ফটাঢোল

ভ্ৰমণৰ লটিঘটী-অসীমা দত্ত শইকীয়া

প্ৰথম সেইভাগিৰ দৰ্শন হৈছিল গেংটকত। কি ‘ৰ’প ৱে’ চিনি-জানি নাপাওঁ৷ শুনিছোঁ ৰছীত ওলমি যায়। দেখা নাই তেতিয়ালৈ। গ’লোঁ‌ পুৱাই। পাহাৰৰ কাষত টিকট ঘৰটো। তাত সুমাই টিকট কৰিলোঁ‌। মনতে ভাবি আছোঁ‌ উঠিম ক’তনো। এপাকত দেখোঁ‌ এফালেদি উভতি অহাবোৰ সুমাইছেহি, যাবলৈ ওলোৱাবোৰ উভতি অহাবোৰত সুমাবলৈ গৈছে!  লাইনত থিয় হৈ মই আগৰটোক খুৱ চাইছোঁ‌। কঁকালে মূৰে আগৰটোক বেল্ট মাৰি আছে, সন্মুখত গ্লাছৰ বাকচটো, তললে দ খাৱৈ। ৰেহ-ৰূপ চাই আইডিয়া কৰিলোঁ‌, মানে কলেৰা বেজীৰ লগত সৰুতে দৌৰা পাৰ্ফমেঞ্চ পুনৰ দেখুওৱাৰ পাল মোৰ।

বেল্ট মৰাটোক সুধিলোঁ‌, কনফাৰ্ম হ’বলে,

: দেখিম কি, এইটোত উঠি।

সি তললে আঙুলিয়ালে,

: গেংটকখন দেখিব।  

মূৰটো তললে চাই চিৰিঙকে যোৱা নাই, চিধাই মূৰটোৱে কলিজাত গোৰ মাৰি চিগনেল দিছে, চেচ তই ঐ মৰতী। আৰু কলিজাই চিগনেল দিছে আঁ‌ঠুলৈ, হয় বহি দে ন’হলে দৌৰ ঐ মৰতী। নাই মোৰ আঁ‌ঠুৱে চিগনেল নাই পোৱা। জঠৰ হ’লোঁ‌ ভয়ত। অমিতাভ বচ্চনৰ পুতেকৰ নাচৰ দৰে, তাৰ ওখ মূৰটোৱে ভৰিলে দিয়া চিগনেল, ভৰিয়ে নেপাই বাপেকৰ নাচটোকে যে দি থাকে, মাককো মিক্স কৰি লৈ মাজত। মোৰো ভয়ত মূৰৰ চিগনেল ভৰি নাপাইছেহি।

ওচৰৰ এজনী নুঠোঁ‌ বুলি দৌৰিলে, তেতিয়াহে হুঁচ আহিল দৌৰিব যে লাগে নুঠোঁ‌ বুলি। তাইৰ লগতে দৌৰি, টিকট কাউণ্টাৰৰ নাক চেপেটি পাহাৰীয়া এজনীক একে খুন্দাই নাকটো আৰু অলপ তললে দ’কে বহুৱাই দৌৰোঁ‌ আগলৈ। উভতি চাওঁ চেপেটিয়ে পাইছে ভালকে।

আমাৰ উৎপাতত লগত যোৱাবোৰো নুঠিল। নাক চেপেটিয়ে মোৰ খুন্দাত দুখ পাই, তাত থকা গালকে গৰু খেদন দিলে। 

সেই পৰ্ব গ’ল। কলিকতাৰ চাইঞ্চ মিউজিয়ামত পুনৰ ৰ’প ৱেৰ দৰ্শন। টিকট কৰিলোঁ‌। ক’লৈ গৈছোঁ‌ সেইবাৰো নেজানো। চিৰিয়েদি ওপৰ পালোঁ‌গৈ।ৰেহ-ৰূপ দেখি গম পালোঁ‌ৱেই। অঁ‌ অঁ‌ এইটোচোন আৰু চৰা। মুকলি গোটইটো। গ্লাছৰো নহয়। উভতি দৌৰিবলৈ, হেঁচা-থেলা ভীৰ। এটাই থেলি নি বহ বুলি বহুৱালেই শহুৰৰ পুতেকক। ইফালে চাওঁ সিফালে চাওঁ…… মূৰটোৰ ভিতৰত চিগনেল নাই, ভয়ত শুলে। বুকুত বাজি থকা গানটো, আঁ‌ঠুলৈ গৈছে কম্পনাঙ্কৰ ৰূপত৷ দুটি ওঁ‌ঠে এবাৰ কোৱানা সঁচাকৈ, মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। আঁ‌ঠু দুটা থৰথৰ কৈ বাঁহপাত কঁ‌পাদি কঁপি নাচি আছে, মৰম আছে পলাবলে চাঞ্চ নাই। সিফালে ভয়তে সৰু পানী চুবলৈ উপক্ৰম হৈছোঁ৷ যেনেতেনে সহি আছোঁ৷ মুখৰ ডিজাইন জুইত দিয়া পেৰাচুটৰ প্লাষ্টিকৰ নাৰিকল তেলৰ বটলৰ দৰে মেটুৰামেটুৰি হ’ল। এইখন চলিলে আজি কি গতি হ’ব মোৰ! তেনেতে সন্মুখত বহিল শহুৰৰ পুতেক। কাষত মোৰ বা। হুৰুককে ৰছীডালৰ এচুক আগলে গ’ল বহি থকা বাকচটো, শূণ্যত উপঙিবলৈ। দিলোঁ‌ আমি দুজনীয়ে চিঞৰ, “অ’ (অশ্লীল) পৰিলোঁ‌ৱে হ’বলা। চেচ আজি।”

অলপ অলপকে আগলে গৈছে আৰু৷ বাৰ নৃত্য-নাটিকা আৰম্ভ, “আঐ  নমা ঐ, কি কৰিবলে উঠে এইবোৰত।” বুলি বাইদেৱে লগালে টেঁ‌টু ফলা চিঞৰ। সন্মুখৰটোত ভিনদেউ। যিমানে আগলে গৈছে, ওপৰলে উঠি গৈ আছে৷ লোকে চিঞৰিছে,  “ৱাও কিয়া নজাৰা হে গ্ৰেট, ফেণ্টাষ্টিক…চ’ চুইট।” কেমেৰাৰ ফ্লাছ…। আৰু মোৰ কাষত বাইদেৱে চিঞৰিছে, 

: নমা ঐ, ঐ ৰছী টনাটো ক’ত আছ, মই নুঠোঁ‌ নমা ঐ (অশ্লীল)। মই চাইঞ্চ চিটি নে (অশ্লীল)চিটি ওপৰৰ পৰা চাই, যজ্ঞ নেসাধোঁ‌। জঁ‌পিয়াই দিম, নমাই থৈ যা মোক।

সিফালে মই মাজৰ খুঁটাটো গবা মাৰি ধৰি আছোঁ‌। মোৰ চাইদত বহি আছে অচিনাকি এজনী, তলমূৰকে নিসাৰ-সাৰ গোটেইজনী। এইজনী বহাতে মৰিল নি বুলি তাইকো মূৰটো তললে নি চাওঁ “জয় হনুমান জ্ঞান গুণ সাগৰ গাই” কান্দি  আছে। 

সিফালে বাইদেৱে তাৰ পৰা দন মাৰিছে আগৰ বাকচটোৰ ভিনদেউৰ লগত।

: নামিবলে দে আজি, কি কৰোঁ চাবি। কটা নিধক উঠাবলে বস্তু নেপালি।  

ভিনদেৱে চানগ্লাছ পিন্ধি ল’বলে পৰামৰ্শ দিয়ে ভয় কমিব। 

গৈ গৈ চাইঞ্চ চিটিৰ মাজ পালোঁ‌গৈ, বায়ে চকু নেমেলাকেই গালি দি আছিল। তাইক ক’লোঁ‌,

: চা কি সুন্দৰ দৃশ্য! 

তাই “পালোঁ‌হিনি” বুলি চকুহাল মেলি তললে চাই। “আয়ৌ এতিয়া ৰছীডাল চিঙি গ’লে কি হ’ব” বুলি দিলে কান্দি। সিফালে জয় হনুমান গোৱাজনী ছিটত নাই মাজৰ ভৰি থোৱা অংশটোত বহি, ছিটত মূৰ থৈ কিবা গাই আছে, “হৰ হৰ মহাদেৱ” বুলি। হনুমানৰ পৰা মহাদেৱলে ঢাল ল’লে সৈজনী। আমি কলিকতাতে আছোঁ‌, তাই হনুমানৰ ঘৰৰ পৰা শিৱৰ ঘৰলৈ দৌৰি ফুৰিছে।

চাইঞ্চ চিটিৰ সোঁমাজত ৰখালে অলপ দেৰি। ৰৈ থকা সময়খিনিত, মই ক’লোঁ‌,

: লাগি ধৰিল হ’বলা এইখন। নেযায়চোন আগলে।

“কি” বুলি চক খাই বাইদেৱে “কালি দীঘাৰ সাগৰতে কেলে নমৰিলোঁ‌ ঐ মই, ওপৰৰ পা পৰিলে বৰ কষ্ট খাম এতিয়া” বুলি, অসমীয়া লেতেৰা গালি এটাও বাকী নাই, সৱ মাতি গৈছে এফালৰ পৰা। 

এপাকত পিলাষ্টি মানে শহুৰৰ পুতেকৰ ভৰিৰ ওচৰত ক’ৰবাৰ পৰা পানীৰ ধাৰা এটা বৈছে৷ জয় হনুমান জনীয়ে তলত বহি সৰু পানীকে চুলে ভয়তে। 

সুধিলোঁ‌, “অকলে আহিছেনি?”  ক’লে, লগত আহিছে, তাই ইয়াত উঠাৰ কথা নাছিল, লগৰজনী পলাল, গিৰিয়েকে পইচা এনেই যাব বুলি টিকটৰ, ঠেলি উঠাই দিলে ইয়াত। 

ঘূৰি গৈ যে তায়ো বাবগে মুখ দেখিলে গম পায়।

টিকটৰ সামান্য টকাকেইটাৰ কাৰণেই নিজৰ পত্নীক ওপৰত এইখন কৰিবলে পঠিয়াই দিছে।

২/ দাৰ্জিলিঙত হেৰাওঁতে

য’তে থাকোঁ‌ ত’তে ৰাতিপুৱা সেই ঠাই ফুৰাটো স্বভাৱ। এবাৰ তেনেকৈয়ে দাৰ্জিলিঙত ৰাস্তা হেৰাল। একে ডিজাইনৰ ৰাস্তা, একে ডিজাইনৰ হোটেল, একে ডিজাইনৰ মানুহ। ব্ৰহ্মাই তাত এটা স্ৰজি গালেই  কপি পেষ্ট মৰা চেহেৰা। হোটেলখনৰ চিনাকি হৈ পৰা মেনেজাৰটোৰ চকু দুটা চিন দি থৈ অকলে ওলাই গৈছিলোঁ‌। হোটেলত শ্বল বিক্ৰী কৰিবলে অহা মানুহকেইজনীৰ লগত চিনাকি হৈ ধুনীয়া ৰাস্তা এটাৰে ক’ৰবাত পালোঁ‌গৈ। উভতি আহিলোঁ‌ যদিও একে ডিজাইনৰ হোটেলবোৰ, ওপৰলৈ নাম চাই চাই মানুহ-দুনুহ খুন্দিয়াই আহি আছোঁ‌।

ওৱৱৱৱ ৰাস্তাচোন তল ওপৰকে বহুত, যেনি-তেনি গৈছে। মই অহাটোৰেই আহি আছোঁ‌নে নাই বাৰু। হোটেলৰ মালিকৰ চকুৰ চিনটোও হেৰাল একেটা মেচিনত বনোৱা তাত সৱৰে চকু, একে ডিজাইনৰ। ভিতৰি ঘামি গৈছোঁ‌ মৰ ঠাণ্ডাতো। তেনেতে চিঞৰ, “কাঞ্চনজঙ্ঘা বেকলে চোৱা।” কোনোবাই চিঞৰিছে। ধুৰৰৰ (অশ্লীল) চামগে নিজৰে থকা হোটেল হেৰাল ভয়ত কিবা হৈ গৈছোঁ‌। মোবাইলো নাই তেতিয়া। অলপ দূৰ আহি থমকি ৰওঁ, অঃ! মোকচোন অসমীয়াত চিঞৰিছিল কোনোবাই, মইহে মন নকৰিলোঁ‌ কথাটো। ঠাণ্ডাত সৱৰে চকু, মুখ ঢকা চিনিব নোৱাৰি। ৰৈ দিলোঁ‌ বাটতে, আগলে যাওঁনে হোটেল বিচাৰি, মোক চিঞৰা অসমীয়াটো বিচাৰি বেকলে যাওঁ। চাই পঠিয়ালোঁ‌ পিছলৈ অসংখ্য মানুহৰ অহা-যোৱা ৰাস্তা সেইজীয়া খলা-বমাৰ বুকুত।

এবাৰ ভাবিলোঁ‌, “ঐ (অশ্লীল) মই হেৰালোঁ‌” বুলি জোৰকে চিঞৰি দিওঁনি পাহাৰত ঠেকা খাই অসমীয়াটোৰ কাণত পৰকগৈ। এনেও পাহাৰৰ নাক চেপেটা এইগালে অসমীয়া বেয়া মাত কি, বুজি নেপায়। দাৰ্জিলিঙৰ ৰাস্তাৰ মাজৰ প্ৰকাণ্ড ঘড়ীটো চকুত পৰিল। অঃ এইটো অথনি সাৰি গৈছিলোঁ‌। তাত ৰ’লোঁ‌ অলপ, যেনি-তেনি ৰাস্তা। শিয়ালৰ গাঁতৰ দৰে তলে-ওপৰে ঘৰ। ইয়াৰ মুখ্যমন্ত্ৰীটো কোন হেৰৌ। ৰাস্তাসোপা কিহলে ইমানকে থৈছে? দুটামান চকলিয়াই নেপেলাই কেলেই জহনিযোৱাটোৱে। ছেঃ কি কৰা যায়! 

তেনেতে দেখোঁ, ঝাড়ু মৰা এজনীয়ে বিড়ি হুঁ‌পিছে চাইদৰ বেঞ্চত বহি। লগতে বহিলোঁ৷ তাই বিড়ি এটা আগবঢ়াই দিলে। জ্বলাই লৈ টেনচনত হুঁ‌পি দিলোঁ‌, চৰ্চৰণী খালোঁ। তাই সুধিছে হিন্দীত, “কেতিয়া যাবগে আচাম।”

মই চক খাই, কেনেকে চিনি পালে সুধিলোঁ‌। তাই হাঁহিছে, মই তাইৰ গোন্ধোৱা গাটো গবা মাৰি ধৰিম যেন। কেনেকে চিনি পালি অ’ মৰতী সুধিলোঁ। তাই কৈছে, হোটেলত সদায় দেখি আছোঁ‌ এইকেইদিন। কথাও পাতিছে বোলে মোৰ লগত। 

মই মনতে, এইজনী মদাহীজনী কি বকিছে এইবোৰ। তাত মদ নহ’লে নেচেল। মনটো আকৌ দুখ লাগি গ’ল। হেৰালোঁ‌ যি হেৰালোঁ‌ৱে আউ। এইৰ লগতে ঝাড়ু এটা লৈ দাৰ্জিলিঙকে সৰা কামটো কৰি থাকিব লাগিব। এইৰ লগ এৰাত নাই, যদিও গেন্ধেলী গোন্ধত আমোলমোল মোৰ বিপদৰ বন্ধু হৈ পৰিছে।

তাইক তথাপি সুধিলোঁ‌, কোনটো হোটেলত মোক দেখিছে। তাই চাগে মোকো মদাহী বুলি ভাবি লৈছিল ইতিমধ্যে। চালে অলপ দেৰি মোক। “মজাক কৰিছোঁ‌” বুলি হাঁহি আঙুলিয়ালে চাইদলৈ। মই বহি থকা বেঞ্চখনৰ কাষতে, লাগিয়ে আছে হোটেলখন। হোটেলৰ টাব এটাৰ পাত দুখনমান মোৰ পিঠিত লাগিয়ে আছে বুলিব পাৰি। মই মানে মই থকা হোটেলৰ মুখতে ৰৈ দুখ কৰি বহি আছোঁ‌, দাৰ্জিলিঙত ঝাড়ু মাৰি ৰৈ যাম বুলি ইয়াতে।

তেনেতে বান্ধৱীৰ অঘাইটং পুতেকৰ চিঞৰ, মোক দেখি। সি হোটেলৰ আগফালে ৰৈ দৌৰা-দৌৰি কৰি আছিল। হোটেলখন দেখি বাটতে পৰি দীঘলকে সেৱা এটা কৰোঁ‌যেন লাগি গ’ল। গেন্ধেলীক চাই ইম’শ্যনেল হৈ গৈছোঁ‌, তই কি উপকাৰ কৰিলি আজি মোক অ’ আই!

মই লগৰজনীৰ পুতেকটোক মৰমতে সাবটি ধৰিলোঁ। তাক এৰি ভিতৰলৈ যাবলৈ লওঁতেই আহিল ৰাস্তাৰ সিপাৰৰ পৰা মানুহ এজন, মোক ৰ’বলৈ কৈ। তেখেতে হিন্দীত সুধিলে, এইটো আপোনাৰ ল’ৰা। ময়ো ফুল তাৱত ক’লোঁ‌ হয়। স্মাৰ্ট যে সি তাতে। মানুহজনে ক’লে, 

: কেনেকুৱা মাক আপুনি। অথনিৰে পৰা সি গাড়ী যোৱা ৰাস্তাত দৌৰি ফুৰিছে। হোটেলৰ টাবত দিয়া বৰফৰ টুকুৰা ইয়াত বহি জুইৰ তাপ লোৱা মানুহৰ পিঠিত মনে মনে ভৰাই দৌৰাই মাৰিছে। সৰু বুলিহে একো কোৱা নাই।

মই সেপ ঢুকিলোঁ‌ তাৰ কাণ্ডত। সি পুৱাতে উঠি তাকে কৰি আছে মানে আৰু বাকীবোৰে হোটেলৰ মুখত খেলি আছে বুলি ভাবিছে। মই ক’লোঁ‌, 

: মোৰ ল’ৰা নহয় ই৷ মোৰ লগৰজনীৰ৷

মানুহজন গ’লগৈ। বদমাছটোৱে কিন্তু হাঁহিলে,

: আণ্টি লাভ নাই আপোনাৰ বুলিয়ে ভাবিলে মোক।

তেনেতে আহি থকা মানুহ এটাৰ মাত, 

: কাঞ্চনজঙ্ঘা নেচালা কেলেই।

বান্দৰ টুপিৰে মুখ ঢকা। চিনাকি মাত। ওৱৱৱ আই এইটোচোন অথনি বাট হেৰাওঁতে পোৱাটো। ভালকে চাওঁ, শহুৰৰ পুতেক। মোৰ পিছে পিছে কাঞ্চনজঙ্ঘা চাবলে গৈছিল। বাটত যে ঘৈণীয়েকজনী কণাজঙ্ঘা হৈ বাট-পথ হেৰুৱাই মানুহ খুন্দিয়াই গেন্ধেলীৰ লগত মিতিৰ পাতি বিড়ি হুঁ‌পি বহিবলগীয়া গতি গমেই নেপাই দেহি!

কি মানুহ অ’। দঙদঙকে গৈ আছে অথনি, ৰ’বতো পাৰে, ক’লৈলেকে গ’লা বুলি।

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেই🤣🤣 বা,যিমান বাৰ পঢ়ো হাঁহি মৰিব লগীয়া মানে।

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    হাঁহি হাঁহি পেট বিষাই গল । ইমান ৰসাল বৰ্ণনা😂😂

    Reply
  • দীপ

    অকলে অকলে হাঁহি মৰিছো।🤣🤣

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম হাঁহিলোঁ৷

    Reply

Leave a Reply to দীপ Cancel reply

Your email address will not be published.