ফটাঢোল

দো গ’জ কি দূৰী হ্যে জৰুৰী-মৃদুল নাথ 

অফিচলৈ আহিয়েই টেবুলত বেগটো থৈ লেপটপটো অন কৰিলোঁ। মেইলকেইটা ওপৰে ওপৰে চায়েই কনফাৰেন্স হলটোলৈ দৌৰ দিলোঁ, মিটিঙখন আৰম্ভ হ’লেই চাগে। আজি অফিচলৈ অলপ দেৰিয়েই হৈছে। সময়মতে ঠিকেই সাৰ পাইছিলোঁ, পয়মাল লগালে বৰষুণজাকে। এৰা, বৰষুণজাকেই যত্ কূটৰ ঘাই, পৰিবেশটোলৈ চাই আৰু পোন্ধৰ মিনিটমান শুই লওঁ বুলি ভাবিলোঁ, আৰু সেইটোৱেই কাল হ’ল। একেবাৰে এঘণ্টাৰ মূৰত সাৰ পাই জা‍ঁপ মাৰি বিছনাৰ পৰা নামি একেলৰে গৈ বাথৰূম সোমাইছোঁ। জগাই নিদিয়াৰ বাবে মানুহজনীক বেঁকাকৈ চাৱনি এটা দি অফিচলৈ বুলি গাড়ী দৌৰাইছোঁ। তাৰ বাহিৰে কৰিব পাৰোঁনো কি!

কনফাৰেন্স ৰূমত লাহে লাহে এজন দুজনকৈ মানুহ গোট খাইছে, মিটিঙখনৰ এজেণ্ডাৰ পইণ্টকেইটাত চকু ফুৰাবলৈ লওঁতেই মানুহজনীৰ ফ’ন আহিল। বিশেষ জৰুৰী নহ’লে এইখিনি সময়ত সচৰাচৰ তেওঁ ফ’ন নকৰে। দুপৰীয়া টিফিন খোৱাৰ সময়ত কেতিয়াবা খবৰ এটা সোধে, নতুবা গধূলি অফিচ ছুটী হোৱাৰ আগে আগে বজাৰৰ লিষ্টখন হোৱাটছএপত দি মোলৈ ফ’ন কৰে। লিষ্টখন দীঘলীয়া হয় বাবে মুখেৰে ক’লে মোৰ মনত নাথাকে আৰু কেনেবাকৈ কিবা এটা ল’বলৈ থাকি গ’লে হ’লেই আৰু! মিছামিছি জেংখন চপাই লোৱাতকৈ মনত ৰখাৰ দ্বায়িত্বটো মোবাইলটোৰ ওপৰতে এৰিছোঁ। এইখিনি সময়ত ফ’ন কৰিছে যেতিয়া জৰুৰীয়েই হ’ব, এনেয়ো বাৰু জৰুৰী হওক বা নহওক ফ’নটো আহিলে সেইটো ৰিচিভ নকৰাকৈ থকাৰ দুঃসাহস মোৰ নাই।

ফ’ন ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ আগতেই সিফালৰ পৰা মাত শুনিলোঁ, “ওচৰত কোনোবা আছে নেকি?”

কথাষাৰ শুনি এনে লাগিল যেন মৰমেৰে কিবা এষাৰ ক’বহে, ওচৰত কোনোবা থাকিলে যদি শুনি যায়, তেন্তে লাজৰ কথাই হ’ব। মুহূৰ্তৰ ভিতৰতে পুৰণি কথা কিছুমান মনলৈ ফ্লেছবেকৰ ৰূপত আহি গুচি গ’ল। এটা সময় আছিল, বিয়াৰ পিছত তেওঁক কোৱাৰ্টাৰত এৰি থৈ অহাৰ পিছত কেবিন পাওঁ মানে অফিচৰ ফ’নটো বাজি উঠে, সুকলমে আহি পালোঁ নে নাই, সেই কুশলবাৰ্তাৰ পৰা আৰম্ভ কৰি দিনটোত মৰমৰ বাৰ্তালাপ হৈয়ে থাকিছিল। ফ’নটো আহিলেই চিকাৰী দৃষ্টিৰে ইফালে সিফালে চাই লওঁ, সেই সময়খিনিত অলপ প্ৰাইভেচিৰ দৰকাৰ হয়। কথাৰ মাজতে মানুহজনীৰ ৰঙা পৰা গাল দুখন দেখা যেন লাগে। সময় আগবাঢ়িল, লুইতেৰে বহু পানী বৈ গ’ল, ঘনে ঘনে অহা ফ’নবোৰ এতিয়া দৰকাৰী কথা থাকিলেহে অহা হ’ল। বজাৰৰ লিষ্টখনেহে অফিচত থকা সময়ছোৱাত দুয়োৰে মাজত এক যোগসূত্ৰ স্থাপন কৰি ৰাখিছে। যিদিনা বজাৰ কৰিবলগীয়া নাথাকে, সিদিনা যোগাযোগ ব্যৱস্থাটো আমাৰ ইয়াৰ বি এছ এন এলৰ নেটৱৰ্কৰ লেখীয়াই হয়।

দুজন মান সহকৰ্মী ইতিমধ্যে কনফাৰেন্স হলত আহি বহিছে। এবাৰ ভাবিলোঁ বাহিৰলৈ ওলাই যাওঁ, পিছত দেখিলোঁ দুয়োজন সহকৰ্মী ভালেখিনি আঁতৰত বহিছে, এয়া কৰ’নাৰ আশীৰ্বাদ বুলিয়ে ক’ব লাগিব, “দো গ’জ কি দূৰী হ্যে জৰুৰী” মানিবলৈ গৈ ভালেখিনি দূৰত্বত অৱস্থান লৈছে। ময়ো ভালেই পালোঁ, উঠি নগ’লেও চলিব। বহুদিনৰ মূৰত মনলৈ ৰোমাণ্টিক ভাৱ এটা আহিছে। ফ’নটো কাণত লৈ হাতখনেৰে মুখখন আবৰি যিমান পাৰি লাহেকৈ ক’লোঁ,

: ওচৰত কোনো নাই এতিয়া, কোৱা কি ক’ব খুজিছা।

কথাষাৰ ক’বলৈ পালোঁ নে নাই, সিফালৰ পৰা গৰ্জন শুনিবলৈ পালোঁ,

: আচ্ছা, আপোনাক একেষাৰ কথা কিমানবাৰ ক’ব লাগিব। মই কথা ক’লে কি গান গোৱা বুলি ভাবে নেকি?

এসময়ত তেওঁৰ কথাত মৌ বৰষিছিল, সেয়া মোৰ বাবে গানৰ দৰেই আছিল, ঠিক যেন ৰাগ মেঘমল্লাৰ। কিন্তু বৰ্তমান যিটো উষ্ম স্বৰত কথাবোৰ সিফালৰ পৰা ছিটিকি আহিছে, সেয়া মোৰ বাবে অগ্নি বৰ্ষণ, একেবাৰে নিখুঁত দীপক ৰাগ।

লাহেকৈ ক’লোঁ,

: কি হ’লনো? মানে কিবা ভুল হ’ল নেকি?

: ভুল মানে, আজিলৈকে ঘৰৰ কোনটো কাম শুদ্ধকৈ কৰি পাইছে আপুনি? আৰু কিমানবাৰ ক’ব লাগিব যে গা ধুই উঠি ভিজা টাৱেলখন বিছনাৰ ওপৰত নথ’ব?

দীপক ৰাগৰ আলাপবোৰে তীব্ৰ ৰূপত মোৰ কৰ্ণগহ্বৰত আঘাত কৰিবলৈ ধৰাত মই লাহেকৈ চিটৰ পৰা উঠিলোঁ। মানুহজনীৰ ৰঙা পৰা গাল দুখন আজি আকৌ এবাৰ দেখা পোৱা যেন লাগিল। ৰং একেটাই যদিও লাজৰ আভা নহয়, খঙৰ আভাহে সেয়া। মই উঠা দেখি সহকৰ্মী দুজনো থিয় হ’ল। সহকৰ্মী দুজনৰ মুখলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ, নাই মোৰ বোধেৰে তেওঁলোকে শুনা নাই। এৰা, অকল যে কৰ’নাৰ ক্ষেত্ৰতে “দো গ’জ কি দূৰী হ্যে জৰুৰী” তেনে নহয়, আন কিছুমান দিশতো এই নীতি পালন কৰাটো সমানে জৰুৰী৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to জিতু Cancel reply

Your email address will not be published.

error: Content is protected !!