ফটাঢোল

অতিথি… কিবা এটা ভৱ-দীক্ষিতা বৰা

পৰীক্ষাৰ শেষত ঘৰতে থাকি থাকি আমনি লগাত কেইদিনমানৰ কাৰণে ফুৰি আহোঁ বুলি ডাঙৰ জেঠাইৰ ঘৰলৈ ওলালোঁ। জেঠাইৰ ঘৰতো কেৱল জেঠাই আৰু জেঠপেহা, বাইদেউক বিয়া দিলে আৰু দাদাও চাকৰিৰ প্ৰয়োজনত দূৰে দূৰে থাকে। মই যাম বুলি শুনি দুয়ো বৰ ভাল পালে, কেইদিনমান বেছিকৈ থকাকৈ মাতিলে। ময়ো উলাহৰ মাদলীটো হৈ টালিয়ে-টোপোলাই গৈ ওলালোঁগৈ। পিচে ডাঙৰ জেঠাইৰ ঘৰ পাইহে বেলেগ খবৰ এটা গম পালোঁ, ৰমলা জেঠাই আহিব হেনো। কিছু পৰৰ আগে আগে খবৰটো দিছে, পিছদিনা জীয়েককো লৈ ৰমলা জেঠাই বহু যুগৰ মূৰত চেনেহৰ বায়েকজনীৰ ঘৰলৈ দুদিন থকাকৈ আহিব। কথাষাৰ জানি ভালেই লাগিল নে চিন্তাতে পৰিলোঁ নিজেও ধৰিব পৰা নাই মই। পিচে জেঠাই আৰু মই দুয়ো এইটো কথাত সহমত হ’লোঁ যে ৰমলা জেঠাই আহিব যিহেতু বহু দিনলৈকে মনত ৰাখিব পৰা মেটমৰা হাঁহি এভাৰ দি যাব।

আমাৰ ককাৰ একান্ত বন্ধু এজনৰ জীয়েক ৰমলা জেঠাই। তেওঁলোকৰ ভাই-ভনীকেইটাৰ আমাৰ জেঠাই দেউতাহঁতৰ লগত বৰ মিল, পিচে তেনেই হোজা। এবাৰ সৰুতে চুবুৰিৰ সমনীয়াহঁতে লগ লাগি কাৰোবাৰ চোতালত খেলি আছিল। ৰমলা জেঠায়ে ভায়েককো লগতে আনি পিৰালিতে বহুৱাই থৈ খেলাত লাগিল। এপাকত দেখোন ভায়েকে কান্দিবলৈ লাগিল। ডাঙৰকেইটাই ওচৰলৈ আহি অনুসন্ধান কৰি হে গম পালে কথাটো কি। সৰু ল’ৰাটোৱে মুখ মেলি বহি বায়েকহঁতৰ খেল চাই থাকোঁতেই কোনোবা সাত ঘাটৰ সৈয়াকণি এটাই কেৰেলুৱা এডাল মুখত ভৰাই দিছিল। ইফালে ভায়েকৰ কান্দোন দেখি বায়েকে আৰু বেছিকৈহে কান্দিবলৈ লাগিল, সমনীয়াহঁতো চিন্তাত পৰিল। পিছত হে বুজিলে যে মাকৰ পৰা পিটন খোৱাৰ ভয়তে জেঠায়ে কান্দিছিল। ৰমলা জেঠাইৰ মাকে এবাৰ তেওঁক পিছ চোতালতে পীৰা এখনত বহুৱাই, পানী কেঁচুৱা ভায়েকক ভালকৈ লৈ থাকিবলৈ দি নিজে গা-ধুবলৈ গৈছিল। জেঠাইৰ আকৌ তেনেতে মন যাওক মধুৰীআম এটা খাবলৈ। কোনোমতে বিচাৰি পাই অনা কলি মধুৰী এটা চোবোৱাত নিমগ্ন হৈ থকা জেঠায়ে কিছু বেলিৰ মূৰত মাকৰ চিঞৰতহে সম্বিত ঘূৰাই পালে। দেখিলে অতপৰে ভায়েক বুলি কাপোৰৰ টোপোলা এটা লৈ তেওঁ বহি আছে, ভায়েক নিখোজ। ওচৰতে থকা জাৱৰ পেলোৱা গাঁতটোত পৰি থকা কেঁচুৱা ল’ৰাটো তুলি আনি মাকে সেইদিনা যিকেইটা গেমেহা ভুকু দিছিল, তাকে মনত পৰিয়েই ৰমলা জেঠায়ে খেল এৰি ভায়েকৰ লগতে সেইদৰে হোৱা দি দি কান্দিবলৈ ল’লে। লাহে লাহে সময় সলনি হ’ল, বয়স বাঢ়ি গ’ল, পিচে ৰমলা জেঠাইৰহে মনটোৰ বিশেষ পৰিবৰ্তন নহ’ল।

পিছদিনা পুৱাৰ বাছতে ৰমলা জেঠাই আহিল। আমাৰ ডাঙৰ জেঠাইহঁতৰ গাঁৱতো গোটেই চুবুৰিয়ে জানিলে যে কেইবাবছৰৰো মূৰত ৰমলা আহিছে। আহিয়েই ৰমলা জেঠাই আৰু জীয়েকে চাহপানীটোপা খায়েই ইটো-সিটো কামত লাগি আমাকো সহায় কৰি দিলে। লগেভাগে ৰান্ধি খাই সময়খিনি ভালকৈয়ে পাৰ হ’ল। আবেলিপৰত আলহী এজন আহিছিল জেঠাইৰ ঘৰলৈ, জেঠপেহাই কিবা কথাত মাতিছিল। ‘ইমান মৰমলগা ল’ৰাটো দেহি’, ৰমলা জেঠাই পমি গ’ল ল’ৰাজনক দেখি।

: বোপাই তোমাৰ ঘৰ?

: তিনি আলিটোৰ ওচৰতে।

: দেউতাৰ নাম কি?

: দেৱেন্দ্ৰ শইকীয়া।

: অ’  তুমি আমাৰ দেউতিৰহে পিতেক হ’বলা। আমি আকৌ দেবিন্দ চেবিন্দ নামাতোঁ নহয় তাক।

“অ’ ল’ৰাৰ দেউতাক মানে ৰমলা জেঠাইৰ চিনাকিতে ওলাল। এতিয়া বা কথাই কেনি পাক লয়!” – আঁতৰৰ পৰাই মই ভাবিলোঁ।

: পিচে তুমি কৰা কি এনেই ?

: অ’ মোৰ কথা নাজানে ? মই ইন্সপেক্টৰ, বেকাৰ ডিপাৰ্টমেণ্টৰ।

ল’ৰাজনে ৰগৰ কৰি কৈ হাঁহিলে, পিচে ৰমলা জেঠায়ে আকৌ বৰ গহীনকৈ ল’লে। পিছ পাকতে ভিতৰলৈ গৈ চাহ বনাই জীয়েকৰ হাততে চাহৰ প্লেট সজাই দি পঠিয়ালে। কি বা হ’ল জানো!

ৰাতি শোৱাৰ পৰত ৰমলা জেঠায়ে জীয়েকক ক’লে বোলে আলহী ফুৰিবলৈ আহিছ, অকণ ভালকৈ পৰিপাটি হৈ থাকিবিচোন। কত মানুহ আহিব পাৰে। আবেলি সেয়া সেই ল’ৰাজন আহিল। জীয়েকে মুখ-হাত ধুই ক্ৰীম সানি ৰমলা জেঠাইৰ লগতে বিছনাত উঠিল। জেঠাই আৰু ময়ো কাষৰ কোঠাটোত নিজৰ নিজৰ ভাগে শুবলৈ ল’লোঁ। অলপ পিছতে ৰমলা জেঠাইহঁত শোৱা কোঠাটোত ঘুট-ঘাট শব্দ হ’ল। তাৰ অকণ পিছতে ভাঁহি আহিল ৰমলা জেঠাইৰ আৰ্তনাদ। লগতে জীয়েকৰ মৃদু ধমক। আমি কথাটোৰ তমগম লওঁ মানে এইবাৰ ৰমলা জেঠায়ে মজিয়াত নামি লৈ থিয় জাঁপ আৰম্ভ কৰিলে। আমিও লৰালৰিকৈ উঠি গ’লোঁ। আমাক লগতে লৈ ৰমলা জেঠাই পিছফাললৈ লৰ ধৰিলে। এবেলাপৰ ঘঁহি ঘঁহি মুখ ধুই আহি ভিতৰতহে শান্তিৰে জেঠাইৰ উশাহটো ঘূৰিল। জীয়েকে যেতিয়া আমাৰ আগত কথাষাৰ ক’লে, তেতিয়াহে বুজিলোঁ উৰহী গছৰ ওৰ। জীয়েকে ক্ৰীম সানি বিছনাত উঠিল, লগতে জেঠায়ো উঠি শুলে। পিচে ৰাতিৰ আন্ধাৰতে কি জানো সৌন্দৰ্য চৰ্চাৰ হেঁপাহ জাগি উঠিল, খেপিয়াই খেপিয়াই জীয়েকৰ ক্ৰীমটো বিচৰাত লাগিল। আন্ধাৰতে বিছনাৰ কাষৰ টেবুলখনৰ বস্তুবোৰ চোঁচৰাই কিছুপৰ ঘটমটাই থকাৰ পিছত ক্ৰীমটো বিচাৰি পাই লৈ ৰমলা জেঠায়ে সুন্দৰকৈ মুখত লেপন দি ল’লে। পিচে ক্ৰীমটোৰ ইমান ‘কুইক একচন’ হ’ল যে জেঠায়ে পোৰণিত ধৰফৰাবলৈ লাগিল। জীয়েকে পিছত উঠি চাই দেখে যে সেইটো ফেচক্ৰীম নহয়, কিবা মলমহে।

“তাৰমানে জেঠপেহাৰ কঁকালৰ বিষত মালিচ কৰা মলমটোৰে ৰমলা জেঠায়ে ৰাতিৰ আন্ধাৰতে ৰূপ-চৰ্চা কৰিলে।” জেঠাই আৰু মই ইজনীয়ে সিজনীৰ মুখলৈ চালোঁ।

ৰাতি এইখন লটিঘটি হোৱাৰ পিছত পিছদিনা ৰমলা জেঠায়ে কিছু দেৰিকৈ সাৰ পালে। আমি তেতিয়া পুৱাৰ চাহৰ মজিয়াত। জেঠায়ে অকলে কামবোৰ কৰা যেন দেখি ৰমলা জেঠায়ে ইচ আচ কৰিলে।

: কলৰপাৰৰ টিংটোত মই গোঁসাই ঘৰ মচিবলৈ পানী নিছিলোঁ, তাতেই এৰি আহিলোঁ হ’বলা। যোৱাচোন টিংটো কলৰ পাৰলৈ আনি দিয়া মাইনা, ৰমলা জেঠায়ে মুখ-হাত ধোৱক।

জেঠায়ে মোৰফালে চাই ক’লে। মই উঠি গ’লোঁ টিংটো আনিবলৈ। পিচে মই আহি পোৱালৈ ৰমলা জেঠায়ে মুখ-হাত ধুই আহি পাকঘৰ পালেহিয়েই। 

: টিং মই আনিছিলোঁহে, হাত-মুখ ক’ত ধুলেনো ৰমলা জেঠাই?

মই সুধিলোঁ।

: আছিল নহয় পিছফালে টিং এটা, তাতে পানী ল’লোঁ। জুহালত এঙাৰ আছিলেই।

নিচিন্তমনে ৰমলা জেঠায়ে বুজাই দিলে। মোৰ পিচে অকণ সন্দেহ হ’ল, পিছফাললৈ ওলাই গ’লোঁ। দেখিলোঁ যে হয়, ধুই থোৱা চাফ-চিকুণ টিং এটা দমকলটোৰ কাষতে আছে। আৰু মই ভবা ধৰণেই মানে….

: হে হৰি, জেঠাই ঔ…

মোৰ চিঞৰত জেঠাইতকৈ আগেয়ে জেঠপেহাহে আহি পালে। 

: কি হ’ল ঔ মাইনা ?

: ইয়াতে মুখহাত ধুই গ’ল হেনো।

টিংটোলৈ আঙুলিয়াই মই ক’লোঁ। জেঠাই আহি সেইখিনি পাইছিল ইতিমধ্যে। জেঠপেহাই ঘূৰি চাই ক’লে,

: হেৰা, ৰাতি যিখন লম্ফজম্ফ হৈছে হৈছেই আলহীৰ পৰা এতিয়া মোৰ সৰু পানী চোৱা  টিংটোৱেও নিস্তাৰ নাপাব নেকি হে ?

আলহীৰ যি অৱস্থা হ’ল হ’লেই, জেঠপেহাৰ আকৌ টিংটোলৈহে বেজাৰ। 

: ইমাৰ্জেঞ্চি সময়ৰ সাৰথি এইটো বুজিছ মাইনা৷

মই কিবা সোধাৰ আগতেই কথাষাৰ কৈ জেঠপেহায়ে আতৌ-পিতৌকৈ নিজৰ ‘বিপদৰ বন্ধু’জনক হেণ্ডেলডালত ধৰি নি সামৰি থ’লেগৈ।

ৰাতিলৈ ভাতৰ মজিয়াত ৰমলা জেঠায়ে গহীন আলোচনা এভাগ উলিয়ালে। ছোৱালীজনী ডাঙৰ হৈছে, বিয়াৰ বয়স হৈছেই। গতিকে ল’ৰা এটা চাব লাগে। বৰ ধনী হ’ব লাগিব বুলি কথা নাই, কিন্তু স্বভাৱে চৰিত্ৰই ভাল, ডাঙৰক মান কৰিব জনা, কাৰো ওচৰত হাত নপতাকৈ খুৱাই পিন্ধাই ৰাখিব পৰা ল’ৰা এজন হ’লেই হ’ল, ঠিক আগদিনা অহা আলহী ল’ৰাটোৰ দৰেই। ৰমলা জেঠায়ে সেই ল’ৰাজনৰ বিষয়ে অলপ ভালকৈ খা-খবৰ ল’লে। জীয়েকক পৰিপাটিকৈ থাকিবলৈ কোৱা, তেওঁৰ হাততে আলহীলৈ চাহ দি পঠিওৱা… কথাবোৰৰ অৰ্থ মই তেতিয়াহে বুজিলোঁ। পিচে জেঠাই আৰু জেঠপেহা আন এটা কথাতহে আচৰিত হ’ল। 

: কালি অহা ল’ৰাটো, মানে দেউতিৰ পুতেক বাৰু মাতে কথাই বেয়া নহয়। পিচে মুখৰ কথাই সাৰ, একো কাজে কামেও নাই ল’ৰাটো। তাৰ নিজৰ জীৱনটোৰেই একো থানথিত লগা নাই, বিয়া পাতিনো পৰিয়াল চলাব কেনেকৈ হেৰৌ? নিজৰো একো কামৰ ধাণ্ডা নাই, দিনটো টলৌ টলৌ। তাৰ লগৰ কতই চাকৰি কৰি, দোকান দি হ’লেও ঘৰ চলাই আছে।

: ঔ আই, ইন্সপেক্টৰ হোৱা ল’ৰাটোৰ আকৌ কি থানথিত লাগিবলৈ বাকী আছে?

ৰমলা জেঠাই আচৰিত হ’ল।

: কিহৰ ইন্সপেক্টৰ হ’ল হে সি ?

জেঠপেহাৰ চকু ডাঙৰ ডাঙৰ হ’ল।

: অ’ বেকাৰ ডিপাৰ্টমেণ্টৰ ইন্সপেক্টৰক জোঁৱাই পতাৰ মন…

কথাষাৰ মই ভবাতকৈ অকণ ডাঙৰকৈয়ে ওলাল মোৰ মুখেৰে। বেচেৰী আলহী বা-জনী ৰঙা পৰিছিল। তাইৰ মুখলৈ চাই যেনেতেনে হাঁহিটো বন্ধ কৰি ভাতকেইটা খাই উঠিলোঁ। ধেমালিটো ফঁহিয়াই বুজাই দিয়াতহে ৰমলা জেঠায়ে বুজি পালে। 

: ইমান মৰমলগা ল’ৰাটো দেহি, এনেকৈ আগলৈ পিছলৈ নাভাবিলে হয়নে ? সোনকালেই কিবা এটা বাট উলিয়াই লওক দেই। মনতেই কিজানি আশীৰ্বাদ এজোলোকা দিলে ৰমলা জেঠায়ে। এসোপামান লটিঘটিৰ মাজেৰে এনেকৈ দ্বিতীয় দিনটোও পাৰ হ’ল। 

পিছদিনা চাহ খাই থাকোঁতেই ৰমলা জেঠায়ে ঘৰলৈ উভতি যোৱাৰ কথা উলিয়ালে। সেইদিনা ৰাতিপুৱাও জীয়েক আৰু ৰমলা জেঠাইৰ মাজত সৰুকৈ তৰ্কাতৰ্কি এখন হৈছিল। আমি পিচে বিশেষ ভূ-ভা নাপালোঁ। বেচেৰী ছোৱালীজনী, আগৰাতি ভাতৰ মজিয়াতো তেনেই লাজতে ৰঙা পৰি গৈছিল। সেইটো কথাকে লৈ জীয়েকে মাকক কিবা কৈছে চাগৈ বুলি আঁতৰি আহিলোঁ। সেইবোৰ কথাতে বেয়া লাগি ৰমলা জেঠাই গুচি যাবলৈ ওলোৱা বুলি ভাবি বেয়া লাগিল। জেঠায়ে জোৰ কৰিলে তেওঁক আৰু দুদিনমান থাকি যাবলৈ। পিছে ঘৰৰ সংসাৰৰ ইমানবোৰ দায়িত্ব বেছি দিনলৈ এৰি থাকিব নোৱাৰে তেখেতে, ঘৰত বা কি হৈছে এই দুদিনতে।

: আৰু এটা কথা নহয় ডাঙৰ বাইদেউ, এতিয়া দুদিন আছোঁ বুলি যিমান আদৰ-সাদৰ কৰিছ, দুমাহমান থাকিলে জানো সিমানখিনি‌ লেৰেলা সাদৰ থাকিবগৈ? এই কয় নহয় কিবা এটা বোলে অতিথি… অতিথি.. কিবা এটা ভৱ, সেই ভাবটো জানো মনত থাকিবগৈ?

ঢেকঢেকাই হাঁহি উঠিল ৰমলা জেঠায়ে। তেখেত এনেকুৱাই, পৰিষ্কাৰ মনটোৰে উজলাই তুলিব পাৰে পৰিবেশটো।

“কথাটোও অৱশ্যে নোহোৱা নহয়, ঘৰৰ মানুহজনী সৰহদিন আঁতৰি থাকিবলৈয়ো দিগদাৰ” – আমাৰ ডাঙৰ জেঠায়েও মানি ল’লে কথাষাৰ। গতিকে দুপৰীয়া ভাত-পানী খাই উভতি যোৱাৰ কথাটো ঠিক হ’ল। দুপৰীয়াৰ সাজ খাই, আজৰি হৈ বা-জনী আৰু ৰমলা জেঠাই যাবলৈ ওলাল। জেঠায়ে ময়ে গৈ বাছত তুলি দি আহিলোঁ। আহি দেখোঁ আমাৰ জেঠাই দেখোন পিছফালে বাৰাণ্ডাতে ৰৈ কিবা এটা ভাবি আছে। ওচৰ চাপি গ’লোঁ মই। সেইখিনিতে টুথপেষ্ট আৰু ব্ৰাচকেইডাল থাকে। ওচৰতে ৰমলা জেঠায়ে এঙাৰ কেইডোখৰমানো থৈছিল আগদিনা।

: কি হ’ল জেঠাই?

: ভালেহে জীয়েকে ৰমলাজনীক আজি ৰাতিপুৱাও কিবা কৈ আছিল বুজিছ।

জেঠায়ে মোৰফালে চাই ক’লে, হাতত এটা সৰু ক্ৰীমৰ টিউব। ভালকৈ চাই দেখোঁ ‘হিল ৰিপেয়াৰ ক্ৰীম’। তাৰমানে আজি ৰাতিপুৱা ৰমলা জেঠায়ে এঙাৰ এৰি ফটা গোৰোহাত সনা ক্ৰীমটোৰেই….৷

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি। সঁচাই দেই ৰমলা জেঠাইৰ দৰে সহজ সৰল মানুহ কিছুমান এতিয়াও আছে। ভাল লাগিল পঢ়ি দীক্ষিতা।

    Reply
    • দীক্ষিতা বৰা

      সঁচাকৈয়ে আছে বা। ভিন ভিন মানুহ কিছুমানৰ কাহিনী লগ লাগি ৰমলা জেঠাইৰ চৰিত্ৰটো হৈছে।

      Reply
  • বন্দিতা জৈন

    ??ভাল লাগিল।

    Reply
    • দীক্ষিতা বৰা

      ধন্যবাদ যাচিছোঁ দেই

      Reply

Leave a Reply to দীক্ষিতা বৰা Cancel reply

Your email address will not be published. Required fields are marked *