ফটাঢোল

পথভ্ৰষ্ট প্ৰেম-দীক্ষিতা বৰা

আইনাখনৰ সন্মুখত ৰৈ চুলিখিনিত বিশেষ ঢৌ এটা তুলি ষ্টাইল এটা মিলাবলৈ চেষ্টা কৰি আছে ল’ৰাটোৱে। মাকে পিছফালৰ পৰা কিবা কৈ আছে, কিন্তু তাৰ কাণসাৰ নাই। উপায়ন্তৰ হৈ মাকে ওচৰতে কিবা এটা থেকেচা মাৰি থ’লেহি। সি দেখিলে যে সেইটো তাৰ হেলমেটটো। মাকে লগতে কৈ গ’ল,

: এই বন মানুহৰ নিচিনা চেহেৰাটো বাটে বাটে দেখুৱাই আমাৰ নাম উজলাই ফুৰিব নালাগে । একদম হেলমেটটো পিন্ধি যাবি, আৰু সেইটো পিন্ধিলে ইমান চুলিৰ ডিজাইন মিলাই থাকিবৰ দৰকাৰ নাই। 

কথাষাৰ তাৰ পছন্দ নহ’ল। কিন্তু মাকৰ ভয়ত সেইটোৰ ভিতৰত মূৰটো সুমুৱাই, বাইকখন লৈ সি ঘৰৰ পৰা ওলাই গ’ল। 

আজি প্ৰথম সি নতুন কাম এটাৰ বাবে ওলাইছে। আৰম্ভণিতে মাকৰ এই সম্ভাষণ। আচলতে মাকৰ এইধৰণৰ সম্ভাষণবিলাক তাৰ কাৰণে নতুন কথা নহয়। আজি কেইদিননো হৈছে, ঘৰলৈ অহা নতুন আলহীকেইগৰাকীৰ আগত মাকে তাৰ বিশেষ ‘প্ৰশংসা’ কৰা। দুসপ্তাহমানৰ আগতে এদিন আবেলি, ককায়েকৰ লগৰ বান্ধৱীকেইগৰাকীমান আহিছিল ঘৰলৈ। ধুনীয়া ছোৱালীকেইজনী দেখি সি আৰম্ভণিৰ পৰাই চ্চাল দি ভাল ইম্প্ৰেছন এটা আনিবলৈ চেষ্টা কৰি আছিল। সিহঁতক চাহ দিয়েই মাকে তাৰ চাহৰ প্লেটখনো দি যাবলৈ বুলি কাষৰে তাৰ ৰূমত সোমাল। পিচে বিধিৰ বিপাকত মাকে কিবা বস্তুত উজুটি খালে। লগে লগে মুখেৰে অমৃতবাণী নিৰ্গত হ’ল,

: নিজেইতো ভোবোলা ছাগলীৰ দৰে ৰূপ এটা লৈছই দাঢ়িয়ে চুলিয়ে, এই ৰূমটোও একদম গাহৰিৰ গঁ‌ড়াল যেন কৰি পেলাইছ। 

ইমানখিনিয়েই যথেষ্ট আছিল আলহী যোৱাৰ পৰলৈকে তাক ৰূমৰ পৰা ওলাব নোৱৰাকৈ ভিতৰতে সুমুৱাই ৰাখিবলৈ। কথাখিনি মনত পৰিয়েই দীঘল হুমুনিয়াহ এটা ওলাই আহিল। ঠিক তেনে সময়তে ছোৱালী এজনীয়ে চাইকেল লৈ সোঁফালে ফাটি যোৱা ৰাস্তাটোৰ পৰা ওলাই আহি তাৰ সন্মুখেৰে ৰাস্তা পাৰ হৈ বাওঁফালে আহিল। 

: ইফালে সিফালে চাই ল’ব নোৱাৰে নেকি ইহঁতে? চ্চাল দিবৰ কি দৰকাৰ?

হঠাৎ ব্ৰেক মাৰি বাইকখন ৰখাবলগীয়া হোৱাত সি মনতে ভোৰভোৰালে। বৰকৈ কৈ লাভো নাই, যিটোহে বৰ্মৰ ভিতৰত মূৰটো সোমাই আছে, আনে এনেও নুশুনে।

চাইকেল লৈ যোৱা ছোৱালীজনী পিছত এৰি ক্ষন্তেক পৰৰ পিছতে সি তাৰ গন্তব‍্যস্থল, নিৰ্দিষ্ট মানুহঘৰ পালেগৈ। কেইদিনমানৰ আগতে দেউতাকে কিবা জৰুৰী কাগজ এখন দিবলৈ তাক এই মানুহ ঘৰলৈ পঠিয়াইছিল। হওঁতে মানুহঘৰ চিনাকিয়েই, কিন্তু সেইদিনা বহু দিনৰ মূৰত সকলোকে লগ পাইছিল। কথা-বতৰা পতাৰ মাজতে তেওঁলোকৰ সৰুজনী ছোৱালীক পঢ়োৱাৰ দায়িত্বভাগ তাৰ ওপৰত ন‍্যস্ত হ’ল। সিও সন্মত হ’ল। আৰু সেই উদ্দেশ‍্যেই আজি শিক্ষক ৰূপত মানুহ ঘৰলৈ তাৰ প্ৰথম আগমন।

সৰুজনী ছোৱালী হাইস্কুলত, পঢ়াত ভালেই। তাইক পঢ়াই থকাৰ মাজতে সি গম পালে যে ঘৰখনলৈ কোনোবা আলহী আহিছে। কথা-বতৰা শুনি জানিব পাৰিলে যে কলেজত পঢ়া ডাঙৰজনী ছোৱালীৰ বান্ধৱী সেয়া, ‘গ্ৰুপ ষ্টাডি’ৰ বাবে আহিছে। এইফালে ছাত্ৰী অংক কৰাত নিমগ্ন, পিছে শিক্ষকেহে পঢ়ুৱাত মন বহুৱাব পৰা নাই। তাতে আকৌ আগন্তুকৰ যিহে সুৰীয়া মাত। অৱশেষত এসময়ত টিউচন শেষ হ’ল। চাহ-বিস্কুটৰ সোৱাদ লৈ উঠি শিক্ষকৰো উভতিবৰ সময় হ’ল। ঈশ্বৰৰ কৃপাত যাবৰ সময়তে ছোৱালীজনীৰ শ্ৰীমুখৰ দৰ্শন হ’ল। সেই যে তিনি-আলিত দেখা চাইকেল লৈ অহা ছোৱালীজনী, তায়েই দেখোন এইজনী! ইস্ ইস্, তেতিয়া তেনেকৈ কোৱাৰ বাবে তাৰ নিজৰে মনত অনুশোচনাৰ ভাব জাগিল। 

দিনবোৰ গৈ থাকিল। মানুহ ঘৰৰ বৰ জীয়ৰীৰ ‘গ্ৰুপ ষ্টাডি’ আৰু সৰু জীয়ৰীৰ টিউচন সমসাময়িকভাৱে চলি থাকিল। কোৱা বাহুল্য যে কম দিনতে সেই আলহী ছোৱালীজনীৰ লগত এইজন গৃহ শিক্ষকৰ মধুৰ বন্ধুত্ব হ’ল। একেলগে বহি তৰমুজ, আমৰ সোৱাদ ল’ব পৰা হ’লগৈ। তাইৰ নামটোও বৰ ধুনীয়া, বিদেশী নাম এটা, ৰ’জমেৰি। সি পিচে ইমান ফৰ্মেলিটি কৰি থকা নাই। তাইক ধুন বুলিয়েই মাতে ঘৰুৱা নামটোৰে। লাহে লাহে সি মন কৰিলে বেচেৰী গৰমত চাইকেল লৈ আহোঁতে ঘামি ৰঙা পৰি যায়, অৱস্থাটো দেখি তাৰ বেয়া লাগে। কেইদিনমান ভাবি-চিন্তি সাহস গোটাই সি এদিন এটা কাম কৰিলে, তিনি-আলিটোৰ পৰা চিধাকৈ নাহি সোঁফালৰ ৰাস্তাটোৰে সোমাই গ’ল। তাই আগতে এদিন কোৱা মতে সিহঁতৰ ঘৰটো ৰাস্তাটোৰ সন্মুখতে, বেছি দূৰ যাবই নালাগে। বাইকখন লাহে লাহে নি সি অনুমানতে ঘৰটো বিচাৰিবলৈ লাগিল। ৰ’জ তেতিয়া চাইকেলখন লৈ পদূলিৰ মূৰ পাইছিলহি। তাক দেখি তাই মাত লগালে,

: আজি এইফালে আহিল যে, টিউচন নাযায়?

সিও যেন বৰ আচৰিত হ’ল। ক’মাৰ পৰা সাৰ পাই উঠাৰ দৰে ৰিয়েকচন এটা দি ক’লে,

: অহ্, এইটো ক’ৰ ৰাস্তা বাৰু? তোমালোকৰ ঘৰৰ ফালৰ ৰাস্তাটো নেকি? ইস্ কি যে হ’ল। কথা এটা চিন্তা কৰি আহি আছিলোঁ, কেতিয়া এইফালে সোমাই দিলোঁ গমেই নাপালোঁ।

: অহ আপুনিও এনেকৈ পথভ্ৰষ্ট হৈ গ’ল। 

: পথভ্ৰষ্ট বুলি ক’লা যে?

: ৰাস্তা, মানে পথ ভুল হোৱাৰ কাৰণে।

: অঃ সেইটো কথা। হিঃ হিঃ, হয় দিয়া। পিচে মই এতিয়া উভতি যামেই নহয় সিহঁতৰ ঘৰলৈ। তুমি চাইকেল থোৱা, মোৰ লগতে যাব পাৰিবা। যাওঁতেও মই নমাই থৈ যাম।

একে আষাৰে মান্তি হৈ তাই চাইকেলখন থ’বলৈ গ’ল। 

“মাজনী তোমাৰ ভ’কেবলাৰীৰ জ্ঞান কিছু আছে”, 

বাইকতে বহি সি বাট চালে। আহোঁতে যাওঁতে দুয়োবাৰ সি ৰাষ্ট্ৰপতিৰ ব’ডীগাৰ্ডতকৈয়ো বেছি সাৱধানতাৰে আৰু ৰোমিঅ’ক টক্কৰ দিব পৰা ৰোমাণ্টিকতাৰে মনটো ভৰাই বাইকখন চলালে।

দিনবোৰ গৈ থাকিল। ভুলতে পাহৰি সোমোৱা ৰাস্তাটোৰে আজিকালি নিয়মমাফিক তাৰ বাইকখন সোমাবলৈ ল’লে। দেশত গৃহ শিক্ষকৰ পৰিদৰ্শন বিভাগ থাকিলে তাক কৃতী শিক্ষকৰ বঁটাৰ বাবে মনোনীত কৰিব পৰাৰ সমান উৎসাহেৰে সি টিউচনলৈ যোৱা আৰম্ভ কৰিলে। মাজে মাজে পঢ়ি শেষ হোৱাৰ পিছত তিনিওজনীকে লৈ কিছু সময় সংগীত চৰ্চাও চলে। ‘পিয়া কী নজৰিয়া’ৰ পৰা আৰম্ভ কৰি ভূপালী, মোহন ৰাগলৈকে সি যিমান শিকিছে, সিহঁতৰ আগত তাৰ সংগীতৰ জ্ঞানৰ ভাণ্ডাৰ উবুৰিয়াই দিয়ে। ইফালে তাৰ একাগ্ৰতা দেখি ছাত্ৰীৰ পৰিয়ালো কৃতজ্ঞ হ’ল। মাহেকীয়া ফীজৰ উপৰি ঘৰতে হোৱা শাক-পাচলি, ফল আদিৰ টোপোলাও দিবলৈ ল’লে মাজে মাজে। আনহাতে ধুনৰ লগতো বন্ধুত্ব মধুৰৰ পৰা মধুৰতম হৈ গৈ থাকিল। তাই তাক প্ৰায়ে চকলেট একোটাও দিয়ে। সি নিৰলে বহি চকলেটটো খাই, পেকেটটো তুলীৰ তলত সুমুৱাই থয়। বিচনাত বাগৰ সলালেই খচখচনি শব্দ হয়, তাৰ ৰূমটোত গুৰি পৰুৱাৰ লানি নিছিগা হয়, শুই থাকোঁতে দুই এটাই কামোৰেও মাজে মাজে। কিন্তু হ’ব, এই সামান্য যন্ত্ৰণালৈ সি ভয় নকৰে। ভাবনাৰ আলিৰে তাৰ প্ৰেমৰ ৰেলগাড়ী চলি থাকে, নিৰন্তৰ। 

কেৱল এমাহৰ বাবে আৰম্ভ কৰা ৰ’জমেৰিহঁতৰ গ্ৰুপ ষ্টাডি পিছৰ চেমিষ্টাৰলৈকে চলি থাকিল। বিহু পূজাৰ আচিলা লৈ অহা-যোৱাও চলিল। সি ৰ’জক লগত লৈ দূৰ্গা পূজা চাবলৈয়ো গ’ল। সেৱা কৰাৰ পিছত পূজাৰীয়ে যেতিয়া ফোঁট দিলে, তাৰ এনে লাগিল পূজাৰীৰ হাতৰ পৰা থপিয়াই লৈ সিয়েই যেন তাইক ৰঙা ফোঁট এটা দিব। ফোঁটটো দীঘলীয়া কৰি ওপৰলৈ টানি নিব চুলিখিনিৰ ওচৰলৈকে, আৰু… । ইস্, তাৰ নিজৰে লাজ লাজ লাগি গ’ল দেখোন। মণ্ডপৰ পৰা ওলাই দুয়ো ৰেষ্টুৰেণ্ট এখনত সোমাল, তাইৰ পছন্দ মতেই কিবাকিবি খালে। তাৰ পৰা ওলাই উভতি যাবলৈ সি বাইকখন ষ্টাৰ্ট দিছিলহে, তাই মাত দিলে, 

: শৰ্মাদা, এতিয়াই ঘৰলৈ নাযাওঁ হা। 

তাইৰ মুখত লাজুকী আভা। দুষ্টালি হাঁহি এটা মাৰি সি সুধিলে,

: কিয়?

: সমৰ, মানে মোৰ বয়ফ্ৰেণ্ড যে, সি পূজাৰ ছুটী লৈ ঘৰলৈ আহিছে। কিমান দিন হ’ল মুখামুখিকৈ লগ নোপোৱা। সদায় ভিডিঅ’ কলতহে দেখোঁ। তাক লগ কৰিব লাগিব আজি, মোলৈ ৰৈ আছেহি। মোক যে আপুনি ইমান দিনে অনা-নিয়া কৰি ইমান সহায় কৰিলে, আজিও এইটো সহায় কৰকনা। আপোনাৰ লগত অহা বুলি ক’লে ঘৰতো একো নকয়। অকণমান দেৰি হ’ব যে। যাওঁতে মোক নমাই থৈ যাব।

আজিকালি কলিকালত বসুমতীয়ে ফাঁট নেমেলে নেকি বাৰু? মেলিলে তাইক তেতিয়াই গঁ‌তিয়াই দিলেহেঁতেন সি।

: মোৰ বেলেগ কাম আছে। তুমি তোমাৰ বয়ফ্ৰেণ্ডটোকে ক’বা তোমাক হোম ডেলিভাৰি কৰি দিবলৈ।

কৈয়ে সি ৰৈ নাথাকিল, ওলাই আহিল। মণ্ডপৰ ওচৰত মানুহৰ ভিৰৰ বাবে অকণমান ৰ’বলগীয়া হ’ল। জুনিয়ৰ এটাই দেখি তাক মাত লগালে,

: কেনি যায় দাদা?

: ঘৰলৈকে যাওঁ অ’। পূজা বুলি ওলাই আহিছিলোঁ।

: পিচে এইফালে যে, মানে ঘৰটো আপোনাৰ বিপৰীত ফালেহে হ’বলা।

: অহ পথভ্ৰষ্ট হ’লোঁ। মানে হেৰি, কি কয়, অকণমান ইফালে-সিফালে ঘূৰি চাওঁ বুলি আহিলোঁ। তাৰ পিছত উভতিম।

ঘৰ আহি পাইয়ে আমাৰ শৰ্মাদাই নিজৰ ৰূমটো চাফা কৰিলে। পৰুৱাবোৰ সব কেৰাচিন তেল দি দি মাৰিছে। তুলিৰ তলৰ চকলেটৰ পেকেটসোপা চৌকাত ভৰাই দিলেগৈ। তুলিখনো পিছদিনা ৰ’দত দি কোবাই পেলোৱাৰ কথা। গা-পা ধুই আহি পুশ্ব-আপচ মৰাৰ চেষ্টা চলিল। মিঠা মিঠা চকলেটবোৰ খোৱাটো একদম বেয়া কথা হৈছিল হেনো, ব’ডী বনোৱাৰ সপোনটো তাৰ পথভ্ৰষ্ট হৈ গৈছিল।

☆ ★ ☆ ★ ☆

4 Comments

  • শ্ৰুতিমালা মিশ্ৰ

    দীক্ষিতা, চকুপানী ওলাই গ’ল হাঁহি হাঁহি । পিছে তুমি ইয়াতে আমি দিয়া আটাইকেইটা নামেই ভৰাই দিলাহি, লেখাটো সাৰ্থক হৈছে আৰু । বৰ ভাল লাগিল পঢ়ি ?

    Reply
    • দীক্ষিতা

      সুন্দৰ নামটোৰ বাবে আপোনাক কৃতজ্ঞতা যাচিলোঁ। বিদেশী নামটোত আপোনাৰ ক্ৰেডিট।
      বাকী আৰু সঁচা কথা সঁচাই, পোহৰলৈ আহিবই। আমি নিমিত্ত হে মাত্ৰ। ??

      Reply
  • জিতু

    ভাল লাগিল

    Reply
    • দীক্ষিতা

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ যাচিলোঁ দেই।

      Reply

Leave a Reply to দীক্ষিতা Cancel reply

Your email address will not be published. Required fields are marked *