ফটাঢোল

শিল্পীৰ পৃথিৱীত কৰেনদ্ৰ চন্দ্ৰ ৰায় – কল্যানী অধিকাৰী

শিল্পী পৰিচিতি শিতানত এইবাৰ আপোনালোকৰ সৈতে গৌৰীপুৰ, ধুবুৰীৰ (কুৰিৰ পাৰ) এগৰাকী ক্ষণজন্মা শিল্পী শ্ৰীযুত কৰেনদ্ৰ চন্দ্ৰ ৰায় দেবক চিনাকি কৰাই দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। ভাৰতৰ স্বাধীনতা লাভৰ আগতেই জন্মগ্ৰহণ কৰা শ্ৰীযুত ৰায় বৰ্তমান নব্বৈ (৯০) বছৰীয়া এজন ভদ্ৰলোক। তেখেতৰ প্ৰায় সকলো ধৰণৰ আৰ্টৰ লগত ভালদৰে চিনাকি। তেখেতে বহুকেইজন জমীদাৰ, ৰজা, স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ ইতিমধ্যে অংকন কৰিছে আৰু এইসমূহৰ কিছু অংশ অসমৰ বিভিন্ন ঠাইত ৰখা হৈছে। নিৰন্তৰ চিত্ৰ অংকন কৰি গৈছে বিভিন্ন পটভূমিক লৈ৷ 

কিন্তু তেখেতে আৰ্থিক দৈন্যতাৰ বাবে চিত্ৰ অংকন কৰাৰ পৰা বিৰত থাকিব লগাত পৰে। এইটো অতি দুখৰ বিষয় যে এনেধৰণৰ প্ৰতিভাশালী ব্যক্তি এজনৰ বিষয়ে কোনেও ভালদৰে নাজানে। যিহেতু তেখেত মই বাস কৰা অঞ্চলতেই বাস কৰে, সেয়ে তেওঁক লগ পোৱাৰ সৌভাগ্য মোৰ ঘটিল কিছুদিন পূৰ্বে। তেখেতক কিবা এটা আৰ্ট কৰিবলৈ অনুৰোধ কৰাত আবেগিক হৈ পৰে আৰু কয়, 

“মই প্ৰায় ত্ৰিশ বছৰৰ পিছত পেইণ্টিং ব্ৰাশ্ব হাতত তুলি লৈছোঁ। আৰ্টৰ বাবে বলিয়া আছিলোঁ আৰু সকলোতে পেইণ্টিং আৰু স্কেচবোৰেই চকুত পৰিছিল।”

 

 

তেওঁ কঁপা কঁপা হাত আৰু ধূসৰ নয়নেৰে কিবা এটা আঁকি মোৰ হাতত তুলি দিয়ে। মই অতি সুখী যে মোৰ সামান্য প্ৰচেষ্টাই তেওঁৰ মুখত হাঁহি ফুটাই তুলিবলৈ সফল হ’ল। 

মই অনুৰোধ কৰিব বিচাৰিছোঁ যদি কোনো হৃদয়বান ব্যক্তিয়ে এই প্ৰতিভাশালী লোকজনক সমাজৰ আগত স্বীকৃতি দিবলৈ আগবাঢ়ি আহে তেনেহ’লে জীৱনৰ বিয়লি বেলাত হ’লেও পোৱা স্বীকৃতিয়ে তেখেতক নথৈ আনন্দিত কৰি তুলিব। কাৰণ এনেকুৱা এজন অমূল্য চিত্ৰশিল্পী সময়ৰ সোঁতত নিশ্চিহ্ন  হৈ যোৱাটো আমাৰ সমাজৰ বাবে অপূৰনীয় ক্ষতি।

☆ ★ ☆ ★ ☆

2 Comments

  • দীক্ষিতা

    ভাল লাগিল মানুহজনৰ বিষয়ে জানি। আৰ্থিক দৈন‍্যতা বহুবাৰ প্ৰতিভাৰ প্ৰসাৰৰ ক্ষেত্ৰত অন্তৰায় হয়। আশা কৰোঁ অধিক বয়সত হ’লেও তেখেতে কিছু স্বীকৃতি পায় যেন ।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল মানুহ জনৰ বিষয়ে জানি। আশাকৰোঁ তেখেতৰ ইচ্ছা সম্পূৰ্ণ হয়। স্বীকৃতি লাভ কৰে।

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *