বেইমান-পূৰৱী কাকতী
ক’বলৈ গ’লে এই বাৰ, তাৰিখ, হিচাব-নিকাচ এইবোৰৰ লগত মোৰ সম্বন্ধটো একেবাৰে অহি-নকুল। কোনোবাই তাৰিখ সুধিলে সাউতকৈ মোবাইলটো চাই কোৱা মানুহহে মই। চাই উঠি আকৌ এনেকুৱা এটা ধৰণে কথাটো কওঁ যাতে কোনোৱে গম নাপায় যে এই বাৰ-তাৰিখ হিচাব ৰখা কাৰবাৰটোত মই একেবাৰে শূন্য। থাওকতে তাৰিখটো চাই কৈ পেলাওঁ “হয়, হয় অমুক তাৰিখ আজি।”
এনেহেনভাবে যেন মই আগতে কৈছিলোঁৱেই, হয়তো তুমি বা আপুনি নুশুনিলে, মাত্ৰ মই ‘কনফাৰ্ম’ হ’বৰ বাবেহে এনেই মোবাইলটো চাইছিলোঁ। হয়তো মোৰ মগজুলৈ বাৰ-তাৰিখ এইবোৰ সৰবৰাহ কৰা সৰঞ্জামবিধ অলপ দুৰ্বল। পাৰোঁতেনো অকল চন, তাৰিখ এইবোৰ মনত ৰাখিবলগা হয় বুলিয়েই ক্লাছ এইটতে বুৰঞ্জী বিষয়টো এৰি দিয়া নাছিলোঁনে!
পাউৰুটি খাই খাই ৰুক্মিণীয়ে মোলৈ চাই ফেলেককৈ হাঁহি এটা মাৰিলে। তাৰ এই অঁকৰা হাঁহিটো মোৰ বৰ ভাল লাগে।
: তইচোন আজিকালি বুৰঞ্জীৰ বৰ লেকচাৰ দিয়!
: অঁ, তয়ো মন কৰিছ তাৰমানে কথাটো? ভাল লাগে আজিকালি। জানিব লাগিবই দে’চোন। সকলোৱে আজিকালি বুৰঞ্জীতে উটি-ভাঁহি ফুৰিছে। সভ্যতাৰ কথা আছে, তাক ৰক্ষা কৰাৰ কথা আছে। সলনি কৰাৰ কথা আছে। গতিকে, নতুনকৈ আগ্ৰহ বাঢ়িছে।
ৰুক্মিণীয়ে পাউৰুটিৰ শেষ চকলটো মুখত ভৰাই ‘ওঁ’ বুলি মোৰ কথাত হয়ভৰ দিলে।
: ভাল কথা। ক’ৰপৰা আৰম্ভ কৰিছ?
: ৰামায়ণৰ পৰা। বৰ দৰকাৰ হৈছে এতিয়া।
: আগতেও জানিছিলি দেখোন…
ৰুক্মিণীয়ে উগাৰ এটা মাৰি গুৰুত্বহীনভাৱে ক’লে মোক।
মোৰ বৰ হাঁহি উঠিল।
তাকেইতো, জানোৱেইচোন। আকৌ কিয় সময় খৰচ কৰিব লাগে এইবোৰত? পিচে, আজিকালি বুৰঞ্জীৰ নতুন নতুন কথা শুনিবলৈ পোৱা যায়। দেশ-দুনিয়াৰ খবৰ নৰখা এই অঁকৰাটোৱে নাজানে কথাটো।
ক’ৰ পৰা, কেনেকৈ নতুন নতুন কথা শিকিব পাৰি তাতে লেপেটা কাঢ়ি বহি দিয়া মানুহ মই। কামত কিমান আহে-নাহে সেইটো পিছৰ কথা। সময়খিনি খুব সুন্দৰকৈ পাৰ হৈ যায়।
কৈছোঁৱেই মোৰ চন, তাৰিখ ইত্যাদি মনত নাথাকে। কিন্তু, কিছুমান কথা শিলত কটা আখৰৰ দৰেই মনত ৰৈ যায়। এই ‘কিছুমান কথা’ যে একেবাৰে কংক্ৰিটৰ দৰে মনত ৰৈ যায়, মগজুৰ এই ‘অংশ’টো মোৰ বৰ শক্তিশালী যেন পাওঁ। যদিও কথাটো ক’বলৈ বেয়া লাগে, বাকী মোৰ একেবাৰে তথৈবচ অৱস্থা।
: চেঃ, আজি কি তাৰিখ আছিল জানো!
ৰুক্মিণীক উদ্দেশ্যি মই সুধিলোঁ।
ৰুক্মিণীয়ে তপৰাই মাত দিলে,
: বাৰ…। বাৰ দহ একৈশ।
তাৰ আগত নিজৰে লাজ লাগি গ’ল।
পিছে সামান্য সন্দেহ এটা উপজিল। এনেকৈ তাৰিখ কোনে কয়..!
তাৰ হাততো মোবাইলটো!
চেঁপা হাঁহি এটা ওলাই আহিল মোৰ। তাৰমানে একে পানীৰ মাছ আমি দুয়ো।
কেইবছৰমানৰ আগৰ কথা। হয়তো দহ বছৰো হ’ব পাৰে, বা তাতোকৈয়ো বেছি।
আমি সপৰিয়ালে যোৰহাট অভিমুখে গৈ আছিলোঁ। আমাৰ গাড়ীৰ আগে আগে এখন ট্ৰাক। তাত সুন্দৰকৈ লিখি থোৱা আছিল “100 মে চে 90% হি বেইমান, ফিৰ ভী মেৰা ভাৰত হ্যে মহান।”
সেইসময়ত পঢ়ি পেলাই গোটেই দাঁতকেইটা উলিয়াই হাঁহি পেলাইছিলোঁ। এতিয়া নাহাঁহো। এতিয়া বেলেগ এটা কথাহে মনটোত গুণা-গঁথা চলে। এই যে দহ শতাংশ, কোন..?
আটাইতকৈ ডাঙৰ কথাটো হ’ল নব্বৈ শতাংশ মানুহেই নিজকে দহ শতাংশ বুলি ভাবে। এই কথাটোতহে মই বৰ আমোদ পাওঁ।
তাতোকৈ আমোদ লাগে এই দহ শতাংশত মই আছোঁনে নাই…? প’ষ্টমৰ্টেম এটা কৰি পেলাওঁ মই মনৰ ভিতৰতে।
মনত পৰালৈকে কাকো এতিয়ালৈকে বেইমানী কৰি পোৱা নাই। তাতে মই তাৰিখ, বাৰ, চন, হিচাব-নিকাচত একেবাৰে কেঁচা। সেইবিধ কৰিবলৈ এইবিলাক মনত ৰখাত ওস্তাদ হ’বই লাগিব। তাৰমানে মই দহ শতাংশতে পৰিছোঁ। বুকুখন কিয় জানো ভাবিয়েই এহাতমান ফুলি গ’ল। ই বা মোক কি বুলি ভাবে!
সুধি পেলালোঁ ৰুক্মিণীক,
: অ’,ই, তই মোক কি বুলি ভাৱ, মানে ভাল নে বেয়া?
সি মোবাইলৰ পৰা মূৰ নদঙাকৈয়ে ক’লে,
: একেবাৰে বঢ়িয়া, ফেণ্টাষ্টিক।
বুঢ়া আঙুলিটো আৰু তৰ্জনি আঙুলিটো লগলগাই হাতখনো দাঙি দেখুৱালে সি।
মনৰ চৰম সুখত ভিতৰৰ পৰা হিলদ’ল ভাঙি ওলাই অহা হাঁহিটো মুখৰ ভিতৰতে মই সামৰি থ’লোঁ।
হাত দুখন মেলি এঙামূৰি এটা দি ভাল লগাটো উপভোগ কৰিবলৈ লওঁতেই বাহিৰত একেৰাহে পেটপেটকৈ হৰ্ণ বাজি থকা শুনি দৌৰি গ’লোঁ চোতাললৈ।
স্কুটিত এইজনীচোন মৰমী… !
: তোকো এনেকুৱা বুলি ভবা নাছিলোঁ দেই। টকা লওঁতে ল’লি, সময়ত ঘূৰাই দিবলৈ ইমান টান কিয়? মিছা কথা কিমান ক’বি দিম, দিম বুলি? দে আজি, টকা লৈহে যাম মই…।
ৱাও, এইজনী মৰমী নে? চকুৰে যেন জুইহে বৰষিছে।
মই তাইৰ দুবাহুত ধৰি ক’লোঁ,
: থাকিলে নিদিওঁ জানো, মৰমী।
: তই মিছা কৈছ। মোৰ পইচাকেইটা দিবলৈহে তোৰ পইচা নাই। মোৰ লগত তই বেইমানী কৰিব নালাগিছিল!
মই থৰ লাগিলোঁ। এটা শব্দই মোৰ মূৰত হাতুৰী মাৰিবলৈ ধৰিলে – “বেইমানী….বেইমানী।”
মই তাইৰ গাত ধৰি জোঁকাৰি দিলোঁ,
: তই মোক বেইমান সজালি?
তাই খঙত ওলোৱা চকুপানীখিনি মচি ক’লে,
: অ’, মিছা কোৱা মানেই বেইমানী কৰা মোৰ বাবে।
যদিও তাই মোক তেনেকৈ কোৱা বাবে মই বেয়া পাব লাগিছিল, কিন্তু সকলোকে ‘মিছা কথা কোৱা’ কথাটোৰে সাঙুৰি পেলোৱাৰ বাবে মোৰ বেয়া লগাতো কম হৈ পৰিল।
মিছা কোনে নকয়… একেবাৰে ওপৰৰ পৰা তললৈকে, টিভিটো খোলাৰ পৰা বন্ধ কৰালৈকে।
যিমান পাৰি মোলায়েম হৈ মই তাইক বুজালোঁ,
: টকা পাঁচশ পালেই দিম তোক। চাকৰি নাই, বাকৰি নাই, ইনকাম নাই। জান দেখোন, মৰমী। বেইমান বুলি খালি মোক নক’বি। চা’, গান এটা শুনা নাই জানো। ‘মৌচমো কেতিয়াবা বেইমান’ হৈ পৰে, আমিনো কোন কূটা? পিচে, এটা কথা, তোৰ পৰা মই কেতিয়া ধাৰ লৈছিলোঁ, মই পাহৰি থাকিলোঁ নহয়। তই জানইচোন মোৰ বাৰ, তাৰিখ এইবোৰ একেবাৰে মনত নাথাকে।
: মই মুঠতে একো নাজানো। পেট্ৰল ভৰাবলৈ মোক পইছা লাগে। ঘৰত মোক কোনেও পইচা নিদিয়ে, তাতে এই ঘেটলেংখন চলাবলৈ। বোলে ইমান দাম দি চলাব নোৱাৰ যদি, খোজ কাঢ়িবি।
তাই হাতখনেৰে জোৰেৰে স্কুটিৰ চিটটোতে ঢপকৈ মাৰি দিলে।
মোৰ মণিবেগত থকা টকা পাঁচশ তাইক দি দিলোঁ।
তাই মোলৈ এবাৰো ঘূৰি নোচোৱাকৈ ভোঁ-ভোঁৱাই গুছি গ’ল।
বেইমান ধূলিবোৰ মোৰ গালে-মুখে লাগিল।
ৰুক্মিণীয়ে মোলৈ ভেবা লাগি চাই আছিল।
মোৰ বাইকখনত ভৰাবলৈ থকা অৱশিষ্ট পইচাকেইটকাও গ’ল।
মনলৈ সাংঘাটিক বুদ্ধি এটা আহিল। ৰুক্মিণীৰ পকেটৰ মণিবেগটো ‘চাও আজিকালি মণিবেগত তই কাৰ ফটো ৰাখ’ – বুলি উলিয়াই আনিলোঁ। তাৰ বেগত থকা দুশ আৰু এশটকীয়া ন’ট দুখন উলিয়াই ‘লৈছোঁ দেই, পেট্ৰল ভৰাব লাগিব’ – বুলি মোৰ জেপত ভৰাই থ’লোঁ।
সি বিছনাখনলৈ তাৰ মোবাইলটো দলিয়াই দি প্ৰচণ্ড গৰ্জন কৰি উঠিল
“বেইমান।”
☆ ★ ☆ ★ ☆
10:10 am
ভাল লাগিল৷