা তাৰো উপায় আছে৷ তোমাৰ শ্ৰীমতীয়ে কৰা কামবোৰৰ কেতিয়াবা প্ৰশংসা কৰি পাইছা?

: নাই, নাই পোৱা৷

: এবাৰ কৰি চাবাচোন৷ মনত ৰাখিবা এটা মাত্ৰ উৎসাহী আৰু মৰমীয়াল শব্দই তিনিটা শীতৰ বাবে উত্তাপ কঢ়িয়ায়৷ আৰু সেয়া কৰিব নোৱাৰিলে বিবাহৰ পূৰ্বে ডাঙৰকৈ মেলা চকুহাল বিয়াৰ পিছত আধা জপাই থ’বা, বুজিছা৷ অৱশ্যে সুখী সংসাৰৰ বাবে আন উপায় এটাও আছে৷ বোলে, “কলাৰ আগত বোবাই কয়, কলাই বোলে হয় হয়” তেনে স্বামী-স্ত্ৰীৰ সংসাৰ অশান্তিময় নহয়৷ মই আৰু বাইদেউ, মানে মোৰ শ্ৰীমতী আমি দুয়ো স্বাধীনতাৰ অধীন৷ আমি সদায় নিজৰ নিজৰ মতত চলোঁ৷ শ্ৰীমতীৰ নিজা মত আছে৷ সেইমতে চলে৷ মোৰো আছে৷ শ্ৰীমতীৰটোকে মোৰো নিজা মত কৰি লৈছোঁ৷ ময়ো সেইমতে চলোঁ৷ সেয়ে আমাৰ সংসাৰত আজিলৈকে…

কথাখিনি শেষ নহওঁতেই মাষ্টৰে নিজে নিজে কিবা বুজি পালে হ’বলা৷ বহা চকীৰ পৰা উঠি মূৰটো জোকাৰিলে আৰু ৰূমৰ পৰা ওলাই চিধা ঘৰৰ ফালে বাট ধৰিলে৷

আনদিনাতকৈ হস্পিতালৰ পৰা কোৱাৰ্টাৰলৈ পলমকৈ অহাৰ বাবে, একেলগে ভাত খাম বুলি ৰৈ থকা শ্ৰীমতীয়ে স্বাস্থ্যমন্ত্ৰীকে আদিকৰি মামনি,  মাজনী, ওৱান জিৰ্‌ এইট, ডেলিভাৰী, ডায়েৰীয়া, ডিচেণ্ট্ৰি, কৰোনা ক’ভিড, কন্টেইনমেণ্ট সকলোকে এফালৰ পৰা গালি পৰা শুনি পদূলি মুখৰ পৰাই ভোৰভোৰাবলৈ ধৰিলোঁ,

: বোলো হেৰা, এইবোৰো মানুহ নে! বিনা ফিজ্‌ত উপকাৰ কৰিব নাপায়৷ চালা উপকাৰীক অজগৰে খায়৷

হস্পিতালত কোনোবা অঘাইতঙৰ পাল্লাত পৰা বুলি ভাবি শ্ৰীমতীয়ে মোৰ সৰ্বশৰীৰ নিৰীক্ষণ কৰি পানীৰ গিলাচটো আগবঢ়াই দি ক’লে,

: কাৰোবাৰ লগত লাগিলা নেকি?

: নহয় হে, চৌধুৰী মাষ্টৰক ভেকচিনৰ ইমানবোৰ গুপুত কথা শিকালোঁ, যোৱাৰ সময়ত ধন্যবাদতো দূৰৰ কথা মাত এষাৰো নলগালে অ’৷ 

মেখেলা-চাদৰ শাৰী লাগে

নতুন মডেলৰ গাড়ী লাগে,

মানিকচান্দৰ ব্ৰেচলেট লাগে

গুৱাহাটীত এটা ফ্লেট লাগে, বুলি সদায়ে কাণ ঘোলা কৰা মোৰ মানুহজনীৰ ক’ব নোৱাৰাকৈয়ে মুখৰ পৰা ওলাই গ’ল,

: হেৰি, ইমানকৈনো বিচাৰা কিয়! পৰত আশ বোলে বনত বাস৷ আনৰ পৰা বিচাৰিলেই দুখ পাবা৷

হয়তো বহুদিনৰ মূৰত অভিজ্ঞতাৰ পৰাই হ’বলা শ্ৰীমতীয়ে আজি একেবাৰে পানী সৰকিব নোৱাৰা কথা এটা কৈছে৷ সঁচাকৈয়েতো বিচাৰিলেই দুখ নিবিচাৰিলেই সুখ৷ আমিনো আনৰ পৰা ইমানকৈ বিচাৰোঁ কিয়? নিবিচাৰিলে একা! সুখেই সুখ৷

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    ভাল লাগিল। সুখ বিচাৰি মানুহে হাবাথুৰি খায়, কিন্তু সুখ যে হাততে আছে বুজিকে নাপায়।

    Reply
  • অনামী

    ভাল লাগিল, প্ৰয়োজনত নিজৰ বেলিকাও এনে কিটিপ প্ৰয়োগ কৰিব লাগিব। সেইবুলিও লেখকক এটি ধন্যবাদ।

    Reply

Leave a Reply to অনামী Cancel reply

Your email address will not be published. Required fields are marked *