ফটাঢোল

ৱৌ বলেগা লেকিন কৰনেক‍া নেহী-সঞ্জীৱ কুমাৰ মহন্ত

আজিৰ পৰা ৭/৮ বছৰমানৰ আগৰ কথা। উজনিৰে খুব ব্যস্ততাপূৰ্ণ ঠাই এখনৰ মোৰ সম্পৰ্কীয় ভাইটি এটাৰ বাস্তৱ কাহিনী।

সৰস্বতী পূজাৰ দিন। স্কুল কলেজৰ ল’ৰা-ছোৱালীৰ বাবে এটা বিশেষ দিন। ছোৱালীৰ লগতে ল’ৰাবোৰেও অলপ নিজকে হেণ্ডচাম সজাই ওলাই যায়, পূজাতকৈ অন্য বিশেষ উদ্দেশ্যও থাকে বহুতৰে। আমাৰ দিনত নাছিল বৰ বেছিকৈ। কিন্তু ২০১০/’১১ চনমানৰ পিছৰ পৰা আমাৰ বৈদ্যুতিন সংবাদ মাধ্যমসমূহৰ কৃপাত সৰস্বতী পূজাত সৌন্দৰ্য্যৰ প্ৰতিযোগিতাও দেখিবলৈ পোৱাৰ সৌভাগ্য হৈছিল আৰু লগতে তেতিয়াৰপৰা দেখিবলৈ পাইছিলোঁ একো একোজন বিশ্বকৰ্মাৰূপী যুৱকৰ লগত একোগৰাকীকৈ দেৱী সৰস্বতী (সকলো নহয় দেই…)।

সন্ধিয়া কেইগৰাকীমান বিশেষজ্ঞ নিউজ চেনেলৰ ষ্টুডিঅ’ত বহি বাছনি কৰিবলৈ লাগি যাব। কাৰ হাঁহিটো ধুনীয়া? কাৰ কাপোৰযোৰ ধুনীয়া? কাৰ চকু, কাৰ গালত হাঁহিলে তোল পৰা ইত্যাদি  ইত্যাদি।

বাৰু মূল কথালৈ আহোঁ…

সৰস্বতী পূজাৰ দিনটোতে পিছবেলা সময়ত মোৰ সেই  সম্পৰ্কীয়/আত্মীয় ভাইটী আৰু তাৰ লগৰ দুজনমানক এটা বিশেষ চেনেলৰ সংবাদাতা এজনে (হয়তো তেওঁ  ধেমালিতে কৈছিল) ক’লে,

: তোমালোকে ধুনীয়াকৈ বাইক চলোৱাৰ পজ দিয়াচোন(ষ্টাণ্ট টাইপ আৰু) সন্ধিয়া নিউজত উলিয়াম তোমালোকক, সুদৰ্শন যুৱকৰ ফটো দেখুৱাওঁতে।

সিহঁতেও ভাবিলে যে বাইক চলাই দেখুৱালে তেওঁ  ভিডিঅ’ কৰিব যেতিয়া নিশ্চয় ওলাব সন্ধিয়া নিউজৰ পৰ্দাত। সেয়ে সিহঁত চাৰিজনে বাইক বিভিন্ন ষ্টাইলেৰে চলাই দেখুৱালে। পিছবেলা সি (ভাইটীটোৱে) মোৰ লগতে আমাৰ বহুজনক (মিতিৰৰ)ফোন কৰি যথেষ্ট উৎসাহেৰে কৈছিল,

: আজি সন্ধিয়া নিউজ চাবা দেই মই আৰু লগৰবোৰ ওলাম। ধুনীয়া যুৱকৰ শিতানত। আমিবোৰেও উৎকণ্ঠাৰে বাট চালোঁ সন্ধিয়াৰ নিউজলৈ।

সন্ধিয়া নিউজত সিহঁতবোৰ ওলাল ঠিকেই। কিন্তু বাতৰিৰ শিৰোনাম আহিল,

“সৰস্বতী পূজাৰ দিনা চহৰৰ মাজমজিয়াত

উদণ্ড যুৱকৰ বাইক ষ্টাণ্ট। অতিষ্ঠ জনগণ।”

তাৰ লগতে তাৰ লগৰকেইটাৰো অৱস্থাটো কি হ’ব পাৰে এবাৰ ভাবকচোন!

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    ধেততেৰি, আশাত বৰফপানী পেলাই দিলে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ধেৎতেৰি৷ কি যে হ’ব?

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *