ফটাঢোল

মাল – বৈদুৰ্য্য বৰুৱা

: এই ইলিকচন টাইমৰ কথা।

: আচ্ছা…

: হৈল কি মই আৰ মোৰ লগত পানচ্ ছয়জন জাৱান পূৰা বুলেট লৈ কিনে ৰামকালি পৰ্বত নাই?…ৰামকালি পৰ্বত?

: আচ্ছা…

: ৰামকালি পৰ্বত ঘুমিবলে গৈছিলোঁ। আহা টাইমত পূৰা বুলেট ডাবাইকেনে আহিছোঁ। তাৰাতাৰি হোটেল পহুছিব লাগে।

: তাৰপাছত?

: তেনেকা টাইমতে শুনি পালোঁ ঘৰঘৰ ঘৰঘৰলেখিয়া একটা চাউন।

: চাউন?

: অঁত’! একটা লেতৰা চাউন! ফাটাকচিনে চালোঁ ঘেণ্টা ওপৰ পৰা ডাইৰেক পাহাৰ ধচকি আহিছে!

: আচ্ছা…

: পাহাৰ ধচকি কেনে মাকচম ৰাস্তাভি উৰাই দিলে। আগত কমচেকম আধাকিলোমিটাৰ ফাক্কা! 

: যাঃ!

: নিচত চালেত’ মাঠাত চক্কৰ আহি যায় বিচাচ কৰ! আমিত’ ল’ৰাচব যেনেকা তেনেকা বিৰেক মাৰি ৰৈ গ’লোঁ!

: তাৰপাছত?

: চবত’ ভাই ঘাবৰাই গ’ল। এতিয়া যাব কেনেকা! যাবত’ লাগিব লাগিব ভাই চাফা কথা!

: তাৰপাছত?

: মইত’ লা..চান…ৰিচ লৈ ল’লোঁ!যি হ’ব হ’ব দেখা যাব…

: আচ্ছা…

: পাকিটত একটা যাদু কোম্পানীৰ কুল ডিৰিং আছিলে

: সেইটো কি বস্তু!

: কুল ডিৰিং। আধাবুটল মাৰি দে আৰ কামাল দেখ!

: আচ্ছা…

: মইত’ চাফ্ফা একবুটল মাৰি দিলোঁ। মাকছম লেতেৰা দম আহি গ’ল। চিধা এচকিলিটৰ পাকাই খতম কৰিকেনে এনেকা ৰেচত বুলেট ডাবালু কি ডাইৰেক উচপাৰ!

: উচপাৰ! বিশ্বাস নহয়…

: লে’তবে! দুনীয়াই বিচাচ কৰে ভাই। তেতিয়াৰ পৰাইতো যাদু কোম্পানীৰ মালে ফাচ মাৰিছে! বহুত ওপৰৰ মাল। বাকী চব তাৰ নিচৰ মাল। সিঃ সিঃ।

: আচ্ছা চেণ্টুদা। এনেকুৱা কিবা এটা এডভাৰ্টাইজ টিভিত দেখা যেন লাগিছে।

: হ’ব পাৰে! কোনো হাৰামীয়ে ভিদই মাৰিকেনে টিভিত চাৰি দিছে আৰ কি। সেইটো লেকিন মই হয়। সিঃ সিঃ সিঃ

: কি কয়! 

: আৰে তাৰপৰে হৈল কি সেইটো শুন।

: কি হ’ল?

: আৰে উচপাৰৰ পৰা বাকীচবে পূৰা চিল্লোৱা চালু কৰি দিলে কি চেণ্টুদা আমাক এৰিকিনে নাযাব। আমাক এৰিকিনে নাযাব। আমিফিন যাম, আমিফিন যাম! মই ক’লোঁ ভাই মোৰ হাতত ত’ যাদু কোম্পানীৰ বুটল একটাই আছিলে। এতিয়া ক’ত পৰা আনিম ক! সেহেঁতি ক’লে কি চেণ্টুদা আমি নাজানো আমাকভি লৈকিনি যাউক! বাৰা ঝামেলা লা…ৰা..! এতিয়া যাদু কোম্পানীৰ মাল ক’ত পাম? ফাতাকচিনে একটা আইডিয়া আহি গ’ল! কি কৰিলো ক?

: কি কৰিলে?

: ফাটাকচিনে চাৰ্মাক ফুনালোঁ।

: কোন চাৰ্মা ভাই?

: আৰে চাৰ্মাক নিচিন? চাৰ্মা…চাৰ্মা…! বহুত ওপৰৰ মাল।বাকী চবত’ মাকচম চব তাৰ নিচৰ মাল।

: আচ্ছা!

: ত’ চাৰ্মা সেই টাইমত হিলিকিপটাৰ লৈ কিনে ইলিকচন কিমপিং কৰি আছিলে।

: আচ্ছা!

: চাৰ্মা মোৰ ফোন ৰিচিপ কৰি কিনে চিধা ক’লে চেণ্টুদা পৰনাম! আপনি ক’ত? মইত’ আপনাৰ হোটেলৰ ওপৰত উৰি আছোঁ!

: মই ক’লোঁ বেটা তই ক’ত পৰা আহি যাঁহা তাঁহা তপকি যাও ৰে! আচ্ছা বেটা শুন। মই ৰামকালি পৰ্বতৰ ওপৰত আটকি গ’লোঁ। মোৰ লগত আৰ দু-চাৰজন জৱান লটকি আছে।এইদিকে ৰাস্তা ধচকি গ’ল। তই তাৰাতাৰি আহি যা! নহ’লে বেটা তোক পটকি দিম! সিঃ সিঃ সিঃ। আৰে তাৰ লগত মোৰ এই চব চলে। লাংটাৰ পৰা তাক চাইছো ত’!

সি ক’লে চেণ্টুদা টিনচন নল’ব। এই যে মই গাড়ী ঘূৰালোঁ।

: তাৰপাছত?

: পাঁচমিনট গ’ল কি না গ’ল চাৰ্মা হিলিকিপটাৰ লৈ কিনে ৰামকালি পৰ্বতৰ আমি আটকি যোৱা জাগাত পহুচি গ’ল! গাড়ী সি নিজে ডাৰাইভ কৰি কেনে আনিছে।

: আচ্ছা!

: ত’ তাৰাতাৰি চব ল’ৰাচবক হিলিকিপটাৰত উঠাইকেনে চাৰ্মা ৰিটান মাৰিলে।

: বঢ়িয়া!

: লেকিন যেতিয়া টাউনৰ উপৰ পহুচি গ’লোঁ লাগি গ’ল ঝেং!

: ঝেং?

: আৰ কি! টাউনৰ ওপৰত উৰি কেনে চাৰ্মা মোক ভয়াই কিনে ক’লে “চেণ্টুদা… আমি খতম! গাড়ীত তেল নাই। ইমৰজনচি লিনডিং লাগিব। লেকিন ক’ত কৰিম। ইয়াতত’ চান্দি জাগা নাই হায়…হায়…হায়….”

  : মই ক’লোঁ তই ইনেকা কেনেকা পুলটিচ কৰিবি!বাইন, একটা মামুলি হিলিকিপটাৰ চালাব পাৰা নাই। এনেকা নাৰ্ভাচ হ’লে  দেচ কি চালাবি! সি ক’লে চেণ্টুদা চব আপনাৰ হাতত। মই কলু দেখ চাৰ্মা একটাই উপায় বাচিছে চাফা কথা।

কি উপায় চেণ্টুদা?

মই ক’লোঁ আৰে বুৰ্বক ভোদা। ইয়াত ত’ টাউনত থ’ৰে জাগা আছে! কনো বিল্ডিংগৰ চাদত লিংডিং মাৰিব লাগিব!

চাৰ্মা ক’লে আৰে চেণ্টুদা ই কিনেকা পুচিবুল? গোতা বিলডিং টুৰি যাব! মই কলু আৰে বাবা কোন বিলডিঙত ডাইনুচুৰ কুম্পেনীৰ চিমিণ্ট দি কেনে চাদ ঢালাই মাৰিছে সেইটো দেখ! ডাইনীচুৰৰ উপৰত কনো মাল নাই চাফা কথা! আৰে বাবা ডাইনীচুৰ কুম্পেনীৰ চিমিন্টৰ চাদ কুনে ঢালাই মাৰিছে সেইটো দেখ তাৰাতাৰি। আচপাচ কনো খালী চিমিণ্টৰ বেগ পৰি থাকিব চা তাৰাতাৰি। ডাইনীচুৰ মাৰ্কা। সি ত’ পূৰা নাৰভাচ! মই কলু চালা ভোদা! সিঃ সিঃ। যা যা সেইটো বিলডিঙত লিংডিং মাৰি দে।

চাৰ্মা পুৰা নাৰভাচ…মই কলু বেটা মাৰ লা..ৰা লিনডিং….. সেইটো বিলডিঙৰ চাদ চাই কিনেই কৈছোঁ সেইটো ডাইনুচুৰ কুম্পেনীৰ চিমেণ্ট দি কেনে বনিছে। মই ইয়াৰ পৰা চাইকিনেই কৈছোঁ। ডাইনুচুৰ চবতকে উপৰৰ মাল। তাৰ নিচত চব মাল…

: তাৰপাছত!

: আৰে। লিনডিং মাৰি দিলে সি! কনো ঝেং নাই! ঘৰৰ মালিক ঘূমাই আছিলে। কলিংবেল ডাবাই কেনে উঠালোঁ। তাক সুধিলোঁ ঘৰৰ ওপৰত চাদ কেতিয়া ঢালাই মাৰিছিলে? সি ক’লে যে জাছ আধাঘণ্টা আগত মাৰিকেনে আহি অলপ ঘুমাইছিলোঁ।

: কি কয় চেণ্টুদা! এনেকুৱা এটা এডভাৰ্টাইজ টিভিত দেখাৰ দৰে লাগিল।

: আৰে ময়েই ত’ হয়। কোনো হাৰামী বাইনে ভিডই বানাই কেনে টিভিত চাৰি দিছে। সিঃ সিঃ সিঃ।

: চেণ্টুদা, কোন কি মাল হয় ক’ব নোৱাৰোঁ। কিন্তু আপুনি কিন্তু এটা অদ্ভুত মাল!

: সিঃ সিঃ সিঃ…মাকচম…

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *