ফটাঢোল

আমাৰ নতুন ঘৰ-দিগন্ত কুমাৰ ভট্টাচাৰ্য

: ‘ফ্লেট’ক ঘৰ নোবোলে নহয় পোণা, পাৰৰ বাঁহ হে সেইবোৰ!

– গাঁৱৰ ঘৰৰ ওচৰৰ ৰণেন ঠিকাদাৰে মোৰ মুখত ‘গুৱাহাটীত ঘৰ এটা কিনিলোঁ’ বুলি শুনোঁতে তেনেকৈয়ে কৈছিল। ইমান যে হিংসা ও মানুহবোৰৰ – মোৰ তেনেই লাগিছিল।

আজি দুবছৰ পাছত সেই ফ্লেটত ভৰি থৈ আকৌ ভাবিলোঁ – ৰণেন ঠিকাদাৰৰ কথাষাৰ মিছা নাছিল নেকি বাৰু! এই ‘ফ্লেট’টোক আমাৰ ‘ঘৰ’ বুলি ক’ব পাৰিম জানো? কিয় লৈছিলোঁ ফ্লেট কিনাৰ ডিচিছন?

মনত পৰিল প্ৰায় দুবছৰ আগৰ সেই সন্ধিয়াটোলৈ-

‘আমাৰ লগৰ ৰুমাহঁতৰ নতুন ঘৰটোৰ গৃহপ্ৰৱেশৰ ফ’টোবোৰ চোৱাচোন…হোৱাটচ্ এপত পঠাইছে। ইমান ধুনীয়া ন তাই পিন্ধা কাপোৰযোৰ?’

সিদিনা অ’ফিচৰপৰা আহি ঘৰত সোমোৱাৰ লগে লগে শ্ৰীমতীৰ কথাষাৰ শুনি ক্ষন্তেক চিন্তা কৰিছিলোঁ তেওঁৰ মনটো কাপোৰযোৰ নে নতুন ঘৰটোৰ আগে-পিছে, সোঁৱে-বাৱে ঘূৰিবলৈ আৰম্ভ কৰিছে। শ্ৰীমতীয়ে সাধাৰণতে কিবা এটা বস্তু লাগে লাগে বুলি কেতিয়াও চিঞৰ-বাখৰ কৰি নাথাকে, সেইটো তেওঁৰ বৰ ভাল স্বভাৱ। মাজে মাজে মাত্ৰ দুই-এশাৰী বাক্য বাণেৰে বুজাবলৈ চেষ্টা কৰে, তেওঁক কি লাগে বা তেওঁ কি বিচাৰে। কেতিয়াবা ভাবোঁ মই একো নুবুজা অলপ অলগদ্ধ মানুহ হ’লে চাগে সদায় এখন কুৰুক্ষেত্ৰৰ সৃষ্টি হ’লহেঁতেন।

‘নিজৰ ঘৰ থাকিলে কিন্তু এটা সুবিধা, ঘৰভাড়াটো বাচি যায়।’ – শ্ৰীমতীৰ কথাত বুজি পাইছিলোঁ তেওঁৰ মনটো এতিয়াও নতুন ঘৰটোৰপৰা ওলাব পৰা নাছিল।

‘কিন্তু ই.এম.আইতো মাহে মাহে দি থাকিবই লাগিব’ –

 দ্ৰাৱিড়ৰদৰে মোৰ ৰক্ষণাত্মক শ্বট খেলিছিলোঁ।

‘ঘৰভাড়াতকৈ দুই-তিনিহাজাৰহে বেছি। ভাড়াতো কেতিয়াও নকমে, বাঢ়িহে গৈছে। ই.এম.আই ফিক্সড থাকিব। আৰু নিজৰ ঘৰত থকাৰ আমেজেই সুকীয়া দিয়াচোন। ‘বেৰত গজাল নামাৰিব’, ‘আজি মাহৰ চাৰিদিন গ’ল, ভাড়াটো?’, ‘অলপ চাফাকে ৰাখিব দেই’-আদি মালিকৰ বচনবোৰৰ পৰাও হাত সাৰিব পাৰি।’

বুমৰাহৰ দৰে শ্ৰীমতীয়ে একেলগে পেলোৱা ইন-ছুইংগাৰ, য়’ৰ্কাৰত ধৰাশায়ী হৈ গৈছিলোঁ মই। শেষত এটা কথা ডাকৰ বচনৰ দৰে মানি লৈছিলোঁ – 

“নিজে ঘৰ কিনি বা সাজি থাকিলে খৰচ হয় ৰাহি, ভাড়াঘৰত জীৱন কটোৱা মানে এক মুৰ্খামি।”

