ফটাঢোল

থেংকছ টু ফে’চবুক -মানসী বৰা

খোৱা টেবুলত লোভনীয় হৈ জিলিকি থকা প্ৰ’ন পকৰা এটাত সীমা বৰুৱাৰ সাত বছৰীয়া পুত্ৰ মিকিয়ে হাত দিব খুজিছিল। 

: এতিয়া নাখাবি, ৰৈ থাক বুলিছোঁ নহয়। যেতিয়া খাবলৈ ক’ম তেতিয়া খাবি।

 চিঞৰি উঠে সীমা বৰুৱাই।

মিকিৰ হাতখন কোঁচ খাই পৰে। মাকৰ এই কথাটো তাৰ বৰ বেয়া লাগে। সদায় কিয়নো ফটো ল’ব লাগে? আগতে কিন্তু তাৰ মাক তেনেকুৱা নাছিল। আগতে বিহু আহিলে সদায় তাৱাৰ পৰা গৰমে গৰমে তুলি দিয়া তিল পিঠাটোৰ সোৱাদ ল’বলৈ পাইছিল। আজিকালি  বিহুত সদায় পিঠাখিনিৰ ফটো তুলি লোৱাৰ পিছতহে খাবলৈ পায়। তেতিয়ালৈ পিঠাও ঠাণ্ডা হয়গৈ। কিয় যে তাৰ মাকজনী দিনক দিনে এনেকুৱা হৈ পৰিছে তাৰ কণমানি মনটোৱে  বুজিকে নাপায়।

: হেৰা আহা আকৌ। কিয়নো ইমান  দেৰি কৰি আছাঁ? সকলো ঠাণ্ডা হৈ যাব এতিয়া।

গিৰিয়েকক চিঞৰি টেবুলত সজাই থোৱা বিবিধ ব্যঞ্জনবোৰ  ফটো ল’বলৈ  সীমা বৰুৱা ব্যস্ত হৈ পৰে। ৰান্ধি বেয়া পোৱা মানুহগৰাকীয়ে কেৱল বিশেষ দিনটো উদযাপন কৰিবৰ কাৰণে আগদিনাৰ পৰা এইবোৰৰ দিহা কৰিছে। কম কথানে বাৰু?

ইউটিউবত চাই চাই জহা চাউলৰ পোলাও, তিল চিকেন, নাৰিকল দিয়া মাছ, প্ৰ’ণ পক’ৰা আদি কত কি ব্যঞ্জন ৰান্ধিছে!

সাধাৰণভাৱে ৰন্ধা মানুহজনীয়ে ইমানবোৰ চৌখিন খাদ্য ৰন্ধা দেখি ল’ৰা-ছোৱালী দুটাৰ আজি খাবলৈ  তত নোহোৱা হৈছে।ইমানবিলাক ৰান্ধি ফটো তুলি নথ’লে জানো হ’ব? ফটো তুলি ফে’চবুকত দিলেহে মানুহে জানিব যে সীমা বৰুৱা কিমান পাকৈত ৰান্ধনী।

: মায়ে ফটো তুলি তুলি সকলোবোৰ এতিয়া ঠাণ্ডা কৰি পেলাব!

সীমা বৰুৱাৰ ১২ বছৰীয়া কন্যা নিকিৰ মুখত বিদ্ৰূপৰ সুৰ।

আচলতে, খাম বুলি বহুদেৰিৰ পৰা বেচেৰীয়ে পৰ দি আছে। নাই যি নাই মাকে আগদিনাই কৰি ফ্ৰীজত থৈ দিয়া ফ্ৰুট কাষ্টাৰ্ড অকণো খাই চাবলৈ দিয়া নাই। তাতে বহুত দিনৰ মূৰত মাকে তাইৰ প্ৰিয় বস্তুটো কৰিছে।

সীমা বৰুৱাৰ চিঞৰত নিৰ্দিষ্ট সাজযোৰ পিন্ধি বৰুৱা মানুহজন ভিতৰৰ কোঠাৰ পৰা ওলাই আহে। গিৰিয়েকে কি কাপোৰ পিন্ধিব নিজৰ সৈতে মিলাই সীমা বৰুৱাই আগতীয়াকৈ ঠিক কৰি ৰাখিছে।

: হেৰা আমাৰ এনেভাৰচেৰী কাইলৈহে?

