ফটাঢোল

সততাৰ অন্য এক দৃষ্টিকোণ- হৰ্ষজিৎ কলিতা

কেইটামান পষেক পূৰ্বে বৰসিং বে নামৰ আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱানজনে যথেষ্ট সাহসিকতাৰে ভয়াবহ ড্ৰাগছ মাফিয়াৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ বাতৰিয়ে শিৰোনামা দখল কৰা পৰিলক্ষিত হ’ল।স্বাভাৱিকভাৱেই বৰসিং বে নামৰ জোৱানজনে ড্ৰাগছ মাফিয়াৰ প্ৰলোভন পৰিহাৰ কৰি ড্ৰাগছ উদ্ধাৰ কৰা ঘটনাটোৱে আমাৰ মাজৰ পৰা বিলুপ্তপ্ৰায় হোৱা ‘সততা’ নামৰ শব্দটোৰ আক্ষৰিক অৰ্থকেই যেন আমাৰ আগত প্ৰতীয়মান কৰিলে। একেদৰে প্ৰশাসনৰ ‘ড্ৰাগছবিৰোধী আন্দোলন’ৰ অংশ হিচাপে প্ৰায়েই টেলিভিচনত এইকেইদিন ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰে জড়িত অনেক ব্যক্তি কৰায়ত্ব কৰাৰ খবৰো আমি বিভিন্ন মহলত আমি পাই আহিছোঁ।স্বাভাৱিকতে এই খবৰে আমাক আহ্লাদিত কৰিছে।

কিন্তু এই কথাই সমান্তৰালভাৱে আমাৰ বাবে মুকলি কৰি দিয়ে চিন্তাৰ অন্য বহুকেইখন দুৱাৰ। সেয়া হ’ল বৰ্তমান সময়চোৱাত আমি অহৰহ আমাৰ মনৰ মাজত বৰ্তাই ৰাখিব লগা সততাৰ অন্বেষণৰ পৰা ইমান বেছি বিচ্যুত হৈ পৰিছোঁ যে অতবছৰে ড্ৰাগছৰ সৰ্বনাশী বেহা চলি থকা কথাটো অতবছৰে আমাৰ বাবে সহজ বা সাধাৰণ ঘটনা হৈ থাকি এই ঘাটি হঠাৎ উদ্ধাৰ হোৱাটোহে এটা অবিস্মৰণীয় ঘটনাত পৰিণত হ’ল। বৰ্তমান সময়ত প্ৰশাসনে ড্ৰাগছ জব্দ কৰাটো যদি প্ৰশংসনীয় কথা, তেন্তে অতবছৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান নচলোৱাটোও একেই পৰিমাণৰ নিন্দনীয় কথা।ৰাইজৰ কৃতজ্ঞতাৰ ভৰত প্ৰশাসন গদগদ হোৱাৰ পৰত অতবছৰে প্ৰশাসন আৰু আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যবিৰোধী আন্দোলনত কিয় হাত উজান দিয়া নাছিল এই কথাও সমান্তৰালভাৱে আলোচনাৰ বিষয় হোৱা উচিত।একেদৰে এই ‘হঠাৎ সততা’ৰ নীতিৰ আৰত পুলিচ-প্ৰশাসনৰ অতবছৰৰ দায়িত্বহীনতা,অকৰ্মণ্যতা যে লুকাই আছে সেয়া অতবছৰে আমি কিয় একো একোটা সাধাৰণ ঘটনা বুলি মানি আহিছিলোঁ? সেই কথাও আমি  নিজক চিকুটি চোৱাৰ প্ৰয়োজন আছে।

কোৱা বাহুল্য যে আমাৰ বৰ্তমানৰ পৰিস্থিতিয়ে জন্ম দিছে এক ভয়াবহ নিৰাশাবাদ আৰু এক নঞৰ্থক পৰিমণ্ডল।উদাহৰণস্বৰূপে ধৰা হওক আমি এটা বিশেষ কামৰ বাবে চৰকাৰী কাৰ্যালয় এটাৰ ভিতৰত ভৰি থৈছোঁ। আমি কাৰ্যালয়লৈ সোমায়েই কৰ্মচাৰীবোৰলৈ চাই স্বতঃস্ফূৰ্তভাৱেই এনে এটা ধাৰণা সুমুৱাই লওঁ যে কাৰ্যালয়টোৰ প্ৰতিজন কৰ্মচাৰীয়েই ঘোচখোৰ। হয়তো বিভিন্ন সময়ত লাভ কৰা আমাৰ অভিজ্ঞতাই আমাক এই ধাৰণা পোষণ কৰিবলৈ বাধ্য কৰায়। গতিকে সেই কাৰ্যালয়টোত নিজৰ কাম নিয়াৰিকৈ কৰা ঘোচ নোলোৱা বিষয়াজন স্বাভাৱিকতেই আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। অৰ্থাৎ এই সত্যই আমাক আন এটা সত্যৰ ওচৰ চপাই যে সততাৰ আক্ষৰিক আৰু প্ৰায়োগিক অৰ্থৰ পৰা আমি ইমানেই বেছি বিচ্যুত হৈ পৰিছোঁ যে এতিয়া ভাল কাম কৰাটো আমাৰ কাৰণে কেৱল সামাজিক দায়িত্ব আৰু নিজৰ কৰ্মৰ দায়বদ্ধতা হৈ থকা নাই।সেয়া হৈ পৰিছে দায়িত্বতকৈ ওপৰৰ কিবা এটাহে। আমাৰ বাবে এতিয়া নিজৰ কাম নিয়াৰিকৈ নকৰাটো এটা খবৰ হোৱাৰ সলনি এতিয়া আমাৰ কাৰণে নিজৰ কাম নিয়াৰিকৈ কৰাটোহে এটা খবৰ হৈ পৰিছে।

সততাৰ অন্বেষণৰ পৰা চূড়ান্তৰূপে বিচ্যুত হোৱা আমাৰ এই বৰ্তমানটোৰ কথা আলোচনা কৰিলেই মনলৈ আহে কৰবাত পঢ়া এষাৰ কথা- “সত্যৰ পথ ইমানেই চুটি আৰু পোন যে বেছিভাগ মানুহে জীৱনত এই ৰাস্তাটোৰে যাবলৈ সাহস গোটাব নোৱাৰে”। এই পোন-চুটি পথে মানৱ জীৱনক ইমানখিনি স্বাধীনতা দিয়া নাই যে মানুহে ইচ্ছা কৰিয়েই মিছা পথেৰে যোৱা আৰু মিছাৰ পথৰ সমস্ত লালসাময়ী আৱেদন পৰিহাৰ কৰি সত্যৰ পথত বিনাদ্বিধাই ভৰি দি জীৱনটো উপভোগ কৰিব পাৰিম বুলি ভাৱিব পাৰে। হয়তো বহুতৰে বাবে থাকে অসৎ পথেৰে যোৱাৰ অনেক বাধ্যবাধকতা, তাগিদা। আকৌ বহুতে হয়তো বহুসময়ত ভাবে যে সৎ পথত থাকি জীৱনৰ পৰা কি পাম? সৎ পথত থাকি আমি এনে কি পুৰস্কাৰ পাম, যিটো অসৎ পথত থাকি কেতিয়াও নাপাওঁ?    

ক’ৰবাত এটা চীনা প্ৰবচন পঢ়িছিলোঁ- “মানুহে সৎ হৈ থকাৰ বাবে কোনো পুৰস্কাৰ আশা কৰাটো উচিত নহয়, কেৱল ভাল কাম বাবেই আৰু আত্মাৰ তুষ্টিৰ বাবেই সৎ হৈ থাকিব লাগে আৰু পাৰিলে সৎ হৈ থকাৰ সাধনাক জীৱনৰ মহৎ লক্ষ্য হিচাপে লৈ তাত উপনীত হোৱাৰ চেষ্টাত ৰত হব লাগে”।গতিকে স্বাভাৱিক অৰ্থতেই ভাল কামৰ কোনো প্ৰত্যক্ষ পুৰস্কাৰ নাই। সেই কামবোৰৰ আটাইতকৈ মহৎ আৰু গুৰুত্বপূৰ্ণ পুৰস্কাৰটো হ’ল সেই কামবোৰ কৰাৰ ফলত আমি নিজক লৈ কেতিয়াও অসন্তুষ্ট হব লগা নহয়, সেই কামবোৰৰ ফলত আমি নিজৰ প্ৰতি নিজৰ অন্তৰত বহন কৰিব পাৰোঁ এক অকৃত্ৰিম গৌৰৱগাঁথা। আমাৰ চৌপাশে এনে অনেক দুৰ্নীতিপৰায়ণ, ঐশ্বৰ্যশালী মানুহ আছে যিয়ে কিজানি কোনো এটা ভাল কাম কৰি পোৱা আত্মসন্তুষ্টিৰে কোনোদিন মহীয়ান হব পৰা নাই। অথচ এটা ভগা জুপুৰীত থাকিও, দুবেলা দুসাজৰ আকালতো আপুনি সেইখিনি সমৃদ্ধি-সন্তুষ্টিৰে ঋদ্ধ হব পাৰে; সেইখিনি ঐশ্বৰ্যৰে আপুনি আপোনাৰ জীৱনটোক লৈ এটা পলকৰ বাবে গৌৰৱশালী হ’ব পাৰে।

পোৱা-হেৰুওৱা, সফলতা-বিফলতা এইবোৰ জীৱনৰ বাবে একো একোটা সৰু মাপকাঠী। জীৱনৰ বাবে ডাঙৰ হিচাপটো হ’ল আমি আমাৰ বৰ্তমানটোক কিমান ভাল কামেৰে সমৃদ্ধ কৰিলোঁ। এই বৰ্তমানটোৰ উৎকৰ্ষ সাধনত আমাৰ অংশগ্ৰহণ কিমান!

গতিকে আহক পুৰস্কাৰ নিবিচৰাকৈ সততাৰ অন্বেষণত আমাৰ জীৱনবোৰ প্ৰাণপাত কৰোঁহক…

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    সঁচা কথা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *