ফটাঢোল

লটি-ঘটি-নয়নমণি হাজৰিকা

সেই সময় আছিল জীৱনলৈ নতুনকৈ যৌৱনৰ আগমনৰ, নিজকে মনে মনে আনৰ চকুত পৰাকৈ সজাই পৰাই সুখী হোৱাৰ সময়। পঢ়া টেবুলৰ সন্মুখত এখন কণমানি আইনা থৈ মাৰ অগোচৰে নিজকে পঢ়াৰ মাজে মাজে চাই থাকি আকাশত চাং পতাৰ দৰে ৰঙীন কল্পনাত উটি ভাহি থকাৰ সময়।

নিজকে দেখনীয়াৰ কৰিবলৈ কাৰ বাৰু মন নাযাব! ময়ো পিছ পৰি থকা নাছিলোঁ। বিউটী পাৰ্লাৰলৈ গৈ নিজকে সলোৱাৰ সপোন দেখিবহে পাৰিছিলোঁ, সেই সময়ত তেনে মায়াপুৰীলৈ যাবলৈ হ’লে সাহস আৰু যাতায়তৰ সুচলতা মুঠেও নাছিল। সাতে পাছে মিলাই আইতাৰ টিপছ্ লৈ বাৰীতে পোৱা বনষৌধিৰে নিজৰ ছাল চুলিৰ সৌন্দৰ্য্য চৰ্চা অব্যাহত ৰাখিছিলোঁ।

কণা বিধাতাইহে মাথোঁ মাজতে খেলি মেলি লগালে, লগৰ বান্ধৱীবোৰ ওখ হৈ যোৱাৰ বিপৰীতে মইহে কিবা একেটা জোখতে আঠা লগাদি লাগিলোঁ। লগৰবোৰৰ লগত যেতিয়াই ওলাই গৈছিলোঁ সকলোৱে ক’বলৈ ধৰে, “দেখাই শুনাই ঠিকেই আছিল, পিছে এই ওখহে নহ’ব যেন পাইছোঁ।” বিশ্বাস কৰক ৰাইজ, তেনে কথা শুনাৰ পিছত মোৰ বুকু দুখ বেদনাত ফাটি চিটি গৈছিল।

মোৰ প্ৰতিভাও সৰুতে কম নাছিল, সাহিত্য প্ৰতিযোগিতাবোৰত য’তেই ভাগ লৈছিলোঁ ত’তেই মানপত্ৰ এখনি হ’লেও পাইছিলোঁ; যাৰ বাবে মোৰ বান্ধৱীবোৰৰ মাকবোৰৰ মনত মিহি মিহিকৈ মোৰ প্ৰতি ঈৰ্ষাৰ ভাৱ এটাও নথকা নহয়। আন একোতে পিছ পেলাব নোৱাৰিলে, তেওঁলোকে মোৰ উচ্চতাৰ কথা মনত পেলাই দিছিল। সেই এপাতেই পশুপাত অস্ত্ৰ আছিল, যি মোক একেবাৰে জোকৰ মুখত চূণ দিয়াৰ দৰে কৰি পেলাইছিল। লাহে লাহে এই কথাটো মোৰ হীনমন্যতাৰ কাৰণ হ’বলৈ ধৰিছিল। নিজকে ওখ কৰাৰ তাড়নাত মোৰ বান্ধৱী এজনীৰ কথা মতে জীৱনৰ প্ৰথমযোৰ হাইহীল চেণ্ডেল কিনি পেলাইছিলোঁ।

তেতিয়া শাৰদীয় পূজাৰ বতৰ আছিল, মা দেউতাৰ আঁৰ হৈ ওখ হীলৰ চেণ্ডেলযোৰ পিন্ধি খটপ খটপকৈ ঘনচিৰিকাই মৌৰাৰ পেখম পিন্ধাৰ দৰে নতুন চাল দি, পূজা চাবলৈ বুলি ওলাই গৈছিলোঁ।

নতুন চেণ্ডেল, তাতে এবেগত ওখ হীল; খোজটো দিওঁতে এনে লাগিছিল যেন পাহাৰতহে গৈ আছিলোঁ,  ইফালে ভৰিৰ লগত খাপ খাবলৈ গৈ নতুন চেণ্ডেলে মোৰ ভৰিৰ আঙুলিৰ লগত কথা পাতি পাতি বুঢ়া আঙুলিটোক বৰ বেয়াকৈ কাটিছিল। যিটো পাইতাৰা দি সাজোন কাচোনেৰে ৰূপৱতী হৈ পূজালৈ ওলাইছিলোঁ, সেয়া আধা বাটতে ইতিমধ্যে মুদা মৰিছিল।

ভৰিৰ বিষত মুখৰ আকাৰ কিম্ভুত কিমাকাৰ হৈ পৰিছিল, নিজৰ প্ৰকৃতি প্ৰদত্ত গহীন খোজটি ফেৰেকা দুভৰিৰ মানুহৰ দৰে জবৰজং হৈ পৰিছিল। মোৰ এনে লাগিছিল যেন চেণ্ডেলযোৰ খুলি ল’লেই মই স্বৰ্গৰ সুখ লাভ কৰিম, কিন্তু বান্ধৱীহঁতৰ আগত নিজৰ লাজ মান যাব বুলি বৰ কষ্টৰে সিহঁতৰ লগত কথা পাতি পাতি গৈছিলোঁ।

কথা মানে আৰু কি! হয় ক’বলগীয়াটোতো নহয় আৰু না ক’বলগীয়াটোতো হাঁ কৈছিলোঁ। সকলোৰে মাজত থাকিও অন্যমনস্ক হৈ কেৱল মই আৰু মোৰ নতুন চেণ্ডেলযোৰে মনে মনে কথা পাতি গৈছিলোঁ। আচলতে একপ্ৰকাৰ মই চেণ্ডেলযোৰক মিনতি কৰিছিলোঁ যাতে মোক লাজত নেপেলায়। যেনে তেনে গৈ অৱশেষত পূজা মণ্ডপৰ কাষ পাইছিলোঁগৈ, মণ্ডপৰ ভিতৰলৈ সোমায়েই খালি চকী এখন পাই তাতে ঢমহকৈ যি বহিলোঁ, ঘৰলৈ উভতাৰ পৰলৈকে বহিয়েই থাকিলোঁ। লগৰবোৰে পূজাত কৰা আনন্দবোৰ মোৰ দুভৰিৰ বিষে কাঢ়ি নিছিল।

অৱশেষত ঘৰলৈ উভতাৰ সময় হোৱাত মোৰ চকু মুখত আকৌ এবাৰ যন্ত্ৰণা ফুটি উঠিছিল। তথাপি ঘৰলৈ আহিব লাগিবই, সিহঁতক আগ বাঢ়িবলৈ দি মই পাহাৰসম হীলৰ চেণ্ডেলযোৰ ভৰিত সোমোৱাই বৰ কষ্টৰে মণ্ডপ পাৰ হৈছিলোঁহে, অকস্মাতে ভৰিটো বেকা হৈ পকী ৰাস্তাতে মই লুটি খাই পৰিছিলোঁ। লাজে, বিষে চকুৰ পানীৰ ৰূপ লৈ ঝৰ ঝৰকৈ মোৰ দুচকুৰে পাৰ ভাঙি নামি আহিছিল। সেই সময়তে যেনিবা দেৱদূত হৈ মোৰ এতিয়াৰ পতিদেৱ আৰু সেই সময়ৰ শত্ৰুজ্ঞান কৰা হিংসুক বুলি ভবা মোৰ ল’ৰালিৰ বন্ধুজন বাজাজ স্কুটাৰ লৈ কাষতে ৰৈছিলগৈ।

ঐ উঠ বুলি ক’বলৈহে পালে, এফালেও নোচোৱাকৈয়ে মই তাৰ স্কুটাৰৰ পিছফালে বহিলোঁ। ভৰিটো বৰকৈ টনটনাইছিল বাবে সি ফাৰ্মাচী এখনত স্কুটাৰখন  ৰখাই মোৰ ভৰিত দৰৱ লগাই দি কৈছিল –

“তই ইমানো চাপৰ নহয় যে মোৰ জোখত নপৰিবি, এইবোৰ খাপ নোখোৱা চেণ্ডেল পিন্ধি কাক ভাল লগাবলৈ আহিছিলি বান্দৰী, তই চাপৰ হ’লেও মোৰ হ’বি ওখ হ’লেও মোৰ হ’বি বুজিলি; আজিৰ পৰা এইবোৰ পিন্ধি ওখ হ’বলৈ নাযাবি। তই মডেল নহয়তো, মোৰ মনৰ মানুহজনীহে।”

মই ভৰিৰ বিষত ধৰিবকে নোৱাৰিলোঁ সিনো ধেমালিৰ চলেৰে কি কথা কৈ গ’ল, তথাপি গোটেই বাটচোৱা মই মুখেৰে একো নমতাকৈ চুপ হৈ আহিলোঁ।

সেইদিনা চেণ্ডেলে ইমানকৈ লটি-ঘটি লগোৱাৰ পিছতো, তাৰ মুখৰ এষাৰ কথাতে সকলো বেয়ালগা এক ভাললগা অনুভৱলৈ পৰিৱৰ্তন হৈছিল। আমাৰ ঘৰলৈ সোমোৱা বাটতে পোৱা নলাটোলৈ মই হাতত লৈ অহা ওখ হীলৰ নতুন চেণ্ডেলযোৰ খঙতে দলিয়াই দিছিলোঁ। 

তাৰপিছতো পোন্ধৰটা পূজা মোৰ জীৱনলৈ আহিল আৰু গ’ল  কিন্তু মই আৰু ওখ হীলৰ জোতা জীৱনত নিপিন্ধিলোঁ। অৱশ্যে সেইজন মহাপুৰুষেই মোৰ জীৱন সংগী হোৱাৰ সৌভাগ্য লাভ কৰি বিয়াৰ সাজত দিবলগীয়া চেণ্ডেলযোৰ কিনোতে মোক ধেমালিৰ চলেৰে সুধিছিল –

“ঐ ছোৱালী, বিয়াত চাল দিবলৈ তোৰ বাবে ওখ হীলৰ চেণ্ডেল এযোৰকে নিওঁ নেকি? সেই পূজাত পিন্ধাত ধৰণৰ।”

তাক উত্তৰত একো নকলেও মনে মনে ভাবিছিলোঁ সেইদিনা সেইযোৰ ওখ চেণ্ডেল পিন্ধি লুটিখাই নপৰা হ’লে কাজিয়াখোৰ ল’ৰাটোৰ মনৰ মাজত যে মই সোমাই আছিলোঁ গমেই নাপালোঁহেঁতেন! সেইদিনা প্ৰথমবাৰলৈ বহু বছৰৰ আগতে দলিয়াই দিয়া মোৰ ক’লাৰঙৰ ওখ হীলযোৰৰ প্ৰতি মই কৃতজ্ঞতা যাচিছিলোঁ।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    কি ধুনীয়া লাগিল পঢ়ি। সদায়েই এনেকৈ থাকক। চেণ্ডেল যোৰক ধন্যবাদ পিছে??

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *