ফটাঢোল

খবৰৰ সোৱাদ-ৰঞ্জিত কুমাৰ শৰ্মা

“হঠাৎ বৰুৱাৰ হ’ল কি?” 

মানুহজনৰ এই পৰিবৰ্তন বৰুৱানীৰ চকুতহে ধৰা দিলে৷ দিবই দিয়কচোন৷ নিশা আঠমান বজাৰ পৰা দহমান বজালৈকে, এই দুঘণ্টাৰ ভিতৰত বৰুৱাই কেতিয়াবা বাতৰি বা কেতিয়াবা ‘টক শ্ব’ চোৱাৰ বাবে টেলিভিছনৰ সন্মুখত বহিব খোজে, কেতিয়াবা বহেও৷ কিন্তু একেই সময়তে বৰুৱানীকো ধাৰাবাহিক চাবলৈ টিভিটোৰ প্ৰয়োজন হয়৷ ইয়াকে লৈ মাজে-সময়ে দুয়োৰে খুঁত-খাট নলগাও নহয়৷ তথাপি তাৰ মাজতেই দুয়ো বুজাবুজি কৰি চলি আছে৷ বুজাবুজি মানে আৰু কি? বৰুৱাই বাতৰি আৰু ‘টক শ্ব’ চোৱাৰ সময় প্ৰায়েই নিশালৈ ঠেলিব লগা হয়৷ বৰুৱাৰ যে বাতৰি বা ‘টক শ্ব’লৈ সাংঘাটিক নিচা আছে তেনে নহয়৷ দিনটোত ক’তনো কি হ’ল বা কি বিষয়নো দিনটোত চৰ্চালৈ আহিছে তাকেই জানিবলৈ তেওঁ টিভিটোৰ সন্মুখত বহে বা বহিব খোজে৷ সেয়াও অৱশ্যে নিয়মীয়া নহয়৷ সন্ধিয়া তেওঁ বাসভৱনটোৰ পৰা দুশ মিটাৰমান আঁতৰত থকা চ’কটোলৈ ওলাই যায়৷ তাতেই বৰুৱাৰ বয়সৰ, মানে পঞ্চাশৰ দেওনা পাৰ হোৱা সুব্ৰত দত্তৰ চাহ-মিঠাইৰ দোকান এখন আছে৷ সেই দোকানখনৰ সন্মুখতেই প্ৰায়েই সন্ধিয়াৰ পৰা এক-ডেৰঘণ্টাৰ বাবে সমবয়সীয়া কেইজনমানৰ আড্ডা বহে৷ অ’ফিচৰ পৰা অহাৰ পাচত ভাগৰুৱা মনটোক পাতল কৰিবলৈকে বৰুৱাইয়ো সপ্তাহটোৰ চাৰি-পাঁচদিন সেই আড্ডাত যোগ দিয়ে৷ আড্ডা জমিলে সন্ধিয়াৰ চাহকাপো তাতেই খোৱা হয়৷

তিনিদিনমানৰ পৰা বৰুৱাই আড্ডাৰ পৰা ঘৰলৈ অহাৰ পাচত টিভিটোৰ সন্মুখত বহিবলৈ বিশেষ ইচ্ছা প্ৰকাশ কৰা নাই৷ বৰুৱানীয়ে ধাৰাবাহিক চাই থকাৰ সময়তো আনদিনা সোধাৰ দৰে ‘তোমাৰ হ’লনে’ বা ‘আৰু কিমান সময়’ অথবা ‘এই পেনপেনীয়া ছিৰিয়েলবোৰ কিমান চোৱাহে’ বুলি প্ৰশ্নও কৰা নাই৷ দুদিন বৰুৱাৰ এই পৰিৱৰ্তন বৰুৱানীয়ে লক্ষ্য কৰিছে৷ তৃতীয় দিনাও বৰুৱাৰ একেই গতি-বিধি দেখি বৰুৱানীৰ মনটো ভাল নালাগিল৷ বৰুৱানীৰ মনত প্ৰশ্নৰ সৃষ্টি হ’ল— তেওঁক ধাৰাবাহিক চাবলৈ দিবলৈকে পতিদেৱতাই ‘ছেক্ৰিফাইচ’ কৰিলে নেকি? নে মানুহজন কিবা সমস্যাত পৰিছে? দেখাত দেখোন তেনেকুৱা নালাগে!  মানুহজনৰ হ’ল কি? বৰুৱানীয়ে মন কৰিলে, টিভি নাচালেও বৰুৱাই এইকেইদিন নিজৰ এণ্ড্ৰইড ম’বাইল ফোনটো বেছিকৈ হাতত ল’বলৈ লৈছে৷ তেওঁ কৰবাত কিবা লটিঘটি কৰা নাইতো? বৰুৱানীৰ সন্দেহো হ’ল৷ সেয়ে তৃতীয় দিনা নিশা ন বজাৰ ধাৰাবাহিকখনত বিজ্ঞাপন দিয়াৰ সময়তে বৰুৱানীয়ে বৰুৱাক সুধিলে,

: কি হ’ল? আপুনি আজিকালি বাতৰি, ‘টক শ্ব’ চোৱাটো বন্ধ কৰিলে নেকি?’

সেইসময়ত বৰুৱাই পালেংখনৰ মূৰ শিতানত পিঠিৰ ফালে গাৰু দুটামান দি আউজি লৈ ম’বাইল ফোনটোত কিবা পঢ়ি আছিল৷ পত্নীৰ মাতত তেওঁ ম’বাইল ফোনটোৰ পৰা মূৰ তুলি পত্নীলৈ চালে৷

:কিবা কৈছা?

বৰুৱাই সুধিলে৷

: কৈছোঁ মানে, আজিকালি বাতৰি, ‘টক শ্ব’ চোৱাটো বন্ধ কৰিলে নেকি?

: পাই গলোঁ বুজিছা৷ পাই গলোঁ৷

: কি পালে?

একো নুবুজি বৰুৱানীয়ে সুধিলে৷

: বাতৰি, টক শ্ব’!

: জানো পাই কি কৈছে?

: মানে এতিয়া তোমাৰ ধাৰাবাহিক চোৱাত কোনো অসুবিধা নহয়৷ তুমিও ধাৰাবাহিক চাব পাৰিবা আৰু ময়ো বাতৰি চাব পাৰিম৷

: কি কৈছে মই হ’লে একো বুজা নাই!

:, বুজিবলৈ একো নাই হে৷ মানে আজিকালি টিভিৰ বাতৰি, টক শ্ব’বোৰ ম’বাইল ফোনতে চাব পাৰি৷ দত্তৰ দোকানত কথাই কথাই টিভি চোৱাৰ কথা ওলাইছিল৷ তেতিয়াই জনসংযোগত যে কাম কৰে বৰবাবু সিদানন্দ, তেওঁৱেই বুদ্ধিটো দিলে বুজিছা?

বৰুৱাই ক’লে৷

: বুদ্ধি? কি বুদ্ধি?

: ফে’চবুকতটো আছোঁৱেই৷ নিউজ চেনেলবোৰো ইয়াতে পোৱা যায় বুজিছা৷ বিভিন্ন কাকত আৰু সংবাদ প্ৰতিষ্ঠানৰ বাতৰিও এই ম’বাইলতেই পায়৷ ‘ফলো’ আৰু ‘লাইক’ কৰিলেই হ’ল৷ চেনেলবোৰৰ উপৰি ৱেব পে’জ, ৱেব পৰ্টেল আৰু ফে’চবুক পে’জৰো অভাৱ নাই জানানে? কাকতবোৰেও ৱেব পে’জ নে ফে’চবুক পে’জ সেয়া খুলি লৈছে বুজিছা৷ দেশত গেলামালৰ দোকান যিমান আছে তাতকৈ সংবাদ প্ৰতিষ্ঠানৰ চেনেল, ৱেব পৰ্টেল, ৱেব পে’জ বা ফে’চবুক পে’জেই বেছি আছে যেন লাগেহে৷ সকলো ম’বাইলতে চাব পাৰি, পঢ়িব পাৰি৷ ময়ো কেইটামান ‘ফলো’ কৰিছোঁ ৰ’বা৷

ৰেডমি এণ্ড্ৰইড ফোনটো বিছনাত থৈ বৰুৱাই পত্নীক উচাহেৰে কথাখিনি ক’লে৷

: কিন্তু ম’বাইলত এইবোৰটো বিনা পইচাত চাব নোৱাৰি৷ টকা কিমান ভৰাইছে?

: টিভি চাবলৈ জানো টকা নালাগে? তেনেকুৱাই আৰু৷ মই ৮৪ দিনৰ বাবে ৫৯৯ টকা ভৰাই লৈছোঁ৷

: পাঁচশ নিৰান্নব্বৈ, মানে ছশ টকা? কিয়? ‘ধন ধনা ধন’ নে কি সেইবোৰ নোহোৱা হ’ল নেকি?

: কি যে কোৱা? সেই দিনবোৰ পাৰ হৈ গ’ল৷ এতিয়া সকলোতে মূল্যবৃদ্ধি হৈছে, ম’বাইলৰ পেকেজবোৰৰ নহ’বনে? ‘এডজাষ্ট’ কৰি চলিব লাগিব দিয়াচোন৷

: আপোনালোকৰ দৰে ‘এডজাষ্ট’ কৰা মানুহ দেশত থাকিলে শাসক আৰু পুঁজিপতিৰ প্ৰগতি নহৈ পাৰেনে? সস্তাত পাই নিচা সুমুৱাই লৈছে যেতিয়া ছশ কিয়, লাহে লাহে ছয় হাজাৰ হ’লেও ‘এডজাষ্টে’ই কৰি থাকক৷ নিচা লগাবলৈ ভাল, এৰিবলৈহে বৰ টান৷

: হ’ব দিয়াহে সেইবোৰ সময়ত চিন্তা কৰিম৷

বৰুৱাই পুনৰ ফোনটোৰ স্ক্ৰীণত স্পৰ্শ কৰিলে৷ তেনে সময়তে বিজুলী যোগান নোহোৱা হ’ল৷ অৱশ্যে ঘৰত ইনভাৰ্টাৰ থকাৰ বাবে পোহৰৰ অভাৱ নহ’ল৷ কিন্তু বৰুৱানীৰ টিভি বন্ধ হ’ল৷ বিদ্যুতৰ চুইচবোৰ্ডত থকা টিভিৰ চুইচৰ সৈতে ইনভাৰ্টাৰৰ সংযোগ নাছিল৷

: এয়া চোৱা কাৰেণ্ট গ’ল৷ এতিয়াতো তুমি টিভি চাব নোৱৰা৷ আহা ম’বাইলতে চাওঁ৷ ইয়াত তোমাৰ ছিৰিয়েলো চাব পাৰি৷

 বৰুৱাই ঘৈণীয়েকৰ ফালে ম’বাইলটোৰ স্ক্ৰীণখন সামান্য ঘূৰালে৷

: নালাগে, আপুনিয়েই চাওক৷ মই ভাতৰ ব্যৱস্থা কৰোঁগৈ৷

 বৰুৱানীয়ে ৰান্ধনীঘৰৰ পিনে খোজ দিলে৷

বৰুৱাই পুনৰ এণ্ড্ৰয়িড ফোনটোত নিমজ্জিত হ’ল৷ ফে’চবুকত বিচৰণ কৰি থাকোঁতে হঠাৎ এঠাইত বৰুৱা ৰৈ গ’ল৷ এখন কাকতৰ নামেৰে থকা এটা ৱেব পে’জৰ বাতৰিৰ শিৰোনাম এটি বৰুৱাৰ চকুত পৰিল৷ বাতৰিটোৰ শিৰোনাম এনেকুৱা,

 ‘বিয়াৰ পূৰ্বে মোহময়ী অভিনেত্ৰী হ’ল গৰ্ভৱতী৷ পেটত থকা সন্তানৰ পিতৃ কোন জানিবলৈ পঢ়ক…৷’

এনেকুৱা বাতৰিও পঢ়িবলৈ পোৱা যায় নেকি! বৰুৱাই ভাবিলে৷ উৎসুকতাক নিয়ন্ত্ৰণ কৰিব নোৱৰা বৰুৱাই বাতৰিটো পঢ়িলে৷

: ধেই, নিউজ দিছে? কাম নাইকিয়া৷ পাঠকক বুৰ্বক সজাবলৈ আহিছে৷ খবৰৰ সোৱাদ দেখোন চানাচুৰৰ সোৱাদৰ দৰেহে হৈছেগৈ৷

বাতৰিটো পঢ়াৰ পাচত বৰুৱাৰ প্ৰতিক্ৰিয়াই মুখৰ ভিতৰতে গৰজি উঠিল৷

ম’বাইল ফোনটোৰ স্ক্ৰীণখনত আঙুলি ওপৰলৈ ঠেলি ঠেলি আন এঠাইত বৰুৱা পুনৰ ৰৈ গ’ল৷ তেওঁ ‘ফলো’ কৰা বাতৰি প্ৰতিষ্ঠান এটাৰ বাতৰিৰ শিৰোনামটোৱে তেওঁক ৰ’বলৈ যেন বাধ্যহে কৰালে৷ ‘সোমবাৰৰ পৰা সাতদিনৰ বাবে পুনৰ লকডাউন’ শীৰ্ষক বাতৰিৰ  শিৰোনামটো দেখি বৰুৱা বিছনাত উঠি বহিল৷

: লকডাউন দিলে  কাইলৈয়ে বজাৰ কিছু কৰি থ’ব লাগিব৷ অৱশ্যে লকডাউন দিলে বেয়াও নহ’ব, অফিচো বন্ধ থাকিব৷ সন্ধিয়াৰ আড্ডাটোহে কেইদিনমান বন্ধ হ’ব৷

কথাবোৰ যিমানেই ভাবিলে সিমানেই বৰুৱাৰ কৌতূহল বাঢ়িল৷ পলম নকৰি তেওঁ অডিঅ’-ভিডিঅ’ বাতৰিটো চালে৷

: ধেই, এয়া দেখোন দিল্লীৰহে খবৰ! ইহঁতে মানুহৰ হাৰ্টফেইল কৰাব দেই৷ বাতৰিৰ হেডলাইনত ৰাজ্যৰ নামটো দিব নোৱাৰে? এনেকৈ বাতৰি পৰিৱেশন কৰেনে?

এইবাৰ বৰুৱাৰ প্ৰতিক্ৰিয়া মুখ ফুটি ওলাই আহিল৷ বেয়া শব্দ দুটামানো মুখলৈ আহিছিল যদিও বৰুৱাই বাহিৰলৈ ওলাব নিদিলে৷ কণ্ঠনলীৰে গৈ শব্দকেইটা পুনৰ উদৰস্থ হ’ল৷

ম’বাইল ফোনটোৰ পৰা ইণ্টাৰনেট সেৱাৰ সংযোগ কাটি বৰুৱাই ফোনটো বিছনাতে থ’লে আৰু বিছনাৰ পৰাই ঘৈণীয়েকক মাতিলে

 ‘হেৰা, শুনিছানে?’

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.

error: Content is protected !!