ফটাঢোল

বৰুৱাৰ বিয়া- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

বৰুৱাৰ কথা মনত আছে নে বাৰু, সেই যে বিয়াখন পাতিবৰ বাবে ছোৱালী এজনী বিচাৰি পোৱা নাছিল ইমান দিনে। অৱশেষত ছোৱালী এজনী বিচাৰি পালে বৰুৱাই।

ৰ’ব, আগৰ দুবাৰ বিয়া ভগা কাৰণ দুটাও মনত পেলাই দিওঁ। প্ৰথমবাৰ ছোৱালীঘৰৰ মানুহে মনে মনে বৰুৱাই কাম কৰা কনষ্ট্ৰাকচন কোম্পানীটোত অনুসন্ধান কৰিবলৈ গ’ল। প্ৰকাণ্ড বালিৰ দ’ম এটাত নিজৰ আঁঠুলৈকে পুতি লৈ লেবাৰবোৰৰ কামৰ তদাৰক কৰি আছিল বৰুৱা মহাশয়ে। নিজৰ খুটা দুটা ভালদৰে পুতি নল’লে ভূমিকম্প আহিলে বাগৰি পৰাৰ সম্ভাৱনা অধিক বোলে। সন্ধিয়াতে সোমৰসৰ নিচাত ডুবি লেবাৰৰ আগত মাটিত বাগৰি পৰিলে নিজৰ মান ইজ্জত বৰবাদ হোৱাৰ ভয়ত বালিৰ দমত আঁঠুলৈকে নিজক পুতি লয় সদায়। প্ৰথমখন বিয়া কেঞ্চেল।

দ্বিতীয়বাৰ ছোৱালী দেখুৱাব লৈ গৈছিলোঁ চাহ বাগানৰ মালিকৰ ঘৰলৈ। চাহাবী মালিকে ভাবী জোঁৱায়েকক প্ৰেষ্টিজিয়াছ ইভিনিঙ গ্লাছ (Peg) এটা ল’বলৈ জোৰ কৰিলে। প্ৰথমতে অলপ লাজ কৰি দেখুৱালেও আধাঘণ্টাৰ ভিতৰত শহুৰেকৰ ষ্টক খালি কৰিহে মনত শান্তি পালে বৰুৱাই। ফলাফল কেঞ্চেল, চাহাবে নিজৰ ছোৱালীক আবিয়ৈ কৰি ৰাখিব তথাপিও এই জাতৰ মদাহীৰ লগত বিয়া নিদিয়ে বোলে।

অৱশেষত বহুতো বিচাৰ খোচাৰ কৰাৰ পিছত বৰুৱাৰ বাবে পাত্ৰী এগৰাকী পোৱা গ’ল। গুৱাহাটীৰ দাতিকাষৰীয়া গাঁও এখনত ঘৰ, পাত্ৰীৰ ককায়েক বৰুৱাৰ লগত একেলগে চাকৰি কৰে আৰু মাজে মাজে বৰুৱাৰ সন্ধিয়াৰ অনুষ্ঠানৰ পৰামৰ্শদাতা হিচাবে কাম কৰাৰ অভিজ্ঞতা আছে। দুয়োঘৰৰ পূৰ্ণ সন্মতিত অৱশেষত বৰুৱাৰ বিয়াৰ দিন আনুষ্ঠানিকভাবে ঘোষণা কৰা হ’ল।

বিয়াৰ দিনা অথিতি অভ্যৰ্থনাৰ গুৰু দায়িত্ব মোৰ ওপৰতেই পৰিল। অভ্যৰ্থনা মানে বৰুৱাৰ লগত ৰাতি দৰাঘৰীয়া হিচাবে যাবলগীয়া বিশেষ মানুহখিনিৰহে দায়িত্ব মোৰ ওপৰত, বাকী অভ্যৰ্থনা বৰুৱাৰ মাক বাপেকে চম্ভালি ল’ব।

এই গুৰু দায়িত্বভাৰ নলওঁ বুলি কৈছিলোঁ যদিও জোৰ জবৰদস্তি মোৰ ওপৰতেই ন্যস্ত কৰিলে বৰুৱাই। “দিনত ৰন্ধা মাংস আৰু মাছ থাকিবই, তুমি মোৰ লগত যাবলগীয়াকেইজনৰ পানীটুপিৰ ব্যৱস্থাটো কৰি দিলেই হ’ব সন্ধিয়া, দিনত তোমাক একো কাম নিদিওঁ”, আদেশৰ সুৰতেই কথাখিনি কৈ বৰুৱাই মোৰ পকেটত টকা পাঁচহেজাৰ গুজি দিছিল।

বিয়াৰ দিনাখন সন্ধিয়া আঠমান বজাত ‘কাৰবাৰ’ আৰম্ভ কৰিলোঁ, মানে মোৰ কাৰখনতে বাৰখন মেলি দিলোঁ বৰুৱাৰ বন্ধুসকলৰ বাবে। প্ৰায় ত্ৰিশজনমানে ডিঙিলৈকে চেনিটাইজ কৰিলে, কেইজনমানে কোকাকোলাৰ বটলত মিস্ক কৰিও ল’লে ৰাস্তাত ডিঙিটো শুকাই যোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ। বৰুৱাৰ সখাজনে সাজি কাছি ওলাই মোৰ পৰা ভডকাৰ ফুল এটা লৈ গ’ল, দৰাধৰাজনে সকলোৰে লগত পানীটুপি ধৰিব নোৱাৰে, বৰুৱাৰ ফালৰপৰা কিবা প্ৰট’কল দিয়া আছে হেনো।

মোৰ দায়িত্বৰ প্ৰথম অধ্যায় শেষ কৰি নিশা দহবজাত বৰযাত্ৰীৰ লগত আমি আটাইবোৰ ৰাওনা হ’লোঁ কইনা ঘৰলৈ। বহুকেইখন গাড়ীৰ চালক কোন হ’ব সেইটো নিৰ্দ্ধাৰণ কৰোতেও অলপ সময় খৰচ হ’ল। পানীটুপি ধৰাৰ পিচত সকলোৰে গাড়ী চলোৱা আত্মবিশ্বাস এভাৰেষ্টত আৰোহণ কৰে, কাজেই এটকীয়া মুদ্ৰা টছ কৰি হ’লেও গাড়ীচালক কোন হ’ব সেইটো নিৰ্ণয় কৰিবলগীয়াও হ’ল।

বৰুৱা জাতত উচ্চ আৰু হ’বলগীয়া কইনা জনজাতি সম্প্ৰদায়ৰ, দুয়োঘৰৰ সন্মতিতে বিয়াখন হৈছে। বৰুৱাৰ লগত দৰাঘৰীয়া হিচাবে যোৱা চেনিটাইজ পাৰ্টিটোৰ বৰ আনন্দ এইটো কথাত। ডিঙিলৈকে চেনিটাইজ কৰি আৱেগিক হৈ যোৱা বন্ধুসকলে বৰুৱাক প্ৰায় মহাত্মাৰ শাৰীতেই ৰাখিছে কিয়নো বৰুৱা আৰু তেওঁৰ ঘৰখনে সমাজৰ পুৰণিকলীয়া অসবৰ্ণ বিবাহৰ বাধা আতৰাই আধুনিক মনৰ পৰিচয় দিছে। বৰুৱাক প্ৰশংসা কৰাৰ এইটো কাৰণ দ্বিতীয়হে, প্ৰথম কাৰণটো হ’ল গাহৰি, কিয়নো ৰাতি দৰাঘৰীয়াক অপ্যায়ন কৰিবলৈ গাহৰি মাংসৰ বিধে বিধে ব্যঞ্জন আছে।

বৰুৱা তথা তেওঁৰ পৰিয়ালৰ প্ৰশংসাৰ মাজে মাজে মোকো দুই এজন উদাৰচিত্ত চেনিটাইজড বন্ধুৱে প্ৰশংসা কৰিছে যিহেতু মোৰ যহতে সকলোৱে কাৰ আৰু বাৰত বহি নিজৰ নিজৰ ডিঙিটো চেনিটাইজড কৰাৰ সুবিধা পাইছে। বৰুৱাৰ এই অসবৰ্ণ বিবাহত এজন ব্ৰাহ্মণ ল’ৰা হিচাবে মই আগভাগ লোৱাত সকলোৱে বৰুৱাৰ পৰিয়াল তথা মোৰ প্ৰশংসাত পঞ্চমুখ। ময়ো মিচিক মাচাক হাঁহিৰে আটাইকে যেন মৌনভাবেই ক’ব বিচাৰিছোঁ যে মোৰ বা বৰুৱাৰ পৰিয়ালতকৈও ছোৱালীঘৰ বেছি প্ৰশংসনীয়, বৰুৱাৰ জাতৰ মদাহীক জানি বুজি নিজৰ ছোৱালী আগবঢ়াইছে মানে সেই মানুহঘৰো কমখন উদাৰ আৰু সাহসী হ’ব নালাগিব।

অৱশেষত নিশা এঘাৰমান বজাত আমি ছোৱালীঘৰত উপস্থিত হ’লোঁ, নাচি বাগি মহিলাবোৰে দৰা আদৰি ভিতৰলৈ লৈ গ’ল। মানুহবোৰৰ খোৱা লোৱাৰ দিশটো চাবলৈ মই আতৰি গ’লোঁ বৰুৱা হোমৰ গুৰিত বহাৰ পিছত। বৰুৱা আৰু তেওঁৰ সখাজন হোমৰ গুৰিত বহিল, লগত দুয়োপক্ষৰ পুৰোহিত আৰু ছোৱালীৰ বাপেক। বৰুৱাৰ বায়েক, ভাগিন, ভিনিহীয়েক জাতীয় কেইজনমানো বহিল বৰুৱাৰ ওচৰতে। ভিতৰলৈ গৈ আমাৰ লগত যোৱা চেনিটাইজ পাৰ্টিটোৰ খোৱা লোৱাৰ বুজ ল’লোঁ, বেছিভাগেই বিলাতী চেনিটাইজাৰ শেষ হোৱাত স্থানীয় চেনিটাইজাৰ ব্যৱহাৰ কৰি ডিঙিটো চেনিটাইজ কৰি আছে, লগত খৰিকা দিয়া গাহৰি। প্ৰায় এঘণ্টামান সময় আদৰ অাপ্যায়ন কৰি মই আৰু ছোৱালীৰ ভায়েক মিলি আটাইকেইজনক ভাতৰ পাত বহুৱাবলৈ সক্ষম হ’লোঁ। চেনিটাইজ পাৰ্টিটো বিদায় দি মই নিজেও অলপমান ভাত খাবলৈ বহিলোঁ।

মাজতে বৰুৱাৰ মোমায়েক আহি মোৰ ফালে কেৰাহিকৈ চাই গ’ল, এইখন বিয়াত তেওঁৰ মুঠেও সন্মতি নাছিল। তেওঁৰ মতে বিষ্ণুৰ বৰাহ অৱতাৰ ভক্ষণ কৰা আৰু সাতটামান মাৰ্ডাৰ কৰা সমান দোষ। মোমায়েকৰ চাৱনিয়ে মোক কৈ গৈছে, “বেটা, মেইন কালপ্ৰিট তয়েই, মোৰ ভাগিনজনৰ জীৱন বৰবাদ কৰিলি তই”।

ভাত খাই থকাৰ মাজতেই মানুহবোৰৰ লৰা ধপৰা দেখি আধা খোৱাকৈয়েই উঠি আহিলোঁ ক’ত কি হ’ল বুলি। হোমৰ গুৰিত আহি দেখিলোঁ ছোৱালীজনীক ঘৰৰ ভিতৰৰ পৰা হোমৰ গুৰিলৈ দাঙি লৈ আহিছে কিন্তু হোমৰ গুৰিত বৰুৱা নাই। সৰুপানী চুবলৈ যাওঁ বুলি বৰুৱা আৰু সখাজন হোমৰ গুৰিৰ পৰা উঠি যাবৰ দহমিনিট হ’ল কিন্তু উভতি অহা নাই।

মানুহবোৰৰ মাজত হুৱাদুৱা লাগিছে বোলে দৰা পলাল হোমৰ গুৰিৰ পৰা। বৰুৱাৰ মামাকৰ আকৌ এবাৰ বেকা চাৱনি মোলৈ, “বেটা,মোৰ ভাগিনটোক ফচালি তই”। ছোৱালীৰ ভায়েকে গাড়ী লৈ খেদি গৈছে বোলে দৰা পলোৱা গাড়ীৰ পিছে পিছে।

হোমৰ গুৰিত বৰুৱাক বহিবলৈ দিয়া ওখ পীৰাখনৰ কাষত দুই লিটাৰৰ পানীৰ বটল এটাত অলপমান পানী নোখোৱাকৈ পৰি আছিল, আধা খোৱা অৱস্থাত ভাতৰ পাতৰ পৰা উঠি অহা বাবে ভোকটোৱেও আমনি কৰি আছিল মোক, অলপ পানীকে খোৱা যাওক বুলি সেইটো বটলৰ পৰাই এঢোক পানী গলাধকৰণ কৰিলোঁ, ডিঙিটো চেকচেকাই গ’ল। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে বৰুৱা হোমৰ গুৰিৰ পৰা পলোৱা নাই। সন্ধিয়া সখাজনে খাব নোৱাৰাৰ প্ৰট’কল দেখুৱাই মোৰ পৰা লৈ অহা ভডকাৰ ফুল বটলটো এই পানীৰ বটলটোতে সোমাই আছে। লঘোণীয়া পেটৰ দৰা আৰু সখাই ইমানখিনি চেনিটাইজ কৰাৰ পিছত আৰু পলাবলৈ শক্তি নাথাকে, সৰুপানী চুবলৈ যাওঁতে ক’ৰবাত পৰি আছে দুয়োটা।

পলোৱা দৰাক পিছে পিছে খেদি যোৱা ভায়েকটোক কথাখিনি কৈ ওভতাই আনিলোঁ আৰু বিয়াঘৰত উপস্থিত মানুহবোৰক ক’লোঁ যে দৰা লঘোণে থাকি দিনৰ পৰা অলপ দুৰ্বল হৈ আছে, গতিকে সৰুপানী চুবলৈ গৈ ক’ৰবাত পৰি থাকিবও পাৰে, সকলোৱে বিচাৰ খোচাৰ কৰোঁ আহক ঘৰৰ পিছফালৰ জেগাবোৰত।

বৰুৱাৰ মোমায়েক মোৰ লগতেই আহিল, ঘৰৰ পিচফালৰ বস্তিখন বিচাৰি চলাথ কৰিলে মানুহবোৰে কিন্তু ক’তো নেদেখিলে বৰুৱা আৰু সখাজনক। মই আৰু ছোৱালীৰ ভায়েকে তেনেতে গাহৰিৰ মাতৰ শব্দৰ দৰে শব্দ শুনিলোঁ ধানখেৰৰ চাংখনৰ ওচৰত। বৰুৱাৰ মোমায়েকে গাহৰিৰ শব্দ শুনি আকৌ এবাৰ বেঁকাকৈ চালে মোৰ ফালে, “বেটা, আমি গাহৰি পোহা মানুহক আমাৰ খেলৰ পৰা আঁতৰাই ৰাখো আৰু তই মোৰ ভাগিনজনক ইয়াত আনি ফচালি”।

একছেকেণ্ড সময় পলম নকৰি ধানখেৰৰ চাংখনৰ ওপৰলৈ উঠি গৈ দেখো বৰুৱা আৰু সখা নাক বজাই শুই আছে খেৰৰ মাজত, কাষত খৰিকা দিয়া গাহৰি কেইটুকুৰামান। ছোৱালীৰ ভায়েক আৰু মই মিলি দুয়োজনৰে চকুৱে মুখে পানী মাৰি সুস্থ কৰি তুলিলোঁ। দহমিনিটমান পিছত বৰুৱা আহি পুনৰ হোমৰ গুৰিত বহিল।

এইবাৰ বৰুৱাৰ পিছফালে বহি থকা মোমায়েকৰ ফালে মই চালোঁ, মানুহজনে তলমূৰ কৰিলে। ওচৰলৈ গ’লোঁ তেখেতৰ, কাণে কাণে ফুচফুচাই ক’লোঁ,

“গাহৰি বহুত ওপৰৰ মাল, আপোনাৰ এই ভাগিনজন গাহৰিতকৈও অধম, পাৰে যদি আজিৰ পিছত অলপ চিধা হ’বলৈ শিকাওক, মোমায়েক হিচাবে আপোনাৰো দায়িত্ব আছে। জীৱনটো গাহৰিৰ পিচত লাগি থকাতকৈ যদি আপোনাৰ ভাগিনজনৰ লগত লাগি থাকিলে হয়, আজি দৰা গৈ ধানখেৰৰ চাং নাপালে হয়”।

☆ ★ ☆ ★ ☆

12 Comments

  • বিৰাট ভাল লাগিল৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

      ধন্যবাদ বাইদেউ।

      Reply
  • Anuradha Devi

    বহুত হাহিলো । ভাল লাগিল ।

    Reply
  • দীপ

    মজা লাগিল সঞ্জীৱ ।

    Reply
  • Lakhya

    ৰসাল। বৰ ভাল পালোঁ।

    Reply
  • Dhruba

    বঢ়িয়া লাগিল হে ভট্ট। মোৰ নিজৰ বিয়াৰ কথা মনত পৰি গ’ল। অৱশ্যে মই ভডকা কোৱাৰ্টাৰ এটা হে মিক্স কৰি নিছিলো। ন’হলে মোৰো চাগে বৰুৱাৰ নিচিনাই অৱস্থা হ’লে হয়

    Reply
    • সঞ্জীৱ।

      কি কয়হে,নিজৰ বিয়াৰ দিনাও এৰা নাছিল মানে।

      Reply
  • হেমন্ত কাকতি

    হে কিচন! কি কাৰবাৰ হে?? সত্য ঘটনা নে?

    মজা লাগিল৷

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    অৱশেষত বৰুৱাৰ সংসাৰ পাতি দি হে এৰিলা। মজা লাগিল তিনিওটা খণ্ড।

    Reply

Leave a Reply to হেমন্ত কাকতি Cancel reply

Your email address will not be published. Required fields are marked *