ফটাঢোল

চিচি টিভি কেমেৰা-শ্ৰুতিমালা মিশ্ৰ

ঘনেশ্বৰ মেধি মানুহজন এনেই বহুত ভাল । দেখিবলৈয়ো শুৱনি । খিচখিচকৈ কটা চুলিৰে মাজতপা মানুহজনৰ গোটেই মূৰটো দেখিবলৈ সাইলাখ কদম ফুলৰ দৰেই । ধকধকীয়া বগা । চিকুণকৈ দাড়িখিনি কাটি পাতলীয়াকৈ ৰখা মোচকোছাত কথাৰ মাজে মাজে মিহিকৈ পিহি থাকি তাও এভাগো দিয়ে । তিহতিহকৈ জোঙা নাকটোৰে মেধি যে ডেকাকালত দেখিবলৈ বৰ শুৱনি মানুহ আছিল সেয়া ধৰিব পাৰি । 

চহৰৰ মাজমজিয়াতে থকা বিভাগীয় অফিচটোতে তেওঁৰ চাকৰি । ৰাতিপুৱাই চকচকীয়াকৈ বাইকখন মচি ঘৈণীয়েক জ্যোতিয়ে বাঢ়ি দিয়া ধোঁৱা বলি থকা তপত ভাতকেইটা খায়েই মেধিয়ে অফিচলৈ বুলি বাইক পোনায় । 

 অফিচতো মেধিক বহুতেই ‘মিহিৰাম’ বুলিয়েই জানে । হাঁহো-নেহাঁহোকৈ থকা মানুহজনে চশমাৰ ওপৰেৰেই চাই প্ৰায়েই সন্মুখত থকাজনৰ গতি-নক্ষত্ৰৰ অনুমান লগাব পাৰে । কামটোৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো দানা-পানী ভালকৈ সিজোৱাৰ বাবে তলত কিমান লেভেলত জুই লগাব লাগিব মিহি মিহিকৈ মেধিয়ে আগতীয়াকৈ বহুখিনি আন্দাজ পাব পৰাৰ কেপাচিটী আছে । 

প্ৰায় সময়ে সময়ে সেই বিভাগটোত হৈ থকা নৱনিযুক্ত কৰ্মচাৰীবোৰৰ দা-দৰমহা সংক্ৰান্তীয় কামবোৰ কৰি দিয়াৰ দায়িত্বও মেধিৰ ওপৰতেই থাকে । মুঠতে নতুনকৈ কৰ্মত যোগদান কৰা কৰ্মচাৰীখিনিৰ বাবে মেধি হ’ল ত্ৰাণকৰ্তা । 

  হওতে মানুহজন বৰ মিহিৰাম, বয়সে পঁচপন্নৰ ঘৰ কোবালেও বিভাগটোত যোগদান কৰা নতুন কৰ্মচাৰী বোৰৰ ভিতৰত যুৱতী-মহিলাসকল মেধিৰ বিশেষভাৱে প্ৰিয় । তেওঁলোকৰ কাৰণে মেধিয়ে যিকোনো ধৰণৰ অফিচিয়েল কাম থাকিলে কৰি দিয়াত মুঠেও ‘না’ নকৰে। তেনেকুৱা ডেকা বয়সীয়া যুৱতী-মহিলাক দেখিলেই মেধিৰ মনটো ধিনচাক ধিনচাক হৈ পৰে। বয়সে যে চুলিক শুকুলা ঘোঁৰাৰ ৰূপ দিলে সেয়াও তেওঁ পাহৰি যায়। কৰʼনা অহাৰপৰা মাস্ক পিন্ধাৰ অভ্যাস গঢ়ি উঠা অলপ ধুনীয়া, শুৱনি আৰু মৰমলগা চেহেৰাৰ নতুন ছোৱালীকেইজনীয়েতো মাস্ক খুলিলেহে মেধিৰ চকু দুটা শাঁত পৰে, ভালদৰে ‘সিধা’টো পালে লʼৰাই হওক বা ছোৱালীয়েই হওক সকলোকে ভাল সুবিধাজনক ভাড়াঘৰৰো ঠিকনা দি দিয়াত মেধিয়ে কোনোদিনে কাৰ্পণ্য কৰা নাই । 

  অফিচত বিভিন্ন ফাঁকি-ফুকা দি হʼলেও মেধিয়ে চাকৰি চলাই আছে । নতুনকৈ যোগদান কৰা কৰ্মচাৰীখিনিৰপৰা ইটো কাম কৰি দিম, সিটো কাম কৰি দিম বুলি ‌কৈ প্ৰায়ে দুই-এক টকাও সৰকাই থাকে। আধুনিক প্ৰযুক্তিবিদ্যাৰ জ্ঞান শূণ্য হʼলেও মেধিয়ে মিহি মিহিকৈ কিন্তু চাকৰিকাল প্ৰায় শেষেই কৰিলে।লোকক খীৰাই খীৰাই মেধি এতিয়া একপ্ৰকাৰ ‌মালিয়া মাল। প্ৰাসাদোপম অট্টালিকাৰে চহৰৰ দুঠাইত দুই বিঘাকৈ মাটি কিনি সাতপুৰুষলৈ সম্পত্তি গোটোৱা মেধি এক প্ৰকাৰ সৰু-সুৰা লোকেল টাটা-বিৰলাই আৰু।

 ইংৰাজীত লিখা থকা ডকুমেন্টছ ভালদৰে পঢ়িব নোৱাৰিলেও টকা অলপ যাচিলে মেধিয়ে বহুদিন ধৰি নোৱাৰোঁ নোৱাৰোঁ বুলি কৈ থকা কামটোও কৰি দিব পৰা হয়গৈ । সকলো ঈশ্বৰৰ দান বুলি উপৰুৱাকৈ ঘটা টকাকেইটা সভক্তিৰে কপালত লগাই পকেট লাহেকৈ ভৰাই থোৱাৰ সময়ত মেধিৰ তেজে ফুটো ফুটো কৰা গোলকৈ মুখখন কিবা এক অনামী পোহৰেৰে আলোকিত হৈ উঠে । 

 সেইহেন মেধিয়ে নতুনকৈ যোগদান কৰাকেইটাৰ দৰমহাৰ কামত বিভিন্ন ধৰণে ঝেং কৰি অৱশেষত সেইকেইজনক বিপদৰ মাজলৈ ঠেলি দিলেও কামফেৰা হোৱাৰ পিছত অফিচলৈ যাওঁতে এষাৰ কথা কোনোদিনে কʼবলৈ নাপাহৰে….

“তোমালোক‌ নতুনকৈ আহিছা, নতুনকৈ চাকৰিত সোমাইছা । নিজৰ কৰ্তব্যখিনি ভালদৰে কৰিবা । সুচাৰুৰূপে চলাই নিবা । কামত কেতিয়াও ফাঁকি নিদিবা। বেলেগক ফাঁকি দিব পাৰিলেও সেই যে ওপৰৱালাজন আছে তেওঁ হ’ল চিচি টিভি কেমেৰা।তেওঁ সব দেখি থাকে। তেওঁৰ বিচাৰৰপৰা আকৌ‌ কোনেও সাৰি যাব পৰা নাই । তোমালোকেও নোৱাৰা । গতিকে কামবোৰ ভালদৰে কৰিবা দেই । ” 

ইপিনে দৰমহাৰ কামত পৰুৱাই পোৱাদি বহু মাহ ধৰি ঘূৰাই থকাকেইজনে মুখৰ ভিতৰতে মেধিৰ কথা শুনি নিজে নিজে কৈ থাকে – 

“চাৰ, আপুনি ঠিকেই কৈছে । ওপৰৰজনা চিচি টিভি কেমেৰা হয়েই । আমাক আমাৰ কামত ঝেং লগাই দি, বিপদৰ মাজলৈ ঠেলি দি আজি কিছু মাহ ধৰি আপুনি যি বিহু দেখুৱাইছে, সেইটোৰ বাবে ওপৰৰ চিচি টিভি কেমেৰাটোত আপোনাৰ কাৰ্যসূচী বেছিকৈ ধৰা পৰাৰ আশা ৰাখিলোঁ ।” 

 মেধিৰ দৰে আন সহস্ৰ একেধৰণৰ মেধিক বাৰু ওপৰত থকা চিচি টিভি ‌কেমেৰাটোৱে সঁচাকৈয়ে দেখিব নে নেদেখিব তাকেই ভাবি মাজে মাজে মেধিৰ পাল্লাত পৰি তামাকাহা দেখি যোৱাবোৰে এনেকুৱাকৈ বৰকৈ ভাবি থাকে । 

☆ ★ ☆ ★ ☆

7 Comments

  • Rupam Bhagabati

    বহুত ভাল লাগিল ।

    Reply
  • ডলী

    বঢ়িয়া লিখিছা দেই।

    Reply
    • কমলা দাস

      এনেকুৱা মেধি প্ৰত্যেক টো অফিচত থাকেই।
      ভাল লাগিল

      Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বহুত ধন্যবাদ আটাইলৈকে ?

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    আন্তৰিক ধন্যবাদ জনালোঁ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এনেকুৱা মেধি থাকেই৷ ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply to Rupam Bhagabati Cancel reply

Your email address will not be published. Required fields are marked *