তাৰ পিছৰ পৰা আৰম্ভ হৈছিল গুৱাহাটী চহৰত আমাৰ ঘৰ মানে ফ্লেটৰ সন্ধানত যাত্ৰা! অৱশেষত প্ৰায় দুমাহযোৰা যুঁজৰ অন্তত আমি ফ্লেট এটা বুক কৰিছিলোঁ। মাজৰ দালালজনৰ দেউতাকে হেনো দহবছৰ আমাৰ কদমতল গাঁৱৰ ওচৰতে থাকি চাকৰি কৰিছিল। সেয়ে আমাক দহহেজাৰমান টকা কমকৈ দিলেও হ’ব বুলি ক’লে। ছ’চাইটিখন ভালেই লাগিছিল। বহুতো সম্ভ্ৰান্ত পৰিয়ালে ফ্লেট লৈছে তাত। আমাৰ সন্মুখৰ বিল্ডিঙটোতে ছিৰিয়েলৰ এক্ট্ৰেছ এজনীয়ে ফ্লেট এটা বুক কৰিছে বাবে আমাৰ বিল্ডিঙৰ ফ্লেটকেইটাৰ দাম অলপ বঢ়াই দিছিল বিল্ডাৰে। আনটো বিল্ডিঙত টিকটক ভিডিঅ’ কৰা ফেমাচ মহিলা এগৰাকীও হেনো থাকিব। সেয়ে সেইটো বিল্ডিঙৰ দাম দহ শতাংশ বেছি আছিল। আমি টিকটকৰ ওচৰৰ বিল্ডিঙতে লৈছিলোঁ।

সকলো ঠিকেই গৈ আছিল। ক’ৰ’ণা-ক’ভিডে আমি ফ্লেট পোৱাৰ সময়বোৰ পিছুৱাই নিলে। ৰৈ ৰৈ আমনি লাগিল। বিল্ডাৰৰো ভুল নাই। বনুৱা নাথাকিলে কাম কৰিব কেনেকৈ? আকৌ এই বছৰৰপৰা কাম আৰম্ভ হ’ল। অৱশেষত এই বছৰৰ মাজতে ফ্লেট পোৱাৰ কথাটো বিল্ডাৰে ঘোষণা কৰিলে।

সেই ঘোষণাৰ পাছতে-

‘আজিকালি কিন্তু মানুহবোৰে ‘গৃহপ্ৰৱেশ’টো বৰ ডাঙৰকৈ পাতে দেই। অৱশ্যে অভ্যাগতক ভালকৈ খুৱালে-ধুৱালে আশীৰ্বাদো পোৱা যায় নহয়!’ – শ্ৰীমতীয়ে মাত দিছিল।

‘হয় মানুহৰ আশীৰ্বাদেই ডাঙৰ কথা’- এওঁৰ কথাত হয়ভৰ দিওঁ।

‘শুনা, পঠাৰ মাংস বহুতে কিন্তু নাখায়, চিকেনৰ ব্যৱস্থা কৰিব লাগিব। হেৰিহঁতে হাঁহৰ কথা প্ৰায়েই কয় হে..তেলাল হাঁহ বোলে সোণাপুৰৰ ফালে বৰ ভাল পায়। দাম দুগুণ লয়। কথা নাই দিয়া, ঘৰ লোৱা এবাৰহে পাতিম।’

শ্ৰীমতীৰ লিষ্ট দেখি কোন কোন শুভাকাংক্ষীৰপৰা ঘৰৰ ডাউনপে’মেন্টৰ কাৰণে অৰ্থ সাহায্য লোৱা নাছিলোঁ মনতে ভাবি উলিয়াওঁ। গৃহ প্ৰৱেশৰ দিনা ঘৰ ভৰি গ’ল। খোৱাই খালে, পেলোৱাই পেলালে। পূজাৰ পুৰুহিতেও সিদিনা দুইহেজাৰ খুজিলে দক্ষিণা। মই বোলো-

‘প্ৰভু, আগতে দেখোন আপুনি দুশ টকাতে দিনটোৰ পূজা কৰিছিল, আজি দুইহেজাৰ যে!’

বাঙালী হোটেলখনৰপৰা অনা টেনিছ বলটোৰ সমান ৰসগোল্লাটো চুহি চুহি তেওঁ উত্তৰ দিলে-

‘আগতে সেইবোৰ ভাড়াঘৰত কৰিছিলা। এতিয়া নিজৰ লাখটকীয়া ঘৰত কৰা পূজা। সকলোতে পাৰ্থক্য আহিবই নহয়!’

শ্ৰীমতীয়ে চকু পকাই ফুচফুচালে-

‘বামুনৰ লগতনো কিহৰ বাৰ্গেইনিং কৰা হে? পাপে চুব’।

এমাহ আগতে আমি নতুন ঘৰলৈ আহিলোঁ।

ঘৰটোত সোমালেই দেখোন মোৰ ৰণেন ঠিকাদাৰৰ কথাষাৰ বৰকৈ মনলৈ আহে।

‘নিজৰ নতুন ঘৰত পুৰণি ছোফা-টিভি-বেড এইবোৰ কিবা খাপ নাখাব নহয়নে?’

-শ্ৰীমতীৰ কথামতে আগৰ বেছিভাগ বস্তু অতি কম দামত বিক্ৰী কৰা হ’ল। ৩২ইঞ্চিৰ ডাঙৰ এল.চি.ডি আহি নতুন ঘৰ পালে। আগতে টিভিটো সৰু মেজ এখনৰ ওপৰতে থৈছিলোঁ। এলচিডি আৰু আন কিবাকিবি বস্তু সজাবলৈ ডাঙৰ টিভি ইউনিট এখন আনিলোঁ। সপ্তাহত দুদিন হোম ডেক’ৰ শ্ব’পবোৰত যোৱাটো নিয়ম হ’ল। আগতে এনেকুৱা দোকানবোৰত গ’লে ‘নিজৰ ঘৰ হ’লে ল’ম দিয়া’ বুলি কৈছিলোঁ। এতিয়া সেই শাৰীও ক’ব নোৱাৰা হ’লোঁ। নিজৰ ঘৰ বুলি ভালৰো ভাল পৰ্দা, ছোফা, বিছনা, বিছনা চাদৰেৰে ঘৰ ভৰি পৰিল। মই ৰাতি ৰাতি ই.এম.আই, আন খৰছ আৰু দৰমহাৰ হিচাপ কৰোঁ।

অলপ আগতে অ’ফিচৰপৰা আহিলোঁ। শ্ৰীমতীয়ে হাঁহি মাৰি দুৱাৰখন খুলি দিলে। তেওঁক ইমান বেছি আনন্দত থকা দেখিলেও মোৰ টেনছন হয়। কি বা কয়!

‘আজি আমাৰ তলৰ পাটিলৰ ঘৈণীয়েক আৰু জীয়েকৰ লগত চিনেমা চাবলৈ গৈছিলোঁ। বৰ ভাল মানুহজনী। তেওঁলোকৰ হোণ্ডা চিটিখন যে ইমান স্পেচিয়াছ!’

‘ডাঙৰ গাড়ী, হ’বইতো স্পেচিয়াছ।’

‘আজিহে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ  ৰাষ্টাত ঘূৰি ভাল লাগিছে। ইমান ফ্ৰেছ ফ্ৰেছ লাগি আছে গা-মন! আৰু গেটত থকা ছিকিউৰিটি গাৰ্ড কেইজনে গাড়ীত গ’লে চালাম মাৰে, জানা। দৌৰা-দৌৰিকৈ গেটো খুলি দিয়ে। আমি স্কুটাৰত গ’লে হে গেট খুলিবলৈ চিঞৰি থাকিব লাগে..।’

-মই একো নামাতিলোঁ। ভাবিলোঁ এই ছ’চাইটিটোত থকাৰ পিছত নিজৰ গাড়ী এখন নহ’লে সঁচাকৈ কিবা এটা ঠিক নালাগে। তলত নিজৰ কাৰণে ডাঙৰ পাৰ্কিঙৰ ঠায়ো কিনিছোঁ। সকলোৰে পাৰ্কিংবোৰ গাড়ীৰে ভৰ্তি। মোৰ পাৰ্কিঙৰ ঠাইটুকুৰাই সৰু বাজাজ স্কুটাৰখন পেটত সুমুৱাই পৰি থাকে, যেন আধাপেটি খাই হে ফেঁকুৰি ফেঁকুৰি ৰৈ আছে। ৰাতি ভালকৈ হিচাপ এটা কৰিম।

‘শুনা, কি চিন্তা কৰিছা বাৰু? তুমি আৰু দুই-এদিনতে যিকোনো গাড়ী কিনাৰ ডিচিছন লৈ নল’বা দেই। লাগিলে এমাহ দেৰিয়েই হওঁক, ছিডানত উঠাৰ মজা কিন্তু বেলেগ দেই।’

এনেতে মোৰ মোবাইলটো বাজি উঠিল। বন্ধু বিক্ৰমৰ ফোন। ঘৰৰ ডাউন পে’মেন্টৰ বাবে তাৰ পৰা এক লাখ লৈছিলোঁ ধাৰত। ঘৰ লোৱাৰ এমাহৰ ভিতৰতে ঘূৰাই দিম বুলি কৈছিলোঁ যদিও এতিয়ালৈ দিয়া হোৱা নাই। তাক কি ক’ম ভাবি ল’লোঁ মনতে।

‘ৰিংটোনৰ গানটো বৰ ধুনীয়া ন? কালি মোৰ মোবাইলৰপৰা তোমাৰ তাত ভৰাই দিছোঁ।’ শ্ৰীমতীয়ে মিচিকিয়াই ক’লে।

ভাবিলোঁ কিছুমান গান শুনিবলৈ ইমান ভাল! তেতিয়াও মোবাইলৰ ৰিংটোনটো ফুল ভ’লিউমত বাজি আছিল

 -‘তুমি-মই এদিন জানা ঘৰ সাজিমেই, ঘৰ সাজিমেই..তাতে জোন থাকিব, তাতে তৰা থাকিব….’।।

☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *