ফটাঢোল

গণতন্ত্ৰ আৰু জীৱকুল-ৰনেন শৰ্মা

এতিয়া সকলোতে গণতন্ত্ৰৰ যুগ, বনৰ ৰজা এতিয়া আৰু সিংহ নহয়, সিংহৰ বংশানুক্ৰমিক শাসন কেতিয়াবাই ওৰ পৰিল। এতিয়া বনতো চৰকাৰ গঠন হয় ৰাজনৈতিক ভাবে, গণতান্ত্ৰিক প্ৰথাৰে। এতিয়া শাসনত বলিষ্ঠ অংশীদাৰ হ’ল শিয়াল, কাৰণ ইহঁতৰ সংখ্যা বেছি, অতিপাত হুলস্থূলেৰে সদন উত্তপ্ত কৰি ৰাখিব পাৰে। সিংহ বা বাঘৰ শক্তি বেছি থাকিলেও ৰাজনৈতিক অপৰিপক্কতা আৰু আভ্যন্তৰীণ কন্দলৰ বাবে ইহঁতক কোনেও সমৰ্থন নিদিয়ে, গতিকে সঘনাই নতুন দল গঠন কৰে আৰু নিৰ্বাচনত মুখ ঠেকেছা খায়। হাতীয়ে  নিজৰ শান্ত-শিষ্ট, অমায়িক স্বভাৱৰ বাবে নিজে ৰজা হ’ব নোৱাৰিলেও এতিয়ালৈকে শাসনত আছে, কিন্তু হাতীয়ে যিহেতু একমাত্ৰ নিজৰ পেটটোৰ কথাহে ভাবে গতিকে অনুগামীৰ সংখ্যা ক্ৰমে হ্ৰাসহৈ অহাৰ ফলত কিমান দিন চৰকাৰত থাকিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন।

আমাৰ হাতীয়ে এইবোৰ চিন্তা কৰি মূৰ নঘমায়, যিয়ে যি কৰে কৰক বুলি ‘কুত্তা ভোঁকে হাজাৰ, হাতী চলে বাজাৰ’ টাইপৰ এটা এটিটিউড লৈ ৰাজনীতি কৰি গৈ আছে। হাতীয়ে যিহেতু নিজৰ পিছফালে দেখা নাপায়, তেওঁলোকৰ লীডাৰবোৰে গমেই নাপায় যে দুই তিনিটা হাতীৰ বাহিৰে বাকীবোৰে ‘গ্ৰাহ আৰু গজেন্দ্ৰৰ’ উপাখ্যানৰ  দৰেই হাতত ফুল লৈ নেদেখা জনৰ আৰাধনা কৰি জীৱন ৰক্ষাৰ চিন্তাত মগ্ন।

জীৱকুলৰ প্ৰধান সমস্যাবোৰ যেনে বনধ্বংস, পানীৰ অভাৱ, খোৱা খাদ্যৰ অভাৱ, মানুহৰ পেলনীয়া পলিথিনৰ বাবে মাটিৰ গুণাগুণৰ ওপৰত হোৱা কুপ্ৰভাৱ ইত্যাদিৰ বিষয়ে কোনোটো ৰাজনৈতিক  দলেও চিৰিয়াছ চিন্তা-ভাৱনা কৰা নাই, মাথোঁ ভোটৰ অংকৰে শাসন চলাই গৈছে। যদি কোনোবা জন্তুৱে অধিক গুৰুত্ব পাইছে সেয়া হ’ল গৰু, গৰুক বচাবলৈ নতুন-নতুন বিধায়ক আনিছে কিন্তু  আন জন্তুবোৰ যেনে মূৰ্গী, হাঁহ, পাৰ, ছাগলী, গাহৰি আদিক মৰিবলৈ এৰি দিয়া হৈছে, সিহঁত যেন কাৰোবাৰ পেটলৈ যাবলৈহে জীয়াই আছে। আনহাতে চৰাইবোৰ, যি জীৱকুলৰ আজন্ম খেতিয়ক, সিহঁতৰ অৱস্থাও লাওলোৱা। চৰাইবোৰে বিভিন্ন গছৰ গুটি নিজৰ ঠোঁটত কষ্টৰে কঢ়িয়াই আনি মাটিত ৰোৱে, সেইগছৰ পৰাই হাবি জংঘলবোৰে ঠন ধৰি উঠে, কেউফালে সেউজ পৰিবেশ বিৰাজ কৰে, এই পক্ষীকুলৰ বাবে। দুখৰ বিষয় এই যে, বেছিভাগ চৰাইৰে শাসন ব্যৱস্থাত অংশীদাৰত্ব নাই, কাৰণ সিহঁত হেনো পৰিভ্ৰমী, স্থায়ী বাসিন্দা নহয়, ভোটাধিকাৰ কেৱল মাত্ৰ থলুৱা আৰু ভূমিপুত্ৰৰ বাবেহে। আচৰিত এই জীৱকুলৰ শাসন ব্যৱস্থা।

মেকুৰী জাতীয় জীৱবোৰে বুদ্ধিৰে শাসন ব্যৱস্থাত আন ৰাজনৈতিক দলে কৰা কামৰ কৃতিত্ব হঠাৎ দাবী কৰি বা কিবা অনাহক বিতৰ্কৰ সৃষ্টি কৰি হৈ-চৈৰ মাজত নিজৰ অভিসন্ধি পূৰণ কৰে, ঠিক মেকুৰীয়ে ভজা মাছ থপিয়াই লৈ যোৱাৰ দৰে, এয়াই মেওঁৱাদী ৰাজনীতি। তেওঁলোকে সততে নিজগুণ কীৰ্ত্তন কৰে বা কৰোৱায়।

 গৰিলা বা বান্দৰ জাতীয় জীৱবোৰে কোনো ৰাজনৈতিক দলকে পচন্দ নকৰে, সিহঁতে নিজৰ মতে স্বাধীন ভাবে থাকিব বিচাৰে। শিক্ষা-দীক্ষাৰে সমাজখন আগবাঢ়ি যোৱাটো বৰ ভাল নাপায়, কি পঢ়িব লাগিব বা কি পিন্ধিব লাগিব সকলো সিহঁতৰ মতে হ’ব লাগিব। সিহঁতে চেগ বুজি শক্তিশালী সেনাৰ ওপৰত হঠাৎ জঁপিয়াই পৰি হ’লেও নিজৰ প্ৰয়োজন পূৰণ কৰে, এই গৰিলা যুদ্ধক আধুনিক আৰু উন্নত ৰাজনৈতিক ব্যৱস্থায়ো সমীহ কৰে।

জীৱকুলৰ হৰিণা জাতীয় নিৰীহ প্ৰাণীবোৰৰ হিত চিন্তা কৰোঁতা কোনো নাই, ইহঁতে নিজৰ ওপৰত হোৱা সকলো অন্যায় ‘হৰিণাৰ মাংসই বৈৰী’ বুলি বিনা প্ৰতিবাদে মানি লয়। ইহঁতে প্ৰতিবাৰেই পৰিবৰ্তনৰ আশাত শিয়ালেৰে গঠিত ৰাজনৈতিক দলক ভোট দিয়ে আৰু ঠগ খায়, আকৌ পুনৰাবৃত্তি হয় নিৰন্তৰে। ইহঁত সংখ্যা গৰিষ্ঠ কিন্তু বিভিন্ন জাতি উপজাতিত বিভক্ত, একতাৰ অভাৱ, ইহঁতৰ উন্নতি সুদূৰ পৰাহত।

পিচে এই শাসন ব্যৱস্থাত আটাইতকৈ বেছি লাভৱান হৈছে ঘোঁৰাবোৰ, শিয়ালেৰে গঠিত কোনো এখন চৰকাৰ যিকোনো সময়ত ভঙা-পতা কৰিব পৰা একমাত্ৰ জীৱ হ’ল ঘোঁৰা। ঘোঁৰা আৰু দানা হ’ল আজিৰ শাসন ব্যৱস্থাৰ দুটা স্তম্ভ। ঘোঁৰা বেপাৰৰ পৰিসীমা বাঢ়িছে, বিদ্যুৎ গতিৰে ঘোঁৰাৰ সংখ্যা বাঢ়ি গৈ আছে, ক্ষমতাৰ কেন্দ্ৰলৈ ধপলিয়াইছে। 

“পক্ষীৰাজ ঘোঁৰা, খট-খটকৈ দৌৰা।”


☆ ★ ☆ ★ ☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি। আগলৈও লিখিব বুলি আশা কৰিলো।

    Reply
  • NP Sharma

    ভাল ভাল,

    হাতী ঘোঁৰা পাল্কি,
    জয় *মামা* ৰাজ কী

    Reply
  • দীক্ষিতাবৰা

    আটাইতকৈ ভাল লাগিল এই লেখাটো । সঘনাই আপোনাৰ লেখা পঢ়িবলৈ পাম বুলি আশা ৰাখিছোঁ ।

    Reply
  • ভাল লাগিল ৰণেন দা ৷আৰু লিখিবচোন

    Reply
  • নীতাশ্ৰী নেওগ

    বৰ ভাল লাগিল লেখাটো।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বৰ ভাল লাগিল পঢ়ি এইটো ।

    Reply
  • Mimati Devi

    বৰ সুন্দৰ বিশ্লেষায়ত্মক লেখনি।
    লিখকৰ ৰিজনি ৰ মূল্যাংকন অতি তীক্ষ্ণ
    আৰু বুদ্ধিসম্পন্ন।
    আগলৈ আৰু এনেকুৱা লিখনি পঢ়িবলৈ পাম বুলি আশা থাকিল

    Reply

Leave a Reply to Mimati Devi Cancel reply

Your email address will not be published. Required fields are marked *