ফটাঢোল

কাল নাগিনী-জয়ন্ত দাস

হৰেণ মাষ্টৰ৷ গাওঁখনৰ সকলোৱেই তেওঁক হৰেণ মাষ্টৰ বুলিয়েই মাতে৷ শিক্ষকৰ চাকৰিৰ পৰা অৱসৰ  লোৱাৰ প্ৰায় ৭ বছৰ হ’ল যদিও মাষ্টৰ উপাধিটো তেওঁৰ থাকিয়েই গ’ল৷ তাৰোপৰি শিক্ষকতা কৰি থাকোঁতে তেওঁ যিখিনি আদৰ-সন্মান পাইছিল সেইখিনিৰ আজিও অলপো হীনদেঢ়ি হোৱা নাই৷  সদায় প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰি থাকোঁ‌তে লগপোৱা লৰা-ছোৱালী বা গাঁ‌ওখনৰ মানুহখিনিয়ে তেওঁ‌ক দিয়া সন্মানখিনিত তেওঁৰ মন ভৰি পৰে আৰু ইমান সুন্দৰ এটা বৃত্তিত নিজকে নিয়োজিত কৰিব পৰা বাবে জীৱনটো ধন্য হৈ পৰা বুলি অনুভৱ কৰে৷

অইন দিনবোৰৰ দৰে আজিও প্ৰাতঃভ্ৰমণ কৰি আহি হৰেণ মাষ্টৰে চোতালত ভৰি দিয়েই তেওঁৰ একমাত্ৰ পুত্ৰ-বোৱাৰীৰ মাজৰ উচ্চবাচ্য শুনি সচকিত হৈ উঠিল৷ ভালদৰে মনযোগ দি তেওঁ বুজিব পাৰিলে সঁ‌চাকৈয়ে সিহঁ‌তৰ মাজত কিবা বিষয়ক লৈ কাজিয়াৰ সুত্ৰপাত হৈছে৷ ইজনে যদি কিবা এষাৰ কৈছে সিজনেও লগে লগেই তাৰ উত্তৰ দিছে৷ যেন কোনেও হাৰ মানিব নোখোজা যুঁ‌জ এখনত অৱতীৰ্ণ হৈছে৷

আৰে এয়া তেওঁ কি শুনিবলৈ পালে! পুত্ৰই বোৱাৰীক কৈছে,  

: তোমাক বিয়া পতাত কৈ মই বৰলা হৈ থকাই ভাল আছিল৷ 

: হয়নে? ভালেই হ’লহেঁতেন, অন্ততঃ মই আজি বেলেগত শান্তিত থাকিব পাৰিলোঁহেতেন৷ সেয়ে মায়ে মোক কিমান বাধা কৰিছিল তোমাৰ লগত বিয়া নহ’বলৈ৷ আজি যদি তেওঁৰ কথা শুনিলোঁ‌হেতেন মোৰ এই অৱস্থা নহ’লহেঁতেন৷ 

লগে লগেই বোৱাৰীৰ উত্তৰ৷

: অঃ ইমানদিনে এই মানুহজনীক মই কিমান যে বেয়া পাই আছিলোঁ অথচ তেৱেঁ‌ই মোৰ জীৱন ৰক্ষাৰ বাবে ইমান চেষ্টা কৰিছিল৷

 গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে পুনৰ জেকজেকাই উঠিল৷

: তাৰমানে  মোৰ মা আহিলে আপুনি এনেই লেৰেলা সাদৰ দেখুৱাই থাকে৷ আচলতে ভিতৰি ভিতৰি বেয়া পাই আছিল৷ মুখেৰে মিঠা মিঠা মাত উলিয়াই কয়, “মা মাছ আনিম নেকি? মা আৰু কেইদিনমান থাকি নাযায় কিয়? মা ব’লক অকণমান গাঁ‌ওখন ফুৰি আহোঁ‌৷” আৰু যে কত কি! বাপৰে ইমান অভিনয় কৰিব পৰা মানুহ মই দেখা নাছিলোঁ দেই৷

: ৰ’বাহে ইমান চিঞৰি চিঞৰি নক’লেও হ’ব৷ আগতে মেঘৰ এটা গাজনি শুনিলে ভয়তে সাৱটি ধৰা মানুহজনীয়ে আজি মেঘতকৈও জোৰত গাজিব পৰা হৈছা৷ ঘৰখনত বহি বহি খাই খাই হাতীৰ দৰে নোদোকা হৈ গৈছা।

: কি ক’লে? মই বহি বহি খাওঁ৷ ৰাতিপুৱা শোৱাৰ পৰা উঠি বাচন-বৰ্ত্তন চাফ কৰা, ল’ৰা-ছোৱালীক মুখ-হাত ধোৱাই দিয়া, চাহ-জলপান যোগাৰ কৰা, আকৌ আপোনাৰ টিফিনৰ পৰা পানীৰ বটলটোও হাতত তুলি দিয়া, মা-দেউতাৰ বাবে বেলেগকৈ যা-যোগাৰ কৰা, এইবোৰ কৰি কৰি মই চাহকাপ কেতিয়া খাবলৈ পাওঁ আপুনি জানেনে? ল’ৰা-ছোৱালীহঁ‌তৰ অনলাইন ক্লাছ চলি আছে বাবে যেনিবা সিহঁ‌তৰ টিফিনৰ ব্যৱস্থা কৰিব লগা হোৱা নাই, নহ’লে সিহঁ‌তৰ বাবেও বিধে বিধে টিফিন বনোৱা৷ এইখিনি  কৰি উঠি অকণমান আজৰি হ’লোঁ নে নাই আকৌ দুপৰীয়াৰ ভাতৰ বাবে পাকঘৰত সোমাবৰ হ’লেই৷ সকলোকেই ভাত দি-মেলি খোৱাই-বোৱাই মোৰ খোৱালৈকে প্ৰায় আবেলিয়েই হয়৷ অকণমান পিছতেই আপুনি অফিচৰ পৰা আহি পালে কিবা খোৱাৰ ব্যৱস্থা কৰিব লগা হয়৷ সন্ধিয়া সকলোৰে বাবে  পুনৰ জলপানৰ ব্যৱস্থা কৰি ল’ৰা-ছোৱালীকেইটাৰ লগত পঢ়া টেবুলত বহোঁ‌৷ আকৌ ৰাতিৰ ভাতসাঁ‌জৰ যোগাৰ কৰিবৰ সময়েই হয়৷ তাৰোপৰি ঘৰখন চাফ-চিকুণ কৰা, কাপোৰ ধোৱা এইবোৰ কাম আছেই৷ আমি ঘৰত থকা তিৰোতাখিনিয়ে ভালকৈ উশাহ ল’বলৈকে সময় নাপাওঁ‌৷  ইমানবোৰ কৰাৰ পিছতো বহি বহি খোৱা বুলি ক’বলৈ বেয়া নালাগিল আপোনাৰ?

: হ’বহে৷ মাইক বজাই শুনাব নালাগে৷ এইখিনি কাম সকলোৱেই কৰে৷ তাত ইমান লম্ফজম্ফ মাৰিব নালাগে৷ 

চোতালৰ পৰাই কথাবোৰ শুনি মাষ্টৰে মনতে শলাগিলে, ঠিক কথাই কৈছে বোৱাৰীয়ে৷ তথাপিও তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে ৷ পৰিস্থিতি বেয়াৰ ফালে যোৱাতকৈ পত্নী ৰীতাক বোৱাৰীহঁ‌তৰ ৰুমলৈ পঠিওৱাই ঠিক হ’ব বুলি তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷

: হেৰা, সিহঁ‌তৰ কাজিয়াবোৰ তুুমি শুনা নাই? যোৱাহে সিহঁ‌তৰ ৰুমলৈ৷ অকণমান বুজাই-বঢ়াই কাজিয়াখন ভাঙি দিয়া৷

: কিয় বুজাব লাগে? নাযাওঁ৷ বৰং আৰু দুষাৰমান কওক তেতিয়াহে তাইৰ মনটোৱে শান্তি পাব৷  মানুহজনীয়ে শোৱাৰ পৰা উঠি ৰাতি বিছনাত পৰালৈকে অকণো আহৰি নাপায়, তাৰপাছতো তাই ইমান কথা শুনিব লাগেনে?  আপোনালোক পুৰুষসকল এনেকুৱাই৷ মোকো আপুনি কম  নিৰ্যাতন চলাইছিলনে? বাবু সৰু থাকোঁ‌তে যেতিয়া স্কুলৰ পৰা মই অনা-নিয়া কৰিছিলোঁ‌ কেতিয়াবা অকণমান দেৰি হ’লেই আপুনি ক’ত গা-ঘেলাই আছিলোঁ বুলি যে কিমান প্ৰশ্ন কৰিছিল সেইবোৰ পাহৰি যোৱা বুলি ভাবিছে নেকি? মাহঁ‌তৰ ফালৰ কোনোবা আহিলেই আপোনাৰ মুখখন ফুলা লুচিৰ দৰে হৈছিল৷ কেতিয়াবা যদি ভাতকেইটা দিওঁতে অকণমানো দেৰি হৈছিল, ক’ত মেল মাৰি আছিলোঁ বুলি চকু পকাই ধৰিছিল৷ আচলতে আপোনালোক পুৰুষসকলেই অইন নাৰীৰ লগত বিচিত্ৰ খেল খেলি থাকি নিজৰ পত্নীকো সন্দেহৰ চকুৰে চাবলৈ অকণো  কুণ্ঠাবোধ নকৰে৷ 

পত্নীৰ কথা শুনি মাষ্টৰ থতমত খাই গ’ল৷

: হ’বহে সেইবোৰ ৰামায়ণ-মহাভাৰত মেলিব নালাগে দেৱী গোসাঁনী৷

মাতৃ বুলিও মুখেৰে ওলাই আহিব খুজিছিল যদিও কোনোমতে কণ্ট্ৰ’ল কৰিলে৷ নহ’লে নিজৰে পত্নীকে মাতৃ বুলি কোৱা গ’লহেঁ‌তেন মাষ্টৰৰ৷ বন্ধু বিপুলে কোৱা কথাষাৰ মাষ্টৰৰ মনত পৰিল৷ সি ঠিক কথাকেই কৈছিল,

“সংসাৰৰ ৰথৰ চকৰি মসৃণ কৈ চলিবলৈ হ’লে মাতৃৰ ভৰি মালিছ কৰি দিব লাগে সদায়৷ লাগিলে সেয়া নিজ মাতৃয়ে হওক বা নিজ সন্তানৰ মাতৃয়েই হওক৷”

: বাৰু ময়েই যাওঁ  সিহতৰ ৰুমলৈ৷ 

এইবুলি তেওঁ পুত্ৰ বোৱাৰীহঁ‌ত থকা কোঠাৰ ফালে আগবাঢ়ি গ’ল৷ কি বিষয় লৈ সিহঁ‌তৰ কাজিয়া হ’ব পাৰে, সেইটো ভাবি ভিতৰি ভিতৰি মাষ্টৰ অলপ শংকিতো হ’ল৷ 

কোঠাৰ দুৱাৰখনত টোকৰ মাৰি বোৱাৰী আছানে বুলি কৈ তেওঁ দুৱাৰমুখতে ৰৈ থাকিল৷

: দেউতা, আহক৷ সোমাই আহক।

বোৱাৰীয়ে দৰ্জাখন খুলি দেউতাকক ভিতৰলৈ লৈ গ’ল৷ পুত্ৰ ৰমেনো ওচৰলৈ আহি দেউতাকক মাতষাৰ দিলে৷

অলপ আগলৈকে ভীষণ কাজিয়া চলি থকা পৰিবেশটো নিমিষতে নোহোৱা হৈ পৰাত হৰেণ মাষ্টৰ  অলপ আচৰিত হ’ল৷ বোধহয় পুত্ৰ বোৱাৰীয়ে কাজিয়াৰ বিষয়ে তেখেতক জনাব খোজা নাই বাবেই তেওঁ  অহাৰ লগে লগেই দুয়ো সহজ হৈ দেখুৱাইছে৷ কিজানি তেওঁ‌ ওলাই অহাৰ পিছত আকৌ কাজিয়া আৰম্ভ কৰিব৷ সেয়ে কোনো কথাৰ পাতনি নেমেলাকৈ তেওঁ পোনেপোনেই বোৱাৰীক সুধিলে, কৈ হৈছেনো বুলি৷

: নাই দেউতা তেনেকুৱা একো হোৱা নাই৷ আজি আমাৰ দশম বিবাহ বাৰ্ষিকী আৰু সেয়ে …

বোৱাৰীৰ কথাখিনি শেষ হ’বই নাপালে৷ লগে লগেই মাষ্টৰে ক’লে,

: এঃ মই পাহৰি গৈছিলোঁহে বোৱাৰী৷ বয়স হৈছে নহয় কথাবোৰ মনত নাথাকে৷ বেয়া নেপাবা৷ কুশলে থাকা সদায় তোমালোক৷

তাৰপিছত কি হ’ল বুলি আকৌ প্ৰশ্ন কৰিলে তেওঁ৷

: তাৰপিছত মই ভাবিলোঁ‌ আজিৰ দিনটোৰ এখন ফটো দুয়োজনে উঠাই ৰাখোঁ৷ সেয়ে মই তেওঁৰ ডিঙিত সাৱটি ধৰি চেল্ফী এখন তুলি এখেতক সুধিলোঁ‌ কেনেকুৱা হৈছেনো বুলি৷ উত্তৰত কি বুলি ক’লে জানেনে দেউতা?

: কি ক’লে?

: ক’লে যে ভগৱান শিৱৰ ডিঙিত হেনো কাল নাগিনী এডাল ওলমি আছোঁ‌৷

: কি!

হৰেণ মাষ্টৰৰ পৰা এক অস্ফুট শব্দ বাহিৰ ওলাই আহিল৷

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    কাজিয়াৰ সূত্ৰপাত ক’ৰবাতহে, হাঃ হাঃ।

    Reply
  • জিতু

    কিচ্নঅঅ

    Reply
  • ডলী

    হা হা! কথাৰ গুৰি কৰবাতহে। ভাল লাগিল ।

    Reply

Leave a Reply to ডলী Cancel reply

Your email address will not be published.

error: Content is protected !!