ফটাঢোল

অভিনেতা দীপজ্যোতি কেওটৰ সৈতে অন্তৰংগ আলাপ

অসমীয়া টি.ভি চেনেলৰ ইতিহাসত সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিকসমূহৰ মাজত স্হান পোৱা “বেহাৰবাৰী আউটপষ্ট” ৰ ‘মোহন’ নামৰ চৰিত্ৰটোৰে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা অসমৰ অভিনয় জগতৰ চিনাকি নাম দীপজ্যোতি কেওঁটক সুকীয়া পৰিচিতিৰ প্ৰয়োজন নাই।সমকালীন অভিনয় ক্ষেত্ৰখনত দুৰন্ত প্ৰতিভাৰ চানেকি দাঙি ধৰা বৰ্তমান দূৰদৰ্শনৰ এই ব্যস্ত শিল্পীগৰাকীৰ লগত কিছু কথা পাতিবলৈ আমি সক্ষম হৈছিলোঁ।

‘ফটাঢোল’ৰ হৈ দিম্পল কলিতাৰ সহযোগত ৱাটছ্ এপ যোগে গ্ৰহণ কৰা আৰু এক জীৱন্ত কথা বতৰাৰ ৰূপত হিমাংশু ৰাজখোৱাই লিখি উলিওৱা এই সাক্ষাৎকাৰটোত শ্ৰীযুত দীপজ্যোতি কেওঁটে তেখেতৰ পাৰ হৈ অহা জীৱন আৰু তেখেতৰ সাম্প্ৰতিক কৰ্মৰাজিৰ বিযয়ে ভালেখিনি কথা কৈছে। সামাজিক মাধ্যমত এতিয়ালৈকে খুব কম সাক্ষাৎকাৰ দিয়া দীপজ্যোতি কেওঁটৰ লগত হোৱা ‘ফটাঢোল’ৰ এই মুখামুখিয়ে পাঠক সমাজক আপ্লুত কৰিব বুলি আমি আশাবাদী।

ফটাঢোল-আপোনাৰ শিক্ষাজীৱন, ঘৰ আৰু পৰিয়ালৰ বিষয়ে আমাৰ ৰাইজক অকণনাম জনাওক।

দীপজ্যোতি কেওঁট– মোৰ জন্ম নগাঁৱৰ চেচামুখ পহুকটাত, বহুতে সেই ঠইখিনিক তেলীয়া পহুকটা বুলিও কয়। মোৰ পৰিয়ালত মোৰ মা, দেউতা, ভাইটি আৰু ভন্টি।ভন্টিক বিয়া দিলোঁ।বৰ্তমান আমি চাৰিজনেই।মোৰ মাৰ নাম অনিমা কেওঁট, দেউতা খণ্ডেশ্বৰ কেওঁট, ভাইটি দীপাংকৰ কেওঁট আৰু ভনী পল্লবী কেওঁট।

প্ৰাথমিক শিক্ষা ঘৰৰ কাষৰ তেলীয়া পহুকটা বালক বালিকা বিদ্যালয়ত,হাইস্কুল নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু কলেজীয়া শিক্ষা উচ্চতৰ মাধ্যমিকৰপৰা ২০০৮ চনত মই স্নাতক পাছ কৰালৈকে নগাওঁ কলেজ।আই.টি. আই শিক্ষাও মই লৈছিলোঁ ইনফৰমেশ্যন টেকন’ল’জী ট্ৰেডত। পঢ়া শুনা বুলিবলৈ সিমানেই। 

ফটাঢোল– অভিনয়ৰ আৰম্ভণি কেতিয়াৰপৰা হ’ল বুলি ক’লে কি কব? আপোনাৰ আৰম্ভণি সময়ছোৱাৰ বিষয়ে ক’বচোন।

দীপজ্যোতি কেওঁট—প্ৰথম কথা, আৰম্ভনি মোৰ ঘৰৰ পৰাই। মোৰ দেউতা এজন ভাল ভাৱৰীয়া বুলি অঞ্চলত নাম আছিল।আমি সৰু থাকোঁতে দেইতাই কৃষ্ণ ভাও কৰিছিল, কৃষ্ণৰ চালি নৃত্য নাচিছিল। সেইবোৰ পাছত মই মোৰ মাৰপৰা বা পৰিয়ালৰ অন্য মানুহৰপৰা শুনিছিলোঁ।সৰুৰেপৰা এনেকৈ ক’ব নোৱাৰাকৈয়ে মই অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলোঁ।আমাৰ গাঁৱত বিভিন্ন অনুষ্ঠানত যেতিয়া নাটক পাতিছিল, সেই নাট সমূহত মই সৰু সৰু চৰিত্ৰত অভিনয় কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ৰাইজে মোৰ অভিনয়ত বৰ আমোদ পাইছিল।নাটকৰ পিছদিনা ৰাইজে মোক প্ৰশংসা কৰিছিল। একেদৰে নগাওঁ গভাৰ্ণমেন্ট বয়জ স্কুলত থাকোঁতেও মই অভিনয় কৰিছিলোঁ। মোৰ শ্ৰদ্ধাৰ চাৰ বাইদেউসকলে মোক কৰা প্ৰশংসাৰদ্বাৰা মই অনুপ্ৰাণিত হৈছিলোঁ।ইয়াৰ পাছতে নগাওঁ কলেজৰ বিভিন্ন অনুষ্ঠানবোৰত নাটক কৰিছিলোঁ।মোৰ গুৰু নৱ বৰাদাৰ এখন নাটকত অভিনয় কৰোঁতে তেখেতৰ চকুত পৰোঁ আৰু তেতিয়াৰে পৰাই তেখেতৰ লগত আৰু নগাঁৱৰ খুব প্ৰখ্যাত নাট্যগোষ্ঠী ‘সুন্দৰম’ৰ লগত মই জড়িত হওঁ।’সুন্দৰম’ গোষ্ঠীৰ লগত অসমৰ বিভিন্ন ঠাইত নাটক কৰি মোৰ আচলতে অভিনয়ৰ প্ৰকৃত শিক্ষা লাভ হয়।এই সময়ছোৱাত মই শ্ৰেষ্ঠ অভিনেতাকে ধৰি কিবা কিবি পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হওঁ।সেইখিনি সময়তে মই আমাৰ নগাঁৱৰ এটা লোকেল কেবল চেনেলত ‘নগাওঁ টকছ’ৰ বাবে এখন ছিৰিয়েল কৰিছিলোঁ ‘বৰুৱাৰ ফেমিলি’ নামেৰে।সেই ছিৰিয়েলখনত অভিনয় কৰাৰ পৰাই মোক নগাঁৱৰ মানুহখিনিয়ে চিনি পাইছিল। 

এনেকৈ পাছত ‘ৰং’ চেনেলৰ সৰু সুৰা দুটামান কাম  কৰিবলৈ সুযোগ পাওঁ।প্ৰথম মই টিভিৰ মেগা ছিৰিয়েল ‘মেঘৰঞ্জনী’ত এটা সৰু চৰিত্ৰত কাম কৰিবলৈ সুযোগ পাইছিলোঁ।সেই চৰিত্ৰৰ অভিনয় ৰাইজে ভাল পোৱা বুলি নকওঁ কাৰণ একেবাৰে সৰু এটা চৰিত্ৰত আছিলোঁ।কিন্তু ছেটত থকা অন্য মানুহখিনিয়ে ভাল পাইছিল আৰু উৎসাহ দিছিল।আৰু এটা কথা নক’লে নহ’ব, মোৰ জীৱনৰ প্ৰথম কেমেৰাৰ অভিনয় আৰম্ভ হৈছিল নগাঁৱত পিংকু তামুলীৰ লগত, ‘টেটোন তামুলীৰ সংসাৰত এদিন’ খনত।

ইয়াৰ পাছত মই ‘বেহাৰবাৰী’ৰ লগত জড়িত হলো আৰু ৰাইজৰ আশীৰ্বাদত এতিয়ালৈ কৰি আছোঁ। বেহাৰবাৰীৰ দুটামান খণ্ড যোৱাৰ পাছতে মই ‘ৰেঙনি’ চেনেলৰে ‘শ্ৰীমান শ্ৰীমতী’ নামৰ চিৰিয়েল এখনতো কাম কৰিছিলোঁ, সেইটো এটা মোৰ ভাল লগা চৰিত্ৰ আছিল। 

ফটাঢোল- আমি জনাত আপুনি এগৰাকী ভাল বিহুৱাও।

দীপজ্যোতি- হয়, হয়।সৰুৰেপৰা বিহুৰ লগত জড়িত।অভিনয়ৰ লগতে বিহুৰ প্ৰতিও মোৰ আকৰ্ষণ আছিল।ঢোল বজাবলৈ আনুষ্ঠানিকভাবে ক’তো শিকা নাছিলোঁ, লগৰ কিছুমানৰপৰা শুনি শুনি ঢোলৰ চাপৰবোৰ আয়ত্ত কৰিছিলোঁ।পিছলৈ নিজে বিহু গীত গাইছিলোঁ, বাঁহী বজাইছিলোঁ।

ফটঢোল– বিভিন্ন অনুষ্ঠানত আপোনাক গীত গোৱাও আমি শুনিছোঁ।

দীপজ্যোতি-আগতে কৈছোৱেই সৰুৰেপৰা বিহু গীত গাই থকাৰ বাবে গীতৰ প্ৰতি টান এটা নথকা নহয়। সংগীত ভালপাওঁ। কোনোবাই ক’ৰবাত অনুৰোধ কৰিলে কেতিয়াবা গাই দিওঁ অকণমান।

ফটাঢোল – বেহাৰবাৰীখনে আপোনাক যিটো ‘ইমেজ’ দিলে,তাৰপৰা ওলাই আহি বেলেগ ধৰণৰ অভিনয় কৰাৰ হেঁপাহ নাইনে আপোনাৰ ?

দীপজ্যোতি- সচাঁকৈ আছে। সুবিধা পালে মোৰ বেলেগ ধৰণৰ চৰিত্ৰ কৰাৰ হেঁপাহ আছে। এই কথাটোও মই জানো যে, মোহন চৰিত্ৰটোক মানুহে যেনেকৈ অন্তৰত ঠাই দিছে, সেই ইমেজটোৰপৰা ওলাই আহি বেলেগ এটা চৰিত্ৰৰ সফল ৰূপায়ণৰ বাবে মই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।তথাপি আশা কৰোঁ আৰু বিশ্বাস আছে যে ভগৱানৰ আশীৰ্বাদত মই সফল হ’ব পাৰিম।

ফটাঢোল- আপুনি গুৱাহাটীত মাজতে এখন ৰেষ্টুৰেন্ট খুলিছিল। সেইখনৰ কথা কওকচোন।

দীপজ্যোতি- মোৰ এটা সপোন আছিল হোটেল এখন খোলাৰ। ডাঙৰকৈ নোৱাৰিলেও সৰুকৈ আৰম্ভ কৰিছিলোঁ ‘গুড মৰ্নিং’ নামেৰে। খুব স্বাস্হ্য সচেতন খাদ্য ৰাখিছিলোঁ। যথেষ্ট জনপ্ৰিয়ও হৈছিল অলপ বেলেগ ধৰণে আৰম্ভ কৰা সেই খাদ্য বিপনীখন।বৰ্তমান পৰিবেশ পৰিস্হিতিৰ বাবে অলপ দিন সেইখন বন্ধ আছে যদিও অতি সোনকালে আকৌ আৰম্ভ কৰিম।

ফটাঢোল- অভিনয় জীৱনত আপোনাৰ টাৰ্ণিং পইন্ট কোনটো বুলি ভাবে?

দীপজ্যোতি-দেউতাৰ আৰু পৰিয়ালটোৰ সৰুৰেপৰা মোৰ প্ৰতি যি সহযোগিতা, সেয়া মোৰ জীৱনৰ প্ৰথম টাৰ্ণিং পইন্ট। মোৰ গুৰু নৱজ্যোতি বৰা, পিছৰ জীৱনত লগ পোৱা সকলো গুৰু স্হানীয় পৰিচালক, সহ শিল্পী সকলৰপৰা বিভিন্ন সময়ত পোৱা সহযোগিতাই মোক আগবাঢ়ি যোৱাত সহায় কৰি আহিছে।

ফটাঢোল- কোনজন পৰিচালকৰ লগত কাম কৰাৰ আপোনাৰ হেঁপাহ আছে?

দীপজ্যোতি- এজন পৰিচালক বুলি ক’লে মই নাম ল’ব নোৱাৰিম। আজিকালি সকলো দক্ষ,সকলোৰে লগত মোৰ কাম কৰাৰ মন।সকলো দক্ষ পৰিচালকৰ লগতে কাম কৰি মোৰ আগুৱাই যোৱাৰ মন আছে।

ফটাঢোল- অসমৰ ৰাইজে আপোনক যথেষ্ট মৰম দিছে। নিজকে এতিয়ালৈ কিমান সফল বুলি আপুনি ভাবে?

দীপজ্যোতি- মই নাভাবোৱেই সফল হৈছোঁ বুলি। এতিয়াও আৰম্ভণিৰ স্তৰতে মই আছোঁ।মানুহে এতিয়া মোক মৰম দি আছে। একেবাৰে সৰল ভাষাত ক’লে মই নিজকে সফল বুলি তেতিয়াহে ভাবিম যেতিয়া মই মোহনক পাহৰাই নতুন এটা চৰিত্ৰৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হম।

ফটাঢোল- কমলৰ ভনীয়েকৰ লগত আপোনাৰ বিয়াখন কেতিয়া খাবলৈ পাম?

দীপজ্যোতি- কমলৰ ভনীয়েক এজনী সচাঁই থকাহেঁতেন কথাই নাছিল।মানুহে ইমান বিচাৰে….সেয়ে সঁচাই মই কমলৰ ভনীয়েককে বিয়া কৰালোহেঁতেন।কমলেও এই কথাটো জানে।২০২২ চনতে সংসাৰখন বঢ়াম বুলি ভাবিছোঁ, সকলো যোগাৰ কৰাও আছে, কইনাহে এতিয়ালৈ ঠিক কৰা হোৱা নাই।

ফটাঢোল- বেহাৰবাৰীৰ সৈতে জড়িত এটা হাঁহি উঠা ঘটনা কওকচোন।

দীপজ্যোতি- বেহাৰবাৰীৰ আজি ৯ বছৰত এনেকুৱা হাজাৰ কাহিনী আছে। এটা কওঁ, এবাৰ মাৰ্ঘেৰিটাত আমি অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। সাধাৰণতে এনেকৈ গ’লে আমাৰ লগতে যোৱা পল্লবদাহঁতে, কেকে আৰু মোহনক কোনোবাই লগ ধৰিব আহিলে কেকে আৰু মোহন শুই আছে বুলিয়েই কয়। সেইদিনা  কিবা কাৰণত কোনোবাই আমাক লগ কৰিব আহি দুৱাৰত নক কৰোঁতে মই দুৱাৰ খুলি দিলো। মানুহ এজনে ক’লে কেকে আৰু মোহনক লগ কৰিব আহিছোঁ। মই তেতিয়া ক’লো কেকে আৰু মোহন শুই আছে। দুৱাৰখন বন্ধ কৰি ভিতৰলৈ যাওঁতে সিদ্ধাৰ্থদাই কোন আহিছিল সুধিলে, তেতিয়া মই ক’লো যে  কেকে আৰু মোহনক লগ কৰিব আহিছিল, মই শুই আছে বুলি ক’লো। এই কথা শুনি ৰুমত থকা সকলোৱে হাঁহিঁবলৈ ল’লে, মই আচলতে পাহৰিয়েই গৈছিলো মোহন যে মই নিজেই আৰু মানুহজনে মোকেই লগ কৰিবলৈ আহিছিল।

 

ফটাঢোল- আমাৰ শেষ কৰিবলৈ হ’ল আজিলৈ। অশেষ ধন্যবাদ আপোনালৈ। অভিনয়ৰ ক্ষেত্ৰখনত আপুনি আৰু আগুৱাই যাওক।আমাৰ শুভেচ্ছা থাকিল।

দীপজ্যোতি- ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব ভাল লাগিল।’ফটাঢোল’ কিছু নহয় ভালেখিনি ব্যতিক্ৰম, প্ৰশ্নবোৰৰ উত্তৰ দি ভাল লাগিল।মই এতিয়ালৈকে দি অহা সাক্ষাৎকাৰবোৰতকৈ এইটো এটা ব্যতিক্ৰমী সাক্ষাৎকাৰ হ’ব বুলি মই আশাবাদী। ফটাঢোললৈ মোৰ ফালৰপৰাও আন্তৰিক ধন্যবাদ থাকিল। 

(সাক্ষাৎকাৰৰ বাবে দিম্পল কলিতা, হিমাংশু ৰাজখোৱা প্ৰমুখ্যে সম্পাদনা সমিতিৰ প্ৰতিগৰাকী ব্যক্তিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো—— সম্পাদক।)

☆ ★ ☆ ★ ☆

3 Comments

  • কৰবী দেবী

    বৰ সুন্দৰ সাক্ষাৎকাৰ।

    Reply
  • জ্যোতিৰূপা

    মোহনৰ আঁৰৰ মানুহজনক আৰু অকণমান জানিবলৈ পাই ভাল লাগিল৷ ধন্যবাদ হিমাংশু, দিম্পল আৰু সম্পাদকদা৷

    Reply
  • ববিতা ডেকা ।

    সুন্দৰ ভাল লাগিল । মোহনৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ।

    Reply

Leave a Reply to ববিতা ডেকা । Cancel reply

Your email address will not be published. Required fields are marked *