ফটাঢোল

মীৰাবাঈ চানু: গ্লাছগ’ৰ পৰা টকিঅ’লৈ-ৰাকেশ শৰ্মা

মীৰাবাঈ চানু, ভাৰতৰ ৰূপালী কন্যা, যি গৰাকীৰ জৰিয়তে ভাৰতে চলিত টকিঅ’ অলিম্পিকত প্ৰথমটো পদক বুটলিবলৈ সক্ষম হ’ল। মীৰাবাঈ চানুৱে মহিলাৰ ৪৯ কেজিৰ ভাৰোত্তোলনত মুঠ ২০২ কিলোগ্ৰাম (স্নেট্চ-৮৭ কিলোগ্ৰাম আৰু ক্লিণ এণ্ড জাৰ্ক-১১৫ কিলোগ্ৰাম) ভাৰোত্তোলন কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ অলিম্পিকত ভাৰোত্তোলনত পদক বুটলিবলৈ সক্ষম হোৱা দ্বিতীয় গৰাকী মহিলা ভাৰোত্তোলক। ইয়াৰ পূৰ্বে ২০০০ চনত চিডনী অলিম্পিকত কৰ্ণম মালেশ্বৰীয়ে ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল। অৱশ্যে অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক বিজয়ী প্ৰথম মহিলা হিচাপে ইতিহাস ৰচিলে মীৰাবাঈ চানুৱে।

উত্থান আৰু পতন খেলুৱৈৰ জীৱনৰ এক অৱিচ্ছেদ্য অংগ, মীৰাবাঈ চানুও ইয়াৰ ব্যতিক্ৰম নহয়। ২০১৪ চনৰ গ্লাছগ’ কমনৱেলথ গেমছৰ পৰা টকিঅ’ অলিম্পিকৰ স্বৰ্ণিম মুহূৰ্তটোলৈকে মীৰাবাঈ চানুৰো আছে উত্থান-পতনেৰে ভৰপূৰ এক অলিখিত দস্তাবেজ।

১৯৯৪ চনৰ ৮ আগষ্টত মনিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰা চাইখম মীৰাবাঈ চানুৱে ২০১৪ চনৰ গ্লাছগ’ত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ জৰিয়তে বৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাতনি মেলিছিল। সেই প্ৰতিযোগিতাত  চানুৱে ৰূপৰ পদক বুটলি ভাৰতীয় ক্ৰীড়া জগতত এক তীব্ৰ আলোড়ন সৃষ্টি কৰিছিল। ২০১৪ চনৰ এই সাফল্যৰ বাবে সকলোৱে চানুৰ পৰা ২০১৬ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ৰিঅ’ অলিম্পিকতো এটি পদকৰ আশা কৰিছিল, কিন্তু ৰিঅ’ অলিম্পিকত মীৰাবাঈ চানুৱে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। স্নেট্চত ৮২ কিলোগ্ৰাম ভাৰোত্তোলন কৰে যদিও ক্লিন এণ্ড জাৰ্কত প্ৰথম প্ৰয়াসত ১০৩ কিলোগ্ৰামত ব্যৰ্থ হোৱায়েই নহয়, ক্ৰমাগত দ্বিতীয় আৰু তৃতীয় প্ৰয়াসত ১০৬ কিলোগ্ৰাম ভাৰোত্তোলন কৰাতো ব্যৰ্থ হয়। নিজৰ এই প্ৰদৰ্শনত তেওঁ শোকত ভাঙি পৰিছিল।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ব্যৰ্থতাৰ পৰা চানুৱে নিজৰ প্ৰদৰ্শনক আৰু উৎকৃষ্ট কৰিবলৈ কঠোৰ সাধনা কৰে। সেই ব্যৰ্থতাক এক শিক্ষা হিচাপে গ্ৰহণ কৰি নিজকে পৰৱৰ্তী প্ৰতিযোগিতাবোৰৰ বাবে সাজু কৰে। ২০১৭ চনত আমেৰিকাৰ এনাহেইমত অনুষ্ঠিত হোৱা বিশ্ব ভাৰোত্তোলন চেম্পিয়শ্বিপত অংশগ্ৰহণ কৰে আৰু সেই প্ৰতিযোগিতাত চানুৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৪৯ কিলোগ্ৰাম মহিলাৰ শাখাত সকলো প্ৰতিদ্বন্দীক প্ৰতিহত কৰি স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হয়। সেই প্ৰতিযোগিতাত চানুৱে স্নেট্চত ৮৫ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৯ কিলোগ্ৰাম মুঠ ১৯৪ কিলোগ্ৰাম ভাৰোত্তোলনেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত কৰ্ণম মালেশ্বৰীৰ যোগ্য উত্তৰসূৰী হিচাপে স্বৰ্ণ পদক লাভ কৰা দ্বিতীয় গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

২০১৮ ত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমচত চানুৱে মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰাই নহয় স্নেট্চত ৮৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১০ কিলোগ্ৰাম ভাৰোত্তোলনেৰে শীৰ্ষ স্থান দখল কৰিবলৈয়ো সক্ষম হয়। কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সময়তেই চানুৱে আঘাতজনিত সমস্যাৰ বাবে কেইবামাহো ভাৰোত্তোলনৰ পৰা বিৰত থাকিব লগা হৈছিল, অৱশ্যে ২০১৮ চনৰ শেষৰফালে চানুৱে নিজকে ২০১৯ বৰ্ষৰ  প্ৰতিযোগিতা সমূহৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তুলিছিল।

২০১৯ চনত থাইলেণ্ডত অনুষ্ঠিত ভাৰোত্তোলনৰ বিশ্ব চেম্পিয়শ্বিপত অংশগ্ৰহণ কৰিছিল যদিও স্নেট্চত ৮৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৪ কিলোগ্ৰাম ভাৰোত্তোলনেৰে চতুৰ্থ স্থানত থাকি পদকৰ পৰা বঞ্চিত হৈছিল। সেই বৰ্ষতে চীনত অনুস্থিত এচিয়ান চেম্পিয়নশ্বিপত চানুৱে ৪৯ কেজি শাখাত স্নেট্চত ৮৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৯ কিলোগ্ৰাম ভাৰোত্তোলনেৰে চতুৰ্থ স্থান লাভ কৰে। আঘাতৰ সমস্যাৰ পৰা মুক্ত হোৱাৰ পিছত চানুৰ প্ৰদৰ্শনত কিছু প্ৰভাৱ পৰা দেখা গৈছিল এই দুয়োখন প্ৰতিযোগিতাত। অৱশ্যে ২০১৯ চনত কাটাৰ ইণ্টাৰনেশ্যনেল কাপ চেম্পিয়নশ্বিপত উজ্জিৱিত প্ৰদৰ্শনেৰে স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হয়।

২০২০ চনত উজবেকিস্তানৰ টাচকেণ্টত অনুষ্ঠিত হৈছিল ভাৰোত্তোলনৰ এচিয়ান চেম্পিয়নশ্বিপ। এক কথাত ক’বলৈ গ’লে টকিঅ’ অলিম্পিকৰ যোগ্যতা নিৰ্ধাৰণৰ অগ্নি পৰীক্ষা। এই প্ৰতিযোগিতাত চানুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাৰ যোগেদি চানুৱে টকিঅ’ অলিম্পিকৰ পথ প্ৰশস্ত কৰাই নহয়  ক্লিন এণ্ড জাৰ্কত ১১৯ কিলোগ্ৰাম উত্তোলণ কৰি মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম শাখাত বিশ্ব ৰেকৰ্ড স্থাপন কৰে। 

২০২১ বৰ্ষৰ ২৪ জুলাই তাৰিখটো ভাৰতীয় ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ কৰিব পৰা এটি দিন, কিয়নো ইয়াৰ পূৰ্বে অলিম্পিকত  কোনো ভাৰতীয় খেলুৱৈয়ে প্ৰথম দিনটোতে পদক জয় কৰিবলৈ সক্ষম হোৱা নাছিল।  অৱশ্যে ২০০৮ চনত অভিনৱ বিন্দ্ৰাই আৰু ২০১২ চনত গগন নাৰঙ্গে প্ৰতিযোগিতা আৰম্ভ হোৱা দুদিনৰ পিছত পদক বুটলিবলৈ সক্ষম হৈছিল।

২০১৪ চনত গ্লাচগ’ কমনৱেলথ গেমচৰ পৰা যাত্ৰা আৰম্ভ কৰা মীৰাবাঈ চানুৱে ২০১৬ ত ৰিঅ’ অলিম্পিকত ব্যৰ্থ হৈয়ো ভাঙি নপৰি অসীম ধৈৰ্য আৰু একাগ্ৰতাৰে আগবাঢ়ি টকিঅ’ অলিম্পিকত পদক বুটলিবলৈ সক্ষম হ’ল। কোটি কোটি ভাৰতীয় মানুহৰ মুখলৈ আনন্দ আৰু গৌৰৱ কঢ়িয়াই অনা মীৰাবাঈ চানুক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ এইবাৰ ভাৰতে অলিম্পিকত পূৰ্বৰ তুলনাত অধিক উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব।  

মীৰাবাই চানু, মেৰি কম,  লাভলিনা বৰগোঁহাই, হিমা দাসৰ দৰে খেলুৱৈৰ উত্থানে উত্তৰ-পূৱ ভাৰতত এক ক্ৰীড়াকেন্দ্ৰিক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হ’ব। আমি আশাবাদী, অদূৰ ভৱিষ্যতে অসম তথা উত্তৰ-পূৱৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা একাধিক খেলুৱৈৰ সৃষ্টি হওক‌। 

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল লেখাটো৷

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা৷ Cancel reply

Your email address will not be published. Required fields are marked *