ফটাঢোল

জিপিএচৰ যাদু, ফাই-ফাই ৰাস্তা আৰু পৰুৱাই পোৱা এটা দিনৰ সাধু-খনিন্দ্র ভূষণ মহন্ত

দাদা-বৌ বৰহাটত থাকে। সি ফোন কৰিলেই কয় – আহি যা, পূৰা ফুৰিম। 

আজি যাম, কাইলৈ যাম কৰি থাকোঁতেই বহুদিন গ’ল। এবাৰ জৌচ উঠিল – হয় বৰহাট, নহয় বৰহাট – মানে যামেই। দুদিনত প্লেন কৰি গুচি গ’লোঁ বৰহাটলৈ। লগত বৰতাৰ ছোৱালীজনী।

গৈ পোৱাৰ দিনা ৰাতিয়েই আমাৰ চাৰিজনীয়া সংসদত ‘বিল পাচ’ হ’ল যে – আমি কাইলৈ ফুৰিবলৈ যাম। ক’লৈ যাম ঠিক নাই, কিন্তু যাম পুৱা আঠ বজাত, আহি ঘৰ সোমাম নিশা দহমান বজাত।

কথা মতেই কাম কেনেকৈ হ’ব যদিহে আমাৰ মহিলা সন্থা ফুৰিবলৈ যোৱাৰ কথা থাকে! সম্পূর্ণ ডেৰঘণ্টা পলমকৈ ৰাইজ সাজু হ’ল। তেতিয়ালৈ দাদাই ময়ে ওচৰতে এপাক ‘টৌৰ’ দিও আহিলোঁগৈ।

যাত্রা আৰম্ভ হ’ল। ড্রাইভিং চিটত দাদা, কাষৰ চিটত মই আৰু বাকী দুগৰাকী সদস্য পাছফালে। গাড়ীখনৰ মিউজিক চিষ্টেমটোৰ সলনি এটা ব্লু-টুথ স্পীকাৰ। গানৰ নামত কিবা এটা বাজি আছে মাত্র। কি বাজিছে সেইটোলৈ আমাৰ কাৰো ভ্রূক্ষেপ নাই। আমাৰ মুখকেইখনেই বা কাৰ-কোন? মাজে-মাজে ক্লিক-ক্লিকবোৰতো আছেই। সেইটো নহ’লে ফুৰিবলৈ যোৱা বৃথা বুলিয়ে মানো আমি। ‘আৰে, ফুৰিবলৈ গৈ যদি ফটোৱেই নুঠিলা, তেন্তে কি ফুৰিবলৈ গ’লা!’ – আমাৰ ম’ট’ আছিল এইটো।

অলিখিত সূচী অনুযায়ী আমি সাপেখাটী হৈ মৰাণ ওলামগৈ। তাৰ পৰা বগীবিল চাম। পাছৰখিনি দেখা যাব। তেতিয়ালৈকে মই গম পোৱা নাই যে, সেই বাটটো আমাৰ এজনৰো চিনাকি নহয়! দাদাৰ কথা হ’ল – আজ কুচ তুফানী কৰ্টে হ্যে! ময়ো সেই কথাত সহযোগিতা আগবঢ়ালোঁ। ‘যি হয় দেখা যাব’ জাতীয় চিন্তা এটা মনতে লৈ গাড়ীখনে চেঁকুৰ ধৰিলে। 

সাপেখাটীৰ মূল ৰাস্তাটোৱেদি সোমোৱাৰ পাছত আচল ‘জেং’ আৰম্ভ হ’ল। চিনি-জানি নাপাওঁ! ‘জয় জিপিএচ বাবাৰ জয়’ বুলি মোবাইলত জিপিএচ অন কৰিলোঁ। সেই সময়ত মোৰ মনলৈ ছবি এখন আহিছিল। সৰুতে যেতিয়া ‘কাৰ ৰে’চ’ চাইছিলোঁ, তেতিয়া দেখিছিলোঁ – চালকজনৰ লগত আৰু এজন বহি থাকে। হাতত এখিলা কাগজ। সেইখন চাই চাই তেওঁ চালকজনক কিবা-কিবি কৈ থাকে, ইজনে একান্তচিত্তে গাড়ী চলাই থাকে। আমাৰ ক্ষেত্রত ধৰিবা কাগজৰ ঠাইত মোবাইলটো আছে – টেকন’লজি ইম্প্রুভমেণ্ট ইউ ন’! ‘অলপ আগত সোঁফালৰ ৰাস্তাটোদি সোমাই যাব লাগিব।’‘এতিয়া প্রায় সাতশ মিটাৰ চিধা।’ – মোৰ ভাষ্যবোৰ আছিল এনেধৰণৰ।

এনেকৈ আমাৰ অচিন ঠাই কিছুমানৰ মজেৰে আমি গৈ থাকিলোঁ। এসময়ত আমি এনে এখন ঠাইত উপস্থিত হ’লোঁ য’ত বাট বুলিবলৈ একো নাই। মানে আছে, কিন্তু বাটটোৰ মেৰামতি চলি থকাৰ বাবে সেইফালে যাব পৰা অৱস্থাত নাই। কি কৰোঁ-নকৰোঁ ভাবি তাতে কাম কৰি থকা এজনক সুধিলোঁ – মৰাণলৈ যাবলৈ আহিছিলোঁ। কেনি যাব পাৰিম? তেওঁ সুৰুকীয়া বাট এটা দেখুৱাই দিলে।

সেই যে সুৰুকীয়া বাটটোত সোমালোঁ, তাৰ পাছৰ পৰাই ৰাস্তাই ভেকুলী পিঠিৰ ৰূপ ধাৰণ কৰিলে। ইফালে ৰাস্তা সলাই দিয়াৰ বাবে জিপিএচ ককাইদেউৰো মূৰে কাম নকৰা অৱস্থা। এইমাত্র যদি কয় Turn Right, পিছ মুহূর্ততে ক’ব Go straight! আমাৰ হাততো বেলেগ একো উপায় নাই। সন্মুখত যিহেতু এটাই বাট, গতিকে গৈ থকাৰ বাদে গত্যন্তৰ নাই।

লেঠাটো লাগিল তেতিয়াহে, যেতিয়া ভূতৰ ওপৰত দানহ পৰাদি বাটটো দুভাগত বিভক্ত হৈ  গ’ল। বেলেগ বেলেগ ‘ডেষ্টিনেচন’ দিয়াৰ পাছতো জিপিএচে শুদ্ধ ৰাস্তা এটা দেখুৱাবলৈ অপাৰগ হৈ পৰিল। কি কৰা যায়? ওচৰে-পাজৰে সুধি ল’বলৈ দোকান বা মানুহৰ ঘৰ এটাও চকুত নপৰিল। শেষত নিজৰ ‘লজিক’ লগাইছোঁ – এইটো ৰাস্তা অলপ ভগা-ছিগা, গতিকে এইটো নহয়। ইটো ৰাস্তা তুলনামূলকভাৱে উন্নত, গতিকে সেইটোৱেই হ’ব। 

উফ্, কমটি মাথা মাৰিছোঁ এইভাগ! নিজকে ধন্যবাদ দিবলৈ লৈছিলোঁহে, বাটটো গৈ পথাৰ এখনত শেষ হৈ গ’লগৈ! সেই সময়খিনিত সৱৰে অভিব্যক্তি চাবলগীয়া আছিল। আৰে, মই কি জানো, পথাৰলৈ যোৱা ৰাস্তাও যে ইমান উন্নত হ’ব, ভাবিব পাৰি নেকি! মিহিকে লাজ অকণ নোপোৱা নহয়। হ’লেও সেইটো দেখুৱাই দিয়া নাই বাৰু। যেনে হ’লেও এপোৱামান ইজ্জত আছেতো!

গাড়ী ঘূৰিল। এলাগী কৰি এৰি অহা ৰাস্তাটোকেই ‘অগতিৰ গতি’ বুলি মনতে ভাবি লোৱা হ’ল। অৱশ্যে বেলেগ উপায়ো নাছিল। অলপ সময়লৈ মোৰ মুখখন বন্ধ হৈ থাকিল। প্রায় দুই-তিনি কিঃমিঃ একে দিশত গৈ থকাৰ পাছত ৰাস্তাৰ কাষতে দোকান এখন দেখি আমাৰ সকলোৰে মুখলৈ পানী আহিল। হ’ল বুলি আৰু ‘তুফানী কৰা’ৰ নামত ইমানো অনিশ্চয়তাৰ মাজেৰে যাত্রা কৰিব নোৱাৰি! 

আদহীয়া মানুহজনৰ ওচৰত গাড়ীখন ৰখালে। তেওঁৰ আৰু মোৰ মাজত হোৱা কথোপকথনখিনি আছিল এনেধৰণৰ-: খুড়া, কথা এটা সোধোঁ।: কোৱাচোন।: মৰাণলৈ যোৱা ৰাস্তা এইটো হয়নে? – মোৰ সোঁহাতখন আপোনা-আপোনি আগফালে দাং খাইছে। : হয় হয়। অলপ আগত বজাৰ এখন পাবা। তাৰ ঠিক লগতেই এটা তিনি আলি আছে। বাঁওফালে পোনাই দিবা। : ৰাস্তাৰ অৱস্থা কেনে?: ফাই-ফাই।

মানুহজনক ধন্যবাদ দি আমি আগবাঢ়িলোঁ। অত দেৰি ওখোৰা-মোখোৰা বাট, পথাৰ আদিৰে গৈ থাকি অশান্তিও লাগিছিল। কিছুদূৰ যোৱাৰ পাছত জিপিএচ সাৰ পালে। ইমান পৰে হয়তো আমাৰ গন্তব্য স্থানৰ সন্ধানত অ’ত-ত’ত খুন্দিয়াই ফুৰিছিল দেহি।

গাড়ী আগুৱালে। কিন্তু এয়া কি? ৰাস্তাৰ গতি দেখোন ক্রমাৎ শোচনীয়হে হৈছে! এটা সময়ততো ৰাস্তাৰ মাজত গাঁত নে গাঁতৰ মাজত ৰাস্তা চিনিব নোৱৰা অৱস্থা! যেন নাৱেৰে নৈ পাৰ হওঁতে পগলা বতাহেহে পালে। গোটেইখন একদম টুলুং-ভুটুং…!

উফৰি-সাফৰি গৈ থাকোঁতে আমাক বাটটোৰ সন্ধান দিওঁতাজনৰ কথাষাৰ বাৰে-বাৰে মনলৈ আহি আছিল। বোলো ৰাস্তা কেনে? বোলে – ফাই ফাই! হেৰৌ এইটো ৰূপৰ ৰাস্তাক যদি ‘ফাই ফাই’ বুলি কয়, বেয়া বুলি কোৱাটো কেনে হ’ব! 

প্রায় তিনি কিঃমিঃ যোৱাৰ পাছত বজাৰ এখন (সেই মানুহজনে কোৱা বুলিয়ে ধৰি লৈছোঁ) আমাৰ চকুত পৰিল। বজাৰখন পাৰ হৈ ফলক এখন ট-টকৈ জিলিকি আছিল – মৰাণ ৮২ কিঃমিঃ।

সেইখিনিৰ পৰা সঁচা অর্থত ৰাস্তাটো ফাই-ফাই। পাছৰ ভ্রমণকালত তেনে বিশেষ অসুবিধাৰো সন্মুখীন নহ’লোঁ। জিপিএচৰ প্রয়োজন হৈছিল। নোহোৱা নহয়। পার্ক বিচাৰি, জগন্নাথ মন্দিৰ বিচাৰি। ৰাতি উভতি আহোঁতে নাহৰকটীয়া হৈ, নামৰূপেদি বৰহাট পালোঁহি।

যদি সঁচাকৈ কাৰোবাৰ বিষয়ে কথা পাতিলে হিকটি আহে (যিটো বিশ্বাস অথবা অন্ধবিশ্বাস) আমাক বাট দেখুওৱা মানুহজনে নিশ্চয় মাহেকে-পষেকে হিকটীয়াই থাকে। কাৰণ, এতিয়াও দাদা, বৌ বা বৰতাৰ ছোৱালীৰ লগত কথা পাতিলে ‘ফাই-ফাই’ৰ প্রসংগ এবাৰলৈ হ’লেও ওলায়েই।

☆ ★ ☆ ★ ☆

4 Comments

  • দিম্পল

    ভাল বিহু দেখুৱালে জি পি এছ এ

    Reply
  • Anonymous

    জি পি এছে আমাকো বিহু দেখুৱাই থৈছে ও।
    ফাই ফাই একেবাৰে

    Reply
  • মৃদুল শৰ্মা

    জি পি এচে ভাল বিহু দেখুৱালে দেই৷ ভাল লাগিল পঢ়ি৷

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply to দিম্পল Cancel reply

Your email address will not be published. Required fields are marked *