হঠাত বৈকুণ্ঠ বৰুৱাই সুধি দিয়ে।

: এহ্ কাইলৈ হ’লেও আজিয়ে চেলিব্ৰেট কৰিলোঁ, ইন এডভান্স আৰু কোনে জানে কাইলৈ আকৌ কি ক’ত ওলাই যায়। দিনটো অথলে যাব। সেয়ে উদযাপনৰ সুবিধাটো আজিয়ে ল’লোঁ।

এপলক ৰৈ আকৌ স্পষ্টীকৰণ দিয়া ধৰণেৰে কৈ উঠে সীমা বৰুৱাই।

: কিয় যোৱাবাৰৰ কথা মনত নাই? তুমি সেইদিনা জানো মেডিকেল পোৱাগৈ নাছিলা?

তোমাৰ দেউতাই যে গোটেইখন ধৰ্ ধৰ্ মাৰ্ মাৰ্ লগালে।ইয়াৰ পৰা দৌৰ মাৰিছা তুমি। পিছত আকৌ গোটেইজন একেবাৰে ঠিক। যেন একো হোৱাই নাছিল। কেৱল আমাৰ বিশেষ দিনটোহে বৰ্বাদ হ’ল।

: কিনো কথাবোৰ কৈ থাকা? দেউতাই নিজে কৰি লোৱা নাছিল নহয়। মানুহৰ কেতিয়া কি হয় কোনে জানে? 

বৈকুণ্ঠ বৰুৱাৰ মাতটো অজানিতে অলপ ডাঙৰ হৈ পৰে।

: এগজেক্টলী, সেইটোকে ক’ব খুজিছোঁ। আকৌ বা কাৰ কি হয় কোনে জানে? সেইবাবেই আগতীয়াকৈ মোৰ এই আয়োজন।

সীমা বৰুৱাৰ কথাই মুক কৰি পেলাই বৈকুণ্ঠ বৰুৱা মানুহজনক। 

: আগতে আহা, দুখনমান ছেল্ফী লওঁ। গিৰিয়েকক বাউসীত ধৰি সীমা বৰুৱাই টানি আনে।

: এবাৰ সোঁফালে চাই দিয়া। হৈছে হৈছে। এবাৰ বাওঁফালে চোৱাচোন। ওম হ’ব। 

: এতিয়া প্লীজ এবাৰ ওপৰলৈ চোৱানা।

: অকণমান হাঁহি দিয়া আকৌ।

দাঁত নুলিয়ালেও হ’ব বাৰু। অকণমান হঁহাৰ দৰে কৰি দিয়া।

কৈ যায় সীমা বৰুৱাই। 

সীমা বৰুৱাই কোৱাৰ দৰে থেৰোগেৰোকৈ বৰুৱায়ো মানি যায়, ভিতৰৰ মনটোৱে নামানো বুলি ভবা কথাবোৰ। সীমা বৰুৱাৰ শেষ নোহোৱা ফৰমাইচেৰে চলি থাকে বৈকুণ্ঠ বৰুৱাৰ সংসাৰ।

ফটো তোলাৰ মাজতে  গোটাই থোৱা অকণমানি ধুনীয়া কেকটো উলিয়াই আনি তাৰো ফটো দুখনমান লয়। ফটো লোৱাৰ পিছতে সেইটো কাটি দুয়োয়ে ইজনে সিজনৰ  মুখত সামান্য গুজি দিয়ে। মিকিয়ে হাত চাপৰি বজায়। মাকৰ ম’বাইলটোৰে নিকিয়ে দেউতাক-মাকৰ কেক কটা ফটো তুলি দিয়ে। ল’ৰা-ছোৱালী দুটাৰ সৈতেও দুখনমান ছেল্ফী তোলা হয়।

সুখী সুখী অনুভৱ এটাই  সীমা বৰুৱাক চুই যায়। মুহূৰ্ততে খোৱা টেবুলৰ কাঁহীবোৰত প্ৰায় ঠাণ্ডা হৈ পৰা বস্তুবোৰ তেওঁ বিলাবলৈ ধৰে। বিলাওঁতে কিন্তু ব্যঞ্জনবোৰৰ নাম ক’বলৈ নাপাহৰে।

অচিনাকি ব্যঞ্জনবোৰৰ নাম শুনি বৰুৱাই বোলে,

: খাব পৰা হয়তো?

: কি কথা কোৱা ইউটিউব চাইহে ৰান্ধিছোঁ। খাব পৰা আকৌ কিয় নহ’ব?

সীমা বৰুৱাই মুখনি মাৰে।

: কাহানিও নাম নুশুনা বস্তু যে সেয়ে সুধিলোঁ। পিছে প্ৰ’ণ পকৰাকেইটা গৰমে গৰমে খাবলৈহে পাব লাগিলহেঁতেন। কওঁ নকওঁকৈ কৈ উঠে বৰুৱাই।

: মই খাব লৈছিলোঁ নহয় দেতা। মায়েহে চকু পকাই ধৰিলে।মিকিৰ মুখত আক্ষেপৰ সুৰ।

: একদম চুপ থাক। খোৱাৰ সময়ত মানুহে কথা পাতিব নাপায়। ভগৱানক চিন্তি লৈ মনে মনে খাব লাগে।

উপদেশ দিবলৈ নাপাহৰে সীমা বৰুৱাই।

খাই থাকোঁতে তেওঁৰ মনত আন কিছুমান কথা ঘূৰি থাকে।সেইবোৰৰ সাৰাংশ ঠিক এনেকুৱা,

পিছদিনা অৰ্থাৎ বিবাহ-বাৰ্ষিকীৰ দিনা নিশা  ৯ মান বজাত ফে’চবুকত এই  ফটোবিলাকৰ সৈতে পোষ্টটো  আপল’ড কৰিব লাগিব –

“ফ’ৰ্টিন ইয়েৰ্চ অৱ টুগেদাৰনেছ। হেপ্পী এনিভাৰচেৰী টু আছ।ফিউ পিকছ অৱ চেলীব্ৰেশ্বন॥”

পিছে তাৰ আগতে ফটোবোৰৰ অলপমান ব্ৰাইটনেচ বঢ়াই এডিট কৰিব লাগিব ।

শকত দেখা ফটো ভুলতো আপলোড কৰিব নোৱাৰি।

পিন্ধা কাপোৰসাজ ফটোত বাৰু ভালেই উঠিছে। চকলেট ৰঙটো ডাৰ্ক কালাৰ বাবে শকতটো সিমান ধৰা নপৰে।

অৱশ্যে ছেল্ফী উঠিলোঁ বাবে ভালেই হ’ল। মোক অলপমান ক্ষীণ দেখা যাব। মিচেছ শইকীয়াৰ পোষ্টতকৈ লাইক দুটামান বেছিকে পালেই হ’ল আৰু।

: হেৰা  ‘পোলাও’ অকণ আৰু দিয়া আকৌ। কি ভাবি আছাঁ?এতিয়ালৈকে তিনিবাৰ খুজিলোঁ। কাণষাৰেই নাই।এনিভাৰচেৰী বুলিয়ে অন্ততঃ এই মানুহটোৰ কথা অলপ গুৰুত্ব দিয়া। তুমি মানুহজনী আজিকালি ক’ত থাকাহে ?

খপজপাই উঠে সীমা বৰুৱা।

খাই বৈ উঠি বৰুৱাই গহীনাই বোলে,

: আজি কোনোকালে নুশুনা নোখোৱা বস্তুৰ সোৱাদ ল’বলৈ  পালোঁ। একমাত্ৰ ফে’চবুকৰ জহতে দেই। থেংকচ টু ফে’চবুক। ই সঁচাই কিন্তু বৰ ভাল বস্তু। আমাৰ এনিভাৰ্চেৰীটোও এদিন আগবঢ়াই দিলে॥

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    বৰ ভাল লাগিল। সংসাৰবোৰ সঁচাই এনেকুৱাই হ’বলৈ গৈ আছে।

    Reply
    • মানসী

      সেইবোৰ ভাবিয়ে লিখিলোঁ বা…ধন্যবাদ

      Reply
    • অনামী

      এখন সঁচা ছবিয়েই, ভাল লাগিল।

      Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল বা পঢ়ি। সঁচাকৈয়ে তেনেকুৱা হৈ গৈ আছে।

    Reply

Leave a Reply to Pranita Goswami Cancel reply

Your email address will not be published. Required fields are marked *