ফটাঢোল

সংগীতশিল্পী নিলোৎপল বৰাৰ সৈতে অন্তৰংগ আলাপ

“মাজুলী” শীৰ্ষক বহুল জনপ্ৰিয় গীতটোৰে সংগীতপ্ৰেমীৰ অন্তৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈ জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা সাম্প্ৰতিক অসমীয়া সংগীত জগতৰ অন্যতম চিনাকি নাম নীলোৎপল বৰাক দুনাই পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। সমকালীন সংগীতৰ ক্ষেত্ৰখনত দূৰন্ত প্ৰতিভাৰ চানেকি দি বৰ্তমান মায়ানগৰী মুম্বাইৰ এগৰাকী ব্যস্ত সংগীতজ্ঞ নীলোৎপল বৰাৰ বহু সৃষ্টি আজি সংগীতপ্ৰেমীৰ মুখে মুখে। অশেষ চেষ্টাৰ মূৰত আমি এই ব্যস্ত শিল্পীগৰাকীৰ লগত কিছু কথা পাতিবলৈ সক্ষম হৈছিলোঁ। আমি অনুভৱ কৰোঁ তেখেতৰ কৰ্মৰাজি অসমৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ।

ফটাঢোলৰ হৈ মনজিত বৰাই ৱাটছএপযোগে গ্ৰহণ কৰা আৰু এক জীৱন্ত কথা-বতৰাৰ ৰূপত হিমাংশু ৰাজখোৱাই লিখি উলিওৱা এই সাক্ষাৎকাৰটোত শ্ৰীযুত নীলোৎপল বৰাই তেখেতৰ পাৰ হৈ অহা জীৱনৰ বিষয়ে আৰু সাম্প্ৰতিক অসমীয়া সংগীত জগতৰ বিষয়ে ভালেকেইটা গুৰুত্বপুৰ্ণ কথা কৈছে। সামাজিক মাধ্যমত এতিয়ালৈ খুব কম সাক্ষাৎকাৰ দিয়া নীলোৎপল বৰাৰ লগত হোৱা ফটাঢোলৰ এই মুখামুখিয়ে পাঠক সমাজক আপ্লুত কৰিব বুলি আমি আশাবাদী।

ফটাঢোল– আপোনাৰ শৈশৱৰ বিষয়ে আমাৰ ৰাইজক অকণনাম জনাওক।

নীলোৎপল বৰা– মোৰ জন্ম যোৰহাটত। মোৰ পৰিয়ালত মোৰ মা, ভাইটি, আইতা, মোৰ পৰিবাৰ, মোৰ এজনী অকণমানি ছোৱালী- নৈ লগতে মোৰ মামা, মামী, মাহী মহাৰ ল’ৰা-ছোৱালীৰে আমাৰ এটা ডাঙৰ যৌথ পৰিয়াল। মোৰ পৰিয়ালৰ প্ৰায় সকলো লোক যোৰহাটতে থাকে আৰু কোনোবা কোনোবা ভাৰতৰ বিভিন্ন ঠাইতো থাকে। শিক্ষা জীৱনৰ বিষয়ে ক’বলৈ গ’লে মই যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ত পঢ়িছিলোঁ  তাৰ পাছত জে.বি কলেজৰ পৰা হায়াৰ ছেকেন্ডাৰী পাছ কৰি গুৱাহাটীলৈ আহোঁ ২০০৮ চনত। গুৱাহাটীৰ অসম আভিযান্ত্ৰিক প্ৰতিস্থানৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰোঁ। তাৰ পাছত মিউজিকতে লাগি গ’লোঁ, মিউজিকেই কৰিলোঁ।

ফটাঢোল– সংগীতৰ আৰম্ভণি কেতিয়াৰ পৰা হ’ল বুলি ক’লে কি কব?

নীলোৎপল বৰা– মোৰ এনেকুৱা ভাব হয় যেন মোৰ সংগীতৰ লগত যিটো সম্বন্ধ, যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এইটো জনমৰ নহয়, ইয়াৰ বহুকেইটা আগৰ জনমৰ পূৰ্বেই চাগে সংগীতৰ লগত মোৰ সম্বন্ধ। সংগীতৰ সৈতেই চাগে আগৰ জনমত জীয়াই আহি এই জনমটো পাইছোঁ।

ফটাঢোল– বা, চমৎকাৰ! ইয়াৰ পাছৰ কথালৈ আহোঁ, মাজুলী আপোনাৰ এটা জনপ্ৰিয় গীত। জনপ্ৰিয় মানে এই গীতটোৱে আপোনাক প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ বুকুৰ মাজলৈ নিলে বুলি ক’লেও চাগৈ ভুল কোৱা নহ’ব। বৰ্তমান আপুনি মুম্বাইত। মাজুলীৰ পৰা মুম্বাইৰ এই যাত্ৰাৰ বিষয়ে অকণমান জনাবনে?

নীলোৎপল বৰা– ২০১৭ চনত যেতিয়া মাজুলী গীতটোৱে মুক্তি লাভ কৰিছিল তেতিয়া তাৰ আপুনি কোৱাৰ দৰেই যথেষ্ট চৰ্চা হৈছিল। মোক বহুতে খুবেই প্ৰশংসা কৰিছিল, আপুনি চাগৈ জানি ভাল পাব যে, কেৱল অসমীয়া মানুহেই নহয় অসমৰ বাহিৰতো অনা অসমীয়া লোকৰ আৰু আনকি ভাৰতৰ বাহিৰৰ পৰা বহুত মেচেজ মই পাইছিলোঁ। তেনেকুৱা এটা মেচেজৰ লগতে মই এটা ফোন কল পাইছিলোঁ TVF-ৰ পৰা। TVF মানে আপোনালোকে জানেই The Viral Fever যিয়ে ভাৰতত সৰ্বপ্ৰথম ৱেব চিৰিজৰ ট্ৰেণ্ডটো আনিছিল। TVF-ৰ সমীৰ চাক্সেনা, তেতিয়া তেওঁ এখন ৱেব চিৰিজৰ পৰিচালনা কৰি আছিলে “য়ে মেৰী ফেমিলি” নামৰ। সেই ৱেব চিৰিজখনৰ এটা গীত মোক কৰিবৰ বাবে আৰু গীতটো মই নিজে গাবৰ বাবে মোলৈ ফোন আহিছিল। সেই সময়ত মই অসমত এটা শ্বুটীং কৰি আছিলোঁ, তাৰ পৰাই মই মুম্বাই আহিছিলোঁ আৰু কথা-বতৰা পাতিছিলোঁ। তেওঁলোকে খুৱ ভাল পাইছিল মাজুলী গীতটো। তেওঁলোকে ক’লে যে মোৰ যিটো গীতৰ ষ্টাইল আৰু মোৰ যিটো ভইছ ঠিক তেনেকুৱাই তেওঁলোকে বিচাৰি আছে। সেইমতেই মই “ধাগা” গীতটো বনাই দিছিলোঁ। “ধাগা” গীতটোৰ পাছতেই TVF-ৰ লগত আৰু কেইবাটাও কাম কৰিলোঁ, “ট্ৰিপলিং” কৰিলোঁ, ‘’এছপাইৰেণ্ট” কৰিছোঁ। তেনেকুৱাকৈ যাত্ৰাটো আগবাঢ়ি গৈ আছে। এতিয়া অন্যান্য কামৰ লগতে নেটফ্লিক্সৰ এখন চিনেমাৰ কামো চলি আছে। এইখিনিতে মই কওঁ, সংগীত পৰিচালক আৰু গায়ক হিচাপে মোৰ যাত্ৰা আচলতে এতিয়াহে আৰম্ভ হোৱা বুলি মই ভাবোঁ।

ফটাঢোল– খুব ভাল লাগিল এই কথাখিনি জানি। আমি আশা কৰিছোঁ আমাৰ পাঠকসকলেও আপোনাৰ এই কথাখিনি জানি বৰ ভাল পাব। নীলোৎপল, আমি এইবাৰ আন এটা কথা জানিব খুজিম। আপুনি প্ৰয়াত খগেন মহন্তদেৱৰ “সৰুকৈ বকুলফুল লাহি” এই গীতটো নিজৰ কন্ঠৰে নতুনকৈ সজাইছিল। অগ্ৰজসকলৰ কাৰ গীতে আপোনাক সদায়েই প্ৰেৰণা দিয়ে? 

নীলোৎপল বৰা– গীতটোৰ কথা আপুনি ইমান সুন্দৰকৈ মনত ৰখাৰ বাবে অশেষ ধন্যবাদ। আপোনাৰ প্ৰশ্নটোৰ উত্তৰত কাৰ গীতে বুলি ক’বলৈ অলপ দিগদাৰ হয়। আচলতে অগ্ৰজসকলৰ প্ৰতিটো গীত বুলি নক’লেও প্ৰতিজন সংগীতজ্ঞ, প্ৰতিজন কবি, প্ৰতিজন লেখকৰ সৃষ্টিৰাজিয়ে মোক অনুপ্ৰাণিত কৰি আহিছে। এইটো কথা স্বীকাৰ কৰোঁ সকলোৰে সকলো গীত ভাল নালাগে, ভালপোৱাতো সম্ভবো নহয় কিন্তু প্ৰায় প্ৰতিজন আমাৰ স্বনামধন্য শিল্পীৰ সৃষ্টিয়েই মোৰ প্ৰিয়।

ফটাঢোল– আপোনাৰ গীতবোৰত এটা চিনাকি চিনাকি লগা অসমৰ সুৰ বাজি থাকে। অসমৰ লোক সংগীতক লৈ আপোনাৰ কিবা বিশেষ পৰিকল্পনা আছে নেকি?

নীলোৎপল বৰা– মোৰ অসমৰ লোক সংগীতক লৈ বিশেষ একো পৰিকল্পনা নাই, কাৰণ মই এতিয়াও বিশ্বাস কৰোঁ “অৰগেনিক প্ৰচেচ”ত। মই মুম্বাইত থাকি, শীত তাপ নিয়ন্ত্ৰিত ৰুম এটাত শুই ইয়াৰ বাবে কিবা কৰিব পাৰিম বুলি মনে নধৰে। মই ভাবোঁ Folk is a Life Style আৰু মই যদি সেই Life Style-টোত নাই তেন্তে মই সেই বস্তুটো কৰিবলৈ গ’লে সেই বস্তুটো অলপ মেকানিকেল হ’ব। যেতিয়া মই সেই Life Style-টোত থাকিম তেতিয়া মই সেই সংগীত কৰিম।

ফটাঢোল– আপোনাৰ দৃষ্টিত আপুনি কি? 

নীলোৎপল বৰা– মোৰ দৃষ্টিত নীলোৎপল বৰা “ইজ নাথিং বাট এ ফেমিলি মেন”।

ফটাঢোল- গ্ৰাম’ফোন ৰেকৰ্ডৰ পৰা ৰেডিঅ, টেপ ৰেকৰ্ডাৰ, চিডি, ৱাকমেনৰ পৰা বৰ্তমানৰ মোবাইল এপলৈ এই সমগ্ৰ যাত্ৰাটোত ক’ৰবাত আমাৰ সংগীতে উজুটি খাইছে বুলি আপুনি অনুভৱ কৰে নেকি?

নীলোৎপল বৰা- আচলতে সংগীতে উজুটি খোৱা নাই, উজুটি আমিহে খাইছোঁ। কথাটো এনেকুৱা হৈছে যে আগতে কেছেট বা চিডি এখন ৰিলিজ কৰিবলৈ বা এজন সংগীত পৰিচালক হ’বলৈ, গায়ক হ’বলৈ টান। টান মানে এতিয়াও টান কিন্তু এতিয়া ভাল গায়ক বা ভাল সংগীত পৰিচালক হ’বলৈ টান কিন্তু বৰ্তমান সময়ত কি হৈছে মোবাইল এপ, ইউটিউব বা ইণ্টাৰৰনেট আহি যোৱাৰ লগে লগে মানে যিয়ে মন যায় প্ৰতিভা বৰ বেছি নাথাকিলেও কিবাকিবি উপায়েৰে শিল্পী এজনৰ দৰে নিজকে চমক লগাই দেখুৱাব পৰা সুবিধা হ’ল। সেইটো আচলতে নিজৰ বাবে বেয়া আৰু সংগীতৰ বাবে অপকাৰী। 

 

ফটাঢোল– সংগীত আপোনাৰ বাবে নিচা নে পেচা?

নীলোৎপল বৰা- সংগীত মোৰ বাবে পেচা আৰু নিচা দুয়োটাই হয়। নিচা থকা বাবে পেচাটো ভালকৈ চলি আছে। সেইটোৱেই আচল কথা।

ফটাঢোল- এজন সংগীত শিল্পী বা গায়কৰ উত্থানত গীতিকাৰৰো যথেষ্ট ভূমিকা থাকে। পূৰ্বৰ তুলনাত অসমৰ গীতি সাহিত্যৰ সেই গৰিমা নাই বুলি সততে এটা অভিযোগ থাকে। আপোনাৰ মতামত জানিব বিচাৰোঁ এই ক্ষেত্ৰত।

নীলোৎপল বৰা- হয় এই অভিযোগটো আটাইতকৈ বেছিকৈ কৰি থকা মানুহটোৱেই কিজানি মই। মই সদায় গুৰুত্ব দিওঁ গীতৰ কথাত আৰু বৰ্তমান সময়ত মই দেখিবলৈ পাইছোঁ যে, কিছু গীতিকাৰে আজিকালি মাত্ৰ শব্দ লিখে। বাক্য নিলিখে, গীতটোৰ মাজেৰে কি ক’ব খুজিছে সেইটো স্পষ্ট নহয়। গীত আচলতে তেনে হ’ব নালাগে আৰু আটাইতকৈ বেয়া লগা কথাটো হৈছে যে, তেনেকুৱা বহু গীত জনপ্ৰিয়ও হৈছে। সেই বস্তুটো খুব বেয়া বুলি মই ভাবোঁ। আমাৰ অগ্ৰজ আৰু পূজনীয় হীৰু দা, ড° ভূপেন হাজৰিকা বা জিতুল সোণোৱালৰ গীতৰ কথাসমূহলৈ মন কৰিলেই এটা গীতৰ কথা কেনে মানৰ হ’ব লাগে তাৰ উমান পাব পাৰি। ফটাঢোল- কোনজন সংগীত পৰিচালকৰ লগত বা কাৰ বাবে সংগীত পৰিচালনা কৰাৰ আগ্ৰহ আছে আপোনাৰ?

নীলোৎপল বৰা- বিশাল ভৰদ্বাজ, ইমটিয়াজ আলি এই দুজনৰ বাবে কৰিবলৈ মন আছে। অসমত মুনীন বৰুৱাৰ লগত কাম কৰাৰ খুৱ ইচ্ছা আছিল, অৱশ্য পৰোক্ষভাবে তেখেতৰ কেইবাটাও কাম মই কৰিছোঁ। তেখেতে কৰি যোৱা সৃষ্টিসমূহৰ বাবে মই এতিয়াও সংগীত পৰিচালক হিচাপে কাম কৰিবলৈ আগ্ৰহী।

ফটাঢোল- মানুহ হিচাপে প্ৰতিজন লোকেই সফলতা খেদি ফুৰাতো দুই এক ব্যতিক্ৰমভেদে সকলো মানুহৰ সহজাত প্ৰবৃত্তি। আপোনাক যদি সুধা হয় যে, বৰ্তমান সংগীতৰ ক্ষেত্ৰখনৰ কোনটো পৰ্যায়ত আপুনি ভৰি দিলে, আপুনি নিজকে সফল বুলি কেতিয়া ভাবিব?

নীলোৎপল বৰা- এই প্ৰশ্নটো এটা ধুনীয়া প্ৰশ্ন। আচলতে  মই  নিজকে সফল বুলিয়েই ভাবোঁ। সফল বুলি এই কাৰণেই ভাবোঁ, কাৰণ মই যেতিয়া আজিৰ পৰা ১৫ বছৰ আগতে মিউজিক কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সেইসময়চোৱাত মোৰ যিসকল নিকট ব্যক্তি আছিল, তেওঁলোকে জানে, মই তেতিয়াই উপলব্ধি কৰিছিলোঁ যে সংগীত কৰিলেহে বা সংগীতৰ মাজত থাকিলেহে মই সুখী হ’ম। সেই সংগীত মই গুৱাহাটীত থাকি কৰিম নে মুম্বাইত থাকি কৰিলেহে মই সুখী হ’ম তেনেকুৱা কোনো কথা নাছিল। মুঠতে মই সংগীতৰ মাজত থাকিব লাগে। সংগীত এৰি মই এটা দিনো পাৰ কৰিব নোৱাৰোঁ। গতিকে এতিয়া যিহেতু মই বিচৰা ধৰণেই সংগীতৰ লগত থাকিব পাৰিছোঁ আৰু সংগীত মোৰ পেচা সেয়ে মই নিজকে সফল বুলিয়েই ভাবোঁ।

ফটাঢোল- মাজৰ কিছু সময়ত অসমীয়া ভাল সংগীতৰ গ্ৰাফডাল নিম্নমুখী হোৱা সময়তেই আপোনাৰ কণ্ঠ আৰু সংগীতেৰে সজোৱা মাজুলী শীৰ্ষক গীতটোৱে আলোড়ণ সৃষ্টি কৰিছিল। আপুনি ভাবেনে অসমীয়া সংগীত বৰ্তমান সময়ত সঠিক পথেৰে গৈ আছে?

নীলোৎপল বৰা-কোনটো সঠিক ৰাষ্টা মই নাজানো। কিন্তু কথাটো হ’ল যে, এই সময়চোৱাত অসমত বৰ ভাল ভাল কাম হৈ আছে। কেইবাজনো নতুন নতুন ভাইটিয়ে বৰ ধুনীয়া ধুনীয়া কাম কৰি আছে।

মই কেৱল এটা বস্তু ভাবোঁ যে, আমি যেতিয়া জিতুল সোণোৱাল বা জুবিন গাৰ্গৰ গীত শুনিছিলোঁ ৯০ দশকত বা তাৰো আগতে ৮০ দশকত ভূপেন উজীৰ চাৰৰ হওক বা আমাৰ পুলক বেনাৰ্জী, ৰমেন বৰুৱা, ৰমেন চৌধুৰী, দ্বীপেন বৰুৱা আদি স্বনাম ধন্যসকলৰ গীত শুনিছিলোঁ, তেওঁলোকৰ সংগীতবোৰ ক’ৰবাত নহয় ক’ৰবাত “ষ্টাডী মেটেৰীয়েল” আছিল। বৰ্তমান সময়ত সেই বস্তুটো দুৰ্লভ বা নাই বুলিয়েই ক’ব পাৰি। মই নিজেও দিব পৰা নাই, স্বীকাৰ কৰোঁ। ফটাঢোল- আপুনি এগৰাকী ভ্ৰমণপ্ৰিয় মানুহ বুলি আমি জানো। ভ্ৰমণৰ সময়ত ঘটা এনে কিবা ভয় লগা বা হাঁহি উঠা ঘটনা যিটো আপুনি আজি আমাৰ লগত শ্বেয়াৰ কৰিব খুজিব?

নীলোৎপল বৰা- ভয় লগা ঘটনা নাই তেনেকৈ, হাঁহি উঠা ঘটনা ঢেৰ আছে। এটা মনলৈ আহিছে, এবাৰ মই জোৰ দি, অনুৰাগ আৰু বিতুপনৰ লগত ফুৰিবলৈ গৈছিলোঁ হিমাচললৈ। আজিৰ পৰা ৮ বছৰ মান আগৰ কথা আছিল সেইটো। সেইবাৰ মই প্ৰথমবাৰ হিমাচল গৈছিলোঁ। যাবলৈ বাছত যেতিয়া উঠিছোঁ, তেতিয়া প্ৰত্যককে পলিথিন এটা এটা দিছে যে, বমি কৰিলে ইয়াত কৰিব। মই তেতিয়া ওস্তাদি মাৰি নালাগে বুলি কৈছোঁ, মানে ভাবিছোঁ যে আমাৰ তাত ইমান পাহাৰীয়া ৰাষ্টাত ফুৰাৰ অভিজ্ঞতা আছে গতিকে মোৰ বমি নহয়। ৰাতিপুৱা অনুৰাগ আৰু বিতুপন শুই আছে, মই ৰাতিপুৱা এজন পাঞ্জাবী মানুহৰ পৰা পলিথিন লৈ বমি কৰিছোঁ, ইহঁত দুটাই তাকে দেখি খুব হাঁহিছে।

ফটাঢোল- আমাৰ শেষ কৰিবৰ হ’ল আজিলৈ। অশেষ ধন্যবাদ আপোনালৈ। সংগীতৰ ক্ষেত্ৰখনত আপুনি আৰু আগুৱাই যাওক। আমাৰ শুভেচ্ছা থাকিল।

নীলোৎপল বৰা- ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব ভাল লাগিল। ফটাঢোল কিছু নহয় ভালেখিনি ব্যতিক্ৰম, প্ৰশ্নবোৰৰ উত্তৰ দি ভাল লাগিল। মই এতিয়ালৈকে দি অহা সাক্ষাৎকাৰবোৰতকৈ এইটো এটা ব্যতিক্ৰমী সাক্ষাৎকাৰ হ’ব বুলি মই আশাবাদী। ফটাঢোললৈ মোৰ ফালৰ পৰাও আন্তৰিক ধন্যবাদ থাকিল। 

(সাক্ষাৎকাৰৰ বাবে মনজিত বৰা, হিমাংশু ৰাজখোৱা প্ৰমুখ্য সম্পাদনা সমিতিৰ প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ – সম্পাদক।)

☆★☆★☆

7 Comments

  • মুকুট ভট্টাচাৰ্য্য

    ভাল লাগিল সাক্ষাৎকাৰটো

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল প্ৰিয় শিল্পীগৰাকীৰ বিষয়ে জানিবলৈ পাই।

    ধন্যবাদ মনজিত, হিমাংশু আৰু দিম্পল

    Reply
  • মানসী

    মনোগ্ৰাহী সাক্ষাৎকাৰ। প্ৰিয় সংগীত শিল্পীজনৰ বিষয়ে জানিবলৈ পাই সুখী হ’লো।

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • Utpala Bhuyan

    জানি সুখী হলো।

    Reply
  • জ্যোতিৰূপা

    লোক সংগীতক লৈ সততাৰে কোৱা কথাখিনি ভাল লাগিল৷

    Reply
  • Pranita Goswami

    সাক্ষাৎকাৰ পঢ়ি অভিভূত হ’লোঁ। মন ভৰিৰ।

    Reply

Leave a Reply to Pranita Goswami Cancel reply

Your email address will not be published. Required fields are marked *