ফটাঢোল

ডলী ক্ৰিয়েশ্যনৰ একবিংশতম নিবেদন: ভাৰাঘৰ- ডলী তালুকদাৰ

ছবি: ভাৰাঘৰ 

কাহিনী, চিত্ৰনাট্য, পৰিচালনা, প্ৰযোজনা, সংলাপ, সংগীত :  ডলী তালুকদাৰ।

 সহ পৰিচালনা : অৰবিন্দ গোস্বামী

অভিনয়ত : ৰিণ্টুমণি দত্ত, ডাঃ পাৰ্থসাৰথি ভূঞা, অঞ্জন সাধনিদাৰ, কৃষ্ণ দাস, নীলাক্ষি কাকতি, অনামিকা গগৈ, নীলাঞ্জনা মহন্ত, মণিকা শৰ্মা, বিপুল শৰ্মা।

অঞ্জন সাধনিদাৰ : ভাৰাঘৰৰ মালিক (কলিতা)

 মণিকা শৰ্মা : কলিতানী ( মালিকনী)

দিম্পল কলিতা : সোণটি ( কলিতাৰ পুতেক)

অনামিকা গগৈ :  মমী( ভাৰাতীয়া)

নীলাঞ্জনা মহন্ত : চিমি ( ভাৰাতীয়া)

নীলাক্ষি কাকতি : অনামিকা (কলিতাৰ খুলশালী)

জ্যোতিৰেখা ৰাজখোৱা : অনু ( ভাৰাতীয়া)

 ডাঃ পাৰ্থসাৰথি ভূঞা :   কুমাৰ নগেন গগৈ (ষ্ট্ৰাগলিং চিংগাৰ) 

 বিপুল শৰ্মা : ৰাজু ( গেলামালৰ দোকানী)

ৰিণ্টুমণি দত্ত : ধনীৰাম হাজৰিকা (চৰকাৰী চাকৰিয়াল)

কৃষ্ণ দাস : নন্দ বৰা

কেমেৰা : মুকুট ভট্টাচাৰ্য 

লাইট : শ্ৰুতিমালা মিশ্ৰ

দৃশ্য ১ :

ৰাতিপুৱাৰ সময়। কেমেৰা লাহে লাহে গৈ এটা ঘৰৰ সমুখত ৰ’ব।এটা আৰ.চি.চি. ঘৰ দেখুৱাব। চাদৰ ওপৰত লোহাৰ ৰদকেইডাল ওলাই থাকিব। চোতালৰ এমূৰে বালিৰ দ’ম, শিলগুটিৰ দ’ম থাকিব। আনফালে এটা নামঘৰ দেখুৱাব টিনৰ। তাৰপৰা বৰগীত গোৱা শুনা যাব-  

“তেজৰে কমলাপতি

                  পৰভাতে নিন্দ…..”

লাহে লাহে কেমেৰাটো মূল ঘৰৰ পিছফালে থকা কুঁৱাটো দেখুৱাব। তাত কাঁহী দুখন, সৰু কেৰাহী এখন, কুকাৰ এটা থাকিব আৰু এজনী ছোৱালীয়ে চাহ বনোৱা চচপেনটো মাজি থাকিব তলমূৰকৈ (জ্যোতিৰেখা ৰাজখোৱা, চৰিত্ৰ অনু)। 

তেনেতে এজনী অন্য ছোৱালী আহিব  দাঁত ঘঁহি ঘঁহি (নীলাঞ্জনা মহন্ত, চৰিত্ৰ চিমি)। বাল্টিটোৰ পৰা এমগ পানী চিমিয়ে ল’ব আৰু  মগেৰে কুঁৱাৰ পৰা অলপ আঁতৰত গৈ মুখখন ধুব আৰু পিছফালে ঘূৰি ‘অনু’ বুলি মাতিব। অনুৱে মূৰ তুলি চাব।

চিমি : চাহ বনোৱা চচপেনটো দেচোন? চাহ বনাওঁগৈ। আজি দেৰিয়ে হ’ল উঠোঁতে। নহ’লে সেইজনী আহি ওলাবহি নোট লিখাৰ ছলেৰে।

অনু : বা, মই এনেকে সদায় বাচন ধুব নোৱাৰোঁ। ঘৰত মই পানী এগিলাচো নিজে লৈ খাই পোৱা নাছিলোঁ। এইবুলি কান্দে।

 চিমি : ধেত! আমি কিবা তোক বাচন ধুবলৈ আনিছোঁ নেকি? আমি মেচ কৰি থাকোঁ বাবে মিলিজুলি কাম কৰোঁ। মমীৰ  মাকৰ অসুখ বাবে ঘৰলৈ গ’ল। ভাত, চাহ দেখোন ময়েই বনাওঁ।

 অনু : মই জানো বা। আপোনাক দোষ দিয়া নাই মই।  কিন্তু মালিকৰ মটৰ পাম্প থাকোঁতে আমাক কুঁৱাৰপৰা পানী উঠাই কাম কৰিবলৈ কিয় দিয়ে? পইচাটো লয়েই ন পানীৰ?

 চিমি : কি কৰিবি আৰু! মালিকে প্ৰথম ছমাহ ভাৰাতীয়াক মটৰেৰে পানী উঠাবলৈ নিদিয়ে। সেইটো নিয়ম বোলে।কুঁৱাত পানী যিয়ে জোখমতে খৰচ কৰে তাকহে পিছত অনুমতি দিয়ে। হ’ব দে, কাইলৈৰপৰা ময়ো ধুম। আচলতে অফিচলৈ যাব লাগে বাবে দেৰী হয় পুৱা। গধূলি ভাগৰো লাগে।

 অনু : বা মই আপোনাক বেয়া পোৱা নাই। পানী জোখমতে খৰছ কৰায়। তাতে সেই অনামিকা বাজনীয়ে দিনটো আমাৰ ৰূমতে সোমাই থাকে। ভাত, চাহ সকলো খাব। কিবা মন গ’লেই নিজে বনাই খাব আৰু বাচনবোৰ লেতেৰা কৰে। বিছনাখনত শুই থাকিব আৰু বাদাম সোপা চোবাই থাকে।চাফা কৰিও নিদিয়ে। লকডাউন হ’লেও মই পঢ়িব লাগে ন!ইমান কথা কয়!

চিমি : কি? তাই দিনটো ইয়াতে থাকে? মইতো গধূলিহে আহে বুলিহে ভাবিছিলোঁ? ভিনিহিয়েকৰ ঘৰত মানে নামতহে থাকে। মোক কয় ভিনিহিয়েক আৰু ভাগিনীয়েকৰ অনলাইন ক্লাচ হয় বাবে আহে? 

অনুৱে কথা কৈ বাচনখিনি চৰিয়া এটাত ভৰাই লয় আৰু চিমিয়ে বাচনখিনি তাইৰ হাতৰপৰা লয়। দুয়ো ৰূমলৈ আহে। 

চোতালত ঘৰৰ মালিকে চকী এখনত বহি বাতৰি কাকত পঢ়ি থাকে। দুয়োকে দেখি হাঁহে।

(এই চৰিত্ৰটো কৰিব অঞ্জন সাধনিদাৰে, কলিতা)।

 কলিতা : ভাল তোমালোকৰ? অনু ক্লাচ কৰি আছানে ভালকৈ? পঢ়িবা দেই মন দি। চিমিয়ে হ’বলা ডিউটি কৰি আছা।

  চিমি : হয় দাদা। দাদা কথা এটা আছিল।

 কলিতা : কোৱাচোন। এই মাহত ভাৰা দিবলৈ অসুবিধা নেকি? দৰমহা পাই আছা নহয়?

 চিমি : নহয় দাদা। ভাৰা দিয়াত অসুবিধা নাই আমাৰ। মানে পানী যদি আমাক মটৰ চলাব মানে টেপৰ……মানে কুঁৱাৰপৰা পানী উঠাই গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা দিগদাৰ হয় অলপ।

 কলিতা : তোমালোকৰ ছমাহ হ’লনে? অঁ চাৰিমাহ হৈছে। আৰু দুটা মাহহে। তাৰ পিছত চিন্তা নাই। মানে নিয়মটো চলিব লাগিব ন? 

এনেতে কোনোবা এটা ভাৰা ৰূমত গীটাৰ বজাই চিঞৰি গান গোৱা শুনা যাব..

      “কোনোবাই ৰিঙিয়াই

          চকুতে চকুলো সৰে

              মনে মোৰ বিচাৰে…..

সেই সময়তে ভিতৰৰ পৰা কলিতানী আৰু ছোৱালী এজনী ওলাই আহিব।

 কলিতানীয়ে (মণিকা শৰ্মা) কলিতাক ফোনটো দিয়ে…

কলিতানী : ডেকাই ফোন কৰি আছে। কথা পাতক। ভণ্টিহঁত ভালনে? কেনেকুৱা লাগিছে আমাৰ ঘৰত থাকি?

 কলিতা : তুমি ডেকাক কিয়নো আজি মোৰ ফ্ৰি আছে বুলি ক’লানো? এতিয়া তেওঁৰ ভাগৰ এটা ক্লাচ কৰিবলৈ দিছে। মই আজি এঘৰত ভাগৱত পাঠ শুনিবলৈ যাম বুলি ভাবিছিলোঁ।

কলিতানী : মইনো কি জানো? আপোনাৰ কলিগ বাবে ক’লোঁ। 

  কলিতাই ভিতৰলৈ যায় ক্লাচ কৰিবলৈ।

চিমি আৰু অনুৱেও মাত লগাই নিজৰ ৰূমলৈ যায়।

কলিতানীয়ে লগত অহা ছোৱালীজনীক কাষত নেদেখি ইফালে সিফালে চাই দেখে যে তাই গান গোৱা ৰূমটোৰ খিৰিকীৰ গ্ৰিলত নাকটো সুমুৱাই দি চাই আছে ভিতৰলৈ। 

কলিতানীক ক্ল’জআপত খং কৰা দেখুৱাব মুখখন।

কলিতানী : ঐ মিকা! কি কৰি আছ তাত তই হা?

লগে লগে মিকাই মুখখন ঘূৰাব আৰু ক্ল’জআপত দেখাব।

(নীলাক্ষি কাকতি, চৰিত্ৰ অনামিকা)। তাইৰ মুখখন দেখুওৱাৰ লগে লগে বেকগ্ৰাউণ্ডত গাব মিকা….মিকা…মিকা….চিকা….পিকা….ৰিকা..।

কলিতানীৰ ওচৰলৈ আহিব মিকা।

মিকা : কি হ’ল, কিয় চিঞৰিছ? মই গানহে শুনিছোঁ। ইমান ধুনীয়া গায় আৰু গায়কজনো ইমান হেণ্ডচাম অ’।

কলিতানী : তোক এনেকে দেখিলে কি ভাবিব সি? আৰু ভিনিহিয়েৰে দিব মজা। আগতেও তোৰ বাবে দুজন ভাৰাতীয়া পলাইছে। যা ভিতৰলৈ। মই আটা মথি থৈছোঁ, তই ৰুটি ভাজি বনাগৈ। মই গা ধোওঁ। বাবাৰো ক্লাচ শেষ হ’ল চাগে।

অনামিকাই মুখখন বেঁকা কৰি যায় বায়েকৰ পিছে পিছে।

 ২ য় দৃশ্য :

নতুন ভাৰাতীয়া এজন আহিব কলিতাৰ ঘৰলৈ। সৰু গাড়ী এখনত বিছনা এখন, আলমাৰী এটা, দীঘল টেবুল এখন, সৰু টিভি এটাৰ লগতে অন্যান্য সামগ্ৰী নমাব। মালিকৰ দুৱাৰমুখত গৈ কলিংবে’লটো টিপিব। ভিতৰৰ পৰা কলিতা আৰু কলিতানী ওলাই আহিব। বাহিৰত ল’ৰা এজনে হাঁহি মাৰি ৰৈ থাকিব। পিন্ধনত এটা বাৰমুডা আৰু টি- চাৰ্ট ( এই চৰিত্ৰটো কৰিব বিপুল শৰ্মাই। নাম ৰাজু)।

ৰাজু : খুড়াদেউ নমস্কাৰ। মই আহিলোঁ বস্তু লৈ। ৰূমৰ চাবিটো দিয়ক। ( হাঁহি হাঁহি কয়)

 কলিতা : অঁ, তুমি আহিলাই নেকি? পিচে ৰূমটো চাবলৈহে দিছিলোঁ। ভাৰা দিয়াৰ কথা কোৱা নাছিলোঁ নহয়! আৰু লেতেৰাও হৈ আছে। আগৰ ভাৰাতীয়াজনে লেতেৰা কৰি থৈ গৈছে।

 কলিতানী : আমি মানে লেতেৰা কৰি ৰূম নিদিওঁ ভাৰাতীয়াক। আমি মানে বহুত ভাল মালিক জানানে? বহুত চাফা আমি।

ৰাজুৱে চাৰিওফালে গজা ঘাঁহবোৰ চাই  হাঁহি মাৰি কয়।

: হয় দিয়ক। গম পাইছোঁ। মই চাফা কৰি ল’ম।

কলিতা : তুমি কি কৰা পিচে?

 ৰাজু : খুড়া মই আপোনালোকৰ চাৰিআলিটোত নতুনকৈ গেলামাল আৰু উপহাৰৰ দোকান এখন খুলিছোঁ। সেইবাবে ওচৰতে ঘৰ লৈছোঁ।

কলিতানী : ভালেই হ’ল দিয়া। আমাৰ চিন্তা নাই ঘৰৰে দোকানী হ’লা। যি মন যায় আনিব পাৰিম পইচা নহ’লেও ন? নে বেয়া পাবা?

ৰাজু : কি কয় খুড়ীদেউ! কিয় বেয়া পাম? যি মন যায় আনিব পাৰিব। পইচা নাই কোনো কথা নাই।ঘৰৰ ভাৰাত কটাই দিম নহয়! 

 ৰাজুৱে হাঁহি হাঁহি কয়।

কলিতা উচপ খাই উঠে। 

কলিতা : যোৱাচোন চাবিটো আনা? বাকী পিছতো খাবা। ল’ৰাটোক আগতে জিৰাবলৈ দিয়া।

( মুখৰ ভিতৰত) ভাৰাতীয়াৰ দোকানৰ মাল বাকীত খাই ভাৰাত কটাব আহিছে। মোক দেউলীয়া কৰিব যি দেখিছোঁ।

 কলিতানীয়ে চাবিটো দিয়ে। কলিতাই পিছফালে থকা ভাৰা ৰূমবোৰ দেখুৱাই বিৱৰণ দিয়ে কোন কোন থাকে।

 কলিতা : প্ৰথম ৰূমটোত শিৱসাগৰৰ ল’ৰা এজন থাকে। ধনীৰাম হাজৰিকা তেওঁৰ নাম। মাজৰটোত তিনিজনী ছোৱালী থাকে। এজনীয়ে চাকৰি কৰে আৰু দুজনী ছাত্ৰী। আৰু ইয়াত এজন থকা নথকা সমান। মাজে মাজে আহে, নন্দ বৰা নাম।  আৰু এইটো পিছফালৰ ৰূমটোত এজন গায়ক থাকে। কুমাৰ নগেন গগৈ । ৰাতিপুৱা আৰু গধূলি তেওঁ ৰেয়াজ কৰে। গতিকে শ্বক নাখাবা।

ৰাজু : আৰু এই শেষৰ ৰূমটো মোৰ নহয়নে?

 কলিতা : হয়। আৰু পিছফালে গা ধোৱা ঘৰ। 

 চাবিপাত ৰাজুৰ হাতত দি কলিতা আগবাঢ়িব খোজে কিন্তু হঠাত ৰৈ যায়।

 কলিতা : আৰু শুনা! মোৰ ইয়াত গাভৰু ছোৱালী ভাৰা থাকে তিনিজনী। সিহঁতৰ ৰূমত আহি বা কুঁৱাৰ পাৰত কাপোৰ ধোৱাৰ ছলেৰে মেল মাৰি নাথাকা যাতে বা সিহঁতক কোনো আমনি নকৰা যাতে। মই যেন একো কমপ্লেইন নাপাওঁ। যিদিনাই শুনোঁ সেইদিনাই ৰূম খালী কৰিব লাগিব।

কলিতা যায়। 

ৰাজুৱে হাঁহি মাৰি মনতে কয়, “মোৰনো সময় ক’ত? আৰু এই ক’ৰনাৰ সময়ত মই কিয়নো মানুহৰ কাষত বহি মেল মাৰিম? জীৱৰ মোহ নাই নেকি কিবা!”

ৰাজুৱে গাড়ী চলোৱা ল’ৰাটোৰ লগত বস্তুবোৰ সুমুৱায় কিন্তু হঠাত পিছফালে মালিকৰ ঘৰত খিৰিকীৰে চাই থকা অনামিকাক দেখি শ্বক খায়। তাই হাত জোকাৰি দিয়ে। ৰাজুৱে তলমূৰকৈ দৌৰি ভিতৰ সোমায় আৰু কয়..

“প্ৰথম দিনাই খেদা নাখাওঁ দেই”।

অনামিকাই তেনে কৰাত ” হুহ” কৰি খিৰিকীখন জপাই দিয়ে।

৩য় দৃশ্য :

 এখন কেৰাহী দেখুওৱা হ’ব। তলত কমকৈ জুই জ্বলি থাকিব। কেৰাহীখনত পাঁচ টুকুৰা গাজৰ, ছয় টুকুৰা ফ্ৰেন্স বীণ, তিনি টুকুৰা পিয়াঁজ এজন মানুহে ভাজি থাকিব। মানুহজনক পিছফালৰপৰা দেখুৱাব। কেমেৰাই তেওঁক ভৰিৰ পৰা দেখুৱাব। ভৰিত চেণ্ডেল দুপাতত বেলেগ বেলেগ ৰঙৰ ফিটা লগোৱা, পিন্ধনত এটা হাফপেণ্ট, এটা হালধীৰ দাগ লগা গেঞ্জী, ডিঙিত এখন গামোচা। মাজে মাজে গামোচাৰে মুখখন মচি থাকিব। সিজোৱা চাওমীনখিনি দিবলৈ ওলাওঁতে “খুড়া ভাল” বুলি কোনোবাই মাত লগায়। লগেলগে ঘূৰি দিব তেওঁ। 

মুখখন ক্ল’জআপত দেখুৱাব আৰু বিৰক্ত হোৱা দেখুৱাই সামান্য (ৰিণ্টুমণি দত্ত। চৰিত্ৰ ধনীৰাম হাজৰিকা)।

 ধনীৰাম : অঁ, সোণটি দেখোন? কি খবৰ? আজি ক্লাচ নাই নেকি?

সোণটিয়ে হাঁহি মাৰিব আৰু কেমেৰাই তাৰ দাঁতকেইটা দেখুৱাব (এই চৰিত্ৰটো কৰিব দিম্পল কলিতাই)। সি বিছনাত ভৰি উঠাই বহি ল’ব। 

 সোণটি : খুড়া। আজি আমাৰ ক্লাচ নহ’ল। সেইকাৰণে আপোনাৰ ৰূমত ধুনীয়া গোন্ধ পাই গুচি আহিলোঁ। কি বনাইছে?

 ধনীৰাম : নাই অ’, এনেই কিবা অলপ আৰু!

 সোণটিয়ে কেৰাহীৰ ওচৰলৈ আহি চাব। এক, দুই, তিনি বুলি সি গাজৰ, বীণৰ টুকুৰাবোৰ গণিবলৈ ধৰে। 

 সোণটি : আপুনি ইমান কম খায়? ডায়েটিং কৰিছে নেকি? ডায়েট বেছি কৰিব নালাগে বুলি আমাৰ মাহীয়ে কৈছে। আমাৰ মাহীয়ে চালাদত চাৰিটা গাজৰ কাটি খায়।

 ধনীৰাম : সেইবাবে মাহী সুস্বাস্থ্যবান তোমাৰ? ভগৱানে তেওঁৰ স্বাস্থ্যৰ আৰু উন্নতি কৰক। পিচে বোপাই মোৰ ডায়েট নহয় পাচলিহে শেষ হৈছে। আনিবলৈ যাম ৰাতিলৈ। আজি দিনত হোটেলতে খাম ভালকৈ।

 সোণটিয়ে চাওমীনখিনি লোভেৰে চাই থাকে।

ধনীৰামে তাকো বাতি এটাত দিয়ে। সি এবাৰতে শেষ কৰে।

 সোণটি : আপুনি বজাৰলৈ কেতিয়া যাব? মোকো নিবনে? কিমান দিন যোৱা নাই। দিতাই বজাৰলৈ যাবলৈ নিদিয়ে লকডাউন হোৱাৰ বাবে।

 ধনী : লকডাউন নহয়। ক’ৰনাৰ বাবেহে। তেওঁ চিন্তা কৰে তোমাৰ বাবে। একমাত্ৰ ল’ৰা যে? বাৰু তুমি ‘দিতা’ কিয় কোৱা? 

 সোণটি: মই যে এতিয়াও মৰমৰ আৰু সলু ল’ৰা। বাৰু, মই মাক কৈ আহোঁ আজি আপুনি মোক বাহিৰত খুৱাব বুলি, নহ’লে মায়ে চিন্তা কৰিব যে?

 সোণটিয়ে মা মা কৈ দৌৰে।

ধনীৰাম : ইয়াক মই কেতিয়া লগ ধৰিলোঁ ৰে বাহিৰত খাবলৈ? সাত ঘাটৰ চেঙেলি আকৌ সি বোলে সলু ল’ৰা।

 ৰহ খুৱাম ভালকে। ময়ো চয়াবিনৰ তৰকাৰীৰে নিৰামিষ থালি খাম বাপ্পেকে। হাঃ …হাঃ…

 ৰূমটো তলা মাৰি ধনীৰাম বাহিৰলৈ আহে আৰু বাইক চলাই অহা নগেন গগৈক লগ পায়।

 ধনীৰাম : কিহে নগেন! কি খবৰ? বহুদিন তোমাৰ গান শুনা নাই যে? নাছিলা নেকি?

 লগে লগে নগেনে হাঁহি মাৰি মিঠাইৰ টোপোলা এটি আগবঢ়ায় (এই চৰিত্ৰটো কৰিব ডাঃ পাৰ্থসাৰথি ভূঞাই)।

 ধনী : কিহৰ মিঠাইহে?

 নগেন : হাজৰিকা, মই আজিকালি অভিনয়ো কৰোঁ নহয়! এখন চুটি ছবি অলপতে মুক্তি লাভ কৰিলে। এতিয়া আন এখনৰ ৰিহাৰ্চেল কৰি আছোঁ। গান অৱশ্যে ময়েই গাম।

ধনী : অহ ! বৰ ভাল কথা। আগুৱাই যোৱা। 

 এনেতে সোণটি আহে। নগেনক দেখি “খুড়া” বুলি মাত লগায়। 

নগেন : তুমি সকলোকে খুড়া বুলি কিয় কোৱাহে? বিয়া-বাৰু নপতা মানুহক ভাল নেদেখি নহয়।

 সোণটি : সৰু ল’ৰাই খুড়াই ক’ব ন? আপুনি কিবা মোৰ মাহীক বিয়া পাতিব নেকি মহাদেউ ক’ম যে?

 এইবুলি ধনীৰামৰ হাতৰ মিঠাইৰ টোপোলাৰপৰা এটা লালমোহন টপকৈ খায়।

 ধনী : সৰুকৈ কোৱাহে। আৰু বিয়া নপতা বুলি নক’বা ইয়াত। 

নগেন : কিয়?

 ধনী : পিছত গম পাবা দিয়া। 

এইবুলি সোণটিয়ে আকৌ মিঠাই খাব খোজাত  ধনীৰামে পেকেটটো টানি আনি ৰূমত থ’বলৈ যায়।

 নগেনে হাঁহি মাৰি সোণটিক পেকেট এটা দিয়ে। সোণটিয়ে মাকক মাতে আৰু ভিতৰৰপৰা মাহীয়েক অনামিকা আহি পেকেটটো লয় আৰু নগেনলৈ চায়। নগেনে লাজকুৰীয়া হাঁহি মাৰি ৰূমলৈ যায়।

 দুয়ো মাহীয়েক ভাগিনীয়েকে বাহিৰতে মিঠাই খাবলৈ ধৰে। ধনীৰাম আহে আৰু দেখি চাই থাকে।

কলিতানী বাহিৰলৈ আহি ধনীৰামক দেখি লাজ পায়। দুয়োকে গালি পাৰি পেকেটটো টানি নি ধনীৰামক চাই হাঁহি মাৰি ভিতৰলৈ যায়।

ধনী : সোণটি মই যাওঁ দেই। তুমি থাকা। 

এইবুলি বাইকখন কোনোমতে ষ্টাৰ্ট কৰে।

 সোণটি দৌৰি আহি বহে পিছত। 

 

৪ৰ্থ দৃশ্য :

চিমি, অনু বহি থাকে সিহঁতৰ ৰূমত। মমী ঘৰৰপৰা আহে মাকৰ গা ভাল হোৱাত। তাই ঘৰৰ পৰা অনা পিঠা, লাৰুৰে তিনিও চাহ খাই থাকে। (মমীৰ চৰিত্ৰ কৰিব অনামিকা গগৈয়ে।)

চিমি : মমী তোমাৰ মা সুস্থ হোৱা বুলি শুনি ভাল লাগিল বহুত। ভালকৈ যত্ন ল’বা।

মমী : অঁ বা। মা সুস্থ হোৱাত ময়ো বৰ সুখী। মই আহিব খোজাই নাছিলোঁ। মায়েহে জোৰকৈ পঠাই দিলে। গাঁৱত মোৰ ক্লাচ কৰিবলৈ অসুবিধা হয়। মানুহবোৰ আহিয়েই থাকে মাৰ খবৰ ল’বলৈ। অনু কি খবৰ তোমাৰ?

 অনু : মোৰ ভালেই দিয়া, পিচে কাম কৰিহে তত নাপাওঁ মই।

 মমী : কি কামনো?

 চিমি : নক’বা আৰু বুজিছা, মালিকৰ খুলশালীজনী আছে আজি দুমাহ ধৰি। এনি টাইম আমাৰ ৰূমত সোমাই থাকে। দিনটো আমাৰ খিৰিকীৰে পিছফালে থকা ৰূমটোত এজন গায়ক আছে তেওঁক চাই থাকে। 

 অনু : অকল সেয়াই নে? যেতিয়া যি মন যায় ইয়াতে বনাই খায় আৰু মাজে মাজে মোক মাছ, মাংস বনাবলৈ দি ভাগিনটোৰ হাতত গায়কজনলৈ দি পঠায়। ইমান বাচন লেতেৰা কৰে। একো সহায় নকৰে। মাহীয়েকৰ লগতে ভাগিনো একে।

 মমী : মানে মালিকৰ সেই আমেৰিকাত থকা খুলশালীজনী নেকি? 

 চিমি : তুমি চিনি পোৱা? 

 মমী : পাওঁতো আকৌ! মইতো তোমালোকতকৈ পুৰণি ন ইয়াত। মোৰ আগৰ ৰূমমেট দুজনী পলাইছে ইহঁতৰ বাবে। 

 অনু : কিয় পলালনো?

 মমী : নপলাবনে? মালিক দাদা হ’ল হিচাবত চলা মানুহ। ইফালে পুতেক আৰু ঘৈণীয়েক মহা খৰচী। তাতে খুলশালীজনী আহি ইয়াতে থাকে আৰু সৱ ভাৰাতীয়াকে বৰ আমনি কৰে। ডেকা ল’ৰা দেখিলেই ‘ধুম’ চিনেমাৰ আলিৰ দৰে প্ৰেমত পৰে।

 আৰু ভাগিনটো উফ….তাতে মাহীয়েকজনীয়ে আমাৰ ভাল কাপোৰ দেখিলেই পিন্ধিব খোজে।

চিমি + অনু : ৰক্ষা দেই। আমাৰ পিন্ধা নাই।

 মমী : ক’তো যাব লগা হোৱা নাই যে সেইকাৰণে পিন্ধা নাই। হাঃ ….হাঃ….।

 এনেতে দৰ্জাত নক্ কৰে কোনোবাই। সিহঁতে চুপ হৈ যায়। অনুৱে দৰ্জা খোলে। লগে লগে অনামিকা সোমাই আহে। তাই সোমোৱাৰ লগে লগে মিকা….মিকা….চিকা….পিকা…ৰিকা বুলি গায়।

মমী : মিকা বা আহা। ভালে আছা?

মিকা : আছোঁ….আছোঁ। তোমাৰ ভালনে? মায়ে ভাল পাইছেনে? 

মমী : ভালেই সকলোৰে।

 মিকা : বৰ ধুনীয়া গোন্ধাইছে অ’।

 

মমী : মই ঘৰৰ পৰা লাৰু আৰু তেল পিঠা আনিছোঁ ৰ’বা। তাৰে গোন্ধ চাগে। দিওঁ ৰ’বা।

 মমীয়ে পিঠা দিয়ে। অনামিকাই খাই থাকোঁতে সোণটিয়ে মাহীয়েকক বিচাৰি আহে। সি মাত লগায় আৰু সিয়ো চাহ খাবলৈ বহে। অনামিকাই খিৰিকীৰে নগেনক কুঁৱাৰ পাৰত কাপোৰ ধুই থকা দেখি লাহেকৈ কাম আছে বুলি ওলাই যায়।

 চিমি : কি ঔ সোণটি? আজি মাহীয়েৰ ইমান সোনকালে গ’ল যে?

সোণটি : মই কি জানো? কাম আছে চাগে?

 অনুলৈ চাই কয়…

: মাহী তোমাৰ যে এখন উপন্যাস আছে ‘অসীমত যাৰ হেৰাল সীমা’ বুলি! মোক দিবাচোন পঢ়িবলৈ।

মমী মাহী, গাঁৱৰ পৰা কি আনিছা আৰু? মায়ে কিবা তৰকাৰী আনিছা যদি দিবলৈ কৈছে।

অনু : তুমি আমাক মাহী কিয় কোৱাহে? আমি প্ৰায় লগৰে হ’ম দেখোন! মই হায়াৰ চেকেণ্ডৰীহে পঢ়ি আছোঁ কিবা।

মমী : হয় দিয়া। তুমি বাইদেউ ক’বা আমাক। তুমিও পাছ কৰিলে কলেজে পালাহেঁতেন দিয়া। এতিয়া চিমি বাক ক’ব পাৰা। তেওঁৰ বয়স হৈছে।

 চিমি : কাৰ বয়স হৈছে অ’? অহা ভাদত মোৰ ২৫ পূৰা হ’বহে মাত্ৰ।

 মমী আৰু অনুৱে হাঁহে। 

  অনু : তুমি এইবাৰ মেট্ৰিক দিবা নহয়। তেন্তে কিহৰ উপন্যাস পঢ়াহে। যোৱা ক্লাচৰ কিতাপ পঢ়াগৈ। আৰু মাহী নামাতিবা আমাক।

সোণটিয়ে লাজ পায় আৰু কয় সি স্কুলত পঢ়ে বাবে মাহী মাতে।

 সকলোৱে হাঁহে।

৫ম দৃশ্য :

কুঁৱাৰ পাৰত চাউল কেইটা খৰাহী এটাত ধুই থাকি নগেনে গান গাই থাকে।

      ” নাম তুমহাৰা ক্যা

          জানু না….

           জাননা চাহতা হু ম্যে..

              তুমহাৰা নাম ক্যা..

লগে লগে কোনোবাই পিছফালৰ পৰা কয়,

“অনামিকা”। 

নগেন উচপ খাই উঠে আৰু পিছফালে চাই দেখে অনামিকা থিয় হৈ আছে।

নগেন : আ..আপুনি? মানে মই …মানে আপোনাক নাম সোধা নাছিলোঁ। 

 মিকা : জানো সোধা নাই? গান গাইছে আপুনি। কিন্তু মোৰ নামেই অনামিকা। এই ঘৰৰ মালিকনীৰ ভনী।

 নগেন : অ’ হয় নেকি? বৰ ভাল লাগিল চিনাকি হৈ। মই অহা বেছিদিন হোৱা নাই ইয়ালৈ।

 মিকা : জানো। কিন্তু আপুনি বহুত ভাল গান গায় দেই। মই সদায় আপোনাৰ খিৰিকীত ৰৈ শুনো।

  নগেনে লাজ কৰি কয়…

: নাই মানে এনেয়ে গাওঁ আৰু। শিকি আছোঁ। মুম্বাইলৈ যোৱাৰ চেষ্টা চলাই আছোঁ।

 অনামিকা : (চিঞৰি কয়) মুম্বাইলৈ! নিশ্চয় পাৰিব। আপুনি বহুত ভাল গায়। মই যে আপোনাৰ ফেন হৈ গৈছোঁ। পুৱা গধূলি আপোনাৰ গান নুশুনিলে মোৰ ভালেই নালাগে। 

নগেনৰ গাল লাজতে ৰঙা পৰি যায়।

 এনেতে ৰাজু আৰু ধনীৰাম আহে। দুয়োকে দেখি অনামিকাই অলপ ভাৱ দেখুৱায়। তাই নগেনৰ লগত বেছি মিঠাকৈ কথা পাতে।

  মিকা : আপুনি ইমান ভাল গান গায়। মই যে গান, নাটক কৰা মানুহ বহুত ভাল পাওঁ। 

নগেন : মই নাটকো কৰোঁ। দুখন চুটি ছবিও কৰিলোঁ কিছুদিনৰ আগতে।

 মিকা : কি কয়? ইমান যে ভাল লাগিল শুনি। আপুনি ইমান হেণ্ডচাম গতিকে হিৰো হ’ব পাৰিবই ন? কিছুমানকহে নলয় চিনেমাত।

অনামিকাই  ধনীৰামলৈ কেঁৰাকৈ চায়। ধনীৰামেও বেঁকাকে চায়।

 ৰাজুৱে হাঁহে। অনামিকা যায়।

 ধনীৰাম : নগেন কিহে? আজিকালি মালিকৰ খুলশালীয়ে বৰ কথা পাতে তোমাৰ লগত।

ৰাজু : চাব দাদা। সাৱধান।

 নগেন : তেনেকুৱা একো নহয়। আজিহে চিনাকি হৈছোঁ। ভাল ছোৱালীজনী কিন্তু। 

 নগেন গুচি আহে।

 ৰাজু : কিবা বুজিলেনে দাদা? ভাল বুলি ক’লে।

 ধনীৰাম : এইবাৰ গায়ক বাবু বাচিলেহে বাচা। এখেতৰ উৎপাতত তোমাৰ কাষৰ ৰূমৰজন ভয়তে নাহেই। 

 ৰাজু : কি ভয়?

 ধনীৰামে কাহিনী এটা ক’ব আৰু ফ্লেচবেক দেখুৱাব।

 কলিতাৰ ঘৰলৈ এজন ভাৰাতীয়া আহে নতুনকৈ। কলিতাই নিয়মসমূহ কয়। (ভাৰাতীয়াজনৰ চৰিত্ৰটো কৰিব কৃষ্ণ দাসে, চৰিত্ৰ বৰা।)

কলিতা : আপুনি কি কাম কৰে? অঁ, আপোনাৰ নামটো কি আছিল বাৰু?

বৰা : মোৰ নাম নন্দ বৰা। মই ঘৰুৱা শিক্ষক হিচাবে কাম কৰোঁ। ইংৰাজী বিষয়টো পঢ়াওঁ।

 কলিতা : ভাল ভাল। ময়ো বিজ্ঞানৰ শিক্ষক। ভালেই হ’ল দিয়ক। মোৰ মানে সময়ে নহয়। আপুনি নহ’লে মোৰ ল’ৰাটোক অলপ চাই দিবচোন?

 বৰা : বাৰু! কোন ক্লাচত পঢ়ে সি?

  কলিতা : নাইনত। ৰ’ব মাতি দিছোঁ।

 ভিতৰৰ পৰা এজন দাড়ি থকা ল’ৰা ওলাই আহে।

 কলিতা : এইজন মোৰ ল’ৰা সোণটি।

 বৰা : এওঁ নাইনত পঢ়ে? 

মূৰৰপৰা ভৰিলৈ চাই সোধে।

 সোণটি: উম।

 আকৌ উভটি আহিব বৰ্তমানলৈ ধনীৰাম।

 ৰাজু : কিন্তু কথাটো কিনো?

ধনীৰাম : কথাটো কি মানে?

 টিউশ্যন ভাগিনক দিছিল কিন্তু পঢ়ে মাহীয়েকেও। বেচেৰাক ইমানেই প্ৰশ্ন সোধে উল্টা পুল্টা। সি ভয়তে ৰূমলৈকে নহা হ’ল। তাতে সোণটিকটো মাতিবই নালাগে কিবা বনালে খাবলৈ।

 ৰাজু : হে হৰি! এই সোণটিৱে মোৰ দোকানৰ চানাচুৰ, কেপি খাই পাঁচশ বাকী কৰিছে। কিবা ক’লে কয় ভাৰাত কাটিব। ইফালে মাকে গোটেই মাহৰ ৰেচন আনিছে আৰু কৈছে ভাৰাত কাটিবা। এতিয়া মইহে ওলোটাই পাম। হাঃ ….হাঃ….। মাহীয়ে আকৌ ফেয়াৰ এণ্ড লাভলী, হেনা পাউদাৰ আৰু শ্বেম্পু-চাবোনো আনিছে।

 ৬ষ্ঠ দৃশ্য :

 নগেনৰ ৰূম। গীটাৰ বজাই গান এটা প্ৰেক্টিচ কৰি থাকে।

     ” অনামিকা…অনামিকা

        ইউ লিভ ইন আমেৰিকা

            অনামিকা অনামিকা

         ইউ লিভ ইন আমেৰিকা…

  

: ইয়ে আপুনি কেনেকে জানে মই আমেৰিকাত থাকোঁ বুলি?

দুৱাৰ মুখৰ পৰা অনামিকাই কয়।

 নগেনে ঘূৰি চায় আৰু অপ্ৰস্তুত হয় অলপ।

 নগেন : মই গান গাইছোঁ সঁচাকৈ।

  অনামিকা : ময়ো সঁচা কৈছোঁ। মোৰ আমেৰিকাতে ঘৰ। মানে বাইদেউ আৰু মোৰ। 

  নগেন : ধেই ধেমালি কিয় কৰিছা? চৰী কৰিছে?

 অনামিকা : তুমি ক’লে মোৰ ভাল লাগে। নিজৰ নিজৰ লাগে কিবা? 

নগেন :  কিন্তু তোমাৰ কথাত দেখোন অসমীয়া সুৰহে আছে?

মিকা : অসমীয়া সুৰ? অসমীয়া ছোৱালী অসমীয়া সুৰতে ক’ম। মাটিৰ গোন্ধ থকা সুৰ কিয় এৰিম?

(নগেনে মনে মনে ভাবিব। আমেৰিকাত থকা যদি পটালে বেয়া নহ’ব। মই আমেৰিকাতে থাকিব পাৰিম। হলিউদত চিনেমা কৰিম, গান গাম। ক’ত আৰু মুম্বাইত গৈ ষ্ট্ৰাগল কৰিম। চিধা হলিউদত এণ্ট্ৰি মাৰিম বাপ্পেকে।)

নগেন : তেন্তে ‘তুমি’ ক’লে বেয়া নোপোৱাতো? অৱশ্যে আমেৰিকাৰ মানুহে তুমি বুলিয়ে কয়।

 মিকা : তুমি ক’লে আপোন যেন লাগে।

(আকৌ ভাবে। ভাল পটালোঁ দেই। ডাইৰেক্ট আমেৰিকাৰ টিকট লাগিল মোৰ। হলিউদলৈ যাম। মুম্বাই কেঞ্চেল)

নগেনে হাঁহে মিহিকৈ।

 অনামিকা : কি ভাবিছেনো? ইমান মিচিকিয়াই হাঁহিছে যে? 

নগেন : না..না এনেই কিবা ভাবিছোঁ।

অনামিকাই ভাবে ইয়াক পটালে ডাইৰেক্ট মুম্বাইত এণ্ট্ৰি মাৰিম। বৰাক মাতি বস্তুবোৰ নিবলৈ দিম। দৰকাৰ নাই তাক।

অনামিকা : এটা কথা মোক মিকা বুলি মাতিব। সেইটো মোৰ মৰমৰ নাম।

 নগেন : ঔকে। তেন্তে মোকো গগৈ দা বুলিহে মাতিবা। আৰু আপুনি নহয় তুমি।

অনামিকাই গগৈ দা বুলি মাতে। লগে লগে নগেনে আকৌ এটা গান গায়..

     ” গগৈ দা বুলি মাতিছা

        মোৰ চাকৰি তুমি চাগে

          অ’ এন জি চি বুলি ভাবিলা”

অনামিকাইও বিহু নাচিব ঘূৰি ঘূৰি।  এনেতে কলিতানী সোমাই আহে। নগেনে থতমত খায়।

 নগেন : বাইদেউ মই মানে.. আমি মানে ধেমালিহে কৰিছিলোঁ। বেয়া নাপাব।

 কলিতানী : বেয়া কিয় পাম আকৌ। এতিয়াটো ধেমালি কৰাৰে বয়স। তাতে তুমি ইমান ভাল গান গোৱা। আমাৰ মিকায়ো ভাল নাচে জানা? আমেৰিকাত তাইৰ দৰে ভাল নাচনী নাই।

 নগেন : তাৰ মানে সঁচাকে আমেৰিকাত থাকে!

  মিকা : বা চাচোন! গগৈ দাই বিশ্বাসেই কৰা নাই আমাৰ যে আমেৰিকাত ঘৰ।

 কলিতানী : মিছা ক’ব কিয়? সঁচাকে আমেৰিকাত ঘৰ আমাৰ। দাদাক সুধিবা নহ’লে। বাৰু মই যাওঁ দিয়া। তোমালোকে কথা পাতাচোন।

কলিতানী ওলাই যায়। লাহেকৈ ঘূৰি চায় আৰু ভনীয়েকে নগেনৰ লগত কথা পাতি থাকে হাঁহি হাঁহি।

কলিতানী : উফ…এইবাৰ কিবা এটা গতি লাগিলেই হয় বেচেৰীৰ। বিয়াৰ বয়স হোৱা নাই বাৰু! মাত্ৰ ৩৮ হে হৈছে। তথাপি ছোৱালী যেতিয়া কাৰোবাৰ লগত বিয়া দিবই লাগিব ন!

কলিতানী ওলাই অহা মমী, চিমি, অনুৱে দৰ্জা ফা‌ঁকেৰে লুকাই চাই থাকে। আৰু হাঁহে।

অনু : ৰক্ষা পৰিছোঁ দে। আজিকালি নগেন বাবুৰ ঘৰলৈহে যায়।

 মমী : ভাল বাচিলোঁ। এতিয়া গগৈনী সোনকালে নহ’লেহে ৰক্ষা।

 

চিমি : কি কোৱাহে?

 মমী : অঁ তুমি নাজানা নেকি? ভাৰা দিয়াৰ ছলেৰে বায়েক ভিনিহিয়েকে দৰাহে বিচাৰে। আগতে কেবাজনো পলাল। এজন বৰা বুলি আছিল। তেওঁক ভাৰা দি টিউশ্যনো দিছিল পুতেকৰ। পিচে সিহঁতৰ কথা গম পাই পলাল। বস্তু নিব আহিলে ধৰিব বুলি কোৱাত বস্তুৱে নিয়া নাই ভয়তে।

চিমি : চিৰি বিষ্টু! কি মানুহ!! পিচে আমাৰ ধনীৰাম কাই বাচিল যে?

 মমী : ধনীৰামদাকো ফচাইছিলতো। তেওঁ বেচ্চেলৰ বুলি কৈ ৰূমটো ল’লে। পিছত খুলশালীৰ কথা কোৱাত ক’লে মই মানে চিংগল নহয়। আৰু অকলে যিহেতু ৰান্ধি খাওঁ ইয়াত থাকি সেইবাবে বেচ্চেলৰ বুলি কওঁ। মানে বিয়া পাতিছোঁ কিন্তু পৰিয়াল লগত নেথাকে নহয়। ‘হিবহাগৰত’ থাকে। তেতিয়া আৰু কি কৰিব?

 অনু : তেওঁক কিয় উলিয়াই দিয়া নাই। তেওঁ চতুৰ যে! দুবছৰৰ ভাৰা এডভাঞ্চ দিছিল। সেইবাবে …।

 চিমি : পিচে আমাৰ দোকানী বাবু একা? মানে ৰাজু।

 অনু : মোক ৰাজু দাদাই কৈছে যে তেওঁৰ বোলে বিয়া ঠিক হৈ আছে। আৰু মালিকনী খুড়ীয়ে আৰু সোণটিয়ে ইমানে বাকী খাইছে যে ওলোটাই তিনিমাহৰ ভাৰা এডজাষ্ট হৈছে। 

চিমি : এতিয়া গগৈ দা শেষ ভৰষা তাৰমানে?

 তিনিও হাঁহে।

৭ম দৃশ্য : 

 কলিতা আৰু কলিতানীয়ে ফোন কৰি থাকে। সোণটিয়ে সকলোৰে ৰূমলৈ আহি মাহীয়েকে কিবা কৈছে নেকি সোধে। কলিতানী কলিতাৰ কাষলৈ আহে।

 কলিতানী : মই ভবাটোৱেই হয় চাগে? আপুনি ফোন কৰকচোন তাইক।

 কলিতা : তুমি ইমান চিওৰ কেনেকৈ?

 কলিতানী : মই দুয়োকে একেলগে কথা পতা প্ৰায়ে দেখিছিলোঁ। সিয়ো তাইৰ বাবে জিলাপী, কেক, মিঠাই আনিছিল। দুয়ো বজাৰলৈয়ো গৈছিল এদিন। সোণটিয়ে দেখিছে আমাৰ।

 

কলিতা : মোক কোৱা নাই যে কথাবোৰ? কি ঠিক বৰাৰ দৰে পলাল বা?

 কলিতানী : বৰা অকলে পলাইছে। কিন্তু নগেনৰ লগতে আমাৰ মিকাও নাই দেখোন? আৰু সোণটিয়ে জানিব পাৰে। সোধক তাক।

 কলিতাই সোণটিক সোধে।

সোণটি : পলাইছেনে নাই নাজানো? মাহীয়ে মাক তুমি যে যোৱা বিহুত মুগাৰ কাপোৰ দিছিলা আৰু এইবাৰ পূজাৰ বাবে যে পাটৰ শাৰী আৰু মেখেলা চাদৰ দিছিলা, সেই কেইযোৰ দৰ্জিক চিলাবলৈ দিওঁ বুলি গগৈ খুড়াৰ লগত গৈছে।

কলিতানী : কি? সেইকেইযোৰ চিলোৱা কাপোৰেই দেখোন? হে হৰি!এই সচাঁকে পলাল মানে! আৰু বা কি নিলে?

কলিতানী ভিতৰলৈ দৌৰে আৰু কিছু সময় পিছত আহি কান্দিবলৈ ধৰে। আপুনি যে মোক পচমীনাৰ শ্বলখন দিছিল সেইখনো নাই। জামদানী শাৰী আৰু পাটৰ শাৰীখনো নাই। তাই মৰতীয়ে বায়েককহে লুটিবলৈ পালে।

চিঞৰ শুনি ধনীৰাম, ৰাজু, চিমি, অনু আৰু মমী বাহিৰলৈ আহে আৰু কলিতানীক কান্দি থকা দেখে।

এনেতে সোণটিৰ ফোনত মেচেজ আহে।

 সোণটি : মা…মাহীৰ মেচেজ চোৱা।

   সোণটিয়ে পঢ়ি শুনায় সকলোকে….

  “বাইদেউ..ভিনি…সোণটি সকলোকে টা..টা। মই গগৈদাৰ লগত আমেৰিকালৈ আহিলোঁ। তোমালোকে চিন্তা নকৰিবা। বা, তোমাৰ কাপোৰকেইযোৰ আনিছোঁ। চিন্তা নকৰিবা। নষ্ট নকৰোঁ। ন কইনাতে পিন্ধি চ্চালহে দিম। এনেয়েও আজিকালি চুড়িদাৰেই পিন্ধে। এওঁৰ লগত মুম্বাই গ’লেতো ফ্ৰকেই পিন্ধিম। তেতিয়া পঠাই দিম। বা….ই..। ভিনদেউক মোৰ মৰম দিবা। সোণটিক চুমু।

অ’ আৰু এটা কথা। বৰাদাক তেওঁৰ বস্তুবোৰ নিবলৈ দিবা। এতিয়া আৰু ফচাই থ’ব নালাগে মিছামিছি।

                                 মিকা।”

মেচেজ পঢ়ি কলিতা কলিতানীয়ে সকলোৰে আগত সেমেনা সেমেনি কৰে।

 কলিতানী : ইহ..কিনো ডাঙৰ কাম কৰিছে। ডেকা গাভৰুৱে পীৰিতি কৰেই ন? আৰু কাপোৰ দিবই মোক ঘূৰায়।

  সোণটিয়ে  “ইয়াহু!আমাৰ মাহী পলাই গ’ল”  বুলি জাঁপ মাৰে। কলিতাই ঘোপাকৈ চায় আৰু সোণটি চুপ হয়।

 ধনীৰামে লাহেকৈ ৰাজুক কয়….

   

: মই কি কৈছিলোঁ! দেখিলা?

ৰাজু : দাদা আপোনাক মানিছোঁ।

কলিতাই ধনীৰাম আৰু ৰাজুক ভাৰা খোজে।

 ধনীৰাম : মোৰ দেখোন এডভাঞ্চ আছেই দিয়া।

 ৰাজু : দাদা দুমাহৰ ভাৰা কটা গৈছে বাকীত। মিকা বায়ে দুহেজাৰ টকাৰ শ্বেম্পু, মুখত ঘঁহা আদিৰে বহুত কিবাকিবি নিছে। গতিকে আৰু এটা মাহৰ কটা গৈছে ভাৰা।

কলিতাই মূৰে কপালে হাত দিয়ে।

চিমি, অনু আৰু মমীয়ে মুখটিপি হাঁহে। চিমিয়ে ভিতৰত গৈ সাউতকৈ গৈ ভাৰাটো আনি কলিতাক দিয়ে।

৮ম দৃশ্য :

অনামিকা আৰু নগেনে নামনিৰ বাচত গৈ থাকে। নগেনে অনামিকাৰ ফালে আচৰিত হৈ চাই  থাকে। বৰঝাৰ যোৱাৰ সলনি নামনিৰ বাচত কিয় উঠিলে সি বুজি পোৱা নাই। নগেনে ভাবে বৰপেটাতো এয়াৰপোৰ্ট হ’ল নেকি?  ভিচা, পাছপোৰ্ট নোহোৱাকে কেনেকে তাই তাক আমেৰিকালৈ নিব ভাবি পোৱা নাই। সি সকলো তাৰ মিকাৰ ওপৰতে এৰি দিলে। নগেনৰ সপোন মিকাৰ হাতত এতিয়া। সি  একো নাভাবি আনন্দেৰে চকুমুদি দিয়ে।

অনামিকাই খিৰিকীৰে বাহিৰলৈ চাই আপোনমনে গীত গায়।

সপোনত এটা গান দেখুৱাব। এই গানটোত অকলে অনামিকাই অভিনয় কৰিব আৰু লগত সহশিল্পী থাকিব। শেষত তাই মুম্বাইলৈ উৰা মাৰে বিমানত আৰু এয়াৰপোৰ্টত শ্বাহৰুখ খানে টেক্সি লৈ নিবলৈ অহা দেখে।

আনফালে নগেনেও হলিউদলৈ যোৱা সপোন দেখিব আৰু চাকিৰাৰ লগত দ্বৈত সংগীত গোৱা  সপোন দেখিব। জেনিফাৰ লোপেজৰ লগত নচা সপোন দেখিব। হঠাত দুয়োৰে সপোন ভাঙে। 

বাচখন থেকেচকৈ ৰয়।

লগে লগে হেণ্ডিমেনে চিঞৰিলে …”পালোঁহি নামক নামক” বুলি হেণ্ডিমেনে চিঞৰে।

অনামিকা : ব’লা ব’লা। আহি পালোঁ।

নগেন‌ : বাহিৰলৈ চায়! আমি ক’ত আহিলোঁনো  মিকা? আমি আমেৰিকালৈহে যোৱাৰ কথা আছিল?

অনামিকা : হাৰে, আমিতো আমেৰিকালৈকে আহিছোঁ।

নগেন : ক’ত আমেৰিকা? ইয়াত চাইন বোৰ্ডত দেখোন আম্ৰিখোৱা বুলিহে লিখা আছে। সৰ্থেবাৰী বুলি  আছে। 

মিকা : হাৰে! মোৰ ঘৰটো ইয়াতেই।  আম্ৰিখোৱাতে ঘৰ। 

 

নগেন : তুমি আমেৰিকাত ঘৰ বুলি কৈছিলা। তোমাৰ বায়েৰাইও কৈছিল। এতিয়া ক’ত ওলালাহি মিকা?

অনামিকা : অঁ… আমি আম্ৰিখোৱাক আমেৰিকাই কওঁ। 

নগেনে চকুৰে ধোঁৱা ধোঁৱা দেখিলে। তাৰ চাৰিওফালে বস্তুবোৰ উৰি ফুৰা দেখিব। ধাচকৈ মাটিত পৰি যাব নগেন।

 অনামিকাই নগেনক ধৰিব আৰু চিঞৰিব….

“ও দাদা….ও ….বাই….হোলি নাউমেন সহায় কৰক হে! মোৰ মানুহতুৰ মাথা ঘুচ্চে কিজানি। নাউমানত ধৰি শিলোত লাগি মাথাতু নাফাতলাক”।

        ‌‌                    ||সমাপ্ত॥

☆ ★ ☆ ★ ☆

17 Comments

  • অনামিকা গগৈ

    মজ্জা হৈছে বা

    Reply
  • ডাঃ পাৰ্থসাৰথি ভূঞা

    হা হা, বঢ়িয়া, হিট হিট

    Reply
  • Anjan

    হলেও জোঁৱাই ভাৰাটো নিদিলা৷ হব একো নাই খুলালিজনীৰ গতি এটা লাগিল৷ মোৰ পাঠ এভাগ আছে কাকতীৰ ঘৰত৷ তালৈকে যাওঁ৷ কৃষ্ণ৷

    Reply
  • কলিতাৰ পুতেক

    একদম মিঠা চিনেমা

    Reply
  • কমলা দাস

    😂😂😂অনামিকাই নগেনক আচল আমেৰিকাতে লৈ গ’ল।

    Reply
  • হেমন্ত কাকতি

    হলেও নীলাক্ষীক আইমিন অনামিকাক ইমান বেয়াকৈ দেখাব নেলাগিছিল৷ বৰ দুখ পালো৷

    ফালি দিছা ডলী৷

    Reply
  • মৃন্ময় বৰুৱা

    কেচটো নগেন 🙂
    ভাল লাগিল । জীৱন নাটক এখন চাই থকা যেন লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অ ৰাম😝😂😂 কাহিনী পঢ়ি হাঁহি মৰিছো বা।বঢ়িয়া

    Reply
  • জ্যোতিৰূপা

    ডলী বা আপোনাৰ চিনেমাত বেচ দখল আছে দেই৷ ইমান ধুনীয়াকৈ দৃশ্যবোৰ সজাই তোলে৷ খুব ভাল👏👏

    Reply
  • Mukut bhattacharjya

    এয়াহে ফটাধোলৰ চিনেমা… তামাম

    Reply
  • জয়ন্ত দাস

    হাঃ হাঃ বঢ়িয়া হৈছে৷ নগেনৰ ডাইৰেক্ট হলিউদ এন্ট্ৰিৰ সপোন বঢ়িয়া হৈছে৷ মুঠতে চুপাৰহিট৷

    Reply

Leave a Reply

Your email address will not be published.