মূল: ঘোঁৰাবাগীৰ চালকজন, গল্পকাৰ : চিনক্লেইৰ লুইচ,ভাবানুবাদ- চিত্ৰলেখা দেৱী
(প্ৰখ্যাত আমেৰিকান সাহিত্যিক নোবেল বঁটা বিজয়ী SINCLAIR LEWIS ৰ গল্প THE HACK DRIVER ৰ অসমীয়া ভাবানুবাদ)
সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মই এখন “ল ফাৰ্ম”ত কনিষ্ঠ সহকাৰী কেৰাণী হিচাপে কাম আৰম্ভ কৰিলোঁ। ইয়াত মোক আইনী নথি-পত্ৰ তৈয়াৰ কৰিবলৈ দিয়া হোৱা নাছিল; কিন্তু এজন সস্তীয়া ব্যক্তিগত ৰহস্য সন্ধানীৰ দৰে কাৰোবালৈ চমন পঠোৱাৰ কামত নিয়োগ কৰা হৈছিল। এইটো কামত মই ভিক্টিম একোজনক বিচাৰি উলিয়াবলৈ চহৰখনৰ লেতেৰা আৰু অন্ধকাৰ জগতখনতো প্ৰৱেশ কৰিব লগা হৈছিল। আনকি, দুই-এজন বিৰাট বপু আৰু আত্মবিশ্বাসীৰপৰা মাজে-সময়ে মই পিটনো খাই পাইছোঁ। মই এই মোৰ একেবাৰে ভাল নলগা কামটোক ঘিণ কৰিছিলোঁ য’ত নগৰীয়া জীৱনৰ এটা অংশ মোৰ বাবে উন্মুক্ত হৈ পৰিছিল। আনকি, মই ইয়াৰপৰা মোৰ গৃহ চহৰলৈ গুচি যোৱাৰ কথা চিন্তা কৰিছিলোঁ য’ত মই এজন প্ৰকৃত উকীলৰ দৰে কাম কৰিব পাৰোঁ আৰু এই মোৰ “প্ৰশিক্ষণৰ সময়”ৰ ভাল নলগা কামবোৰৰপৰা আঁতৰি থাকিব পাৰোঁ।
সেইবাবে, এদিন যেতিয়া মোক ইয়াৰপৰা চল্লিশ কিলোমিটাৰ আঁতৰৰ ‘নিউ মুলিয়ন’ নামৰ নগৰখনৰ ওচৰৰ গাঁও এখনলৈ অলিভাৰ লুটকিন্স নামৰ মানুহ এজনক আদালতৰ চমন দিবলৈ পঠিয়ালে মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ। আইনৰ কেচ এটাত এই মানুহজনৰ সাক্ষ্যৰ আমাক দৰকাৰ হৈছিল আৰু তেওঁ আমি পঠিওৱা প্ৰতিখন চিঠিয়েই আওকাণ কৰিছিল।
যেতিয়া মই নিউ মুলিয়ন পালোঁগৈ মোৰ এখন মধুৰ আৰু সহজ-সৰল গাঁৱলীয়া পৰিৱেশ দেখিবলৈ পোৱাৰ সকলো আশা ধূলিস্যাৎ হ’ল। ইয়াৰ বাট পথবোৰেৰে বোকাৰ নৈহে যেন বৈছে; কাষত শাৰী শাৰী কাঠৰ দোকান, কিছুমান দৃষ্টিকটু মুগা বৰণৰ ৰং দিয়া, কিছুমান ৰং নিদিয়া। ইয়াৰ একমাত্ৰ ভাল লগা কথাটো হৈছে মোক ষ্টেচনৰপৰা নিবলৈ অহা মানুহজন। মানুহজন প্ৰায় চল্লিশ বছৰ বয়সীয়া, ৰঙচুৱা মুখাবয়বৰ, হাঁহিমুখীয়া আৰু মধ্যম চেহেৰাৰ। তেওঁ কাম কৰোঁতে পিন্ধা পোছাকযোৰ লেতেৰা পেতেৰা আৰু একেবাৰে পুৰণি আৰু তেওঁৰ ব্যৱহাৰ পাতি বন্ধুত্বসূলভ। আপুনি এক কথাতে ধৰিব পাৰিব যে তেওঁ মানুহক খুউব ভাল পায়।
“মই অলিভাৰ লুটকিন্স নামৰ মানুহ এজনক বিচাৰি উলিয়াবলৈ আহিছোঁ।” – মই তেওঁক ক’লোঁ।
“লুটকিন্স? মই তেওঁক ইয়াতে এঘণ্টামানৰ আগতে দেখিছিলোঁ। তেওঁক লগ ধৰিব পৰাতো বৰ কঠিন কাম। সদায়ে অ’ত-ত’ত ঘূৰি ফুৰে। তেওঁ কিজানি এতিয়া ফ্ৰিট্ জৰ দোকানৰ পাছফালে প’কাৰ খেলিবলৈ আৰম্ভ কৰিলে। মই তোমাক কওঁ, ডেকা ল’ৰা লুটকিন্সক বাৰু বৰ খৰখেদাকৈয়ে বিচাৰি উলিয়াব লাগে নেকি?”
“হয়, মই আজিৰ আবেলিৰ ৰেলতে নগৰলৈ ঘূৰি যাম বুলি ভাবিছোঁ।” মোৰ এই কথাটো অতি গুৰুত্বপূৰ্ণ আৰু গোপনীয় আছিল।
“মই তোমাক ক’ম বাৰু। মোৰ এখন ঘোঁৰা বাগী আছে। মই বাগীখন উলিয়াই আনো আৰু সেইখনেৰে দুয়ো একেলগে লুটকিন্সক বিচাৰি যাওঁ ব’লা। তেওঁ সোমাই থাকিব পৰা ভালেমান ঠাইৰ কথা মই জানো।”
তেওঁ ইমান খোলা মনৰ আৰু বন্ধুত্ব ভাৱাপন্ন আছিল যে মই তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিলোঁ। মই অৱশ্যে জানিছিলোঁ যে এয়া তেওঁৰ ব্যৱসায়িক বুদ্ধি। কিন্তু তেওঁৰ দয়াপৰাৱশতা আছিল সঁচা। মই এই মানুহজনকে ভাড়াৰ ধন দিবলৈ পাই আনন্দিত হ’লোঁ। মই দৰ-দাম কৰি গাড়ীৰ ভাড়া ঘণ্টাত দুই ডলাৰ দিয়াটো ঠিক কৰিলোঁ, আৰু তেতিয়া তেওঁ ওচৰতে থকা নিজৰ ঘৰৰপৰা এটা ডাঙৰ ক’লা বৰণৰ চকাৰ ওপৰত থকা বাকচ লৈ আনিলে। তেওঁ মন্তব্য দিলে, “ডেকা ল’ৰা, ইয়াত মই বস্তু-বাহানি লৈ লৈছোঁ” আৰু তেওঁ বহল হাঁহিৰে মোক তেওঁৰ এজন পুৰণি বন্ধু কৰি পেলালে। এই গাঁৱৰ মানুহবোৰ সদায়ে বাটৰুৱাক সহায় কৰিবলৈ উদগ্ৰীৱ হৈ থাকে। তেওঁ ইতিমধ্যেই অলিভাৰ লুটকিন্সক মোৰ বাবে বিচাৰি উলিয়াবলৈ নিজাববীয়াকৈ চেষ্টা আৰম্ভ কৰিলে।
তেওঁ ক’লে, “মই অৱশ্যে তোমাৰ কামত হস্তক্ষেপ কৰিবলৈ বিচৰা নাই ডেকা ল’ৰা; কিন্তু, মোৰ অনুমান হৈছে যে তুমি নিশ্চয় লুটকিন্সৰপৰা যথেষ্ট পৰিমাণৰ টকা-পইচা সংগ্ৰহ কৰিবা। তেওঁ কেতিয়াও কাকো এপইচাও নিদিয়ে। তেওঁ মোকো পকাৰ গেমত পঞ্চাশ চেণ্ট দিবলৈ আছে; মই এটা মহামূৰ্খ বাবেহে তাৰ লগত খেলিবলৈ লৈছিলোঁ। তেওঁ আচলতে বেয়া মানুহ নহয়, কিন্তু পইচা-পাতিৰপৰা তেওঁক আঁতৰাই অনাটো বৰ টান কাম। যদি তুমি এই সুন্দৰ পোছাক-পাতিৰে তেওঁৰপৰা টকা উলিয়াবলৈ যোৱা তেওঁ সন্দিহান হৈ পৰিব আৰু তোমাৰ ওচৰৰপৰা আঁতৰি যাব। যদি তুমি ইচ্ছা কৰা, ময়ে ফ্ৰিট্ জৰ ওচৰলৈ গৈ তাৰ বিষয়ে সুধিব পাৰোঁ আৰু তুমি মোৰ পাছফালে লুকাই থাকিবা।”
মই তেওঁক এইবাবেই ভাল পাইছিলোঁ। মই কেতিয়াও নিজে লুটকিন্সক বিচাৰি নাপালোহেঁতেন। এই ঘোঁৰাবাগী চালকজনৰ সহায়ত মই নিশ্চয় মোৰ দৰকাৰী মানুহজনক বিচাৰি পাম। মই তেওঁক বিশ্বাসেৰে ল’লোঁ আৰু ক’লোঁ যে মই লুটকিন্সক আদালতৰ চমনখন দিব খোজো যিটো কেছত ইমান দিনে তেওঁ সাক্ষী হ’বলৈ অস্বীকাৰ কৰি আহিছে। তেওঁৰ এই সাক্ষ্য প্ৰদানে আমাৰ কেছটো সোনকালে সমাধান কৰিব পাৰিব। চালকজনে মন দি কথাখিনি শুনিলে। শেষত তেওঁ মোৰ বাউসীত থপৰিয়াই হাঁহিলে, “ঠিক আছে, ঠিক আছে, এতিয়া লুটকিন্সক অকণমান আচৰিত কৰি দিয়া যাওক।”
“ব’লা, তেনেহ’লে গৈ থাকোঁ।”
“বহুতবোৰ কাহিনী ইয়াৰ চাৰিওফালে বিয়পি আছে যিবোৰে মোক বিল বা মেগনুচন নাম দিছে। মোৰ ব্যৱসায়টোক কোৱা হয় ‘উইলিয়াম মেগনুচন ফেন্সী কাৰ্টিং এণ্ড হেকিং’ বুলি।”
“ঠিক আছে বিল। এতিয়া আমি ফ্ৰিট্ জৰ ওচৰলৈ আগবাঢ়িব পাৰোঁনে?”
“হয়, লুটকিন্স এতিয়া অন্য ঠাইত থকাৰ দৰেই তাতো থাকিব পাৰে; প’কাৰ খেল বৰ বেছিকৈয়ে খেলি থাকিব পাৰে। মানুহক ঠগোৱাত তেওঁ ওস্তাদ।” বিলে যেন লুটকিন্সৰ অসাধুতাৰ প্ৰশংসাহে কৰিলে। মই অনুভব কৰিলোঁ যে তেওঁ যদি এজন পুলিচৰ মানুহ হ’লহেঁতেনে তেওঁ সসন্মানেৰে লুটকিন্সক গ্ৰেপ্তাৰ কৰিলেহেঁতেন আৰু জেলত থৈ অনুতাপহে কৰিলেহেঁতেন।
বিলে মোক ফ্ৰিট্ জৰ দোকানৰ ফালে লৈ গ’ল। “তুমি আজি অলিভাৰ লুটকিন্সক ইয়াত দেখা পাইছানে? তেওঁৰ বন্ধুৱে তেওঁক বিচাৰি ফুৰিছে।” বিলে হাঁহি হাঁহি ক’লে।
বিলৰ পাছফালে লুকাই ফ্ৰিট্ জে মোলৈ চালে। তেওঁ থেৰোগেৰোকৈ সহযোগ কৰিলে, “হয়, তেওঁ অলপ আগতে ইয়াৰপৰা গৈছে। গুস্তাফৰ চেলুনত তেওঁ দাঢ়ি খুড়াবলৈ গৈছে বুলি অনুমান কৰিছোঁ।”
“বাৰু, তেওঁ যদি ইয়ালৈ আকৌ আহে মই বিচাৰি ফুৰিছোঁ বুলি ক’বা।”
আমাৰ বাগীখন গুস্তাফৰ চেলুনলৈ বুলি আগবাঢ়িল। ইয়াতো বিল প্ৰথমে সোমাল আৰু মই দুৱাৰৰ আঁৰ হৈ ৰ’লোঁ। বিলে কেৱল চেলুনৰ মালিককে সুধি নেৰিলে, তাত থকা দুজন গ্ৰাহককো লুটকিন্সক দেখিছে নেকি বুলি সুধিলে। গুস্তাফে তেওঁক দেখা নাই। তেওঁ খঙেৰে ক’লে, “মই তাক নাই দেখা আৰু এই বিষয়ে গুৰুত্বও নিদিওঁ। কিন্তু, যদি তুমি তাক লগ পোৱা মই তাৰপৰা পাব লগা পঁয়ত্ৰিশ ডলাৰ লৈ ল’বা।” গ্ৰাহককেইজনৰ এজনৰ ভাব হ’ল যে তেওঁ সেইদিনা প্ৰধান ৰাস্তাত হোটেলৰ এইফালে লুটকিন্সক যেন দেখিছিল।
আমি যেতিয়া ঘূৰি আহি বাগীখনত বহিলোঁহি বিলে যোগ দিলে যে যদি লুটকিন্সৰ গুস্তাফক বাকী দিবলৈ আছে তেওঁ নিশ্চয় দাড়ি খুৰাবলৈ গ্ৰেৰ চেলুনলৈ যাব। গ্ৰেৰ চেলুনত আমি লুটকিন্সক পাঁচ মিনিটমানৰ বাবেহে লগ নাপালোঁ। তেওঁ এইমাত্ৰহে তাৰপৰা ওলাই গৈছে বোলে। বোধকৰোঁ জুৱাৰীৰ দোকানলৈ। ইয়াত আক’ গম পোৱা গ’ল যে তেওঁ মাত্ৰ চিগাৰেটৰ পেকেট এটা কিনি তাৰপৰা ওলাই গ’ল। এনেকৈয়ে আমি লুটকিন্সক প্ৰায় এঘণ্টা ধৰি খেদা-খেদি কৰি থাকিলোঁ এক বাজি যোৱাৰ পাছলৈকে, তেওঁৰ ঠিক পাছতে আছোঁ যদিও লগ ধৰিব নোৱাৰিলোঁ। মোৰ ভোক লাগিছে। কিন্তু বিলৰ তেওঁৰ লগ-সঙ্গবোৰৰ বিষয়ে দিয়া জবৰজং ধৰণৰ মতামতবোৰ মই ইমানেই উপভোগ কৰিবলৈ ধৰিলোঁ যে লুটকিন্সক বিচাৰি পোৱা নোপোৱাৰ কথাটো মোৰ বাবে গৌণ হৈ পৰিল।
“কিবা এটা খাব লাগিছিল নহয়!” মই প্ৰস্তাৱ দিলোঁ। “এখন ৰেষ্টুৰেণ্টলৈকে যাওঁ নহ’লে, আৰু তুমিও খাবা মোৰ লগত।”
“বাৰু, মই তেনেহ’লে ঘৰত থকা মোৰ পত্নীৰ ওচৰলৈ যাব লাগিব। মই এই ৰেষ্টুৰেণ্টবোৰক ইমান বেছি গুৰুত্ব নিদিওঁ। তাৰোপৰি, মাত্ৰ চাৰিখনহে আছে যিকেইখন একেবাৰে বেয়া। আমি কি কৰিম তোমাক কওঁ ৰ’বা। আমি গৈ মোৰ পত্নীক আমাৰ বাবে দুপৰীয়াৰ আহাৰ টোপোলা বান্ধি দিবলৈ ক’ম। তাই তোমাৰপৰা ইয়াৰ বাবে আধা ডলাৰৰ বেছি নলয়, যি মূল্যই তোমাক ৰেষ্টুৰেণ্টতকৈ সুস্বাদু আহাৰ দিব। তাৰপাছত আমি “ৱেডছ হিল”লৈ গৈ তাত বহি খাই খাই ধুনীয়া দৃশ্য উপভোগ কৰিম।”
মই অৱশ্যে নজনা নহয় যে, নগৰৰপৰা অহা মোৰ দৰে ডেকা এজনক বিলে কেৱল ভাতৃত্ববোধৰ বাবেই ইমান সহায় কৰা নাই। তেওঁৰ কামৰ সময়ৰ বাবে মই মূল্য দিছিলোঁ; কামৰ শেষত মই খোৱাৰ সময়খিনিকো ধৰি মুঠ ছঘণ্টাৰ ভাড়া দিছিলোঁ যিটো সেই সময়ৰ বাবে যথেষ্ট সংখ্যাৰ আছিল। কিন্তু তেওঁক মোতকৈ বেছি সাধু লোক বুলি ক’ম; কাৰণ, এই গোটেইখিনি ধন মই কাম কৰা ফাৰ্মৰপৰা মই লৈ ল’ম। মোৰ ওচৰত বিলৰ উপস্থিতি এই ধনতকৈ অধিক মূল্যবান আছিল। তেওঁৰ আনন্দদায়ক গাঁৱলীয়া উদ্যম মোৰ দৰে “নগৰীয়া ৰোগ”ত ভোগা গাঁৱৰ ডেকা এজনৰ বাবে সঞ্জীৱনী সুধা। আমি যেতিয়া পাহাৰৰ ওপৰত বহি সৰু জুৰিটি অকাই-পকাই গৈ গছ-গছনিৰ মাজত লুকাই যোৱাৰ দৃষ্টিনন্দন দৃশ্য উপভোগ কৰি আছিলোঁ, বিলে নিউ মুলিয়নৰ কথা কৈ গৈছিল। তেওঁ ইয়াত বসবাস কৰা সকলো লোকৰ বিষয়ে শব্দৰে একোখন চিত্ৰ আঁকিছিল। ঠাইখনৰ সকলো কথাই তেওঁৰ নখদৰ্পনত আছিল। তেওঁ মানুহবোৰৰ কথা লৈ যিমানেই নাহাঁহক লাগিলে, তেওঁ কিন্তু তেওঁলোকক ভালকৈ বুজি পাইছিল আৰু তেওঁলোকৰ মূৰ্খামিবোৰ ক্ষমা কৰি দিছিল। তেওঁ তাৰ মন্ত্ৰীৰ পত্নীগৰাকীৰ বিষয়ে বৰ্ণনা কৰিছিল যিগৰাকীয়ে আনন্দত থাকিলে গীৰ্জাঘৰত আটাইতকৈ ডাঙৰ মাতেৰে প্ৰাৰ্থনা কৰিছিল। তেওঁ কলেজৰপৰা অহা ল’ৰাবোৰৰ ভিন্ন ৰূপৰ পোছাকৰ বিষয়েও মন্তব্য দিছিল। তেওঁ তাৰ উকীলজনৰ বিষয়ে ক’বলৈ লৈ কৈছিল যে তেওঁৰ পত্নীয়ে তেওঁক একেদিনাই টাই আৰু কলাৰ দুয়োডাল পিন্ধাব নোৱাৰিছিল। তেওঁ বৰ্ণনাৰে সকলোকে জীৱন্ত কৰি তুলিছিল। সেইদিনা মই বুজি পাইছিলোঁ যে মই কাম কৰি থকা নগৰখনতকৈ নিউ মুলিয়ন বেছি ভাল আৰু মই ইয়াক ভাল পাবলৈ ল’লোঁ।
বিলে কলেজ আৰু নগৰৰ বিষয়ে নাজানিছিল; কিন্তু, তেওঁ দেশৰ বিভিন্ন ঠাইত ঘূৰিছে আৰু বিভিন্ন ধৰণৰ কামো কৰিছে। তেওঁ নিজৰ এডভেঞ্চাৰবোৰৰ পৰা এটা জীৱন দৰ্শন বিচাৰি উলিয়াইছে – সৰলতা আৰু হাঁহি। তেওঁ মোৰ যেন আঁহ-পাহ মুকলি কৰি দিলে।
আমি সেই শান্ত সুন্দৰ দৃশ্যাৱলীৰ বাতাবৰণ এৰি পুনৰ অলিভাৰ লুটকিন্সৰ সন্ধানত নামি পৰিলোঁ। আমি তেওঁক বিচাৰি উলিয়াব নোৱাৰিলোঁ। অৱশেষত বিলে তেওঁৰ এজন বন্ধুৰ সৈতে একোণত কথা পাতি অনুমান কৰিলে যে অলিভাৰ এতিয়া কিজানি ইয়াৰ পৰা তিনি মাইল উত্তৰে থকা তেওঁৰ মাকৰ ফাৰ্মত আছে।
আমি তালৈ বুলি ঢাপলি মেলিলোঁ – আঁচনিৰে সৈতে।
“মই অলিভাৰৰ মাকক চিনি পাওঁ। তেওঁ অতি ভয়ানক।”
বিলে এটা হুমুনিয়াহ এৰিলে।
“মই তেওঁৰপৰা এবাৰ এটা ট্ৰাঙ্ক আনিছিলোঁ আৰু তেওঁ মোৰ প্ৰায় গাৰ ছাল বখলিয়াবই খুজিছিল। কাৰণ, মই সেইটো কণীৰ বাকচত ল’ব লগা সাৱধানতাৰে অনা নাছিলোঁ। মানুহগৰাকী নফুটমান ওখ, চাৰি ফুটমান মোটোহা, মেকুৰীৰ নিচিনা খৰতকীয়া আৰু অনৰ্গল বকিব পৰা। মই বাজি মাৰি ক’ব পাৰোঁ যে অলিভাৰে যেতিয়া কোনোবাই তেওঁক খেদি ফুৰাৰ কথা গম পালে, তেওঁ তালৈ গৈ মাকৰ মেখেলাৰ আঁৰত লুকাই আছে। বাৰু, ইয়াতো চোৱা যাওক। কিন্তু মোকেই কামটো কৰিবলৈ দিলেহে ভাল হ’ব বুজিছানে ডেকা ল’ৰা। তুমি সাহিত্য আৰু আইনৰ ক্ষেত্ৰখনত পাৰদৰ্শী ব্যক্তি হ’ব পাৰা; কিন্তু প্ৰকৃত জীৱনৰ গালি-শপনিত তুমি এতিয়াও অভ্যস্ত হোৱা নাই।”
আমি এখন দুখীয়া ধৰণৰ ফাৰ্মৰ চোতাললৈ গ’লোঁ য’ত আমি এগৰাকী প্ৰকাণ্ড চেহেৰাৰ আৰু আনন্দেৰে উজ্জ্বলি থকা মুখৰ মহিলাৰ সৈতে মুখামুখি হ’লোঁ। মোৰ গাইডে অসীম সাহসেৰে তেওঁৰ ওচৰলৈ গৈ ক’লে,
“মোক চিনি পাইছেনে? মই বিল মেগনুচন। কোচোৱান আৰু বস্তু কঢ়িওৱা মানুহটো। মই আপোনাৰ ল’ৰা অলিভাৰক বিচাৰি আহিছোঁ।”
“মই অলিভাৰৰ বিষয়ে একো নাজানো আৰু মই জানিবলৈও নিবিচাৰোঁ।” তেওঁ চিঞৰি চিঞৰি ক’লে।
“এতিয়া, এইফালে চাওক। আমাৰ এনে অৰ্থহীন কথাৰ ওপৰত কিছু ক’বলগীয়া আছে। এই ডেকাজন নগৰৰ আদালতৰ এজন প্ৰতিনিধি হিচাবে আহিছে; আৰু অলিভাৰৰ সকলো সা- সম্পত্তিৰ বিষয়ে অনুসন্ধান কৰিবলৈ আমাৰ বৈধ অধিকাৰ আছে।”
বিলে মোক অতি দৰকাৰী ক্ষেত্ৰত মাত মাতিবলৈ দিলে; মহিলাগৰাকীও মোৰ কথাত প্ৰভাৱিত হোৱাৰ দৰে লাগিল। তেওঁ পাকঘৰৰ ফালে ওভটি যোৱাত আমিও পিছ ল’লোঁ। তেওঁ পুৰণি ধৰণৰ জ্বলি থকা ষ্ট’ভটোৰপৰা এটুকুৰা লোহা উলিয়াই আনিলে আৰু আমাৰ ফালে আগুৱাই আহি চিঞৰিবলৈ লাগিল,
“তহঁতি যি বিচাৰিছ বিচাৰহি আহ; যদি বেয়া নাপাৱ, আগতে মোৰ হাতত জ্বলি লহি।” তেওঁ চিঞৰি চিঞৰি আমি ভয়ত উভটি অহা মুখকেইখনলৈ হাঁহি হাঁহি চাই থাকিল।
“ইয়াৰপৰা যাওঁ ব’লা । তাই আমাক মাৰি পেলাব।” বিলে ফুচফুচালে। বাহিৰলৈ ওলাই আহি তেওঁ ক’লে, “তাইৰ হাঁহিটো মন কৰিছিলানে? তাই আমাৰ অৱস্থা দেখি হাঁহিছিল।”
মই অৱশ্যেই বিলৰ সৈতে একমত হ’লোঁ, এইটো এটা অসন্মানজনক অতিথি শুশ্ৰূষা। যি কি নহওক, আমি ঘৰটো অনুসন্ধান কৰিলোঁ। এইটো এটা এক মহলাৰ ঘৰ। বিলে ঘৰৰ চাৰিওফালে ঘূৰি খিৰিকীৰে ভিতৰলৈ জুমি জুমি চালে। আমি খেৰৰ ঘৰ আৰু আস্তাবলো পৰীক্ষা কৰিলোঁ। আমি বিবেচনা কৰি সিদ্ধান্তলৈ আহিলোঁ যে লুটকিন্স ইয়াত নাই। মোৰ বিয়লিৰ ৰেলখন ধৰাৰ সময় আহিল আৰু বিলে মোক ষ্টেচনলৈ লৈ গ’ল।
মোৰ কৰ্মৰ নগৰলৈ যোৱাৰ বাটত মই লুটকিন্সক বিচাৰি অসফল হোৱাৰ কথাটোত বৰকৈ চিন্তা নকৰিলোঁ। মই তেতিয়াও বিল মেগনুচনৰ কথা ভাবিহে ব্যস্ত হৈ আছিলোঁ। বাস্তৱিকতে এতিয়া মই নিউ মুলিয়নলৈ ঘূৰি আহি ইয়াতে আইনী কাম-কাজ কৰাৰ কথা ভাবিছোঁ। যদি মই ইয়াত বিলক ইমান এজন গভীৰ দৰ্শনৰ সামৰ্থবান ব্যক্তি হিচাপে পাম, ফ্ৰিট্জ, গুস্তাফ বা আন এশজন লাহেকৈ কথা কোৱা, সহজ-সৰল, জ্ঞানী ব্যক্তিক মোৰ চুবুৰীয়া হিচাবে নাপামনে? মই মনতে এখন সৎ আৰু সুখী জীৱনৰ চিত্ৰ আঁকি পেলালোঁ য’ত নাথাকিব বিশ্ববিদ্যালয় আৰু আইনী ফাৰ্মৰ কোনো কঠোৰ সীমাবদ্ধতা। ভাবি ভাবি মই উত্তেজিত হৈ পৰিলোঁ, মই এটা সম্পদ লাভ কৰিলোঁ, জীৱনৰ এটা নতুন পদ্ধতি মই আৱিস্কাৰ কৰিলোঁ।
কিন্তু মই লুটকিন্সৰ বিষয়ে বেছি নাভাবিলেও মোৰ কাৰ্যালয়ে ভাবিলে। কথাটোত তেওঁলোক নাৰাজ হোৱা যেন লাগিল। পাছদিনা ৰাতিপুৱা কেছটো ক’ৰ্টত উঠিল আৰু তেওঁলোকক লুটকিন্সৰ সাক্ষ্যৰ দৰকাৰ হ’ল। মই লজ্জিত হৈ পৰিলোঁ, মই এটা অপদাৰ্থ। সেইদিনাৰ ৰাতিপুৱাটোত মোৰ এটা বৈধ নিশ্চিত কেৰিয়াৰৰ প্ৰায় সামৰণি পৰিল যিটো ইতিমধ্যে আৰম্ভ হৈছিলহে।
আমাৰ ওপৰৱালাজনে মোক প্ৰায় হত্যা কৰেই আৰু, এনে হ’লগৈ। তেওঁ মোৰ প্ৰতি এনে ইঙ্গিত কৰিলে যে মই পুখুৰী খন্দাৰহে উপযুক্ত। মোক নিউ মুলিয়নলৈ যাবলৈ পুণৰ আদেশ দিয়া হ’ল আৰু মোৰ লগত এনে এজন মানুহক পঠিয়ালে যিজনে আগতে লুটকিন্সৰ লগত কাম কৰিছিল। মই এই কথাটো বৰ ভাল নাপালোঁ, কিয়নো মই এতিয়া আগৰবাৰৰ দৰে বিলৰ লগত হলি গলি কৰাত বাধা পাম।
যেতিয়া ৰেলখন নিউ মুলিয়ন পালেগৈ, বিল নিজৰ বাগীখন লৈ ষ্টেচনতে ৰৈ আছিল। অতি আচৰিত কথা যে, সেই লুটকিন্সৰ মাক, বুঢ়ী বাঘিনী মহিলাগৰাকীয়ে হাঁহি হাঁহি বিলৰ লগত কথা পাতি আছে, অকণো কাজিয়া নকৰাকৈ।
ৰেলৰ খটখটীৰপৰাই মই লগৰীয়াজনক বিলৰ ফালে আঙুলিয়াই দেখুৱাই ক’লোঁ,
“সৌজন বৰ ভাল মানুহ, এজন প্ৰকৃত মানুহ; মই এটা দিন তেওঁৰ সৈতে কটাইছিলোঁ।”
“তেওঁ আপোনাক অলিভাৰ লুটকিন্সক বিচৰাত সহায় কৰিছিল নহয়নে?”
“হয়, তেওঁ মোক যথেষ্ট সহায় কৰিছিল।”
“তেওঁ কৰিবই, কাৰণ তেওঁ নিজেই লুটকিন্স।”
এতিয়া যিটো কথাই মোক আঘাত কৰিছে সেয়া হৈছে মই আদালতৰ চমনখন লুটকিন্সক প্ৰদান কৰাটো। লুটকিন্স আৰু মাকে মোলৈ চাই এনেকুৱাকৈ হাঁহিলে যে, মই যেন এটি সাত বছৰীয়া উজ্জ্বল মুখৰ ল’ৰাহে। মৰম আৰু দয়াপূৰ্ণভাৱেৰে তেওঁলোকে মোক ওচৰৰ মানুহ এঘৰলৈ একাপ কফি খাবৰ বাবে নিমন্ত্ৰণ কৰিলে।
“মই তেওঁলোকক তোমাৰ বিষয়ে কৈছোঁ আৰু তেওঁলোকো তোমাক চাবলৈ উত্ৰাৱল হৈ আছে।” লুটকিন্সে ফূৰ্তিৰে ক’লে। “তেওঁলোকেই কিজানি এই অঞ্চলৰ একমাত্ৰ মানুহ, যিসকলে কালি তোমাক নেদেখিলে।”
☆ ★ ☆ ★ ☆
9:53 pm
খুবেই ভাল লাগিল