ফটাঢোল

কেইটামান লিমাৰিক-কুমকুম শৰ্মাবৰুৱা

(১)

আধুনিক কবিতা কামটো উজু সজা

অভিধানতে পাবা শব্দবোৰ আছে খজা

            নিমিলিলে হানি নাই

             লিখিলেই হৈ যায়

অৰ্থৰ দৰকাৰ নাই তেহে লাগে মজা।

(২)

লিখা-মেলা কামটো তেনেই উজু কাম

‘ণ’ হ’বনে ‘ন’ হ’ব দৰকাৰ কি তাত

            অভিধান চাবলৈ নাই

              সময় এনেয়ে যায়

বহুতে বেয়াই পায় শুধৰালে বানান।

 

(৩)

সকলোৱে সাহিত্য ৰচিব নোৱাৰিব পাৰে

ছবি অঁকা, গান গোৱা কিবা এটাতো পাৰে

             পাচি,খৰাহি, চালনি

              হ’ব লাগে কাম মিহি

যি জানে তাকেই প্ৰদৰ্শন কৰিব পাৰে‌।


(৪)

নাখাওঁ মই কেতিয়াও ঘৰত সুদা ভাত

লাগিবই মাছ, মাংস সদায় মোক থালত

            যেনেকৈ আনে আনিব

            পইচা য’ত পায় পাব

গাটোহে দাঙিব নোৱাৰোঁ বিষ কঁকালত।

(৫)

নতুন কিতাপবোৰযে কিনি আনি থৈছা

ধুনীয়া ধুনীয়াকৈ বাকচত ভৰাই গৈছা

             টকা-পইচাৰ খেল

             নাই কিতাপৰ মেল

নপঢ়া যদি কিনি আনি কিয়নো সজাইছা।


(৬)

গানত টেঁটু ফালি থাকোঁ বাথৰূমত গৈ

ভালকৈ গালে দেখোন মই শুনোতাই নাই

                 মনৰ দুখ তাপৰি

                মাৰি থাকোঁ সুহুৰি

তাকে নকৰি ভাবি থাকি পাৰ কৰাত নাই।

 (৭)

লিখিব জানা যদি তুমি খুহুতীয়া কথা

তেতিয়াহ’লে নিলিখি কিয়নো ৰৈ থাকা

             ৰসে চৌচৌৱাই থকা

             কথাবোৰ তুমি লিখা

সকলোৱেই ভাল পায় মনৰ যায় ব্যথা।

☆ ★ ☆ ★ ☆

2 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া বাইদেউ ❤️

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *