ফটাঢোল

ফটাপ্ৰেম- কৰবী দেৱী

: হেল্ল, অ’ নেহা কোৱা, ভালে আছা নহয়…. 

…… আচ্ছা চিমলি, অ’কে অ’কে লৈ আহিবা চিমলিক। মই কথা দিলোঁ চিমলিয়ে আমাৰ ঘৰত থকা খোৱাৰ একো অসুবিধা নাপায়। আচ্ছা ৰাখোঁ এতিয়া। মানে জানাই নহয় বিয়াৰ বজাৰ-সমাৰবোৰৰ কথা। মানুহ মতা আৰু বিয়াৰ বজাৰ এই দুখন তালিকা কেতিয়াও চুটি নহয় জানা। 

সজোৰে হাঁহি ফোনটোৰ সংযোগ বিছিন্ন কৰি দেখে সৌৰভে তাৰ বন্ধু নয়ন ইতিমধ্যে হাজিৰ। 

: আহিলি নয়ন। আহ চাহ একাপ খাই লওঁ। বজাৰলৈ গৈ মাথাডাল ঘোলা হোৱাৰ আগতে চাহ একাপেৰে এনাৰ্জী অলপ গোটাই লওঁ নে কি কৱ? 

: তই ঠিকেই কৈছ। পিচে কাৰ লগত ইমান সময় কথা পাতিলি ক’চোন। ৰ’ গাৰ্গীক লগাই দিম। 

সৌৰভৰ সোঁ বাহুটোত মৃদুকৈ টুকুৰিয়াই নয়নে জোকাবলৈ ধৰে । 

: ধেৎ পাগল নেকি? গাৰ্গীক ক’ব লগা কিটো আছে আকৌ? মইতো মাহীৰ ছোৱালী নেহাৰ লগতহে কথা পাতি আছিলোঁ। 

: তেন্তে চিমলি কোন? 

: অ’ আচ্ছা, চিমলি হৈছে নেহাৰ…

: দাদা সোনকালে এইফালে আহিবিচোন, 

: একমিনিট ৰ’চোন নয়ন। মাইনাই কিয় বা মাতিছে। 

কথাষাৰ আধাতে এৰি  সৌৰভ কোবাকুবিকৈ যাব খোজে মানে মাইনা আহি ইতিমধ্যে সিহঁতৰ ওচৰত উপস্থিত হয়হি । 

: নয়ন দা, বাহিৰত কিয় ৰৈ আছা, আহা আকৌ ভিতৰলৈ। 

মাইনাৰ অনুনয়নত নয়ন ভিতৰলৈ যায়। খন্তেক পিছত চাহৰ পৰ্ব আৰম্ভ হয়। ক্ৰমান্বয়ে নিমন্ত্ৰণীৰ তালিকা, বজাৰ সমাৰ ইটো সিটো এশ এবুৰি আলোচনা শেষ কৰি নয়ন আৰু সৌৰভে দিনটোৰ কাৰ্যসূচীখন হাতত লৈ ওলাই যায়। 

চাওঁতে চাওঁতে সৌৰভৰ ভনীয়েক মাইনাৰ বিয়া পালেহি। মাজত মাত্ৰ পাঁচদিন। সৌৰভৰ আটাইবোৰ বন্ধুৱে সহায় কৰিছে যদিও নয়ন বিশেষ। অৱশ্যে আনকেইটা বন্ধুৰ হাতত  সময়ৰ অভাৱ। কাৰণ নিজৰ গাৰ্ল ফ্ৰেণ্ডক লৈ ব্যস্ত সিহঁত। নয়ন আকৌ ছিংগ’ল। তাতো কিমানৰ কামোৰ। ইচ্ছা যায় নয়নৰো, এজনী ধুনীয়া ছোৱালীক প্ৰেম নিবেদন কৰিবলৈ, তাইৰ হা-না  শুনালৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিবলৈ আৰু ইতিবাচক উত্তৰ পালে বাইকৰ পিঠিত উঠাই পাৰ্ক, ৰেষ্টুৰাঁ, চিনেমা হলত বেছ আনন্দৰে সময়বোৰ পাৰ কৰিবলৈ। কিন্তু ছোৱালী দেখিলেই দেখোন লাজতে তাৰ ঘামবোৰহে নিগৰিবলৈ ধৰে। কলিজাটো বাহিৰলৈ ওলাই আহিব খোজে। যাৰ ফলত বন্ধু মহলত সি কৌতুক হৈ পৰিছে। নাই এনেকৈ আৰু নহ’ব। এইবাৰ কিবা এটা হেস্ত-নেস্ত কৰিবই লাগিব। চিমলি…. য়েছ্ চিমলিৰ লগতে চিনাকি হ’ব লাগিব। 

: আচ্ছা সৌৰভ চিমলি দেখিবলৈ কেনেকুৱা? 

হঠাতে নয়নৰ মুখত চিমলিৰ নাম শুনি সৌৰভ আচৰিত হয়। তথাপি সি সহজ ভাৱেই কয় 

: বিৰাট ছফ্ট ছফ্ট। সাংঘাতিক মৰম আকলুৱা জান। একদম আমাৰ নেহাৰ দৰেই। চিমলিক পালে নেহাক আৰু একোৱেই নালাগে। মাইনাৰ জোৰণৰ দিনাই আহিব মাহীহঁতৰ পৰিয়ালটো। চিমলিও আহিব। সেয়ে কিবা অসুবিধা হ’ব নেকি সুধিলে। 

সৌৰভৰ মুখত চিমলিৰ কথাবোৰ শুনি যেন হেঁপাহেই নপলাব নয়নৰ। কিন্তু সমস্যা হৈছে ৰাহুলক লৈ। কাৰণ সিহঁতৰ গ্ৰুপত ৰাহুলে নিজকে হিৰ’ বুলি ভাবি 

যি টি কামত আগৰণুৱা হৈ দেখুৱায়। বিশেষকৈ প্ৰেম ভালপোৱা এই দিশটোত সি এক্সপাৰ্ট। তাৰ অভিধানত মাথোঁ দুটাই শব্দ আছে ৰিলেশ্ব্যনশ্বিপ আৰু ব্ৰেকআপ। নাই, এইবাৰ অন্ততঃ ৰাহুলক সুযোগ দিব নোৱাৰি। 

অৱশেষত অপেক্ষাৰ অন্ত পৰিল। আজি মাইনাৰ জোৰণ। আজি পুৱাই আহিছে নেহা, লগত মোহময়ী চিমলি। নয়নে ড্ৰেছিং আইনাখনৰ সন্মুখত ৰৈ কেইবাটাও টি-চাৰ্ট সলালে। জেল লগাই হেয়াৰ ষ্টাইলবোৰো ঠিক-ঠাক কৰি ল’লে। অৱশেষত মেৰুণ ৰঙৰ টি-চাৰ্টটো পৰিধান কৰি খৰধৰকৈ ৰাওনা হয় সৌৰভৰ ঘৰলৈ বুলি। 

কিন্তু ই কি? ৰাহুল দেখোন ইতিমধ্যে আগতীয়াকৈ হাজিৰ। কালি কথাৰ প্ৰসঙ্গত নয়নেই সিহঁতৰ গ্ৰুপত চিমলি অহাৰ খবৰটো দিছিল। কিন্তু ভবা নাছিল ৰাহুল যে ইমান ব্যাকুল হৈ লৰি আহিব। ৰাহুলক দেখা মাত্ৰেই টিঙিছ কৈ খঙটো উঠে যদিও নিজকে চম্ভালে নয়নে।তেনেকুৱাতে পৰিলক্ষিত হয় এজাক অচিনাকি ছোৱালীৰ মাজত বাৰান্দাত বহি আছে সৌৰভৰ মাহীয়েকৰ জীয়েক নেহা। ছোৱালীৰ জাকটো দেখি নয়নৰ ভৰি দুখন থক্‌-থক্‌কৈ কঁপিবলৈ ধৰে। কিছু সময়ৰ পিছত আটাইজাক ছোৱালী কইনা সজোৱাৰ উদ্দেশ্যে অন্য এটা কোঠালৈ যায়। বাৰান্দাত থাকে মাথোঁ দুজনী ছোৱালী। এজনী নেহা আৰু আনজনী…..!! 

“হয়তো আনজনী ৰূপহী চিমলি।

 ইমান ধুনীয়া ছোৱালী।” 

স্বগতোক্তি কৰি বুকুত সাহস অলপ গোটাই নয়ন সেইফালে ৰাওনা হ’ব  খোজোঁতেই দেখে ৰাহুলেও সিহঁতৰ ফালেই অগ্ৰসৰ হৈছে। নয়নৰ খোজবোৰো ক্ষিপ্ৰ হ’বলৈ ধৰে যদিও  ভাগ্যই পুনৰবাৰ প্ৰতাৰণা কৰিলে তাৰ লগত। সি চিমলিৰ কাষ পোৱালৈ ইতিমধ্যে ৰাহুলে আৰম্ভ কৰিয়েই দিলে….. 

: হাই নেহা, কি খবৰ? সৌৰভৰ মুখত শুনিছিলোঁ চিমলিৰ কথা। সেয়ে ভাবিলোঁ চা-চিনাকি হওঁ। 

: অ’ ৰাহুল দা। ভালেই মোৰ। তুমি ভালে আছা নহয়। বহুত ভাল কৰিলা চিমলিৰ লগত চিনাকি হ’ব খুজি। ইতিমধ্যে চিমলি ব’ৰিং হৈছেই জানা। আচলতে এইখিনি সময়ত অলপ ফুৰিবলৈ যাওঁ আমি দুয়ো। বেয়া নোপোৱা যদি আজি সেই দায়িত্বভাৰ তোমাৰ ওপৰতে দিব খোজোঁ। 

: হেই কি কোৱা নেহা? ইয়াত বেয়া পাব লগা কি আছে? এয়াতো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। 

গৌৰৱত বুকুখন ফুলাই তাৰপৰা কিছু দূৰত  ৰৈ থকা নয়নলৈ লক্ষ্য কৰি ব্যঙ্গাত্মক হাঁহি এটাৰে  চিমলিক হেণ্ডচেক কৰিব খোজে ৰাহুলে।

ইতিমধ্যে লাজে অপমানে জৰ্জৰিত হৈ নয়নে বিয়া ঘৰৰ পৰাই গুচি যোৱাৰ সিদ্ধান্ত লয়। তেনেকুৱাতে নেহাই লগত থকা সুন্দৰী গৰাকীক  পৰিচয় কৰাই কয়…. 

: ৰাহুল দা। এয়া মোৰ নবৌ। ল’ৰা দুটাৰ পৰীক্ষাৰ বাবে আহিবই খোজা নাছিল মইহে জোৰকৈ লৈ আহিলোঁ। 

হঠাৎ ৰাহুলৰ মনটো সেমেকি উঠে। আনহাতে আচৰিত হয় নয়ন। ভাবে সি

“চিমলি তেন্তে বোৱাৰী! ‌ ৱাহ্ ইমান ধুনীয়া বোৱাৰীও থাকেনে? “

চাদৰ মেখেলা পৰিহিতা মহিলা গৰাকীলৈ নয়নে ভালকৈ লক্ষ্য কৰি দেখে কপালত নামমাত্ৰ সেন্দূৰৰ এডাল আঁচ, ফোঁটটো আকৌ কাপোৰ সাজৰ লগত মিলাই নীলা ৰঙৰ পৰিধান কৰিছে। 

“ছেঃ মিছাকৈয়ে ইমান সপোন ৰচিলোঁ।” 

অৱশ্যে পেটে পেটে ভালেই পালে ৰাহুলৰ অৱস্থাটো দেখি।

স্বাভাবিক হৈ বিয়া ঘৰৰ পৰা নোযোৱাৰ সিদ্ধান্ত লৈ চকী এখনত বহিব খোজা নয়নৰ কৰ্ণ কুহৰত এইবাৰ যিকেইটা শব্দ পৰিল, শব্দ নহয় যেন এট’ম ব’মহে।  কৈছিল নেহাই- 

: চিমলি এয়া চোৱা ৰাহুল আংকল, আংকলক হেণ্ডচেক্ দিয়া…. 

ভৌ….. ভৌ…… ভৌ….. 

নেহাৰ কোলাত বহি থকা বগা ধকধকীয়া মৰম লগা বিলাতী কুকুৰটোৱে ভৌ ভৌ কৈ ভুকি ৰাহুলৰ কোলাতে জঁপিয়াই বহে।  কুকুৰটোৱে হেণ্ডচেক দিব খুজি ৰাহুলৰ হাত দুখন  চলাথ কৰে। 

তেনে এটা অভাৱনীয় কাণ্ডত ৰাহুল শ্ব্ক। 

আনহাতে টানকৈ হাঁহিবলৈ ঠাই অকণ বিচাৰি নয়ন কোবাকুবিকৈ ৰাস্তালৈ বুলি ওলাই আহে। 

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply to কৰবী দেৱী Cancel reply

Your email address will not be published. Required fields are marked *