ফটাঢোল

ডিজিটেল ইণ্ডিয়া-সঞ্জীৱ ভট্টাচাৰ্য

ঘটনাটো আজিৰপৰা প্ৰায় দহবছৰমান আগৰ। তেতিয়া মই এয়াৰচেল কোম্পানীত চাকৰি কৰোঁ। মাৰ্কেটত নতুনকৈ Apple ৰ 4S মডেলৰ হেণ্ডচেট আহিছে। সেই সময়ত আৰু এজন ভব্য-গব্য লোকে সেইটো হেণ্ডচেটত এয়াৰচেলৰ চিম এখন ব্যৱহাৰ কৰে। মানুহজন যথেষ্ট ভদ্ৰ আৰু অমায়িক।

মানুহজনে নেটৱৰ্কৰ কমপ্লেইন কৰি আছিল বহুদিন ধৰি। ৰাতি আঠ বজাৰ পিছত তেখেতৰ ফোন নালাগে কাৰো তাত, কাৰোবাৰ ফোন আহিলেও তেখেতৰ ‘ভইচ’টো সেইজনে বুজিব নোৱাৰে।

বহুদিন বিভিন্ন ধৰণে ‘অৱজাৰ্ভ’ কৰিও নেটৱৰ্কৰ একো সমস্যা নাপালে আমাৰ ‘নেটৱৰ্ক টিম’টোৱে। তেখেতৰ ঘৰৰ আশে-পাশে থকা অন্য গ্ৰাহক কিছুমানৰ লগতো যোগাযোগ কৰা হ’ল, কিন্তু তেখেতৰ দৰে সমস্যা অন্য কাৰোবাৰ হোৱা বুলি গম পোৱা নগ’ল।

লাহে লাহে সেই ভদ্ৰ অমায়িক মানুহজনৰ কমপ্লেইন বাঢ়ি গ’ল, মাজে মাজে অলপ-অচৰপ খঙো কৰিলে আমাৰ ওপৰত তেখেতৰ সমস্যাটো সমাধান কৰিব নোৱাৰা বাবে।

এদিন ৰাতি আঠমান বজাত ফোন কৰি মানুহজনে অলপ ধমকি দিয়াৰ সুৰতেই কথা শুনালে মোক। ময়ো মানুহজনৰ মাতটো ভালদৰে বুজিব পৰা নাই। ময়ো তেতিয়া অনুভৱ কৰিলোঁ যে, সঁচাকৈয়ে তেখেতৰ নেটৱৰ্কৰ সমস্যাটো হয়তো বেছিকৈ হৈছে।

লগে লগে সেই ৰাতিয়েই লগত ‘নেটৱৰ্কৰ ইঞ্জিনিয়াৰ’ এজন আৰু ‘ৰিগাৰ’ এজন লৈ মানুহজনৰ ঘৰলৈ ওলালোঁ। ‘কলিং বে’ল’ টিপাৰ লগে লগে এগৰাকী মহিলাই আহি দুৱাৰখন খুলি দিলে, মানুহগৰাকী তেখেতৰ পত্নী। মানুহজনৰ ঘৰত সোমোৱাৰ আগতেই আমি তেখেতৰ প্ৰকাণ্ড চৌহদটোত নেটৱৰ্ক চেক কৰিলোঁ, ঠিকেই পাইছোঁ আমি। দুটামান ফোন কৰিও চালোঁ। একো সমস্যা নাপালোঁ।

মানুহজন থকা বিশেষ কোঠাটোলৈকে আমাক লৈ গ’ল। ৰাতি ন বাজিছে তেতিয়া।এখন বিশেষ টেবুলত মদৰ দীঘলীয়া বটল এটা সন্মুখত লৈ মানুহজন বহি আছে, বটলটোৰ আধা খালী। মোক ফোন কৰা সময়টোৰপৰা আমি গৈ পোৱা সময়লৈকে প্ৰায় এঘণ্টা আৰু সেই এঘণ্টাত মানুহজনে প্ৰায় ‘হাফ’ এটা গলাৰ্ধকৰণ কৰিছে ইতিমধ্যে।

: ডিড ইউ আইডেণ্টিফাই ইয়’ৰ নেটৱৰ্ক ইচ্ছ্যু মি. ভট্টাচাৰ্য 

দোৰোল খোৱা জিভাখনৰে মানুহজনে কিবা কৈছিল যদিও মই অনুমানতে বুজি ল’লোঁ বাক্যটো এইধৰণে।

: ছাৰ, সমস্যাটো নেটৱৰ্কৰ নহয়। আচলতে আপোনাৰ মাতটো সন্ধিয়া ভালদৰে নুফুটে বাবেহে কোনেও আপোনাৰ লগত ফোনত কথা পাতিব নোৱাৰে। আপুনি এইবিধ পান কৰাৰ আগতেই ফোনবোৰ কৰি ল’লে ৰাতিলৈকে সমস্যাটো নহ’ব আৰু!

মোৰ লগত যোৱা নেটৱৰ্ক ইঞ্জিনিয়াৰজনে গ্ৰাহকৰ ঘৰত ‘ভিজিট’ কৰিলে ‘ফিল আপ’ কৰিবলগীয়া ‘ফিডবেক’ ফৰ্মখন মোৰ ফালে আগুৱাই দিলে। মই বুজিলোঁ তাৰ সমস্যাটো। ‘নেটৱৰ্ক ইচ্ছ্যু’ কি পালে তাৰ বিৱৰণ দিবলৈ মানুহজন অপৰাগ, গতিকে ময়েই সেইখন পূৰাই দিব লাগে তেওঁক।

মই ‘ফৰ্ম’খন লৈ লিখিলোঁ, 

নেটৱৰ্ক সমস্যাৰ বিৱৰণ: 

“ছাৰে, ৰাতি আঠ বজাত মদমত্ত হৈ থাকি লগৰবোৰক ফোন কৰি কামোৰ দি জ্বলাই মাৰে। গতিকে কোনেও তেখেতৰ ফোন নধৰে। বেলেগৰ ফোন ৰিচিভ কৰিলেও তেখেতৰ জিভাৰ পাকত কোনেও একো বুজি নাপায়”।

নেটৱৰ্ক সমস্যাৰ সমাধান: 

“ছাৰক ৰাতি সুৰামত্ত হোৱাৰ আগতেই ফোনবোৰ কৰি ল’বলৈ কোৱা হৈছে।”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *