ফটাঢোল

ফটাপ্ৰশ্ন

১) যদুমণি হাজৰিকা : ফটহুকাই, মোৰ একাউণ্টৰ ভিতৰুৱা পোষ্টততো আজিলৈকে একো এটা ৰিয়েক্ট নকৰা, আন নালাগে ফটো এখনতো লাইক এটা দি নোপোৱা অথচ নিয়মিত অনলাইন দেখা বন্ধুতালিকাৰ বন্ধুজনৰ এনে ব্যৱহাৰ বা চুপচাপৰ মনঃস্তত্ত্বটো কি?

উত্তৰ : তেৰা ফেচবুক চেলব্ৰিটি চাগে, চেলিব্ৰিটিসকলে নিজে কিমান লাইক, কমেণ্ট পাইছে, তাৰ হিচাপতহে ব্যস্ত থাকে। আনৰ পোষ্ট চাবলৈ সময় নেপায়।

২) গীতিমল্লিকা গগৈ : এহাল সুখী বা সকলো ফালে পাৰ্ফেক্ট বুলি ভবা পৈ-ঘৈণীক দেখিলে মানুহে কেলেই “পাভযোৰা” বুলি কয় নো? 

    শিঙিযোৰা, গৰৈযোৰা, পুঠী‌যোৰা, ভেচেলীযোৰা…..ও ক’ব পাৰি দেখোন।

উত্তৰ : ক’ব পাৰি মানে কয়েই- ফটহুক নিজৰ অৰ্ধাকাশৰ লগত দেখিলে ৰাইজে ৰাজফেঁ‌টি যোৰা বুলি কয়।

৩) উৰ্বশী প্ৰান্তৰ ভাগৱতী : প্ৰশ্ন এটা দেই…হিন্দী চিনেমাৰ ভিলেইনসকলে চকুত ইমান কাজল কিয় লগাই বাৰু?

উত্তৰ : কাজল নহয় ঔ, চুৰ্মা। চুৰ্মা লগাই ভিলেইনসকলে চকু একদম ফাৰ্ষ্টক্লাছ কৰি ৰাখে-যাতে কোনো টাৰগেট তেওঁলোকৰ চকুৰ পৰা সাৰি নেযায়।

৪) জয়ন্ত প্ৰীতম : ঘৰ জোঁৱাই হৈ থাকোঁতে যদি কেনেবাকৈ ঘৈণীয়েক আন কাৰোবাৰ লগত পলাই যায় তেতিয়া জোঁৱায়েক শহুৰৰ ঘৰত থাকিবনে?

উত্তৰ : কথাটো নিৰ্ভৰ কৰিব জোঁৱাইজনৰ কোনোবা বিবাহোপযুক্তা খুলশালী আছে নে নাই তাৰ ওপৰত।

৫) সঞ্জীৱ কুমাৰ মহন্ত : (ক) এডিচনে বাৰু বিজুলী চাকি আবিষ্কাৰ কৰিছিল, টিপচাকি কোনে আবিষ্কাৰ কৰিছিল আৰু কেতিয়া?

উত্তৰ : কোনে কৰিছিল নেজানো, কিন্তু ফটহুৱে কৰা নাই, সেইটো নিশ্চিত। ফটহুৱে টিপচাকিৰ দৰে নন হেপেনিং বস্তু আৱিষ্কাৰ নকৰেই, কৰিলে পানীৰে চলা এল ই ডি টিউব লাইট আৱিষ্কাৰ কৰিব। 

খ) ক্ৰীম বিস্কুটৰ মাজত ক্ৰীম থাকে, বাটাৰ বিস্কুটৰ ভিতৰত বাটাৰ থাকে কিন্তু টাইগাৰ বিস্কুটৰ ভিতৰত কিয় টাইগাৰ নাথাকে?

উত্তৰ : সেইখিনি ক্ৰীম আৰু বাটাৰৰ বিজ্ঞানসন্মত পৰীক্ষা কৰাওক বুজিছে, গম পাই যাব কেনে ভেজাল বস্তু দিয়া হৈছে। টাইগাৰ বিস্কুটেও ভেজাল টাইগাৰ দিয়াৰ পৰিকল্পনা কৰিছিল, পিচে বজাৰত ভেজাল টাইগাৰ পোৱা নগ’ল।


৬) জয়ন্ত কুমাৰ ডেকা : প্ৰকৃতাৰ্থত “নাৰী আৰু পুৰুষ” বুলি মাথোঁ দুটাই জাতি থকা পৃথিৱীত আজিৰ সময়ত যে শত-সহস্ৰ জাতি (অসমীয়া-বঙালী-বিহাৰী আদি ) officially নিৰ্মাণ হৈছে তাৰ বাবে মূলতঃ দায়ী কোন? পুৰুষৰ লোভ নে নাৰীৰ মোহ?

উত্তৰ : কাৰো লোভ মোহ দায়ী নহয়, দায়ী একমাত্ৰ সৃষ্টি কৰ্তা শ্ৰীশ্ৰী যুত ভগৱান। তেওঁ টেঙৰ মানুহ, গম পাই গ’ল- মাত্ৰ দুটা জাতি থাকিলে, দুইটাৰ মাজত বিশ্বযুদ্ধ হৈ, সৃষ্টি চাফা হৈ যাব। গতিকে পুৰুষ আৰু নাৰীক ডাইভাৰ্ট কৰিবৰ বাবে তেৰাই আৰু কিছুমান জাতি সৃষ্টি কৰিলে।


৭)বৰ্ণালী এচ মুদৈ : যি কোনো কনভাৰচেচনৰ লাষ্ট মেচেজটো আনচিন ৰখাটো কি ধৰণৰ “স্মাৰ্টনেচ” ও মিত্রৌ?

উত্তৰ : একো নাই মিত্ৰৌ- বেচেৰা নিচা খাই শুই গ’ল- কীপ কুল৷

৮) কমলা দাস : দুই বন্ধুৱে কথা পাতিছে। এজনে পিচিও-ৰ পৰা আৰু আনজন হোষ্টেলৰ লেণ্ডলাইন ফোনত। পিচিওত থকা জনে হোষ্টেলত থকা জনক কৈছে –ঐ মই কিবাত আছোঁ, তই কিবা নম্বৰ কিবাত উঠি আহি যা! চিনেমা চাম। সিজন বন্ধুৱে লৰালৰিকৈ কিবাত উঠি, কিবালৈ আহি, ইজন বন্ধুক লগ কৰিলেহি। এই কিবাটো কি,কি আছিল!

উত্তৰ : যোগেশে কোৱা মতে- ” ঐ মই ‘বাৰ’ ত আছোঁ, তই ‘বাৰ’ নম্বৰ ‘বাছ’ত উঠি আহি যা! চিনেমা চাম। ফটহুৰ অৱশ্যে এইটো উত্তৰৰ লগত কোনো লেনা দেনা নাই, না ফটহু বাৰলৈ যায়, না বাছত উঠে, না চিনেমা চায়। 

৯) বন্দিতা জৈন : মানুহৰ বুদ্ধি থাকিলে কয় বুদ্ধিত বৃহস্পতি। বাকী বাৰৰ নাম বা ভগৱানৰ নাম কিয় নকয়। বুদ্ধিৰ বাবে গনেশকো মনা যায়৷

উত্তৰ : গণেশ বুদ্ধিয়কেই আছিল বাৰু, কিন্তু পেটটোৱে ঢোকা দি দিলে। ইমান প্ৰকাণ্ড পেটৰ মানুহ এজনক বুদ্ধি, টেঙৰামি আদিৰ লগত জোৰাবলে অলপ টেকিনিকেল অসুবিধা আছে। 

নোকোৱাখিনি বুজকহে।

১০) পূৰৱী এম কটকী : কাৰোবাৰ লগত কথাৰ মিল হ’লে একেখন নাৱৰ যাত্ৰী বুলি কোৱা হয়। একে বাছ, ই-ৰিক্সা, টেম্পো, এৰোপ্লেন, একে জাহাজ বা একে মেজিকৰ যাত্ৰী বুলি কিয় কোৱা নহয়?

উত্তৰ : কি কথা কয় হে? জাহাজৰ কথা বাদ দিয়ক, এইটো ফকৰা ওলিওৱা জনে জীৱনত জাহাজৰ নাম শুনাই নাছিল। এতিয়া আপুনি বাকীবোৰ চাওক, ইয়াৰে নাৱক বাদ দি যিকোনো এখন বেয়া হ’লে, আপোনাৰ বৰ বেছি কিডাল হ’ব, অলপ খোজ কাঢ়িব লাগিব। কিন্তু নাওখন বেয়া হ’লে কি হ’ব ভাৱি চাওকচোন! গতিকে একে নাৱৰ যাত্ৰীৰ দোষ্টি অলপ বেছি হ’বই দিয়কচোন

☆ ★ ☆ ★ ☆

One comment

  • জয়ন্ত দাস

    ৰসাল প্ৰশ্নৰ ৰসাল উত্তৰ৷ বৰ ভাল লাগিল৷

    Reply

Leave a Reply to জয়ন্ত দাস Cancel reply

Your email address will not be published. Required fields are marked *