পঞ্চপদী পদ্য- হেমেন ডেকা
(১)
ওপৰলৈ কাচিৎহে মূৰ তুলি চাওঁ
ইমানেই ব্যস্ত যে আহৰিও নাপাওঁ
অকল্পনীয় যি সীমাহীন
ভাবিলেই হওঁ উদাসীন
এটাই চিন্তা, কেনেকৈ পেটটো বঢ়াওঁ!
(২)
সোমৰস পিওঁতাৰ কথাই সুকীয়া
কোনো আকৌ নিশাচৰ, কোনো
তেজপিয়া
খোৱাটোৱেই ধৰ্ম
বিশৃংখল কৰ্ম
বৰকৈ পি হৈ যায় চেতনা নাইকিয়া৷
(৩)
ঘূৰি আছে, ঘূৰি থাকিব সময়ৰ চকা
জীৱনৰ গতিপথহে বৰ একা-বেঁকা
হঠাতে দেখোঁ কেঁকুৰি
আশাই যায় চেঁকুৰি
লগৰীয়াই লেং মাৰি দিয়ে পিছে
সেকা৷
(৪)
বাঢ়িলে বাঢ়ক বয়-বস্তৰ দাম
তাকে বখানি থাকিলে কি লাভ পাম!
কমকৈ খালেই হ’ল
পেটটোও ভালে ৰ’ল
গধূলি সেই খাই পেৰডীকে গাম৷
(৫)
বিক্ৰী যোৱা ধুৰন্ধৰ দেশসেৱী
বুজিব নোৱাৰি কেনে ছদ্মবেশী
ভাষণ দিয়ে খায়
উপঢৌকনো পায়
ভোদাবোৰে বজাই হাত চাপৰি৷
(৬)
ড্ৰাগছ খাই উলাহত কৰে উদ্ভট নৃত্য
চহৰীয়া তেওঁবিলাক নাগৰিক সম্ভ্ৰান্ত
ৰঙীন নিচাত আত্মহাৰা
ৰঙা টুপী দেখি দিশহাৰা
মুখ লুকুৱাই পলাই ৰসিক
ৰোগাক্ৰান্ত৷
☆ ★ ☆ ★ ☆
5:29 pm
ভাল লাগিল । চকুৰ আগতে দেখি থকা কথাবোৰেই পদ্য ৰূপত সজালে ।
9:56 am
সুন্দৰ