ফটাঢোল

শুভযাত্ৰা- ৰমেন কুমাৰ দাস

হাফ, ছেমি, মিনি আদি লকডাউনবোৰৰ বাবে বহুদিনৰ পৰা শহুৰৰ ঘৰমুৱা হ’ব পৰা নাছিলোঁ। ইফালে শ্ৰীমতীৰ খেচখেচনি সিফালে খুলশালীৰ আবদাৰ। হওঁতে মোৰো মনটো উচপিচাই নথকা নহয়, আগতে শহুৰৰ ঘৰলৈ যোৱা পথছোৱা পকী যদিও পথাৰৰ মাজৰ আলিৰ দৰেহে আছিল। শুনিবলৈ পাইছোঁ, এতিয়া ৰাস্তাটো হেনো ফ’ৰলেনযুক্ত কৰি আছে। শহুৰৰ ঘৰলৈ যোৱাৰ আপাহতে নতুন ৰাস্তাটোও এপাক চাই অহাৰ ইচ্ছা এটাই মনৰ মাজত কেতিয়াবাৰ পৰাই জুমুৰি দি আছিলহি। তাতে ইউৰোপৰ দেশলৈ যাব নোৱাৰিলেও শহুৰৰ ঘৰলৈ যাব পৰাকৈ হ’লেও ভেকচিন এপালিও লৈছোঁ। গতিকে সকলো মিলাই আজি পুৱাতেই মোৰ আদহীয়া বাইকখন লৈ শহুৰৰ ঘৰলৈ ওলালোঁ। পিন্ধনত নতুন সাজ। গাত ব’ডি স্প্ৰে। মন উগুল-থুগুল, পূৰা ৰোমাণ্টিক। বুকুৰ মাজত গীটাৰৰ এটি ৰোমাণ্টিক সুৰ বাজি থাকিল। শহুৰৰ ঘৰলৈ যোৱা ৰাস্তাটোৰ প্ৰথমছোৱাৰ একো পৰিৱৰ্তন নেদেখি কিছু আচৰিত হ’লোঁ। প্ৰায় আগৰ দৰেই আছে। অৱশ্যে আগৰ দৰে ৰাস্তাত মাছ পুহিব পৰা ডাঙৰ গাঁতবোৰ নাই। কিছুদূৰ যোৱাৰ পিছত ৰাস্তাটোৰ পকীবোৰে ক’লাৰ পৰা মটীয়া বৰণ লোৱা লক্ষ্য কৰিলোঁ, তাৰ পিছত ক্ৰমান্বয়ে ৰাস্তাৰ ওপৰত আধাইঞ্চিৰ পৰা আৰম্ভ কৰি তিনিৰ পৰা চাৰিইঞ্চি ডাঠ বোকাৰ তৰপ এটা পাৰি দিয়া যেন পালোঁ। মনত পৰিল ৰাতি অহা কিনকিনিয়া বৰষুণজাকৰ কথা। ইফালে মোৰ আদহীয়া বাইকখনে চকাত লাগি ধৰা বোকাৰ বাবে চকাকেইটা ভালকৈ ঘূৰাব নোৱাৰি কেঁকাই আছে। কি কৰিম, উপায় নাই। তেনেকৈয়ে এখন ভৰি নমাই এক্সেলেটৰ পকাই পকাই গৈ থাকিলোঁ। ইতিমধ্যে মোৰ বুকুত ৰোমাণ্টিক সুৰত বাজি থকা গীটাৰখন বন্ধ হৈ বেহেলাত এটি পুৰণি হিন্দী চিনেমাৰ কৰুণ সুৰ বাজিবলৈ আৰম্ভ কৰিলে।   তেনেদৰেই কিছু দূৰ যোৱাৰ পিছত, ৰাস্তাটো কিছু বহল হোৱা যেন পালোঁ। বহল মানে ৰাস্তাৰ দাঁতি পথাৰৰ লগত একাকাৰ। ৰাস্তায়েই নে পথাৰেই একো ধৰিব নোৱাৰি, মাত্ৰ ৰাস্তাৰ কাম কৰিবলৈ অহা জে. চি. বি-কেইখন ৰখাই থোৱালৈ লক্ষ্য কৰিলে ৰাস্তাৰ সীমাটো অনুমান কৰিব পাৰি। ক’ব নোৱাৰাকৈয়ে ঈশ্বৰৰ নাম মুখলৈ আহিল। মোৰ বাহনখনেও কেঁকাই কেঁকাই ইঞ্জিনৰ পৰা গৰম হাৱা এৰি দি থাকিল। ইতিমধ্যে মই পিন্ধি যোৱা লংপেণ্টৰ তলৰ অংশ বোকাৰে লুটুৰি পুতুৰি হ’ল। বুকুত থকা অদম্য সাহস আৰু মনত থকা পাৰভঙা উছাহত তেনেদৰেই গৈ থাকিলোঁ। এইবাৰ সন্মুখত এটা অৰ্ধনিৰ্মিত কালভাৰ্ট, পাৰেৰে এটি একাঁঠুমান বোকা থকা উপপথ। ৰৈ গ’লোঁ। মোক তেনেকৈ ৰৈ যোৱা দেখি কেইজনমান পাহোৱাল ডেকা আগবাঢ়ি আহি বাইকখন পাৰ কৰি দিব লাগিব নেকি সুধিলে। দিলোঁ। সিহঁত দুজনমানে বঢ়িয়াকৈ দাঙি লৈ বাইকখন কালভাৰ্টটো পাৰ কৰাই দিলে। বিনিময়ত বহু তৰ্ক বিতৰ্কৰ মূৰত পঞ্চাশটকা দি অঁতাব লগা হ’ল। লক্ষ্য কৰিলোঁ, বোকাত সোমাই যোৱা ডাঙৰ গাড়ী টানিবলৈ সিহঁতৰ লগত ট্ৰেক্টৰো সাজু হৈ আছে। বুজিলোঁ এইটো নতুন ব্যৱসায়। দেশ এতিয়া আত্মনিৰ্ভৰশীলতাৰ দিশত। প্ৰায় দুশমিটাৰমান যোৱাৰ পিছত ৰাস্তাৰ মাজত আৰু এটা কালভাৰ্ট। এইটোৰো একেই অৱস্থা, আত্মনিৰ্ভৰশীলতাৰ ব্যৱস্থা ইয়াতো বিৰাজমান। এইবাৰ মই কাকো খাতিৰ নকৰি বোকাময় উপ-পথেৰে গ’লোঁ আগুৱাই। কোনোমতে পাৰ হ’লোঁ, কিন্তু ভৰিত এপাতো চেণ্ডল নাই। ইপাৰে বাইকখন ৰখাই বোকাৰ পুখুৰীত চেণ্ডেল বিচৰাত লাগিলোঁ। পালোঁ, পিন্ধিবলৈ চালোঁ, নোৱাৰি। দুয়োপাত একেটা ভৰিৰ, তাতে বেলেগ বেলেগ জোখৰ। ইমানতে চেণ্ডেল পিন্ধি শহুৰৰ ঘৰলৈ যোৱা ইচ্ছা বাৰণ কৰি খালী ভৰিৰেই হাতীৰ মাউতৰ দৰে শহুৰৰ ঘৰলৈ বুলি পোনালোঁ। মনটো কিবা তিতাকেৰেলা তিতাকেৰেলা লাগি গ’ল। ইমান পৰে বুকুৰ মাজত বাজি থকা বেহেলাখন বন্ধ হৈ এইবাৰ পৃথিৱীৰ সমস্ত ঘৃণা মিশ্ৰিত এটি অতি কৰুণ বাঁহীৰ সুৰ বুকুত বাজিবলৈ ধৰিলে। গৈ থাকিলোঁ, চাৰিশমিটাৰমান গ’লোঁ। সন্মুখত আৰু এটা অৰ্ধনিৰ্মিত কালভাৰ্ট। তাৰ ব্যৱস্থাপনাও আগতে এৰি অহাকেইটাৰ দৰেই। এইবাৰ বোকাৰ পুখুৰীৰ মাজ পাওঁতে মোৰ বাহনখনে চিৎকাৰ কৰি ৰৈ গ’ল। শূন্যতে চকা ঘূৰি থাকিল। নামিবলৈ বাধ্য। ঠেলিলোঁ, এপাকত বোকাত পিচল খাই লুটি খাই পৰিলোঁ। বাইকখনেও বাগৰি দি ভেঁভেঁয়াই থাকিল। তাৰ হেন্দেলত খুলশালীলৈ বুলি ওলোমাই অনা জেলেপীৰ টোপোলাটো বোকাত ছিটিকি পৰি কঠীয়া পাৰি দিয়াৰ দৰে হ’ল। মনটোৱে কান্দি উঠিল। ইমান দিনে টিভিয়ে-বাতৰিয়ে দেখি অহা এটা কথাৰ আজি মই জীৱন্ত প্ৰমাণ হাতে হাতে পালোঁ। চৰকাৰ বাহাদুৰে মন কৰিলে তৰাং পথাৰত নদী খান্দি দলঙো সাজিব পাৰে, পানীও বোৱাব পাৰে। যেনেদৰে এই ৰাস্তাটোত পূৰ্বতে থকা স্পীড ব্ৰেকাৰৰ সংখ্যাতকৈ অধিক সংখ্যক কালভাৰ্ট হ’বলৈ গৈ আছে। ক’ৰ পানী ক’লৈ যাব, সেইটো মাৰ’ গুলি। সকলো দুখ বেদনা সিমানতে সামৰি পুনৰ এবাৰ সতেজ হ’বলৈ চেষ্টা কৰিলোঁ, কাৰণ শহুৰৰ ঘৰলৈ আৰু বেছি দূৰ নাই। খালী হাতে হ’লেও গৈ থাকিলোঁ। সন্মুখত আৰু এটা কালভাৰ্ট। এইটোৰ অৱশ্যে নিৰ্মাণ সম্পূৰ্ণ। মাত্ৰ কালভাৰ্টত উঠা অংশত দিয়া কেঁচা মাটিত বৰষুণ পৰি থেলথেলীয়া হৈ আছে। যাবলৈ অন্য পথো নাই। মনটো চিৰিঙকৈ উঠিল। বুকুত বাজি থকা সকলো সুৰ বন্ধ হৈ এইবাৰ বুকুত হ’লিউডৰ হ’ৰৰ মুভিৰ এক আতংক মিশ্ৰিত সুৰ বাজিবলৈ আৰম্ভ কৰিলে। ঈশ্বৰৰ নাম আঁওৰাই দিলোঁ এক্সেলেটৰ পকাই। আদহীয়া বাহনখনে মোক বোকোচাত লৈ কুঁহ-কুঁহাই আগবাঢ়ি গৈ থাকিল। কালভাৰ্টটোৰ ওপৰৰ সমান অংশ পাম আৰু ঠিক তেনেতে হঠাৎ বাহনখনে ভউত্ভউত্কে এক বিকট শব্দ কৰি মোক কালভাৰ্টৰ ওপৰত দলি মাৰি থৈ কিছু দূৰৈত দুপাকমান লুটি বাগৰ খাই ভেঁভেঁয়াই মোৰফালে চাই থাকিল। কি হৈ গ’ল একো ধৰিব নোৱাৰি খপজপকৈ উঠি ইফালে সিফালে চালোঁ। কোনোবাই এইবোৰ দৃশ্য ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ বৰ ভয়। নাই, তেনেকুৱা ওচৰত কোনো নাই। কিবা এটা কৰিম বুলি ভবাৰ আগতে মোৰ মুখখন এমোকোৰা কিবা বেলেগ সোৱাদৰ লেলাউটিৰে ভৰি পৰা অনুমান কৰিলোঁ। থুৱাই দিলোঁ। এমুখ তেজমিশ্ৰিত লেলাউটি ওলাই গ’ল। লেলাউটিৰ লগত দুডোখৰ কিবা বস্তুৱে কালভাৰ্টটোৰ পকীত পৰি এক মৃদু ধাতৱ শব্দৰ সৃষ্টি কৰিলে। জুমি চাই বস্তু দুটা আলফুলে বুটলি ল’লোঁ। বস্তু দুটা মই ভালদৰেই চিনি পালোঁ, আজি ইমান বছৰে দামী টুথপেষ্টেৰে পুৱা-গধূলি চিকুনাই অহা সেইকেইটা মোৰেই আগদাঁত।

এতিয়া মই ভাগি যোৱা দাঁত দুটাৰ ভগা অংশ হাতত লৈ ভাবি আছোঁ, লগত খেৱালি জালখন লৈ অহা হ’লেই ভাল আছিল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *