ফটাঢোল

আলবিদা নক’বা-ৰঞ্জিত কুমাৰ শৰ্মা

সঁচাকৈয়ে মানুহগৰাকী যাবলৈ ওলাল৷ অসন্তুষ্টি থাকিব পাৰে, কিন্তু অসন্তুষ্টি থাকিল বুলিয়েই ইমান দিনৰ সম্পৰ্ক-সম্বন্ধ এৰি বাৰু হঠাতে এনেদৰে আঁতৰি যায়নে? তাৰমানে সম্পৰ্ক, সম্বন্ধ এইবোৰতো স্বাৰ্থই নিহিত হৈ থাকে নেকি! নীতি, আদৰ্শ এইবোৰৰ কোনো মূল্যই নোহোৱা হ’ল নেকি! মানুহ ইমান স্বাৰ্থপৰ হ’ব পাৰেনে? সময় আৰু পৰিবৰ্তিত পৰিস্থিতিত পূৰ্বৰ চিন্তাধাৰাৰ বা কাম-কাজৰ ভুল-শুদ্ধৰ বিবেচনা হ’ব পাৰে, পৰ্যবেক্ষণো হ’ব পাৰে৷ সেয়া অস্বাভাৱিক নহয়৷ কিন্তু অকল নিজৰ লাভালাভৰ বাবে ক্ষমতাৰ ৰাগীত বা ক্ষমতা ‘এনজয়’ কৰিবলৈকে চল চাই কঠিয়া পৰাৰ দৰে শিবিৰ সলনি! এয়া কেনেধৰণৰ মানসিকতা?

মানুহজনে কথাবোৰ কিছু সময় ভাবিলে৷ ‘কোন ক’লৈ যায় গৈ থাকক’ বুলি তেওঁ মন ডাঠ কৰিলেও মনটোক পোনছাটেই সান্ত্বনা দিবও নোৱাৰিলে৷ ইমান দিনৰ মৰম, আন্তৰিকতাবোৰ ইমান সহজে নোহোৱা হৈ যাবনে? ভাল দিনত ঘৰ ভৰি আছিল৷ কিমানৰ যে আগমন নহৈছিল! এতিয়া দিন বেয়া হ’ল বুলিয়েই জানো এনেকৈ এখন ঘৰ এলাগী হৈ যায়? আত্মীয়-স্বজনো যেন ভাল দিনৰহে! নিজৰ বুলি ভবা মানুহবোৰেও ইমান সহজে আত্মীয়তা, সম্বন্ধ এৰিব পাৰেনে? আন্তৰিকতা বুলি তাৰমানে একোৱেই নাই? – চিন্তাবোৰে যেন মানুহজনৰ মনটোক খুলি খুলি খাইছে৷

হুমুনিয়াহ এৰি মানুহজনে তেওঁৰ সংগ এৰিবলৈ ওলোৱা মানুহগৰাকীক ক’লে – ‘তুমিও এনেকৈ এৰি থৈ যাবা বুলি ভবা নাছিলোঁ৷ অসন্তুষ্টি থাকিল বুলিয়েই এনেকৈ দল এৰি, অহ্‌ কিবা বোলে ঘৰ এৰি যায়নে? কিয় যাবলৈ ওলাইছা?’

: কিয় নাযাম? তুমিও মোক এনেকৈ প্ৰতাৰণা কৰিবা বুলি ময়ো ভবা নাছিলোঁ৷ – মানুহগৰাকীয়েও উত্তৰ দিলে৷

: কি প্ৰতাৰণা কৰিলোঁ? ইমান বছৰে জানো মৰম কৰা নাই? তুমিও মৰমেৰে সকলোকে আঁকোৱালি আছিলা৷ তোমাক কি দিয়া নাই? ইমান মৰম এনেকৈ হঠাতে শেষ হৈ যায় নেকি?

: ব্যক্তিগত মৰম, ভালপোৱা পাহৰিব পাৰিম নে নাই নাজানো! কিন্তু তোমাৰ নীতি-আদৰ্শ ভাল নলগা হৈছে৷ তোমাৰ ধ্যান-ধাৰণাৰ সৈতেও যেন মোৰ মনটোক মিলাব পৰা নাই৷ তুমি যেন কাৰোবাৰ ওচৰত দুৰ্বল হৈ পৰিছা! বিশ্বাসীজনে নিজৰ বিবেক, বিচাৰ-বুদ্ধিক আনৰ ওচৰত সমৰ্পণ কৰাটো মই বিচৰা নাছিলোঁ, ভবাও নাছিলোঁ৷

: তুমি মোক হঠাতে ইমান বেয়া পোৱা হ’লানে? কেইটামান ঘণ্টাৰ আগলৈকেতো তুমি মোক বিশ্বাস কৰিয়েই আছিলা৷ সেই মুহূৰ্তলৈকেতো তুমি মোৰ নীতি-আদৰ্শক লৈ প্ৰশ্ন তোলা নাছিলা? কেতিয়াবা তোমাৰ সৰু কিবা ইচ্ছা পূৰণ কৰিব নোৱাৰিব পাৰোঁ৷ ডাঙৰ পৰিয়াল, সকলোফালে চাব লাগে৷ সেইবাবেই আজি মই তোমাৰ মনত হঠাতে বিচাৰ-বুদ্ধিহীন হৈ গ’লোঁনে? ইমান দিনে কি দিয়া নাই তোমাক? ইমান মৰম কোনে কৰে? সুখ আৰু প্ৰাপ্তিবোৰ পাহৰি গ’লা? আৰু নীতি-আদৰ্শৰ কথা যে কৈছা, মোৰতো নীতি-আদৰ্শৰ সলনি হোৱা নাই৷ মই আগৰ মততেই আছোঁ৷ কিন্তু তুমিহে সলনি হ’বলৈ ওলাইছা দেখোন? ইমান দিনে যিবোৰক নীতি-আদৰ্শ বুলি খামুচি আছিলা সেইবোৰ আজি তোমাৰ বাবে বৰ্জনীয় হ’ল নেকি? কিন্তু মনত ৰাখিবা, তোমাৰ আমাৰ দৰে পেছাৰ মানুহবোৰৰ স্থায়ী নীতি-আদৰ্শ নাথাকে বুলিয়েই মানুহে ভাবে৷ এনে ধাৰণাক তোমাৰ পদক্ষেপে সাৰ-পানী নোযোগাবনে?

: এৰি অহা দিনবোৰ পাহৰা নাই৷ কিন্তু ময়ো বহুত সেৱা কৰিছোঁ৷ বেয়া দিনবোৰতো সৰ্বোচ্চ উজাৰি দিছোঁ৷ মোৰ ত্যাগ, কষ্টবোৰ তোমালোকেহে পাহৰি গ’লা৷ সেৱা কৰাটো মোৰ নিচা৷ কোনোবাই পেছা বুলি ক’ব পাৰে! কওক, তাত মই কাণ নিদিওঁ৷ যিখন মঞ্চত নিজক প্ৰতিষ্ঠা কৰাৰ সুযোগ আহে সেই মঞ্চত থিয় হোৱাটো বুদ্ধিমানৰ কাম৷ তুমি মোৰ ইচ্ছাক সৰু বুলি তাচ্ছিল্য কৰিছা? সৰুৱেই যদি হয় বিচৰাটো দিব কিয় পৰা নাই? পাঁচ বছৰৰ মূৰত অহা উৎসৱটোৰ আগতেই তুমি ইচ্ছা পূৰণৰ নিশ্চিতি দিব নোৱাৰিলা৷ কেৱল প্ৰতিশ্ৰুতিহে দিলা৷ কাৰ উচটনিত গপত গঙাটোপ হৈ আছিলা সেয়া মই নজনা নহয়৷ আৰু এতিয়াতো তুমি অপাৰগ৷ এতিয়া তুমি একোৱেই দিব নোৱৰা৷ তোমাৰ পৰা যেন আটায়ে আঁতৰি থাকিব বিচাৰিছে৷ তুমি উৎসৱৰ আগত যিসকলক ভোগ কৰাৰ সুবিধা কৰি দিলা, সেইসকলৰ কিমানজন এতিয়া তোমাৰ কাষত আছে? তেওঁলোকে কিয় বিশ্বাস ভংগ কৰিলে ভাবি চাইছানে?

: কিন্তু তোমাকতো বহুত দিছোঁ৷ আৰু কিমান লাগে?’

: তুমি দিয়া নাই৷ সেয়া মোৰ প্ৰাপ্য আছিল৷ আমি একেলগে আছিলোঁ হয়, কিন্তু মৰ্যাদা জীৱনসংগীৰ দৰে জানো আছিল? ময়ো নিজৰ কথা নিজেই ভাবিব লাগিব৷

: কিন্তু সেইবুলিয়েই তুমি মোৰ প্ৰতিদ্বন্দীৰ কাষ চাপিবানে? তেওঁ জানো তোমাক হৃদয়েৰে আঁকোৱালি ল’ব? মোক নিঃসংগ কৰাৰ অপচেষ্টাত তেওঁ তোমাক আদৰি ল’লেই বাৰু, কিন্তু মোৰ দৰে ইমান মৰম জানো কৰিব?

: কিমান মৰম কৰে নাজানো, কিন্তু অন্ততঃ আজি তুমি দিবলৈ অপাৰগ হোৱাখিনিতো দিব পাৰিব।

: সঁচাকৈয়ে দিব বুলি তুমি নিশ্চিত নে?

: আশাতো কৰিব পাৰোঁ! আৰু সম্ভাৱনা থকা বাবেইতো যাবলৈ ওলাইছোঁ৷ মোক কিবা অকণমান দিলেই যদি তেওঁলোকৰ লাভ হয় তেন্তে তেঁৱেই বা মোক এৰিব কেনেকৈ? তুমিতো জানাই যে আমাৰ পেছাত স্থায়ী শত্ৰু বা স্থায়ী মিত্ৰ বোলা একো নাথাকে!

: কিন্তু তুমি আজি যাৰ সৈতে বন্ধনৰ বাবে আগবাঢ়িছা তেওঁ জানো প্ৰতাৰক নহয়? বুকুৰ মাজত সোমাই গৈ বুকুতে কামোৰ মৰা লোক তেওঁ৷

: আৰু তুমি কি? এদিন দেখোন তোমালোকে একেখন কাঁহীতেই ভাত খাইছিলা? সকলোৱে কৰা মৰমৰ সুবিধা লৈ তুমিও কি কি যে নকৰিলা? এতিয়াও সুবিধা পালে যে সুবিধা নল’বা তাৰ গেৰাণ্টি আছেনে? তোমালোক শ্ৰেণীটো তেনেকুৱাই৷

: আৰু তোমালোক কি শ্ৰেণীৰ? কেৱল সুবিধাবাদ৷ নিজৰ স্বাৰ্থৰ বাবে পোছাক সলোৱাদি সংগী সলাব পাৰা৷ তোমালোকৰ চৰিত্ৰই তেনেকুৱা৷ আহিছিল নহয় এগৰাকী মোৰ কাষলৈ৷ ছমাহেই নহ’ল পলাল৷ কেৱল সুবিধা লাগে৷

: সেইগৰাকী আহোঁতেতো তুমিও ভালেই পাইছিলা৷ এতিয়া দেখোন তোমাৰেই প্ৰাক্তন বন্ধুৰ তাত গৈ প্ৰেম নিবেদন কৰিছে৷ তোমাৰ লাজ লগা নাইনে? অৱশ্যে তোমালোকৰনো আৰু লাজ ক’ত আছে? তোমাৰ প্ৰতিদ্বন্দী ‘বন্ধু’ৰ কাষৰপৰা আঁতৰি কোনোবাই তোমাৰ কাষ চাপিলে তুমি জানো আঁকোৱালি নল’বা? তেতিয়া নীতি-আদৰ্শক তুমি গুৰুত্ব দিবানে? তোমালোকৰ চৰিত্ৰ আৰু উদ্দেশ্যৰো জানো কিবা পাৰ্থক্য আছে? কোনে কাৰ সৈতে কেতিয়া লিলিমাই কৰিবলৈ আগবাঢ়িবা তাৰ বাবেতো জনতাৰ ৰায় ল’ব নালাগে নহয়৷

: হ’ব হ’ব৷ আনৰ কথা খুঁচৰিব নালাগে৷ আনৰফালে আঙুলি টোঁৱালে আন তিনিটা আঙুলি নিজৰ ফালেও থাকে, মন কৰিবা৷ যাৰেই ওচৰলৈ যাব খুজিছা যোৱা৷ আকৌ ঘূৰি নাহিবা? দুদিন ইয়ালৈ দুদিন তালৈ তাঁত-বাতি কঢ়া মানুহ সঁজাত নাথাকে৷

: তোমালোক কি? আনৰ পদূলি শুঙি ফুৰা তোমালোক উপকাৰীক খোৱা অজগৰ৷ কেতিয়া কাৰ ওচৰত আঁঠু লোৱা কোনো ঠিক নাই৷ ইমান বছৰে তোমালোকেনো কি কৰিছিলা ঘৰখনৰ সকলোৱে দেখিছে নহয়৷ আৰুনো কি ক’ম? মই যাওঁগৈ৷ ‘এইটো দিম সেইটো দিম, মৰ্যাদা সহকাৰে ঘৰখনত স্থান দিম’ এনেবোৰ আভুৱা ভাঁৰা কথাৰে মোক ঘূৰাই আনিবলৈ নাযাবা কিন্তু, কৈ থলোঁ৷ ‘আলবিদা’!

: যোৱা যোৱা, তুমিও কাৰোবাৰ ওচৰত আঁঠু লোৱাগৈ৷ সকলোৰে কেৱল পঞ্চবাৰ্ষিক পৰিকল্পনাহে! সেইফালে বেয়া দিন আহিলে পুনৰ মোৰ ওচৰলৈকে নাহিবা জানো? সেয়ে কৈছোঁ, ‘আলবিদা’ নক’বা, কেতিয়াও নক’বা৷

: সেই আশা নকৰিবা, নাহোঁ৷ 

দীঘলীয়া যুক্তি-তৰ্ক হ’লেও মৰমৰ বান্ধোন ছিঙি মানুহগৰাকী গ’লগৈ৷

‘হুহ্‌! ঘূৰি নাহিব বুলি যেন শিলৰ ৰেখাহে টানিছে’ বুলি মানুহজনে স্বগতোক্তি কৰিলে৷ তেওঁ ইমান দিনে নিজৰ লগত ৰখা মানুহগৰাকীক ত্যাগ কৰিলে৷ এতিয়াৰেপৰা তেওঁ মানুহগৰাকীৰ কথা আৰু কামৰ বিৰোধিতা কৰিব লাগিব, কাৰণ দুয়ো পৰস্পৰ বিৰোধী শিবিৰৰ হৈ পৰিব৷ কিন্তু সেইবুলি দুয়ো চিৰবৈৰী হৈ যাব নেকি? মুঠেও নাযায়৷ কোনে জানে, আগলৈ হয়তো মানুহগৰাকীয়ে পুনৰ তেওঁৰ কাষ চাপিব! বা তেৱোঁ যে মানুহগৰাকীৰ শিবিৰত যোগ দিব নোৱাৰিব তাততো কোনো বাধানিষেধ নাই! মন মিলিলেই হ’ল৷ ‘সেৱা’ৰ স্বাৰ্থতেই সিদ্ধান্তবোৰ লোৱা হয়৷ সেই সিদ্ধান্ত নিজৰ৷ তাৰ বাবে ৰাইজৰ অনুমতি ল’ব নালাগে নহয়!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা৷ Cancel reply

Your email address will not be published.

error: Content is protected !!