ফটাঢোল

ছেমিনাৰ-ৰঞ্জিত কুমাৰ শৰ্মা

নাৰ্ছিং হোম এখনৰ স্বত্বাধিকাৰীয়ে চহৰখনত বিলাসী হোটেল এখন স্থাপন কৰিছে৷ ইমানদিনে স্থানীয় লোকসকলে যিখন হোটেলক বিলাসী বুলি গণ্য কৰিছিল সেইখন হোটেলতকৈ অধিক সা-সুবিধা থকা হোটেল এইখন৷ এই হোটেলখনতে ছেমিনাৰ এখনৰ আয়োজন কৰা হৈছে— গ্ৰামাঞ্চলত নাৰী সবলীকৰণ বিষয়ক ছেমিনাৰ৷ ছেমিনাৰখনৰ আয়োজক হ’ল ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ নামৰ এন জি অ’ এটা৷ চহৰখনত থকা স্থানীয় মহিলাৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ সহায়ত ছেমিনাৰখনৰ আয়োজন কৰা হৈছে৷ এন জি অ’টোৰ সভানেত্ৰীগৰাকী ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ পত্নী৷ আনহাতে সম্পাদিকাগৰাকী আকৌ এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ পত্নী৷ দুয়ো ৰাজ্যৰ ৰাজধানীতে থাকে৷ স্থানীয় যিটো স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত ছেমিনাৰখনৰ আয়োজন কৰা হৈছে সেই স্বেচ্ছাসেৱী সংগঠনটোৰ সভানেত্ৰীগৰাকী এটা ৰাজনৈতিক দলৰ মহিলা শাখাৰ নেত্ৰী৷ সম্পাদিকাগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী এজনৰ পত্নী৷

ছেমিনাৰখনৰ বাবে হোটেলখনৰ বাতানুকুল সভাকক্ষ এটা সুন্দৰকৈ সজাই তোলা হৈছে৷ প্লাষ্টিকৰ ফুলৰ থোপাৰে মঞ্চৰ সন্মুখভাগ দৃষ্টিনন্দন কৰি তোলা হৈছে৷ দুয়োফালে দুটা জাপিৰ মাজত মঞ্চৰ পিছফালে পৰ্দাখনত এখন বেনাৰ লগোৱা হৈছে৷ তাত অসমীয়া আৰু ইংৰাজীত ছেমিনাৰৰ বিষয়বস্তু লিখা হৈছে৷ ইংৰাজীত ‘Importance of women empowerment in rural areas.’ বুলি লিখি তলত ‘গাঁওত নাৰী সবলীকৰণত গুৰুত্ব’ বুলি লিখা হৈছে৷ ‘গাঁওত’ শব্দটো লিখোঁতে চন্দ্ৰবিন্দুটোৱে খেলিমেলি লগাইছিল যেন লাগে৷ সম্ভৱতঃ গাওঁত বুলি লিখা হৈছিল! ‘ও’ বৰ্ণটোৰ ওপৰৰ ফালে চালে ব্ৰাছেৰে স্থানখিনি মচি দিয়া যেন লাগে আৰু ‘গ’ বৰ্ণটোৰ ওপৰত দিয়া চন্দ্ৰবিন্দুৰ ৰংটো বাকী আখৰবোৰৰ ৰঙৰ সৈতে সামান্য অমিল হৈছে৷ যি নহওক, এইবোৰ সৰু কথা৷ চকুচৰহাবোৰৰ সেইবোৰতে চকু৷ ছেমিনাৰখনৰ বাতৰি কৰিবলৈ অহা সাংবাদিকসকলৰ দুজনমানে ইজনে-সিজনক বেনাৰখন দেখুৱালে৷ 

এজনে লাহেকৈ ক’লে, “গাঁৱতহে হ’ব লাগিছিল নেকি?”

আন এজনে ক’লে, “গ্ৰামাঞ্চলত বা গ্ৰামীণ অঞ্চলত বুলি লিখিব লাগিছিল নেকি!”

 তৃতীয় এজনে উত্তৰ দিলে, “ওঁ বুলি লিখিয়েই পেলালে নহয়, চন্দ্ৰবিন্দুটো আনি ‘গ’ৰ ওপৰত দিয়াত অসুবিধা নাই, কিন্তু ‘ৱ’ক ‘ও’ৰ স্থলাভিষিক্ত কৰাত বা নতুন শব্দ লিখাত অসুবিধা আছে৷ হ’ব দিয়ক একো নহয়৷”

কিছুমান সাংবাদিকৰ চকু সদায় ভুল আৰু বেয়াটোতহে পৰে৷ এইবোৰ সাংবাদিক ভেনা মাখিৰ দৰে৷ নিজকে পৰম জ্ঞানী বুলিও ভাবে৷ ইমান বিশিষ্ট, সম্ভ্ৰান্ত আৰু অতি ব্যস্ত মানুহৰ সংস্থা, তেওঁলোকৰ এনে সৰু সৰু কথাবোৰত চকু দিয়াৰ সময় ক’ত? ৰাইজৰ হৈ, সমাজৰ হৈ তেওঁলোকৰ বহুত কৰণীয় থাকে৷ স্থানীয় সহযোগী সংস্থাটোৱে বিষয়টোত মন দিব লাগিছিল আৰু দোষটো প্ৰকৃততে ছপাশালৰহে৷ ভাষাৰ জ্ঞান নথকাকৈ ছপাশাল খোলে, লাজ নালাগেনে সিহঁতৰ?

ছেমিনাৰখন মুকলি কৰিবলৈ স্থানীয় বিধায়ক হীৰালাল শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে৷ স্থানীয় উপায়ুক্ত চন্দ্ৰকলাক বিশিষ্ট অতিথি হিচাপে মতা হৈছে৷ তেওঁলোক আহি পালেই ছেমিনাৰ আৰম্ভ কৰা হ’ব৷ জিলাখনৰ আন দুগৰাকী বিধায়ক সুব্ৰত ভৌমিক আৰু আব্দুল কৰিম মিঞাকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও দুয়ো উপস্থিত থাকিব নোৱাৰিব বুলি ইতিমধ্যে জনাই দিছে৷ নিৰ্ধাৰিত সময়মতে ছেমিনাৰখন দিনৰ দহ বজাত আৰম্ভ হ’ব লাগিছিল৷ কিন্তু নিৰ্ধাৰিত সময়মতে অনুষ্ঠান নোহোৱাটো যিহেতু পৰম্পৰাই গতিকে উদ্যোক্তাসকলেও সেই বিষয়ে বিশেষ ভবা নাই৷ গুৱাহাটীৰ পৰা অহা ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ নামৰ এন জি অ’টোৰ বিষয়ববীয়াসকলে ‘ফাষ্ট ব্ৰেক’ কৰি মানে পুৱাৰ জলপান খাই হোটেলৰ কোঠাত ‘ফ্ৰেচ’ হ’বলৈ সোমাইছে৷ ছেমিনাৰখনৰ বাতৰি সংগ্ৰহৰ বাবে স্থানীয় সাংবাদিকসকলকো মতা হৈছে৷ সেয়ে স্থানীয় কেইবাগৰাকী সাংবাদিকো আহিছে৷ এন জি অ’টোৰ কাৰ্যকৰী সভানেত্ৰীগৰাকীৰ স্বামীৰ নিউজ চেনেল এটাত অংশীদাৰিত্ব আছে৷ গতিকে উক্ত চেনেলটোৰ স্থানীয় সাংবাদিকগৰাকী আগেভাগে আহি হাজিৰ হৈছে৷ তেওঁক আহিবলৈ যোৱা নিশাই ‘হাউচ’ৰ পৰা বাৰম্বাৰ কোৱা হৈছিল৷

ছেমিনাৰখনৰ মূল উদ্দেশ্য যিহেতু গাঁৱৰ মহিলাকহে জড়িত কৰোৱা, গতিকে গাঁৱৰ পৰা মহিলা কেইগৰাকীমান অনাটো অতিকৈ প্ৰয়োজন হৈছিল৷ ছেমিনাৰখন আয়োজন কৰাত সহযোগিতা কৰা স্থানীয় স্বেচ্ছাসেৱী মহিলা সংস্থাটোৰ সভানেত্ৰী আৰু সম্পাদিকাৰেই আত্মীয় আৰু চিনাকি কেইগৰাকীমান মহিলাক আমন্ত্ৰণ জনাই অনা হৈছে৷ তদুপৰি দুখন গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ যোগেদিও ছজনীমান যুৱতী-মহিলা অনা হৈছে৷ এনেদৰে দহগৰাকীমান মহিলা আৰু চাৰিজনীমান যুৱতীক ছেমিনাৰত গোট খুওৱা হ’ল৷ সভাকক্ষটোত বহিব পৰাকৈ দুয়োটা বেচৰকাৰী সংস্থাৰ বাৰগৰাকীমান যুৱতী-মহিলা আছেই৷ গতিকে উপস্থিতিক লৈ বিশেষ সমস্যা নহ’ল৷ সকলোকে চাহ-বিস্কুটেৰে আপ্যায়ন কৰা হ’ল৷

নিৰ্ধাৰিত সময়তকৈ চল্লিশ মিনিটমান পলমকৈ উপায়ুক্ত আৰু স্থানীয় শাসকীয় দলৰ বিধায়কজন সভাকক্ষত উপস্থিত হ’ল৷ গুৱাহাটীৰ পৰা অহা এন জি অ’টোৰ বিষয়ববীয়াসকলো সাজু হ’ল৷ ক্ষন্তেক পাছতে ছেমিনাৰ আৰম্ভ কৰা হ’ল৷ সাজি-কাচি দেখনিয়াৰ হৈ পৰা মহিলা এগৰাকীয়ে হাতত এটা ফাইল লৈ ‘লেকচাৰ ষ্টেণ্ড’ৰ ওচৰলৈ গৈ ঘোষণা দিবলৈ সাজু হ’ল৷ মঞ্চৰ আসনৰ পিছফালে লগোৱা বেনাৰখনলৈ এবাৰ চাই তেওঁ ইংৰাজীতে ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ নামৰ এন জি অ’টোৰ সভানেত্ৰী আৰু কাৰ্যকৰী সভানেত্ৰীক মঞ্চলৈ মাতিলে৷ ঘোষিকাগৰাকী এন জি অ’টোৰ সম্পাদিকা৷ উপায়ুক্ত আৰু বিধায়কগৰাকীক পোনে পোনে আদৰি আনি মঞ্চতেই বহুওৱা হৈছে৷ মঞ্চত সকলোৱে আসন গ্ৰহণ কৰাৰ পাছত আৰম্ভ হ’ল সম্বৰ্দ্ধনা পৰ্ব৷ এগৰাকী এগৰাকীকৈ মঞ্চত উপবিষ্ট কেউগৰাকীকে সম্বৰ্দ্ধনা জনোৱা হ’ল৷ সহযোগী স্থানীয় মহিলা স্বেচ্চাসেৱী সংস্থাটোৰ তৰফৰ পৰাও অতিথিসকলক সম্বৰ্দ্ধনা জনোৱা হ’ল৷ ইয়াৰ পাছত ছেমিনাৰৰ সঞ্চালকৰ দায়িত্ব ল’বলৈ ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ৰ সভানেত্ৰীক ঘোষিকাই অনুৰোধ জনালে৷ সভানেত্ৰীয়ে সঞ্চালকৰ আসন গ্ৰহণ কৰি স্থানীয় বিধায়কগৰাকীক ছেমিনাৰ মুকলি কৰিবলৈ ‘ৰিকুৱেষ্ট’ কৰিলে— “নাও আই ৰিকুয়েষ্ট আৱাৰ ৰেছপেক্টেড এম এল এ ছাৰ টু ইনাগুৰেট দ্য ছেমিনাৰ৷ প্লীজ ছাৰ…৷”

সঞ্চালকৰ অনুৰোধত বন্তি প্ৰজ্বলনেৰে বিধায়ক হীৰালাল শৰ্মাই ছেমিনাৰখন উদ্বোধন কৰিলে৷ সভাকক্ষটো হাত চাপৰিৰ শব্দত ৰজনজনাই গ’ল৷ এগচিকৈ চাকি উপায়ুক্ত, ছেমিনাৰৰ সঞ্চালক আৰু এন জি অ’টোৰ কাৰ্যকৰী সভানেত্ৰীয়েও জ্বলালে৷ উদ্বোধনী পৰ্ব শেষ হোৱাৰ পাছত সম্পাদিকাই উদ্দেশ্য ব্যাখ্যা কৰিলে৷ গাঁও অঞ্চলৰ মহিলাসকলৰ মাজত মহিলা সবলীকৰণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবেই যে ছেমিনাৰখন পতা হৈছে সেয়া সম্পাদিকাই উদ্দেশ্য ব্যাখ্যাত ক’লে৷ তেওঁ ইংৰাজীতে কথাখিনি ক’লে৷ উদ্দেশ্য ব্যাখ্যা কৰোঁতাকো হাত চাপৰিৰে শলাগ লোৱা হ’ল৷তেনে সময়তে পিছফালে বহি থকা মহিলাসকলৰ মাজৰে এজনীয়ে কাষৰজনীৰ কাণৰ কাষলৈ মুখখন নি ফুচফুচাই ক’লে—

: অ’ পদুমী বাই, কিছুই বুজি নাপালং৷

: হেই মনে মনে থাকেক৷ আমাৰ কি বুজিবা লাগা আছে তে? আহিবা কৈছে আহিছোং৷ কি খুৱায় খায়া-দায়া যাম৷ টাকা-পইচাও দিবা পাৰে৷ 

পদুমী বাইৰ কথাত সেইজনী মনে মনে থাকিল৷

উদ্দেশ্য ব্যাখ্যাৰ পাছত স্থানীয় সংস্থাটোৰ সভানেত্ৰীয়ে চমুকৈ আদৰণী ভাষণ দিলে৷ তেওঁ অৱশ্যে অসমীয়াতে কথাখিনি ক’লে৷ ইয়াৰ পাছত ছেমিনাৰৰ সঞ্চালকে বিধায়কগৰাকীক বক্তব্য দাঙি ধৰিবলৈ ইংৰাজীতেই অনুৰোধ কৰিলে৷ বিধায়কগৰাকীয়ে অসমীয়া আৰু হিন্দী ভাষাৰ খিচিৰি তৈয়াৰ কৰি ভাষণ দিলে৷ ভাষণত তেওঁ নাৰী সবলীকৰণৰ বাবে চৰকাৰে লোৱা আঁচনিৰ বিষয়ে কিছু কথা ক’লে৷ দুখীয়া মহিলাবোৰক চৰকাৰে কি কি দি আছে সেই বিষয়ত বিধায়কে অধিক জোৰ দিলে৷ তেওঁৰ ভাষণ শেষ হোৱাত আকৌ এবাৰ সভাকক্ষত হাত চাপৰিৰ বৰষুণ হ’ল৷ হাত চাপৰি মাৰি থকাৰ সময়তে পিছফালে বহা মহিলাসকলৰ একাংশই পৰস্পৰে পৰস্পৰৰ মুখলৈ চালে৷ এজনীয়ে কাষতে বহা কলেজীয়া যুৱতী এজনীক কাণে কাণে ক’লে, 

: তই পঢ়া-শুনা কৰা আপী, কথাগুলা শুনি যাবি৷ চৰকাৰে বোলে কিবা-কিবি দিছে৷ ক’ত খবৰ কৰিবা লাগবো জানি লবি৷ 

যুৱতীগৰাকীয়ে বিশেষ একো নক’লে, কেৱল মিচিকিয়াই হাঁহি লাহেকৈ ‘হ’ব দে’ বুলি সঁহাৰি দি থ’লে৷

পদুমীৰ কাষৰজনীয়ে পুনৰ ফুচফুচাই পদুমীক সুধিলে,

: অ’ বাই, এম এল এ যে কৈছে, ইগিলা আমিৰা পাম না নাই তে?

: হেই ৰহ’ মনে মনে থাক৷ 

পদুমীয়ে সেইজনীক মৃদু ধমক দিলে৷

পদুমীয়ে অৱশ্যে ঘৰ, শৌচাগাৰ, বেংকত মাহেকত কেইটামান টকা, চাউল আদি নোপোৱাকৈ থকা নাই৷ তাই পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰত মাজে-সময়ে কাম কৰে৷ সেয়ে দুই-এখন আঁচনিৰ কথা পদুমীয়ে জানে৷ আঁচনিবোৰৰ সুবিধা ল’বলৈকো তাই শিকিছে৷ পদুমীৰমতে একো খবৰ নোলোৱাকৈ ঘৰত বহি থাকিলে কি হ’ব? গাঁৱৰ কিছুমানে চৰকাৰী সুবিধাবোৰ পাইছে৷ সেয়ে পদুমীয়ে ভাবে যে ৰেৱতীৰ দৰেহে কিছুমানে খা-খবৰবোৰ ল’ব নোৱৰাৰ বাবে সুবিধাবোৰ পোৱা নাই৷ পদুমীক কাণে কাণে প্ৰশ্ন কৰাজনীৰ নামেই ৰেৱতী৷ গিৰীয়েকটো ঢুকোৱাৰ পাছত ল’ৰা-ছোৱালীহালক লৈ ৰেৱতীয়ে গৰু-ছাগলী পুহি কোনোমতে চলি আছে৷ মন্ত্ৰী-বিধায়ক আহিলে পাৰ্টিৰ ৰাজহুৱা মিটিঙতো মাজে-সময়ে যাব লাগে৷ পদুমীয়ে তেনেকৈয়ে ভাবে৷ সেয়ে ৰেৱতীক পদুমীয়ে মাজে-সময়ে পাৰ্টিৰ সমাবেশলৈ যাবলৈ লগ ধৰে, তাইৰহে বোলে সময়েই নহয়৷ পদুমীৰ মতে ৰেৱতীৰ দৰে মানুহবোৰে খুৱাবও নাজানে খাবও নাজানে৷

বিধায়কৰ ভাষণৰ পাছতে ছেমিনাৰৰ সঞ্চালকে মাইক্ৰ’ফোনটো হাতত লৈ মুখ্য অতিথি উপায়ুক্তক তেওঁৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনালে,”নাও আই ৰিকুৱেষ্ট ডি চি মেডাম, আৱাৰ অনাৰেবল্‌ ছীফ গেষ্ট টু ডেলিভাৰ হাৰ ভেলুৱেবল স্পীচ৷ প্লীজ মেডাম…৷”

উপায়ুক্ত চন্দ্ৰকলাই তেওঁৰ ভাষণত নাৰী সবলীকৰণৰ বিষয়ে কিছু কথা ক’লে৷ তামিলনাডুৰ পৰা চাকৰিসূত্ৰে অসমলৈ অহা আই এ এছ বিষয়াগৰাকীয়ে অৱশ্যে ভগা ভগাকৈ হ’লেও যিমানদূৰ সম্ভৱ অসমীয়াতে ভাষণ দিবলৈ চেষ্টা কৰিলে কিন্তু মাজে মাজে ইংৰাজী বা হিন্দী নকোৱাকৈ বাক্যবোৰ সম্পূৰ্ণ কৰাটো তেওঁৰ বাবে স্বাভাৱিকতেই সম্ভৱ নহ’ল৷ তথাপি উপায়ুক্তগৰাকীৰ ভাষণৰ পৰা ছেমিনাৰত উপস্থিত থকা ৰেৱতীৰ দৰে অজ্ঞ কেইজনীয়েও নাৰী সবলীকৰণৰ বিষয়ে কিছু ধাৰণা ল’বলৈ সক্ষম হ’ল৷

উপায়ুক্তগৰাকীৰ ভাষণৰ পিছতে ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ এন জি অ’ৰ কাৰ্যকৰী সভানেত্ৰীক বক্তব্য দাঙি ধৰিবলৈ সঞ্চালকে আহ্বান জনালে৷ অৱশ্যে তেনে সময়তে উপায়ুক্ত আৰু বিধায়কগৰাকী যাবলৈ উঠিল৷ উপায়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন সমিতিৰ সভা থকা বাবে তেওঁলোক যোৱাটো অতি জৰুৰী৷ সেয়ে দুয়োকে বিদায় দিয়া হ’ল৷ দুয়ো মঞ্চৰ পৰা নামি যোৱাৰ লগে লগে সভাকক্ষত থকা কেমেৰাধাৰী আৰু সাংবাদিকসকলৰো অধিকাংশই দুয়োৰে পিছ ল’লে৷ তেওঁলোকক উপায়ুক্ত আৰু বিধায়কৰ ‘বাইট’ লাগে৷

উপায়ুক্ত-বিধায়কক বিদায় দি এন জি অ’টোৰ কাৰ্যকৰী সভানেত্ৰীয়েও ইংৰাজীতেই তেওঁৰ বক্তব্য দাঙি ধৰিলে যদিও ভাষণত খোকোজা লগা মুহূৰ্তবোৰত দুই-চাৰিটা অসমীয়া শব্দ আৰু বাক্য তেওঁৰ কণ্ঠনলী ভেদ কৰি ওলাই আহিবলৈ বাধ্য হ’ল৷ অ’, এটা মন কৰিবলগা কথা– প্ৰতিগৰাকী বক্তাৰ ভাষণ সমাপ্তিৰ লগে লগে উপস্থিতসকলৰ হাত চাপৰিও অব্যাহত থাকিল, মাত্ৰ প্ৰথমাৱস্থাৰ দৰে ‘জোৰদাৰ’হে হৈ নাথাকিল৷

কাৰ্যকৰী সভানেত্ৰীৰ ভাষণ শেষ হোৱাৰ লগে লগে সঞ্চালকে হাতৰ ঘড়ীটোলৈ চালে৷ ইতিমধ্যে নিজৰ আসনত বহা কাৰ্যবাহী সভানেত্ৰীক কাণে কাণে তেওঁ কিবা সুধিলে৷ কাৰ্যকৰী সভানেত্ৰীয়ে মূৰ দুপিয়ালে৷ সঞ্চালকে সম্পাদিকাকো কাষলৈ মাতি কিবা সুধিলে৷ তেঁৱো মূৰ দুপিয়ালে৷ হাতৰ ঘড়ীটোলৈ পুনৰ এবাৰ চাই সঞ্চালকে উপস্থিত মহিলাসকলৰ পৰা কোনোবাই দুৱাষাৰ ক’ব বিচাৰিলে ক’ব পাৰে বুলি আহ্বান জনালে৷ তেওঁ অৱশ্যে সময়ৰ নাটনিৰ কথাটো ক’বলৈ নাপাহৰিলে৷ এইখিনি কথা তেওঁ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে ক’লে৷ দৰ্শক-শ্ৰোতাৰ আসনত বহা মহিলাসকলে ইজনীয়ে সিজনীৰ মুখলৈ চালে কিন্তু উঠিহে কোনো নাহিল৷ সঞ্চালকে পুনৰবাৰ ঘড়ীটোলৈ চাই ‘কোনেও নকয় যদি আমি ছেমিনাৰ শেষ কৰিব পাৰোঁ’ বুলি কোৱাত অৱশেষত মহিলাসকলৰ একাংশই ঠেলি-হেঁচুকি কলেজত পঢ়ি থকা যুৱতীগৰাকীকে দুৱাষাৰ ক’বলৈ উঠাই দিলে৷ যুৱতীগৰাকীয়ে নিজৰ মাতৃভাষাতে বক্তব্য দাঙি ধৰি ছেমিনাৰখন অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ দিলে৷ তাই ছেমিনাৰখনৰ পৰা কিছু কথা জানিব পৰা বুলি উল্লেখো কৰিলে৷ গাঁৱত মহিলাসকলে সন্মুখীন হোৱা অসুবিধা-সমস্যা কিছুমানৰ কথা কৈ যুৱতীগৰাকীয়ে এনেকুৱা ছেমিনাৰ গাঁৱতহে পাতিব লাগে বুলিও ক’লে৷ তেনে সময়তে সঞ্চালকে পুনৰ হাতৰ ঘড়ীটোলৈ চাই ‘আমাৰ হাতত সময় বৰ কম, অলপ চুটি কৰা’ বুলি যুৱতীগৰাকীক সকীয়াই দিলে৷ ইমানপৰে নিজৰ মনত অশান্তি দি থকা কথাটো এটা বাক্যত হ’লেও ক’বলৈ পাই ভিতৰি ভিতৰি আনন্দিত হোৱা যুৱতীগৰাকীয়ে মিচিকিয়া হাঁহিৰে নিজৰ বক্তব্য সামৰিলে৷ এইবাৰ পিচে উপস্থিতসকলৰ পিছফালৰ অংশটোৰ হাত চাপৰি জোৰদাৰ হ’ল৷

সঞ্চালক মহোদয়াই ছেমিনাৰ অধিক দীঘলীয়া নকৰি নিজৰ বক্তব্য দাঙি ধৰিবলৈ থিয় হ’ল৷ তেওঁ ইংৰাজীতে আৰু মাজে-সময়ে দুই-এটা বাক্যত অসমীয়া ভাষা ব্যৱহাৰ কৰি তেওঁলোকৰ এন জি অ’টোৱে মহিলাসকলৰ বাবে কি কি কৰি আহিছে সেই বিষয়ে বৰ্ণনা কৰিলে৷ তেওঁৰ ভাষণে এক মিনিট-দুই মিনিটকৈ আগবঢ়াৰ লগে লগে সন্মুখত বহা মহিলাসকলৰ মাজত গুণগুণনিও আৰম্ভ হ’ল৷ সঞ্চালকৰ ভাষণে কুৰিমিনিটমান সময় খোৱাৰ পিছত উপস্থিতসকলৰ মাজত গুণগুণনিও বাঢ়িবলৈ ল’লে৷ যুৱতীগৰাকীক বক্তব্য দাঙি ধৰিবলৈ দিয়েই যে ভুল কৰি পেলালে সেয়া ভাষণৰ মাজতেই সঞ্চালক মহোদয়াই উপলব্ধি কৰিলে৷ তেওঁ ভাষণ দীঘলীয়া নকৰিলে৷ তেওঁ ভাষণ সামৰাৰ লগে লগে হাত চাপৰিৰে সভাকক্ষ ৰজনজনাই গ’ল৷ সঞ্চালক মহোদয়াই নুবুজাকৈ নাথাকিল যে এই হাত চাপৰি সভা-ছেমিনাৰ আদি শেষ কৰাৰ সংকেত দিয়া সকাহৰ হাত চাপৰিহে৷ এন জি অ’টোৰ সম্পাদিকাই ‘ভোট অফ থেংকছ’ আগবঢ়োৱাৰ পাছত ছেমিনাৰৰ অন্ত পৰিল৷

ছেমিনাৰ শেষ হোৱাত ফটো উঠা পৰ্ব চলিল৷ স্থানীয় স্বেচ্চাসেৱী সংস্থাটোৰ কোনো কোনোৱে ‘ছেল্‌ফী’ও ল’লে৷ এন জি অ’টোৰ সভানেত্ৰী, কাৰ্যবাহী সভানেত্ৰীয়ে সাংবাদিকক ‘বাইট’ দিলে৷ সকলোৰে মাজত ‘পেকেট লান্স’ বিতৰণ কৰা হ’ল৷ পদুমী, ৰেৱতীহঁতে ‘ঘৰৰ চলি-পলিয়ে খাব দে’ বুলি সিদ্ধান্ত লৈ পেকেটবোৰ নুখুলিলে৷ ছেমিনাৰ আৰম্ভ হোৱাৰ আগে আগে চাহপৰ্বৰ সময়তে অংশগ্ৰহণকাৰী সকলোকে নোকবুক আৰু কলমসহ একোটাকৈ ফাইল দিয়া হৈছিল৷ অহা-যোৱাৰ সামান্য খৰচ দি তেওঁলোকক বিদায় দিয়া হ’ল৷ সাংবাদিকসকলৰ একাংশই ছেমিনাৰ শেষ হোৱাৰ আগতেই গৈছিল৷ যিসকল আছিল তেওঁলোককো বিদায় দিয়া হ’ল৷ গুৱাহাটীৰ পৰা অহা ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ৰ বিষয়ববীয়াসকলে হোটেলখনতে আহাৰ গ্ৰহণ কৰি, কিছু সময় জিৰণী লৈ যাবলৈ ওলাল৷ যাবৰ সময়ত এন জি অ’টোৰ সম্পাদিকাই সহযোগী স্থানীয় স্বেচ্ছাসেৱী সংস্থাটোৰ সম্পাদিকাক ক’লে, 

: আপোনালোকক দিয়া টকাখিনিৰ খৰচৰ হিচাবটো মই কোৱাধৰণে মিলাই লৈ পঠিয়াই দিব৷ বাকীখিনি আমি ঠিক কৰি ল’ম৷

☆ ★ ☆ ★ ☆

2 Comments

  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ৷

      Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *