সংখ্যাটোৰ আঁৰৰ কথা
জুলাই মাহৰ কোনোবা এটা গধূলি ফোনটো বাজি উঠিল। ম’বাইলৰ স্ক্ৰীণত দেৱজিত শৰ্মা দাদাৰ নাম। ফোনটো ৰিচিভ কৰাত,
: কি হে ডেকাল’ৰা। মানুহজন একেবাৰে গায়েব হৈ আছা যে। (আচলতে সেই মাহ দুটাত মই ভাৰ্চুৱেল জগতৰ সকলো প্লেটফৰ্মৰ পৰা আঁতৰি আছিলোঁ। একপ্ৰকাৰ ছুটি লৈছিলোঁ। যিটো ছুটি মই প্ৰতিবছৰে ল’বলৈ চেষ্টা কৰোঁ। নিজৰ মনটোক সতেজভাবে আকৌ উভতাই আনিবলৈ বছৰৰ এই বিৰতি যোৱা চাৰিবছৰে লৈ আছোঁ।)
মই : দাদা এনেই আঁতৰি আছোঁ। আচলতে মন ভাল নহয়। ফেচবুকে আমুৱাইছে। লিখিব মন গ’লেও একো এটা লিখিব নোৱাৰা হৈছোঁ। সেয়ে অলপ আঁতৰি দিছোঁ।
দাদা : মোৰো একেই সমস্যা। পৰিস্থিতিয়ে তেনেকুৱা কৰিছে।
দুই এটা কথাৰ মাজতে দেৱজিত দায়ে উলিয়ালে,
: সোনকালে অহা ফেচবুকত। তোমাক ছেপ্টেম্বৰ সংখ্যাৰ সম্পাদক পাতিছে। ৰিণ্টুদা আৰু কাকতিদায়ে মোক জনাবলৈ দিছে।
হাঁহি এটাৰে উৰুৱাই দিলোঁ,
: মই আৰু সম্পাদক, মোৰ দ্বাৰা এতিয়াটো আৰু এইবোৰ নহ’ব দাদা।
: তোমাক অনুৰোধ কৰা নাই দেই। কনফাৰ্ম তুমিয়েই হ’বা। আজি ইমান বছৰ তুমি সম্পাদনা টিমটোৰ লগতে আছা। গতিকে কিহৰ চিন্তা। তুমি পাৰিবা।
মোৰ উত্তৰ নোলোৱাকৈয়ে ফোনটো দাদাই ৰাখিলে।
দাদাই কোৱা কথাবোৰ মিছা নহয়। সম্পাদনা সমিতিত থাকি আজি ইমান দিনে বেছিভাগ কামেই জানিছিলোঁ। বৰ বিশেষ টানো নহয় লগত যিটো টিমৱৰ্ক আছে। সেইখিনিতে অলপ সাহস গোট খাইছিল। তাৰ পিছতো মই বাৰে বাৰে নিজৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন কৰিছিলোঁ। এনে এখন আগশাৰীৰ আলোচনীত মই এটা সংখ্যাৰ সম্পাদক হ’ব লাগিব! লগে লগে বহুত কথাই মনটোৱে উনুকিয়াবলৈ ল’লে। ফটাঢোলৰ লগত মোৰ পুৰণি কথাবোৰ। একো এটা লিখিব নজনা মইজনে ভয়ে ভয়ে যেতিয়া আলোচনীলৈ বুলি প্ৰথম লেখা এটা পঠিয়াইছিলোঁ আৰু লেখাটোৰ প্ৰকাশত মনত অহা সেই ফূৰ্তিবোৰ। আৰু আজি সেই দিনটো ফূৰ্তি আৰু এতিয়াৰ দায়িত্বখিনি অনুভৱ কৰিবলৈ ধৰিলোঁ।
৪ আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে গ্রুপৰ মজিয়াত। দাদা-বাইদেউসকলৰ শুভেচ্ছাত মই সাহস পালোঁ।লগতে সিদ্ধান্ত ল’লোঁ যিমান মোৰ দ্বাৰা সম্ভৱ কষ্ট কৰিম এটি সুন্দৰ সংখ্যা ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ। যদিওবা আলোচনী সম্পাদনা টিমৰ লগত জড়িত আছিলোঁ তথাপিও সম্পাদক এজনে কৰিব লগা দুই এটা টেকনিকেল কাম দেৱজিত দাদায়ে বুজাই দিলে। আৰু আৰম্ভ হ’ল মোৰ কৰ্ম যাত্ৰা। এইযাত্ৰাৰ প্ৰতিটো দিনেই মোৰ ওচৰত থিয় হৈ থাকিল মোৰ মৰমৰ ককাইদেউ দুজন যোগেশ দা আৰু দেৱজিত শৰ্মাদা। তেওঁলোকৰ অবিহনে এই যাত্ৰাটো মোৰ বাবে সম্ভৱ নহ’লহেঁতেন। নিজৰ ব্যস্ততাৰ মাজত যেতিয়াই বিচাৰোঁ তেতিয়াই মোক সহায়ৰ হাতখন আগবঢ়াই দিয়া দাদাজনক ধন্যবাদ দি ককাই ভাইৰ সম্পৰ্কক দূৰত্ব আনিব নিবিচাৰোঁ।
প্ৰতিবাৰৰ দৰে ডাঙৰ কামটো আছিল আলোচনীৰ সাক্ষাৎকাৰ লোৱাটো। কাৰ ল’ম, কেনেকৈ ল’ম ভাবি থাকোঁতে এখন মুখ মনলৈ আহিছিল আৰু সেই মানুহজনৰ ওচৰ চাপিবলৈ একমাত্ৰ ৰাস্তা আছিল মৰম ককাই মনজিত দা। সকলোৰে মৰমৰ মন কায়ে মোক একেমুখে কথা দিলে। এইটো দায়িত্ব তেওঁ লৈছে আৰু মনকাইয়ে কথামতেই কাম কৰিলে। ধুনীয়াকৈ আমাৰ শিল্পী নিলোৎপল বৰাৰ সাক্ষাৎকাৰটো সংগ্ৰহ কৰি মোক দিলে। এই সাক্ষাৎকাৰটো সুন্দৰকৈ সজাই, ইউনিকোড কৰি মোক এটা ডাঙৰ সহায় কৰিলে হিমাংশু ৰাজখোৱাদাদায়ে। দুয়োজন দাদালৈ আন্তৰিক ধন্যবাদ ।। লগতে গোটেই আলোচনীখনৰ অলংকাৰস্বৰূপ বেনাৰৰ কামবোৰত সহায় কৰা চন্দন বৰিদাক এই চেগতে বহুত বহুত ধন্যবাদ যাচিলোঁ।
আলোচনীখন খুলিলেই প্ৰথমে চকুত পৰা বেটুপাতৰ বাবে প্ৰথমদিনাই আৰাধনা বাক দায়িত্ব দিছিলোঁ। বায়ে মোক নিৰাশ নকৰি বেনাৰখন সুন্দৰকৈ সজাই আলোচনীখন সুগঢ়ী কৰি তুলিলে লগতে দিগন্ত কুমাৰ ভট্টাচাৰ্য্য দাদায়ে বেনাৰৰ আখৰৰ ডিজাইনখিনি সুন্দৰকৈ বনাই দিয়া বাবে দাদালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
সময়ে সময়ে খা-খবৰ লৈ উৎসাহ দি থকা আৰু সহায় কৰিবলৈ সকলো সময়তে সাজু হৈ থকা বিজয় মহন্তদা, নিলাক্ষী কাকতিবা, সঞ্জীৱদা, কাবেৰী বা, উৎপলা ভূঞাবা,মানসী বৰা বা,বিজু বুঢ়াগোহাঁই আৰু বিভিন্নজন আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷
আলোচনীৰ বাবে ফটাপ্ৰশ্ন সংগ্ৰহ কৰি দিয়া আৰু কিবা কাম আছে নে মেছেজৰ যোগেদি কামৰ খতিয়ান লৈ থকা ৰাজশ্ৰী শৰ্মাবাও মোৰ সাহস।
ফটাঢোলৰ চিনেমা শিতানটো ব্যস্ততাৰ মাজতো প্ৰতিবাৰে নিয়াৰিকৈ চলাই নিয়াৰ বাবে ডলী বাইদেউৰ এইবাৰ বিংশতম চিনেমা। কোনোবাখিনিত বাইদেউক লৈ গৌৰৱ কৰোঁ। এইবাৰৰ চিনেমাখন লিখোঁতে কিমান কি সমস্যা হৈছিল সেয়া মই আৰু সম্পাদনা সমিতিৰ দাদা-বাইদেউসকলে অনুভৱ কৰিব পাৰিছিলোঁ। বা আপোনাৰ কাৰণে ধন্যবাদ শব্দটো সৰু হ’ব। আপোনালৈ আৰু সন্মান জাগি উঠিল।
বৰ্ণাশুদ্ধিৰ টিমটোৱে মোক যিমানখিনি সহায় আৰু সাহস দিলে সেয়া মই শব্দৰে প্ৰকাশ হয়তো কৰিব নোৱাৰোঁ। কিমান ভাল পোৱা আৰু মৰম থাকিলে ইমান সুন্দৰকৈ সকলোখিনি কৰিব পাৰে সেয়া ভাৱিব বাধ্য কৰিছিল আপোনালোকে। প্ৰণীতা গোস্বামী বৰঠাকুৰ বা, চবিনা ইয়াচমিন বা, পৰীস্মিতা গগৈ বা , ৰিমঝিম বা, ঋতুপৰ্ণা মহন্তবা মোৰ সম্পাদনাত ওলোৱা সংখ্যাটোৰ যদি কোনোবাখিনিত সফল হৈছে তাৰে সকলোখিনি এই বৰ্ণাশুদ্ধি টিমটোৰ কাৰণে। এই কথা মই সদায় স্বীকাৰ কৰি যাম। বানান চোৱাৰ উপৰিও কি ভাল, কি ভুল সকলোখিনি সুন্দৰকৈ মোক মাজে মাজে দিহা পৰামৰ্শ দি যাত্ৰাটো সহজ কৰি তুলিছিল। হয়তো আমাৰ বাবে গৌৰৱৰ কথা ফটাঢোল আলোচনীত এনেকুৱা এটা বৰ্ণশুদ্ধি টিম পাইছোঁ। কুশলে থাকক সদায় আপোনালোক। সদায় মনত সাঁচি ৰাখি সময়বোৰ।
ফটাঢোল আলোচনীখন আজি ইমানবছৰে সফলভাবে মানুহৰ মাজলৈ গৈ থকাৰ আঁৰৰ মূল মানুহজন শ্ৰদ্ধাৰ ৰিণ্টুমণি দত্তদাদা, অভিজিত কলিতাদাদা , হেমন্ত কাকতিদাদা। আজি আলোচনীখনে এই স্থান পোৱাত দাদাসকলৰ অৰিহণা যথেষ্ট। তেওঁলোকে দিয়া এই মঞ্চখনৰ পৰাই কোনোবাখিনিত কিবা এটা লিখাৰ আজি সাহস কৰিলোঁ। তেওঁলোককো আজি এই চেগতে আন্তৰিক ধন্যবাদ যাচিলোঁ।
সদৌ শেষত ধন্যবাদ জনালোঁ আপোনালোকক। মোৰ এটা অনুৰোধত আপোনালোকে জীৱনৰ ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই মোলৈ এটি সুন্দৰ লেখা পঠিয়ালে। কাৰণ আপোনালোকৰ লেখা অবিহনে মোৰ এই যাত্ৰাটো অসম্ভৱ আছিল। মই জানো ভুল হৈছে অজানিতে কিছুমান। কাৰণ মোৰ বাবে এই সকলোবোৰ নতুন অভিজ্ঞতা আছিল। গতিকে অজানিতে কৰা ভুল ত্ৰুটিবোৰ নিজৰ ভাইটি, বন্ধু বুলি যেন মোক ক্ষমা কৰি দিয়ে।
ফটাঢোল পৰিয়ালৰ সকলো সদস্যলৈ আন্তৰিক ধন্যবাদৰ লগতে ফটাঢোল আলোচনীখনক আঁকোৱালি লোৱা পঢ়ুৱৈসকলোলৈয়ো শ্ৰদ্ধা নিবেদিলোঁ। আপোনালোকে কৰা মৰমৰ ফল আজি আলোচনীখনে ইমানকেইটা সংখ্যা অতিক্ৰম কৰিলে। আগলৈয়ো যাতে আপোনালোকৰ মৰম এনেকৈ থাকে তাৰেই আশাৰে।
দিম্পল কলিতা
হাঁহিবোৰ সোঁচৰা বেমাৰ কৰোঁ আহক।
সম্পাদক
ফটাঢোল ই-আলোচনী,
পঞ্চম বৰ্ষ,দ্বিতীয় সংখ্যা
10:30 pm
আঁৰৰ কথাখিনি আঁতি-গুৰি মাৰি বৰ সুন্দৰকৈ লিখিলা দেই।তুমি এনেই ভয় খাই আছিলা।
12:10 pm
কাম কৰি ভাল লাগিল তোমাৰ লগত
12:17 pm
মোৰ বিশ্বাস আছিল তোৰ সম্পাদনাত খুব ভাল সংখ্যা এটি পাম৷ অভিনন্দন৷
8:12 pm
সেয়া মই জানো নহয় লৰা তোক বহুত মানুহে মৰম কৰে।সেই মৰম স্নেহ আৰু আশীৰ্বাদ খিনি লৈ যে এটা সুন্দৰ সংখ্যা আমাক উপহাৰ দিলে।
8:25 pm
বৰ নিয়াৰীকৈ কামবোৰ আগবঢ়াই নিলা। কাম কৰি সুখী হ’লোঁ। এটি সুন্দৰ সংখ্যা উপহাৰ দিলা, বহুত মৰম তোমালৈ।
8:34 pm
জীৱনৰ প্ৰতিটো নতুন কামেই এক বিশেষ অভিজ্ঞতা প্ৰদান কৰে। ফলত জটিলতা বোৰ পাছলৈ তেনেই সহজ হৈ পৰে। বৰ সুন্দৰকৈ প্ৰকাশ কৰিলা আঁৰৰ কথা খিনি। এইবোৰো একো একোটা মিঠা স্মৃতি হৈ ৰ’ব।আগবাঢ়ি যোৱা। অযুত শুভ কামনা তোমালৈ ।
“ফটাঢোল” ৰ যাত্ৰা এনেকৈয়ে অব্যাহত থাকক ??
8:35 pm
জীৱনৰ প্ৰতিটো নতুন কামেই এক বিশেষ অভিজ্ঞতা প্ৰদান কৰে। ফলত জটিলতা বোৰ পাছলৈ তেনেই সহজ হৈ পৰে। বৰ সুন্দৰকৈ প্ৰকাশ কৰিলা আঁৰৰ কথা খিনি। এইবোৰো একো একোটা মিঠা স্মৃতি হৈ ৰ’ব।আগবাঢ়ি যোৱা। অযুত শুভ কামনা তোমালৈ ।
“ফটাঢোল” ৰ যাত্ৰা এনেকৈয়ে অব্যাহত থাকক ??
8:34 pm
বৰ সুন্দৰ আলোচনী এখন পালো। বহুত শুভেচ্ছা থাকিল।
8:52 pm
বহুত ভালকৈ কামবোৰ কৰিলা দিম্পল৷ ধন্যবাদ তোমালৈ ৷
12:26 am
ইমান নিয়াৰিকৈ কামখিনি কৰিলা। আকৌ এবাৰ অভিনন্দন দেই।
12:59 am
আৰৰ কথাবোৰ ধুনীয়াকৈ লিখিলা। আন্তৰিকতাৰে সহযোগ সকললৈ ধন্যবাদ। সুন্দৰ সংখ্যাটোৰ বাবে তোমাক অভিনন্দন।
9:07 pm
আৰৰ কথাবোৰ জানিব পাৰি ভাল লাগিল৷