ফটাঢোল

বেটাৰহাফ – বৰ্ণালী পাঠক

কইলতা আৰু কইলতানীৰ প্ৰতিটো কথাতে এখন অদৃশ্য যুঁজৰ সূচনা লাগে। উদ্দেশ্য মাথোঁ এটাই। নিজকে আনটোতকৈ শ্রেষ্ঠ প্ৰতিপন্ন কৰা।

যোৱা সপ্তাহত কইলতাৰ কলেজীয়া বন্ধু দুজন সপত্নীক লৈ ফুৰিবলৈ আহিছিল। তিনিওটা যোৰাৰ মাজত ভাল আদ্দা  জমি উঠিল। হাঁহি-ধেমালিৰ মাজতে কইলতাই এপাকত ক’লে,

: Wife means “without information fighting everytime.”

খিলখিলাই হাঁহিৰ জোৱাৰ আহিল পুৰুষকেইজনৰ ওঁঠত।আলহী পত্নীদুগৰাকী নিশ্চুপ হৈ শুনি থকাৰ বিপৰীতে খুব গহীন ভাৱত কইলতাতকৈও নিখুঁত উচ্চাৰণেৰে কইলতানীয়ে  কৈ উঠিল,

: No…actually it means “with idiot forever”.

এইবাৰ পুৰুষ পাৰ্টি থতমত খাই নিশ্চুপ। মহিলাকেইগৰাকীৰ মুখত বিজয়ৰ হাঁহি।

মুঠৰ ওপৰত কইলতা-কইলতানীৰ কথা কৈ শেষ কৰিব নোৱাৰি।

আজিও পুৱাতে চাহ দুকাপ লৈ দুয়ো বাৰান্দাতে বহি আছে।ৰবিবাৰৰ দিন, দৌৰা-ঢপৰা নাই কইলতাৰ অফিচ যাবলৈ।

চাহত প্ৰথম ঢোক মাৰোঁতেই সন্মুখৰ বাটেৰে ট্ৰেক চুট পিন্ধা তিৰোতা এগৰাকীয়ে হাত জোঁকাৰি পাৰ হৈ গ’ল। কইলতায়ো প্ৰসন্ন মনেৰে হাত জোঁকাৰিলে।

কইলতানীলৈ চাই বুকু ফিন্দাই কৈছে,

: আমাৰ গলিৰ শেষৰ ঘৰটোত নতুনকৈ আহিছে। মানুহজনী লেডী ডক্টৰ। কালি গাখীৰ আনিবলৈ যাওঁতে চিনাকি  হ’লোঁ।ইমান ডাঙৰ চাকৰি কৰে যদিও অলপো ভেম নাই। বৰ খোলাকৈ কথা পাতিলে। কথা পাতিবও জানে বৰ সুন্দৰকৈ।বাকী তিৰোতাবোৰৰ দৰে টেঙটেঙাই কথা নাপাতে। মাতটো শুনিলে গান শুনা যেনহে লাগে। মোৰ লগত কথা পাতি বৰ ভাল পালে হেনো।

কথাষাৰ কৈ কেৰাহিকৈ কইলতানীলৈ চাইছে। পুৱাই কইলতানীক ডাউন দিব পাৰি মনটো ফৰকাল লাগি গ’ল।

বিশেষ একো প্ৰতিক্ৰিয়া নকৰাকৈ চাহৰ ঢোকটো মাৰি লাহেকৈ কৈ উঠিল কইলতানী,

: নাম কি তেওঁৰ?

: নাম নুসুধিলোঁ, কিন্তু মানুহজনী বৰ মাই ডিয়েৰ মানুহ। কি সুন্দৰ ব্যৱহাৰ!

: অঁ…বুজিছোঁ, জানো মানুহজনী লেডী ডক্টৰ বুলি।গিৰিয়েকো জেণ্টছ ডক্টৰ। ময়ো পৰহি পাচলি বজাৰত চিনাকি  হ’লোঁ। ইমান যে সপ্ৰতিভ মানুহজন! আৰু যথেষ্ট তজবজীয়াও। মই মানা কৰাৰ পিছতো মোৰ বজাৰৰ বেগখন গেটলৈ কঢ়িয়াই দিলেহি। কথা পাতি আহোঁতে কেতিয়া যে ঘৰ পালোঁহি গমকে নাপালোঁ জানা। বৰ ৰসাল মানুহজন।

হঠাতে চাহৰ গাঁথি লাগি কইলতাই কাহি উঠিল। কাহ বন্ধই নোহোৱা হ’ল। কাহি কাহি ৰঙা পৰি যোৱা কইলতাৰ পিঠিত কইলতানীয়ে  চপৰিয়াই পুনৰ কৈছে,

: হেৰা…ঠিকে আছাতো? নে বিৰাজক মাতো?

কাহি কাহিয়েই সুধিছে কইলতাই,

: কোন বিৰাজ?

: কেলৈ আমাৰ গলিৰ শেষৰ ঘৰটোত অহা তুমি নাম নজনা তোমাৰ লেডী ডাক্টৰৰ গিৰিয়েক জেণ্টছ ডাক্টৰজন। মোক নাম কাঢ়ি মাতিবলৈ কৈছে আকৌ। নাম্বাৰো দি গৈছে, ফোন কৰোঁ নেকি?

কাহ আৰু বাঢ়িহে আহিল আমাৰ কইলতা বাবুৰ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to পূৰৱী কাকতী Cancel reply

Your email address will not be published. Required fields are marked *