ফটাঢোল

ধনী হ’বলৈ গৈ – লখিমী হাজৰিকা

: অ’ মা কালিৰ পৰা কৈ আছে, টিভিৰ কাৰ্ডটোভৰাই দিয়া।

:অ নিদিয়া কিয় হে? 

দেউতাকে পুতেকৰ কথাত জোৰ দিলে আৰু মােলৈ চালে।

: নিদিয়া কিয় মানে, টিভিৰ কার্ড প্রতিমাহে দেখােন ময়ে দিওঁ, এইবাৰ তুমি দিয়াচোন!

: তাৰমানে তােমাৰ এইবাৰাে উদং ন?

একো নমতাই ভাল! নীৰৱতা ৰক্ষা কৰি থাকিলোঁ কিছুপৰ।সিজনে চকীখন টানি বহি ল’লে। জানিছোঁ মােৰ নীতিশিক্ষাৰ ক্লাচ এটা হ’ব এতিয়া।

: চোৱা আমি দুইজনে ইনকাম কৰোঁ। নাই বুলিয়োতাে পইচা ভালেই পাওঁ। তথাপি কিয় বাৰু পইচাই নাটে!

: সঁচা! কিয় বাৰু!

শুনি মুখস্থ হৈ যােৱাকথাবােৰ পুনৰ শুনি শুনি মােবাইলটো তুলি ল’লোঁ। হাও টু বীকাম ৰীচ্ছ? হাও টু চেভ মানী? গুগলত চার্চ কৰিলোঁ।

: মা টেঙ্কীৰ পানী কেতিয়াতে দিছিলা? একদম বাগৰি আছে। বন্ধ কৰি দিয়া।

তেতিয়াহে মনত পৰিলে। পুৱা আঠবজাতে দিছিলোঁ।এতিয়া চাৰে দহ বাজিল। কাপােৰ ধুবলৈ লৈহে দিছিলোঁ। তাৰমানে ৱাশ্বিং মেচিনৰ পৰাও পানী গৈ আছে। ইচ ইচ ইচ! এইবাৰ কাৰেণ্টৰ বিলাে সােতৰ আহিছে। শ্রীবিষ্ট্র।

সহজতে ধনী হােৱাৰ উপায় বিচাৰি এটা এটাকৈ ইউটিউবৰ আঠ নম্বৰটো ভিডিঅ’ চাই শেষ কৰিলোঁ। একদম সহজ সহজ উপায়। মানী প্লেণ্ট আৰু লাকী বেষু দুডালমান ঘৰত ৰাখিব লাগিব। পর্দাকেইখনৰ কালাৰ আৰু ৰূম দুটা অলপইফাল সিফাল কৰিব লাগিব। নাৰ্চাৰীলৈ যাব নােৱাৰিম। বাৰ বজালৈহে খােলা। একপ্ৰকাৰৰ লকডাউন। অনলাইনেই গতি। মানী প্লেণ্ট দুজোপা অর্ডাৰ কৰিলোঁ। ধুনীয়া কাঁচৰ বাতি এটাত আছে। কুৰিয়াৰ চার্জ ধৰি চাৰিশমান। ইহ! চাৰিশহে! কিনাে আৰু। এইবাৰৰ পৰা পইচা বাচিবই যেতিয়া কিনােচিন্তা। অ’হ! লাকী বেষুটো ৰৈ গ’ল। চাম আৰু। বাথৰুমৰ পৰা আহােঁগৈ। নাকটো কোঁচ খাই আহিল। কিবা এটা গােন্ধাইছে। কিনাে পুৰিল! অ’হ! চ্চিট! চ্চিট! চিকেন তুলি থৈছিলোঁ। আই অ’ চেছ মই! কেৰাহীৰ তলত নৰকী মুৰ্গীৰ হাড় কেইডালহেআছেগৈ। তাকো একেবাৰে মংগােলীয়ান ৰূপ গুচি কিবা হ’লগৈ।

ধেত! আজি গালি খালোঁ আৰু! ইমাননাে পাহৰিব লাগেনে!

: তােমাৰ বেছি হৈছে। সঁচাই বেছি হৈছে। দিনটোফোনটোতে লাগি থাকা।

: আৰু তুমি? ফেচবুকটো পালে একো নালাগে।

: মই বাৰু ফেচবুক। নিজে? দুনীয়াৰ অনলাইন শ্বপিঙ চাইটসােপা গােটাই লৈছে। মীছে নে কীছাে সেইটো লৈ লগৰবােৰলে এযােৰ অৰ্ডাৰ কৰিলে, নিজলে দুযােৰ লয়। চাইহে থাকোঁ মই।

হে হৰি এই মানুহটো! বিয়াৰ পিছত কুৰ্তা দুটা পচন্দ হ’লে আনকি তিনিটাৰ ভিতৰতাে কনফিউজদ হ’লে “তিনিওটাই লৈ লােৱা” বুলি কোৱা মানুহটো! এইটোৱেই নে! খাটাং মােৰসংসাৰখনত কাৰােবাৰ বেয়া নজৰ পৰিছে। সিদিনা ৰাণীয়ে কৈছে নহয়, জয়ন্ট ফটো দিলে বােলে চিঙ্গলবােৰ জ্বলে যে, সেইটোৱেই অপকাৰ কৰে। তাই সেইকাৰণে ৰিলেচনশ্বিপৰনিগেটিভিটি গুচাবলৈ সদায় চী চল্টেৰে ঘৰ মচে। বাতি এটাত নিমখ থৈ দিয়ে।সেইখিনিৰে হেনাে নিগেটিভিটি এবজর্ভ কৰি লয়। ঠিকেই কৈছিল তাই।

:ঐ শুননা! আমাৰ এওঁযে দিনে দিনে ইমান খছে টাইপ হৈ গৈছে।

: তােক মই কোৱা নাছিলােঁ? চল্টৰ কথাটো। আৰু শুন বেড ৰূমত লাভ বার্ড ৰাখিবি। কালাৰটো হােৱাইট। 

ৰাণীয়ে ফোনত ক’লে

টিট টিট। টিট টিট। টিট টিট। অর্ডাৰ তিনিটা কনফার্ম হ’ল।

: মা অর্ডাৰ আহিছে।

অ! সিদিনা ইয়েল্লো কালাৰ কুৰ্তা এটা অর্ডাৰ কৰিছিলোঁ। বৃহস্পতিৰ বাবে ভাল বােলে। মানী প্লেণ্ট আহিল। বেম্বুও আহিল। মনটো ভাল লাগি আছে। পইচা অলপ গ’ল বাৰু।টেনচন নাই। ভালৰ কাৰণেহে কৰিছে।

: হেৰা সুৰভিহঁতে কেইবাদিনাে মাতি আছিল। যাবা নেকি? কাইলৈ চানডে যিহেতু।

অ মাই গড! আজি আহি পাইছেহে! ইমানপ্রভাৱ! উস! ৰক্ষা। মােৰ মানুহটো ভাল হৈছেপাই! প্লেচমেন্ট অফ মানী প্লেণ্ট গুগলত চাই চাইআকৌ চিন্তাত পৰিলোঁ। যিটো দিশত দিবলৈ দিছে, সেইফালে মােৰ ৰূমৰ ডিৰেকশ্যনটো নিমিলে। টেবুলখনাে সেইফালেনাথাকে। যাহ! পইচা বাচিব যিহেতু। অলপটোকিবা কৰিবই লাগিব। কাঠৰ ষ্টেণ্ড এডাল অর্ডাৰকৰি দিলে কেনে হয়। আটাইবােৰ চাই চিটি কমদামীবােৰৰ ভিতৰত আঠাইশ দামৰ এডালপচন্দ হ’ল। সেইডাল ষ্টেণ্ডৰ ওপৰত গ্লাছৰ বাউলটোত মানীপ্লেণ্ট ৰাখিম! ৱাহ! কি যে ধুনীয়া লাগিব!

এইবাৰ অলপমান গতি লাগিব দেই। ইমানদিনে এইবােৰ কথা কিয় নজনাকৈ আছিলোঁ বাৰু? সুৰভিৰ ঘৰৰ চেণ্টাৰ টেবুলখনত বাউল এটাত অকণমানি কাছ এটা বৰ মৰম লাগিল।

: অ’ এইটো ইমান মৰম লাগিছে।

: ওও! এইটো বাস্তু চাই মিলাইছােঁ। বহুত ভালহয়।

: আটছা!

ঘূৰি আহােঁতে বাটত চালোঁ। গুগল দাইটিৰওপৰতে সকলাে। ডাজ টটয়জ কেৰী লাক? অ’ মাই গড! ইমানদিনে মই এইবােৰ কথা  নজনাকৈ কিয় আছিলোঁ?ৰূপৰ, তামৰ, কাচৰ প্ৰতিটো কাছৰে বেলেগ বেলেগ পাৱাৰ! অ’ মাই গড! ইচ ইচ ইচ ইমানদিনে অত পইচা লােকচান হ’ল।অদৰকাৰী খৰচ হ’ল। যত সব এই দিশবােৰ উল্টা পাল্টা হৈ থকা বাবেই। ধেৎতেৰি!

: হেৰা শুনানা! আমাৰ যে জানা দিশবােৰ উল্টা পাল্টা হৈ থকা বাবেই বহুত খেলিমেলি জানা ঘৰত। আৰু তুমি এই ক’লা কাপােৰবােৰ নিপিন্ধিবাচোন। একদম নিগেটিভিটি এবজর্ভকৰি লয় জানা।

: আৰে তুমিয়েই দেখােন কৈছিলা বােলে ব্লেকইজ অলৱেইজ গর্জিয়াছ। এতিয়া আকৌ তুমিয়েই….!

: নহয়, মই ভিডিঅ’ত চাইছাে‍ঁ জানা ব্লেক কালাৰে হেনাে শনি মাতে।

: হেৰা যিকোনাে এটা ফলাে কৰাহে। হয় ইণ্ডিয়ান। নহয় চাইনীজ। এদিন বােলে বাঁহগছ বেয়া, সিদিনা আকৌবােলে লাকী বেধু ভাল। ফেংচুই নে লেংচুই মানি গােটেই চাইনীজ বস্তুৰে ভৰাই দিছা ঘৰ। হেৰৌ সন্ধিয়া চাকি-বন্তি জ্বলাই ঘােষা অকণ নপঢ়া। এতিয়া চাৰিওফালে চাহগছৰ মূঢ়াৰ দৰে আখৰৰ বাণীবােৰ আঁৰিছাহি! ধেই যা তা মানে।

: তেনেকৈ নক’বা দেই। তােমাৰ যে অকণাে মতিগতি ভাল দেখা নাই মই। ঘৰখনৰ ভালৰ কাৰণেহে চিন্তা কৰি কৰিছো‍ঁকিবা।

চোফাখনত মুখখন ফুলাই বহি পৰিলোঁ। তেওঁ কাষ চাপি আহিল। হেৰা মােৰ পলম হ’ব। যােৱা ভাতকেইটা বাঢ়াগৈ।মনে মনে ৰাণীক ধন্যবাদ দিলোঁ। উফ! চল্টেকামত দিছে বুইছ! নহ’লে আৰু কত কি ক’লেহেঁতেন। ইফালে তেওঁ মনে মনে ভাবিলে ভাল ৰক্ষাকৰিলা প্রভু। ইমানতে নাসামৰিলে এই শিক্ষাচলিয়ে থাকিব। চলিয়ে থাকিব। মাকলৈ মনতপৰিল চাগে। ফোন লগালে মাকলৈ।এনেয়ে বাৰু মাকজনী বেয়া নাছিল। কিন্তুবৃহস্পতিবাৰে বােলে এইটো নাখাবা, সােমবাৰেবােলে এইটো নকৰিবা। মঙলবাৰে বােলেভুচুকটো নাৰান্ধিবা। ব্ৰত থকাৰ দিনাহে আকৌমােৰ খাবলৈ মন বেছি যায়। ন-ছােৱালীতেমােক ঢেৰ কৈছিল অমুকবাৰে মূৰনুধুবা, তমুকবাৰে তাৰ ওপজা দিন। সেইদিনা মূৰনুধুবা। ভাত খাই গা-মূৰ নুধুবা। ইমান অন্ধবিশ্বাসী মানুহৰ লগত তিষ্ঠিব পাৰি নেকি কওকচোন। সেয়ে মই মােৰ সৰু হ’লেও ভাৰাঘৰটো নিজৰ মতে সজাই লৈছোঁ। এওঁকো নিজৰ মতে সলাই লৈছোঁ। এতিয়া ভাৰাঘৰটো গুগল চাই চাই এজ পাৰ বাস্তু, এজ পাৰ ফেংচুই ৰুলছ সজাওঁতে-পৰাওঁতে খৰচ অলপ হৈছে, নােহােৱা নহয়। কিবা এটা পাবলৈ হ’লে কিবা এটাটো দিবই। লাগিব নহয়নে কওকচোন। এওঁৰ মতে আকৌওলােটা জানেনে! এওঁ কয় বােলে ঘৰখন এজ পাৰ অমুক, এচ পাৰ তমুক বুলি সজাওঁতে যিধৰণে তলি উদংহৈছে, ইমানদিনে নিজৰ বুলি ঘৰ এখনকে কৰিবপাৰিলেহেঁতেন। নাই ক’ত মিলিব! পাওঁতে মাটি দুটুকুৰামান পাইছিলোঁ। কিন্তু দিশবিলাকৰ মতে ভবিষ্যতে ঘৰ আদি সাজিলে মিলিবনে নাই, সেইবােৰ থিৰাং কৰিব নােৱাৰি লােৱা নহ’ল। পুৱা, আপটোলৰ বজাৰখন চালে মােৰ মনটো একপ্ৰকাৰে ভালাে লাগে, আনপ্ৰকাৰে বেয়াওলাগে। সকলাে কথা ভাবি চিন্তি লক্ষ্মীযন্ত্র এটা ল’লোঁ। অর্ডাৰ কৰিবলৈকে সাতবাৰ মান ফোন আহিল। কনফার্মেশ্যনৰ কাৰণেই ফোন কৰিলোঁ দুবাৰ। সিহঁতে কৰিলে তিনিবাৰ। যেন হ’বলগীয়া মিতিৰৰ ঘৰলৈহে তেলৰভাৰ পঠিয়াইছে।অৱশেষত আজি সােতৰ দিনৰ মূৰত মােৰ কনচাইনমেণ্টটো আহিব। পদূলিৰ পৰা পাকঘৰলৈ সকলাে মচি-কাচি চাফা কৰি থৈছোঁ। ইউটিউব ভিডিঅ’ চাই চাই ক’ত কেনেকৈ যন্ত্র প্রতিষ্ঠা কৰিম, সকলাে সাজু কৰি ৰাখিছোঁ। আৰু অৱশেষত মােৰ চাৰে-চাৰিহাজাৰ টকাৰ যন্ত্ৰটো আহিল। ভবাতকৈ বহুত বেছি পাতল পেকেটটো। যন্ত্রৰ নামত মই পালোঁ আঁক-বাঁকথকা ষড়ভূজৰ এটা আকৃতি, কৃষ্ণ-ৰাধাৰ ফটোএখন, মৌৰাৰ পাখি এটা। যিকেইটা ৰাসলৈ ওলাই গ’লে পঞ্চাশ টকামানৰ ভিতৰত পাই গ’লোঁহেঁতেন। এতিয়া মই এওঁক কওঁ কিদৰে, ইফালে অভাৰ ফোন অর্ডাৰ কৰিলোঁ, ৰিটাৰ্ণ কৰিবলৈয়ো একো অপচন নাই। মনটোও খেলিমেলি হৈ আহিল। ভগৱানক ঘৰলৈ আমন্ত্রণ কৰি আনি আকৌঘূৰাই দিমনে! সৰুৰে পৰা এনেও ভেঁকুৰ ধৰি গ’লেও নামঘৰ, মন্দিৰৰ প্রসাদ পেলাই দিয়া দেখা নাই, শুনা নাই। নির্মালি শুকাই কৰ্কৰীয়া মাৰিলেও পেলাবলৈ হাত কঁপে।মন্দিৰ, নামঘৰৰ দুৱাৰমুখত দহটকীয়া ধূপৰ পেকেটত চুটি চুটি তিনিডাল ধূপ ভৰাই দহটকাত বেচিলেও মুখ খুলি প্রতিবাদ কৰিব নােৱাৰাধ ৰণৰ মানসিকতা লৈয়ে ডাঙৰ হ’লোঁ। আগলি কলপাত এখিলা বিশটকাত বেচিলেও দাম বেছি হৈছে বুলি ক’ব পৰাকৈ সাহ নাই। ভগৱানৰ নামত কাজিয়াকৰিম নেকি, দাম-দৰ কৰিম নেকি বুলি ভয়,সংকোচ এটি শিৰে শিৰে সুমুৱাই দিয়া হৈছে। আজি কিন্তু মানুহজনে কোৱা কথাবােৰ বাৰে বাৰে মনলৈ আহিছে। আনৰ কথাত ভােলগৈ, দেখাক দেখি সাঁচটীয়া পইচাবােৰ খৰচ কৰি গৈ থাকিলোঁ। আনকি কেতিয়াবা ধাৰাে কৰিলোঁ। দিনবােৰ আনৰ কথাৰে, আনৰ উপায়েৰে নিজৰ দিনবােৰ ভাল কৰিবলৈ গৈ ক্রমে দিনবােৰ বেয়াহে কৰি গৈ থাকিলোঁ। শাৰীৰিকমানসিক, আর্থিক সকলাে লােকচান কৰিহে গৈথাকিলােঁচোন! মনটো বেয়া লাগি গ’ল। অস্থিৰতা এসােপাই গ্ৰাস কৰি পেলালে। নাই এনেকৈ নহ’ব। গা ধুই আহিলোঁগৈ। পোন্ধৰ মিনিট মেডিটেশ্যন কৰি গোসাঁইঘৰত সোমালোঁগৈ।প্ৰাৰ্থনা কৰি আহি মনটো পাতল লাগিল। হঠাৎ যেন মই মানুহজনে কোৱা কথাষাৰ অৰ্থ উপলব্ধি কৰিলোঁ,

 “আমাৰ সময়, ভাগ্য সকলো সময়তে অদৃষ্টজনে নিজৰ হাতত নাৰাখে। আমাৰ নিজৰ হাততো দিছে। সেয়া আমাৰ কৰ্ম আৰু আত্মবিশ্বাস।”।

(লেখাটোৰ উদ্দেশ্য কাৰো অন্তৰৰ বিশ্বাসত আঘাত হনা নহয়। এয়া অভিজ্ঞতাৰ ভিত্তিত লিখা কিছু ঘটনাহে মাথোঁ।)

☆ ★ ☆ ★ ☆

10 Comments

Leave a Reply to ফটিক বৰাা Cancel reply

Your email address will not be published.