জুই- কৌশিক দাস
দিম্পলৰ কথা মতে কাগজ কলম উলিয়াই ল’লোঁ। তাক হেনো জুইসুলভ লেখা এটা লাগে৷ মূৰটোতো একোৱেই নহা হৈছে৷ তাকে ভাবি আছোঁ কাৰ, কি, কেনে কাহিনী দিওঁ! এবাৰ ভাবোঁ চৰকাৰক গালি পাৰি কিবা এটা লিখোঁ, ফিৰ ভাবোঁ নহয় গালি দি জেলত সোমাই থকাতকৈ অলপ তেল দি চৰকাৰৰ ভাল ল’ৰা হৈ থকাই ভাল। তাতে তেলৰ লগত জুইৰ ৰাহি-যোৰাও ভাল!
: হেৰা, “মিঠাতেল”
শ্ৰীমতীৰ শব্দত অকণমান চিন্তাতে পৰিছিলোঁ। নাই নাই, “মিঠাতেল”ৰ দৰে সামান্য অজুহাতত হেডছাৰ কিম্বা হেমছাৰক দোষী সাব্যস্ত কৰিব নোৱাৰোঁ৷ ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰিছে, গৰুক অগ্ৰাধিকাৰ দি আইন প্ৰস্তুত কৰিছে। এইবোৰ কি ধেমালি কামৰ ভিতৰত পৰে?
: বোলো, মিঠাতেল আনে নে নানে?
: আনিম ৰ’বা দুপৰীয়াৰ সাঁজ কিবাকে মিলাব নোৱাৰিবা নে?
: এটোপো নাই কেনেকৈ মিলাওঁ?
: চাৰি দিনেই পাৰ নহ’লচোন!
: মানুহ কিমানহে আমাৰ?
সেইটোও হয়৷ শ্ৰীমতীৰ মিতব্যয়িতাৰ ওপৰত সন্দেহ কৰাৰ যুক্তি মোৰ হাতত নাই৷ একলিটাৰ তেলে একডজন মানুহৰ ভাত তিনিসাঁজকৈ ৰান্ধি চাৰিদিন গৈছে যে!
মোনাখন লৈ দ্ৰুত গতিৰে গৈ গেট খুলি বাহিৰত এখোজ পেলালোঁ কি নাই; শ্ৰীমতীৰ আকৌ চিঞৰ,
: এই জুইহেন ৰ’দত ইমান বাট খোজ কাঢ়ি যোৱাতকে বাইকখনকে লৈ নাযায়নো কিয়?
: এহ, নালাগে দিয়া মাজে মাজে খোজো কাঢ়িব লাগে। দেখা নাই, গাটো কেনেকৈ বাঢ়িছে?
আচল কথাটো হৈছে শ-টকীয়া পেট্ৰ’লতকৈ ৰ’দৰ জুইকুৰাই ভাল। মই সহ্য কৰিব পাৰিম৷ সেইবুলি হেডছাৰৰ তাত দাগ এটিও পৰিব নিদিম৷ নিজৰ তেল খহাই হ’লেও তৈলমৰ্দন কৰিয়েই থাকিম!
ঘূৰি আহি গা পা ধুই ভাত-পানী খাই পুনৰ কাগজ কলমৰ ওচৰত নিজকে সমৰ্পণ কৰাৰ চেষ্টা কৰিলোঁ৷ দুটামান বাক্য লিখিলোঁও৷ দিনটোৱে সন্ধিয়াৰ সাঁজ
পিন্ধি সাজু হৈছে ৰাতিলৈ…।
শ্ৰীমতীৰ সকীয়নি
: মোৰ ঔষধ আজি ৰাতিয়েই শেষ হ’ব৷
আমাৰ দৰে মানুহৰ বাবে তেলতকৈ ঔষধৰ জুইকুৰা আৰু বেছি ভয়াবহ৷ এনেয়ে শ্ৰীমতীৰ সপ্তাহৰ ক’ৰ্ছটোৰ আচল দাম দুইহেজাৰ টকা৷ দুটা জি.এছ.টি নে জিজিয়া কৰ মিলি মুঠতে চৌবিশশ টকাৰ ওপৰত মাধমাৰ পৰে। তেও আক্ষেপ নাই, হেডছাৰে আমাৰ পেটত গামোচা পিন্ধাই ৰাইজৰ ভালৰ বাবেহে টানিছে!
ঔষধখিনি গৃহিণীক চমজাই আকৌ এবাৰ কাগজখন চকু ফুৰালোঁ৷ লেখাটো ফাংফুংকৈ শেষ কৰাৰ চেষ্টাত ব্ৰতী হৈ পৰিলোঁ। বতৰে গৰ্জি আছিল৷ বৰষুণজাকৰ কৃপাত ৰাতিৰ টোপনিটো বেয়া নহ’ল।
পুৱা সাত বজা গমেই নাপাওঁ! বৰষুণজাক শেষ হোৱা নাছিল, শ্ৰীমতী মোৰ ওচৰ চাপি আহিছে। বহুদিনৰ মূৰত মনটো ভাল লাগি গ’ল৷
: হেৰা
: কোৱা সোণজনী…
: চিলিণ্ডাৰ শেষ
: কি? কেনেকৈ?
: জ্বলি জ্বলি, ৰান্ধি বাঢ়ি…
শ্ৰীমতীয়ে মোক এনে এটা সুৰীয়া ভঙ্গীত জোকাই গ’ল; যিটো সুৰৰ বাবেই বজাৰৰ জুইকুৰাৰ মাজতো, হেডছাৰে টেমাটো খুলি খুলি খোৱাৰ পিছতো জীয়াই আছোঁ। নে কি কোৱা দিম্পল? মই কিবা ভুল লিখিলোঁ নেকি?
☆ ★ ☆ ★ ☆
11:02 am
ভাল লাগিল। সৰ্বসাধাৰণৰ ৰুটিন।
1:50 pm
ধন্যবাদ বাইদেউ
11:48 pm
বঢ়িয়া৷
7:21 am
ধন্যবাদ দাদা
12:35 am
ভাল লাগিল
7:21 am
ধন্যবাদ জনালোঁ