ফটাঢোল

শেষ ইচ্ছা- মৃন্ময় কুমাৰ নাথ

সিদিনা এক বন্ধুৱে সুধিছিল,

: ধৰা হ’ল আৰু মাত্ৰ দহটা মিনিট পিছতেই তোমাৰ মৃত্যু হ’ব

আৰু তুমিও জানা যে তোমাৰ আয়ুস কাল মাথোঁ কেইটামান ক্ষণৰহে! তেনে সময়ত তোমাৰ শেষ ইচ্ছা কি হ’ব?

বন্ধুৰ প্ৰশ্নটো বেছ চিন্তা উদ্দ্বীপক। কিছুপৰ ৰৈ গ’লোঁ। ভাবিলোঁ- এটা আদর্শ শেষ ইচ্ছা কেনেধৰণৰ হ’ব পাৰে?এটা আদর্শ শেষ ইচ্ছাৰ কি কি চাৰিত্রিক বৈশিষ্ট থাকিব পাৰে অথবা থকাটো যুগুত! শেষ ইচ্ছা সম্পৰ্কীয় এই প্রশ্নটো বহুতকেই সাক্ষাৎকাৰ, অন্তৰংগ আলাপ আদি

জাতীয় অনুষ্ঠানসমূহত সোধা শুনো। প্রত্যেকেই সাধাৰণতে একোটা আদর্শ উত্তৰেই দিয়ে। যেনে ধৰক- মই মোৰ সা-সম্পত্তি অমুক ট্ৰাষ্টক দান কৰি যাম যাৰ পৰা দহজন লোক উপকৃত হ’ব পাৰিব! কোনোৱে কয় নেত্ৰদানৰ ইচ্ছা! মুঠতে এইসমূহ ইচ্ছাৰ অধিকাংশ আদর্শই, মানুহে শুনি ভাল পাব পৰা। অৱশ্যেই যিজনে সঁচাকৈয়ে এনে মহৎ ইচ্ছাক বাস্তৱ কৰিব বিচাৰে তেওঁ ইয়াক জীৱনৰ শেষ ইচ্ছা ৰাখি নথয়। সেয়া যিয়েই নহওঁক, বন্ধুৱে মোক

মোৰ জীৱনত প্ৰথমবাৰৰ বাবে সোধা এই প্ৰশ্নটো শুনি মই একমুহূৰ্তৰ বাবে ভাবি থাকিলোঁ। ভাবি ভাবি বৌদ্ধিক ওজন বাহাল ৰাখিব পৰা এটা শেষ ইচ্ছা বিচাৰি উলিয়ালোঁ যদিও ক’বলৈ সৎ নগ’ল। মই জানো সেয়া এক মিথ্যাচাৰ হ’ব। পিছত কোনোবাদিনা তাক শেষ ইচ্ছাৰ কথা

জনাম বুলি প্ৰসংগটো সামৰিলোঁ যদিও বেছ কিছুদিনলৈ মই সেই প্রশ্নটোতেই সাঙোৰ খাই থাকিলোঁ। প্রশ্ন জাগিল,আচলতে শেষ ইচ্ছা এটি জানো ইমান শ্রুতিমধুৰ হ’ব পাৰে! মৃতপ্রায় এজন লোকৰ কথা কল্পনা কৰক৷ ধৰা হ’ল জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাশায়ী তেওঁ৷ যন্ত্রণাই কোঙা কৰি পেলাইছে তেওঁক। এই যন্ত্ৰণাতকৈ মৃত্যুৱেই অধিক কাম্য বুলি তেওঁ বাৰে বাৰে ঈশ্বৰৰ নাম লৈছে। সেই শয্যাশায়ী মানুহজনৰ মৃত্যুৰ দুটামান মুহূর্ত আগৰ ইচ্ছাটো নেত্ৰদান হোৱাৰ সম্ভাৱনা কিমান? বাস্তৱিকভাৱে ভাবিলে কিন্তু সেই শেষ সময়ৰ কথাবোৰ

ইমান সুমধুৰ হ’ব যেন নালাগে। মৃত্যুৰ শীতল ছায়াক আন্তৰিকভাৱে অনুভৱ কৰিলে সেই মুহূৰ্তত কোনো আদর্শ ইচ্ছা মানুহৰ মনত জাগিব পাৰে বুলি ভাবেই নহয়।

মৃত্যু যন্ত্রণাত চটফটাই থকা অৱস্থাত মই মোৰ ককাদেউতাক দেখিছোঁ। সিদিনা গুৱাহাটীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ৰাস্তাৰ দাঁতিত দুৰ্ঘটনা ঘটি পৰি থকা এজন মৃতপ্রায় মানুহ

দেখিছোঁ। তেওঁক আগুৰি আৰু বহু মানুহ। এম্বুলেঞ্চ মতাৰ আয়োজন। সেইজন মানুহৰ সেই মুহূৰ্তৰ ইচ্ছাটো কি হ’ব পাৰে? সেই মুহূৰ্তত অংগদানৰ মহৎ অকাংক্ষা এক ইউট’পিয়ান অংগদানৰ মহৎ আকাংক্ষা এক ইউট’পিয়ান

ধাৰণা যেনেই লাগে। নিঃসন্দেহে সেই মুহূৰ্তত ব্যক্তিগতভাৱে মোৰ ইচ্ছা হ’ব এক নতুন জীৱন! যন্ত্ৰণাৰ উপশম৷ সেই মুহূর্তত মই ঘৰলৈ আহিবলৈ বিচাৰিম৷ প্ৰিয়জনৰ সংগ

বিচাৰিম৷ সেইমুহূৰ্তত মই বিচাৰিম সকলোবোৰ আগৰ দৰেই হৈ পৰক৷ সেই মুহূর্তত মই বিচাৰিম এই সেউজীয়া পৃথিৱীত মোৰ বাবে কেইটিমান নতুন দিন! হয়তো এয়া মোৰ স্বাৰ্থপৰতা হ’ব পাৰে। এয়া মোৰ চিন্তাৰ দৈন্যতা হ’ব পাৰে। কিন্তু ইয়াতকৈ ব্যতিক্ৰম ভাবনা মোৰ জীৱনৰ শেষৰ দহটা মিনিটত মোৰ মনত নাথাকে।

এইখন পৃথিৱী বৰ ধুনীয়া। মানৱী জীৱন ঈশ্বৰৰ এক অসমান্য আশীর্বাদ। এই পৃথিবীৰ সৌন্দর্য, সুষমা এক এৰাব নোৱাৰা মায়া। এই মায়াৰ অজুহাততে মানুহ চিৰকাল আশাবাদী হৈ থাকে। কোনেনো মৃত্যু বিচাৰে? কল্পনা কৰকচোন, এই মহাজগতত আপোনাৰ বা মোৰ নিজৰ কোনো অস্তিত্ব নাই, এই মহাজগতৰ কোনোবা এডোখৰত আমি মাটিৰ সৈতে বিলীন হৈ গৈছোঁ, আৰু কাহানিও আমি জাগি উঠা নাই, কাহানিও আমি চিনাকি বাটবোৰেৰে খোজ লোৱা নাই, হোৱা

নাই প্রিয় মানুহবোৰৰ সৈতে আমাৰ বাৰ্তালাপ! আমাৰ শোৱাকোঠাৰ বিছনাখন নিঃশব্দে পৰি আছে, আমাৰ কাপোৰবোৰ উঁৱলি গৈছে। আমাৰ কথাবোৰ অতীত হৈছে৷ আমাক লৈ আশাবাদী মানুহবোৰে আমাক পাহৰি পেলাইছে ক্রমশ:! আমি ধীৰে ধীৰে হৈ পৰিছোঁ সোঁৱৰণি। এদিন আমাক সকলোৱেই পাহৰি পেলাইছে। আমাৰ ইতিমধ্যেই মৃত্যু হৈছে!এয়াই যদিও বাস্তৱ তথাপি এয়া কাৰো কাংক্ষিত নিশ্চয় নহয়।অমাৰ দৰে মায়া-মোহত আবদ্ধ মানুহৰ বাবেতো একেবাৰেই নহয়৷ পাৰিলে আমি হেজাৰ বছৰ জীয়াই থাকিব বিচাৰোঁ।জীয়াই আছোঁ মানেই আশা আছে। সুস্বাস্থ্যৰে জীয়াই আছোঁ মানেই সম্ভাৱনা আছে। এই পৃথিৱী এক চমৎকাৰ। মৰি যোৱাৰ পিছত এই চমৎকাৰৰ সৈতে আমাৰ কোনো পৰিচয় নাথাকিব। ইয়াতকৈ দুখৰ কথা কি? মৰি যোৱাৰ আগমুহূৰ্তত সেইবাবেই মই শোকত অধীৰ হ’ম৷ সেই মুহচৰ্তত মোৰ  দৰে আশাবাদী মানুহে নতুন জীৱনতকৈ পৃথক কোনো বিষয়-বাসনা শেষ ইচ্ছা হিচাপে মনত পুহি ৰাখিব পৰাৰ সম্ভাৱনা ক্ষীণ।

এই পৃথিৱীত আমি ক’বলৈ গ’লে একোৱেই দেখা নাই। প্রখ্যাত ‘আনাকোণ্ডা’ চিনেমাখন চাই বাৰে বাৰে মই শিহৰিত হওঁ। বোলছবিখনৰ সবাতোকৈ অধিক ভাললগা দৃশ্যটোত সেই আমাজন নদীখন, দুয়োপিনে হাবি৷ নদীৰ সেই পথেৰে আগুৱাই যায় পৰিব্ৰাজকৰ সৰু, আটকধুনীয়া জাহাজখন!ছবিখন চালেই তেনে এক যাত্ৰাৰ তীব্ৰ হেঁপাহ জাগি উঠে।সিদিনা বন্ধুৱে শেষ ইচ্ছাৰ কথা কোৱাৰ পিছতেই মই মনতে এনে ইচ্ছাসমূহৰ এখন তালিকা উলিয়াইছোঁ আৰু এনে ইচ্ছাৰ সংখ্যা ইমানেই বেছি হৈছে যে সেই ইচ্ছাৰ তালিকাখন গাই দি তাৰ পূৰণৰ উপায় আঁতিগুৰি মাৰি বাখ্যা কৰিবলৈ হ’লেও তিনি দিনমান লাগিব। দিনে দিনে ইচ্ছাৰ তালিকাখন দীঘল হৈ গৈ আছে আৰু সেইসমূহ ইচ্ছাৰ পৰা কোনো এটাক বিশেষভাৱে নিৰ্বাচন কৰি শেষ ইচ্ছা বুলি মই ঘোষণা কৰিব নোৱাৰোঁ। স্কাই ডাইভিঙৰ পৰা ৰক ক্লাইম্বিংলৈ নানান ইচ্ছা আমাৰ। পৃথিৱীৰ চুকে-কোণে ঘূৰাৰ হেঁপাহ আমাৰ। সেই হেঁপাহ পূৰাবলৈ আগেয়ে প্ৰচুৰ অৰ্থ-কড়িও গোটাই লোৱাৰ প্ৰয়োজন। এজন কল্পনাবিলাসী মানুহ হিচাপে আমাৰ মগজুত ধনী হোৱাৰ নানান কিটিপৰ নিত্যনতুন উদ্ভাৱন আৰু মজাৰ কথা এয়াই যে ইয়াৰে বেছিভাগৰেই বাস্তৱত ৰূপায়ন সম্ভৱ নহয়! তথাপি কল্পনা কৰাৰ এক আচৰিত সুখ আছে। কল্পনা আৰু সপোনত আমি ৰজাও হ’ব পাৰোঁ, ভিক্ষাৰীও হ’ব পাৰোঁ! বিনামূলীয়া এই ভাবনা বিলাসত ধনী হোৱাৰ কল্পনা নকৰি গৰীৱিৰ যাতনা চপাই লওঁনো কিয়! সেয়ে কল্পনাকে কৰি থাকোঁ। আমাৰ দৰে বেছিভাগ সাধাৰণ মানুহ কল্পনাবিলাসী। এইক্ষেত্ৰত আমি সংখ্যাগুৰু। হেঁপাহবোৰ থাউকতে চুব পৰা উচ্চবিত্ত, উচ্চ শ্রেণীৰ লোকে কল্পনা কৰাৰ প্রয়োজনেই নাথাকে। ভাবনাৰ মধু চুপি তৃপ্তি ল’বলৈ ভালকৈ জানে মাথোঁ আমাৰ দৰে মধ্য আৰু নিম্নবিত্তই। এক কথাত এয়া আমাৰ বাবে বাধ্যতামূলক আৰু জীৱনটো কল্পনাৰে কটাই দিয়া এনে মানুহৰ এটা আদর্শ শেষ ইচ্ছা কিদৰে থাকিব পাৰে? আজীৱন ভাৰ বান্ধি লৈ ফুৰা এসোপা ইচ্ছাক মুহূর্ততে দলিয়াই দি এনে মানুহ স্বাভাৱিকতেই আদর্শ ইচ্ছাধাৰী হ’ব নোৱাৰে। এনে মানুহৰ শেষ ইচ্ছা হ’ব পাৰে- সপোন দেখিব পৰাকৈ আৰু কেইটামান নতুন দিনৰ। অসংখ্য ইচ্ছাক লালন কৰিব পৰাকৈ, বাস্তৱ কৰিব পৰাকৈ

সুযোগৰ! ইয়াতকৈ অধিক এটা শেষ ইচ্ছাৰ পৰা কিদৰে আশা কৰিব পাৰি? এটি দয়ালু সুযোগৰ! ইয়াতকৈ অধিক এটা শেষ ইচ্ছাৰ পৰা কিদৰে আশা কৰিব পাৰি?

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    গভীৰ ভাৱৰ লেখা৷

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!