ফটাঢোল

হাইপ’কণ্ড্ৰিয়াক- হেমন্ত কাকতি 

ইংৰাজীত Hypochondria বুলি এবিধ বেমাৰ আছে৷ অক্সফ’ৰ্ড ইংৰাজী ডিক্সনেৰীৰ মতে তাৰ অৰ্থটো হৈছে – Obsession with the idea of having a serious but undiagnosed medical condition. মানে আপোনাৰ মতে কিবা-কিবি অচিন বেমাৰে যেন ভিতৰত ক্ৰিয়া কৰি আছে অথচ ডাক্তৰৰ মতে কোনো বেমাৰেই নাই৷ এইটো এটা psycho-somatic disorder বুলি মনোবিজ্ঞানীসকলে কয়৷

অৱশ্যে হাজাৰ হ’লেও আজিকালি কাৰো ওপৰত ভৰসা নাই, ডাক্তৰেও বেমাৰ ধৰিব নোৱৰাত কত ৰোগী মৰি গ’ল, ইফালে বেমাৰ নোহোৱাকৈও কত মানুহে ঔষধ খাই চিকিৎসা কৰি কত টকা পানী কৰিলে ঠিক নাই৷ গতিকে মোৰ দৰে নিজৰ বদ্ধমূল ধাৰণাতে আকোঁৰগোজ হৈ থকা মানুহৰ বাবে বৰ সমস্যা হয় কেতিয়াবা৷ 

বয়স বঢ়াৰ লগে লগে আগৰ ধ্যান-ধাৰণাবোৰ বহুত সলনি হ’ল যদিও আজিকালি পুনৰ অলপ বুঢ়া বুঢ়া যেন লগা ফিলিঙটো আহিবলৈ ধৰিছে৷ মিছা ক’লে কিডাল হ’ব হয়নে? ফেচবুকত পুৰণি পুৰণি ডি পি লগাই চেঞ্জ কৰি কৰি হেণ্ডচাম হৈ থকাৰ বয়স নাই বুলি মানি লৈছোঁ৷ তাৰে ওপৰতে আহক আকৌ নতুন নতুন বেমাৰ আজাৰবোৰ৷ সৰুৰে পৰাই মই হেনো বেমাৰ আজাৰৰ বাহ আছিলোঁ৷ মানে বাৰটা মাহত তেৰটা বেমাৰ লাগি থাকে৷ জ্বৰ-কাহ, পানীলগা ইত্যাদি নুগুচেই, আকৌ ডিচেণ্ট্ৰিডাল আহেই৷ নহ’লে হাত ভৰিত কটা চিঙা হ’ব বা সকলো ঠিক থাকিলে কাণৰ বিষ হ’ব৷ নহ’লে বা চকুকেইটাই খচখচাব৷ দুদিনৰ মূৰে মূৰে স্কুললৈ নোযোৱাৰ দৰখাস্ত লৈ মাষ্টৰৰ ওচৰত হাজিৰ হওঁ৷ স্কুলৰ মাষ্টৰে কেতিয়াবা মোৰ বেমাৰৰ ‘কোৱালিটি’ আৰু ‘কোৱানটিটি’ দেখি কৈছিল বোলে, “কি যে ডিফেকটিফ পিচ এটা জন্ম দিলে অ’ তোক৷” 

সৰুকালত মায়ে মোৰ হেল্থ বঢ়াবলৈ লোকেল মুৰ্গীৰ কণী আৰু গৰুৰ গাখীৰ খুৱাই হে খুৱাই, ইফালে ল’ৰাৰ শ্ৰীবৃদ্ধি নহয় হে নহয়! ১৫-১৬ বছৰমান হোৱাতহে হেনো লাহে লাহে সেইবোৰ আঁতৰিছিল৷ 

যি নহওক, আজি কেইদিনমানৰ পৰা আকৌ গাটো বেয়া৷ সিদিনা অলপ দূৰৰ এঠাইলৈ গাড়ী চলাই গৈছিলোঁ৷ যোৱাৰ দিনা অলপ পেটৰ  বিষ এটা পাই আছিলোঁ৷ মই সাধাৰণতে আজিকালি সৰু-সুৰা বেমাৰত না ডাক্তৰৰ ওচৰলৈ যাওঁ, না কিবা ঔষধ খাওঁ৷ মানে বেমাৰ নিজে নিজে ভাল হোৱালৈ ৰৈ থাকোঁ৷ একেবাৰে যোৱা থোৱা অৱস্থা হ’লেহে ডাক্তৰলৈ মনত পৰে৷ তাৰ পিছৰখিনি সাধাৰণতে এনেকুৱা হয় যে মোৰ মনলৈ ডাঙৰ ডাঙৰ বেমাৰ আজাৰবোৰৰ চিন্তা অহা আৰম্ভ হয়৷ চিম্পটমবোৰ গুগুল কৰি চোৱা আৰম্ভ কৰোঁ৷ এবাৰ বুকুৰ সোঁফালে কিটিং কৈ বিষ এটা হোৱাত হাৰ্টৰ প্ৰৱলেম বুলি টেনশ্যনতে ৰাতি উঠি গুগুল কৰোঁতেহে গম পালোঁ হাৰ্টটো বাওঁফালেহে থাকে৷ গতিকে পেটৰ কাৰণেও এইবাৰ আৰম্ভ কৰিলোঁ মোৰ শৰীৰত উপবিষ্ট কিডনী, লিভাৰ, গল ব্লাডাৰ আৰু পেংক্ৰিয়াচৰ পজিশ্যন আৰু বিষৰ জেগাটোৰ উৎসৰ অনুসন্ধান৷ সকলো ‘লেটিচিউদ লংগিচিউড’ ফাইনেল কৰি ‘কনক্লুজন’ত আহিলোঁ যে হয়, মোৰ কিডনী ফেইল হৈছে নহ’লে লিভাৰৰ চিৰিয়াচ ডিচঅৰ্ডাৰ কিবা এটা ঘটিছে৷ কিছুদিন আগতে ‘গড়মাৰ্কা’ৰ পাৰ্টি কৰা কাৰ্য্যৰ বাবে নিজকে নিজে ধিক্কাৰ দিলোঁ৷ দুদিনমানৰ পিছত বিষ কমিল যদিও মনৰ বিষ গুচা নাছিল৷ অৱশেষত পৰহি ডাক্তৰৰ ওচৰ পালোঁগৈ৷ গৈয়ে ডাক্টৰক লিভাৰৰ প্ৰৱলেম বুলি কওঁতে ভেকাহি মাৰি যিটো গালি দিলে মই দুনাই কিবা কোৱাৰ সাহস কৰিব নোৱাৰিলোঁ৷ ডাক্তৰে বোলে আপোনাৰ লিভাৰটো ক’ত কওকচোন? মই তলপেটৰ সোঁফালে যিটো জেগা দেখুৱালোঁ ডাক্তৰ হাঁহি হাঁহি পৰি যাবলৈহে বাকী আছিল৷ মই বোলোঁ হাঁহিব নেলাগে, মই জুল’জি বোটানী সৱ পাহৰি গৈছোঁ, সোনকালে চন’গ্ৰাফী এখন লিখক, মই “হৌল এবডোমেন চেক” কৰাম৷ চিনাকি ডাক্তৰ বুলি একো নকৈ প্ৰেচক্ৰিপশ্যনখন লিখি উঠি ক’লে- 

: বহক ড্ৰয়াৰতে গড়মাৰ্কা এটা আছে অলপ লৈ যাওক৷ (আগে পিছে কেতিয়াবা ডাক্তৰৰ লগত ‘বহা’ যায় ৷ ইফালে সিফালে চাই শেষত ভাবিলোঁ ভালে থাকোঁতেই অলপ লওঁ, কালিলৈ যেতিয়া ৰিপৰ্টত আহিব কিডনী ফেইলাৰ বা লিভাৰৰ চিৰ’চিচ বুলি তাৰ পিছততো সকলো শেষেই!)  

পিছদিনা চন’গ্ৰাফী হ’ল৷ ৰিপোৰ্টৰ অপেক্ষাত তিনিঘণ্টামান ৰ’বলগীয়া হ’ল৷ সেই তিনি ঘণ্টাতে ভাবি থাকিলোঁ, “তিনিঘণ্টাৰ পিছতেই হয়তো ‘ডিক্লেয়াৰ’ হ’ব সেই ভয়ঙ্কৰ খবৰটো৷ মই কেনেকে ‘ৰিয়েক্ট’ কৰিম? ৱাইফে বা ল’ৰা-ছোৱালীয়ে বা কি বুলি ৰিয়েক্ট কৰিব? মোৰ এল আই চি পলিচিকেইখনৰ কথা মনত পৰিল৷ ‘ডিউ ডেট’ত প্ৰিমিয়ামবোৰ বাৰু দিয়া হৈ আছেনে? কেইদিনমান আগতেইচোন ইঞ্চিউৰেন্স অফিচৰ ছোৱালী এজনীৰ ফোন আহিছিল -প্ৰিমিয়াম অভাৰডিউ বুলি৷ নাহ! ঘৰলৈ গৈয়েই আজি প্ৰথমে অনলাইন পেইমেণ্ট কৰি ল’ব লাগিব৷ কিন্তু এল আই চিৰ ৱেবচাইটৰ পাচৱৰ্ড দেখোন পাহৰি গৈছোঁ৷ ক’ৰবাত লিখি থৈছোঁ নেকি? কিবা কাৰণত যদি ‘কিডনী ট্ৰান্সপ্লাণ্ট’ কৰিব লাগে ষাঠি-সত্তৰ লাখ টকা ক’ত পাম? খুলখালিটোৱে মেডিক্লেইম এটা কৰাবলৈ কিমান খাটনি ধৰা স্বত্বেও নকৰিলোঁ৷” 

এশ এবুৰি চিন্তাই মূৰটো বেয়া কৰি থাকোঁতেই ৰিচেপচনিষ্টজনীয়ে চিঞৰ এটা মাৰি মাত লগালে, 

: পেচেণ্ট নম্বৰ ৩১, হেমন্ত কাকতি! 

ডুৰু ডুৰু কৈ কঁপা বুকুৰে ৰিপৰ্টটো বিচাৰি হাত পাতি ল’বলৈ লওঁতেই তাই কৈ উঠিল, 

: আপোনাৰ ৰিপৰ্ট হোৱা নাই, আবেলি হে হ’ব৷ বেয়া নাপাই যদি আবেলি কাৰোবাক পঠাই দিব নিবলৈ৷ 

মনত বাহ লোৱা সন্দেহটো লাহে লাহে বাঢ়িবলৈ ধৰিলে, তথাপি কাৰো ফালে নোচোৱাকৈ ঘৰ অভিমুখে ৰাওনা হ’লোঁ৷ ৰিপোৰ্ট দেৰি হ’ব মানে কিবা এটা ‘চিৰিয়াচলি ৰং”! হয়তো অন্য ডাক্তৰৰ লগত ‘ডিচকাচ’ কৰিহে ৰিপৰ্ট ফাইনেল কৰিবলগীয়া কিবা পৰিস্থিতিৰ সৃষ্টিও হ’ব পাৰে৷ হাজাৰটা চিন্তা লৈ ঘৰ পালোঁহি৷

ঘৰলৈ আহি দেখোঁ শ্ৰীমতী নাই৷ তেওঁ জীয়েকৰ লগত ওলাই গৈছে৷ কাম কৰা মানুহজনীৰ মুখত গম পালোঁ মাক জীয়েক পৰ্দা কিনিবলৈ বুলি বজাৰলৈ গৈছে৷ টিঙিচকৈ খঙটো উঠি আহিছিলেই৷ খং উজাৰিবলৈ ওচৰত কোনো নাছিল বাবে নিজৰ ভিতৰতে মাৰ নিয়াই  ফোনটো লগালোঁ তেওঁলৈ৷ 

: শুনিছা, তুমি ঘূৰি আহোঁতে মোৰ ৰিপৰ্টটো লৈ আহিবা, ৰেজিষ্ট্ৰেশ্যন শ্লিপখন হোৱাটচ এপত পঠিয়াই দিছোঁ আৰু অলপ সোনকালে আহিবা,  তোমাৰ লগত কথা অলপ পাতিবলগীয়া আছে৷ 

সিফালৰ পৰা তেওঁ ‘হ’ব’ বুলি কৈ ফোনটো থ’লে৷

তেওঁ ঘূৰি নহালৈকে উচপিচনিতে দিনটো গ’ল৷ সন্ধিয়া পাঁচটাৰ পিছত ছটা বাজিল, তাৰ পিছত সাতটা৷ নাই কাৰো খবৰেই নাই৷ বজাৰলৈ গ’লে এওঁৰ ফোন নোতোলা স্বভাৱ এটা আছে, তাতে মাক জীয়েক একেলগে বজাৰলৈ গ’লে মই জানোৱেই গোটেই গাড়ী ভৰাই বস্তু আনিব৷ নামত হে পৰ্দা কিনিম বুলি যায় কিন্তু আহোঁতে বিছনা চাদৰ, শাৰীৰ পৰা দ’ৰ মেট, ডাইনিং চেটৰ মেটলৈকে আনিব৷ এই পৰ্দাবোৰ ছমাহ আঠমাহৰ মূৰে মূৰে কিয় সলাব লাগে মই আজিলৈকে নুবুজিলোঁ৷ 

চাৰে সাতমান বজাত ফোন আহিল তেওঁৰ আৰু ক’লে বোলে অলপ দেৰি হ’ব, পৰ্দাবোৰ চিলাবলৈ দিছোঁ, লগত শাৰীৰ ব্লাউজবোৰো চিলাই আছে, একেবাৰে লৈহে যাম৷ অলপ খঙতে সুধিলোঁ, 

: সেইবোৰ বুজিলোঁ, কিন্তু ৰিপৰ্টটো ল’লা নে নাই?

: সেইটো আবেলিয়েই লৈ থৈছোঁ৷ পাবা দিয়া, বেগতে আছে মোৰ৷

এইবাৰ মোৰ খঙে চুলিৰ আগ পালেগৈ। মনতে “হেৰৌ গিৰিয়েৰৰ ইমান ডাঙৰ টেনশ্যন, আৰু তোমালোকে কি ফূৰ্তিত বজাৰ কৰি আছা” বুলি ক’বলৈ মন গৈছিল যদিও ‘ৰিপাৰকাছন’টো ভাল নহ’ব বুলি- “আহা সোনকালে” বুলি কৈ সামৰি থ’লোঁ৷ 

টু কাট ডা লং ষ্টৰি চৰ্ট, আঠ বজাত এসোপামান শ্বপিং বেগ দাঙি দাঙি মাক জীয়েকক আবিৰ্ভাৱ হ’ল৷ মই ড্ৰয়িং ৰূমতে মোবাইলটো পিটিকি নেদেখা ভাও জুৰি বহি থাকিলোঁ মুখত এটা গহীন ভাৱ লৈ৷ দুয়ো চিধা গৈয়ে বেডৰূমত সোমাল৷ অলপ পিছত দুয়ো দুযোৰ কাপোৰ হাতত লৈ ওলাই আহি সুধিলে,

: কোনযোৰ ভাল লাগিছে? 

এইবাৰ খঙটো ঢাকি ৰাখিব নোৱাৰিলোঁ৷ 

: সেইবোৰ বাদ দিয়া নাচাওঁ, আগতে ৰিপৰ্টটো দেখুৱা!

বাওঁহাতখনেৰে ৰিপোৰ্টটো উলিয়াই হাঁহি হাঁহি এওঁ ক’লে,

: মই চাৰিবজাতে ৰিপ’ৰ্ট ল’লোঁ। তোমাৰ কিডনী, লিভাৰ, গল্ড ব্লাডাৰ সৱ নৰ্মেল৷ খালি এটা প্ৰৱলেম আছে,  

: কি??

: আমি পইচা খৰচ কৰিলে তোমাৰ টেনশ্যন হয়৷ সেইটো হাৰ্টৰ বাবে বেয়া। টেনশ্যন নল’বা৷

তথাপি ৰিপোৰ্টটোত নিজে অলপ চকু ফুৰাই চালোঁ৷ হঠাৎ যেন মোৰ গাৰ পৰা সকলো বেমাৰ-আজাৰ “চু মন্তৰ” হৈ উৰি গ’ল৷ পিছফালৰ ৰূম এটা লুকুৱাই থোৱা গড়মাৰ্কাৰ বটলটোৱে যেন মোক হাত বাউল দি মাতিলে, 

“কাম অন ইউ হাইপ’কণ্ড্ৰিয়াক, ইউ আৰ পাৰ্ফেক্টলি অলৰাইট! চিয়েৰ্চ!!

☆ ★ ☆ ★ ☆

7 Comments

  • মজা লাগিল৷

    Reply
  • বাগ্মিতা

    আপোনাৰ লেখা skip কৰিব নোৱাৰো। বিৰাট ভাল লাগিল দাদা।

    Reply
  • কমলা দাস

    মজা লাগিল পঢ়ি

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply
  • মানসী

    “আমি পইচা খৰচ কৰিলে তোমাৰ টেনশ্যন হয়৷ সেইটো হাৰ্টৰ বাবে বেয়া। টেনশ্যন নল’বা৷”
    হাঃ হাঃ গতিকে টেন্সন নল’ব । বৰ ভাল লিখিলে দাদা।

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷ বৰ ৰস পালোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷ টেনচন নলব৷

    Reply

Leave a Reply to নীলাক্ষি কাকতি Cancel reply

Your email address will not be published. Required fields are marked *