ফটাঢোল

কৰৱা চৌথ, চ’চিয়েল মিডিয়া ইত্যাদি – সোণটো ৰঞ্জন বৰুৱা

কিছু কালৰ আগৰ পৰা যমৰাজৰ মহটোৰ অৱস্থা কাতিমহীয়া এৰালৰ গৰুৰ দৰে পিঠিৰ হাড় গণিব পৰা হৈছেগৈ! নহ’বইনো কিয়, আগতে তাৰ কাম আছিল কেৱল দেৱলোকৰ মেল-মিটিংবোৰলৈ যমৰাজক অনা-নিয়া কৰা। পৃথিৱীৰ পৰা আত্মা অনা কামবোৰ যামদূতবোৰেই কৰিছিল। পিচে যেতিয়াৰে পৰা টকা দহটাৰ বাবেও মানুহে মানুহ হত্যা কৰা হ’ল তেতিয়াৰে পৰা পৰ্যাপ্ত যমদূতৰ অভাৱত যমৰাজেও আত্মা অনা- নিয়া কৰিবলৈ পৃথিৱীলৈ টাকুৰী বাব লগা অৱস্থা আহি পৰিল। লগতে পৃথিৱীৰ মানুহৰ চয়তানি বুদ্ধিত বহুতো যমদূতৰে কিনা-বেচা হৈ গ’ল। যমৰাজে কিবা এটা চক্ৰান্তৰ উমান পাই আছিল। চিত্ৰগুপ্তয়ো কেবাজনো যমদূতৰ কাম-কাজত  সন্দেহ কৰিবলৈ ধৰিলে। যমদূতে অনা ভালেখিনি আত্মাৰ চিত্ৰগুপ্তৰ হিচাব মতে স্বৰ্গত স্থান পোৱাৰ যোগ্যতায়েই নাই। অথচ যমদূতে নি চিধাই স্বৰ্গৰ দুৱাৰমুখত থৈ অহা কৰিলে। আনকি সেই আত্মাবোৰৰ মানুহৰূপত থাকোঁতে কৰা ভাল-বেয়া কামৰ খতিয়ান ল’বলৈকে নিদিলে। আনহাতে চিত্ৰগুপ্তই প্ৰশ্ন কৰে বুলি যমদূতবোৰো চিত্ৰগুপ্তৰ সন্মুখতেই নহা হ’ল। সেয়ে চিত্ৰগুপ্তই নিজৰ সন্দেহ অমূলক বুলিয়েই যমৰাজক জনালে। ভালকৈ ইনভেষ্টিগেট কৰালৈকে সন্দেহযুক্ত যমদূতকেইজনক কামৰ পৰা বৰ্খাস্ত কৰা হ’ল। মৰ্ত্যত মানুহবোৰ কিদৰে ইমানকৈ ধূৰ্ত হৈ গ’ল জানিবলৈ যমৰাজে নিজেই মৰ্ত্যলৈ যাবলৈ ধৰিলে। লগতে মানুহ মৰাৰ পিছত আত্মা অনা কামটোও কৰিবলগীয়া হোৱাত যমৰাজৰ অৱস্থা তথৈবচ হৈ গৈছে। এইদৰেই অ’ভাৰটাইম কৰি কৰি যমৰাজৰ মহৰো হাঁড় ওলাই গৈছে।

যি কি নহওক, আজিও যমৰাজে ফুল ড্ৰেছত তাৰেই পিঠিত উঠি বৰুৱাৰ আত্মাক নিবলৈ আহি বৰুৱানীৰ আগত লেণ্ড কৰিলেহি। লেণ্ড কৰিয়েই হাঃ হাঃ হাঃকৈ নিজৰ ট্ৰেডমাৰ্ক হাঁহিটো মাৰি বৰুৱানীক ক’লে,

: তোৰ স্বামীৰ জীৱনৰ ভেলিডিটি চেচ, মই তাৰ সকলো সেৱা বন্ধ কৰিম এতিয়া। তাৰ উশাহৰ ইনকামিং একেবাৰেই বন্ধ কৰি তোক আউটিঙলৈ নিয়াৰ সকলো সেৱা চিৰদিনৰ বাবে বন্ধ কৰি দিম।

যমৰাজৰ পূৰা বিশ্বাস আছিল যে কথাখিনি শুনাৰ লগে লগেই বৰুৱানীয়ে বুকুভঙা কান্দোনত ভাগি পৰিব। বৰুৱাক নিনিবলৈ তেওঁৰ ভৰিত পৰি বিননি জুৰিব। পিছে ই কি?  বৰুৱানীয়ে দেখোন কাণত হেডফোন লগাই চকুমুদি আমেজত ‘চেইয়া জী চে আজ মে নে ব্ৰেকআপ কৰ লি’  গুণগুণাই আছে! যমৰাজে বৰুৱানীৰ একো ৰেচপঞ্চ নেদেখি এইবাৰ অলপ ডাঙৰকৈ চেইম ডাইলগ ৰিপিট কৰিলে। এইবাৰ বৰুৱানীয়ে চকু মেলি হেডফোন আঁতৰ নকৰাকৈয়ে কাষৰ ঘৰলৈ যাবলৈ ক’লে। হয়তো যমৰাজৰ ড্ৰেছ দেখি অম্বুবাচীত অহাৰ দৰে ভেশ ধৰি অহা ভিখাৰী বুলি ভাবিলে।

যাৰ আগত চাৰা দুনিয়াই দয়া ভিক্ষা কৰে তাকেই ভিক্ষাৰী জ্ঞান কৰে, ইমান ইনচাল্ট! টেমা চুটি গ’ল যমৰাজৰ। খঙৰ ভমকত আৰু একেটানেই বৰুৱানীৰ কাণৰ লিডডাল দলিয়াই উচ্চস্বৰে নিজৰ চেইম ডাইলগৰ হেট্ৰিক কৰিলে। পৰিস্থিতিৰ গুৰুত্ব ভাবি ‘হাউ ডেয়াৰ ইউ’ কোৱাৰ আগতেই যমৰাজে নিজৰ আইকাৰ্ডখন বৰুৱানীৰ চকুৰ আগত দাঙি ডেয়াৰক ফেয়াৰলৈ সলনি কৰিবলৈ চেষ্টা কৰিলে। পিচে একোৱেই কাম নিদিলে। বৰুৱানীয়ে মেক্সী কোঁচাই যমৰাজক উভতি ধৰিলে,

: ইউ মিন টু চে, তুমি যমৰাজ আৰু মোৰ পতিৰ আত্মাক ৰিচাৰ্জ নকৰাৰ সিদ্ধান্ত লৈ একেবাৰেই শেষ কৰি নিবলৈ আহিছা? 

যমৰাজে এই প্ৰথমবাৰৰ বাবে তেওঁক পাত্তা নিদিয়া কাৰোবাক পালে। ইমান দুঃসাহস এই নাৰীৰ, খঙত অমৰীশ পুৰীৰ ভইচত উত্তৰ দিলে,

: চাল্লা, ভাওনা কৰি আছোঁ বুলি ভাবিছ নেকি হা?  জল্দি ক, ক’ত আছে তোৰ পতি?  এঠাইতেই টাইম ৱেষ্ট কৰি থাকিলে নহ’ব,  কৰ’ণা চলি আছে, লটত মাল তুলিবলৈ আছে।

শুনিব পাৰে ‘চেইয়া জী চে ব্ৰেকআপ’,  কিন্তু বৰুৱানীৰো বৰুৱাৰ লগত ইমান সোনকালেই ব্ৰেকআপ কৰাৰ অক্কণো মোদ নাই। সৰুতে সাৱিত্ৰী সত্যৱানৰ কাহিনী পঢ়া মানুহ বৰুৱানী, থ’ৰে এৰি দিব বৰুৱাক নিবলৈ! বৰুৱানীয়ে আৰামত টুইষ্টৰ স্ক’প উলিয়াই যমৰাজক ওলটি ধৰিলে,

: হে যমৰাজ,  এয়া কি ধৰণৰ ন্যায়?  এয়াই নেকি আপোনাৰ ন্যায় বিচাৰ?  যদি মোৰ স্বামীৰ ৰিচাৰ্জ শেষ হওঁ হওঁ হৈছিলেই,  তেন্তে আপোনাৰ কলচেন্টাৰৰ পৰা ৰিমাইণ্ডাৰ কিয় নিদিলে?  আমাৰ ইয়াতটো মোবাইলৰ ৰিছাৰ্জ শেষ হওঁ হওঁ হ’লেই দহবাৰ মেছেজ আহে ৰিছাৰ্জ কৰ ৰিছাৰ্জ কৰ বুলি! আপুনিতো মানুহৰ প্ৰাণ নিবলৈ আহিছে, অন্তত এবাৰ ৰিমাইণ্ডাৰ দিব পাৰে। অকণো সুযোগ নিদিয়াকৈ চিধাই ভেলিডিটি শেষ! কিয় কৰিব এনে ঠগ প্ৰৱঞ্চনা গ্ৰাহকৰ লগত?

বৰুৱানীৰ প্ৰশ্নত দিশহাৰা হৈ যমৰাজে স্পষ্টীকৰণ দিলে,

: হে দেৱী,  তোমাৰ কথা সঠিক, কিন্তু যমপুৰীত আত্মাৰ ৰিছাৰ্জৰ সুবিধা এতিয়াও হোৱা নাই বাবে ৰিমাইণ্ডাৰ দিয়া নহয়!

বৰুৱানীয়ে তপৰাই কৈ উঠিল,

: তেন্তে যমৰাজ, এই যে কৰ’ৱা ছৌথ পালন কৰা হয়, তাৰ একো অৰ্থই নাই দেখোন?  আপুনি মোৰ ফেচবুক ষ্টেটাচ চেক কৰি চাওক। বিয়া হোৱাৰ দহ বছৰ হ’ল,  প্ৰত্যেক বছৰে স্বামীৰ জীৱনৰ আয়ুস বঢ়াবলৈ কৰ’ৱা ছৌথ পালন কৰাৰ আপডেট পাব। নিজৰ সংস্কৃতিৰ নহয় যদিও পতিয়ে লম্বী জীৱন পাবলৈ বুলিয়েই পালি আহিছোঁ। এটা কথা কওকচোন, এই যে কৰ’ৱা ছৌথ পালন কৰা হয়, সেয়া আপোনাৰ দৰেই দেৱতা, মানে দেৱী এগৰাকীলৈ আগ কৰিয়েইতো পালন কৰা হয়। ইমানবোৰ মানুহে, মানে লেডীজ, বুঢ়ী হোৱালৈকে কৰ’ৱা ছৌথ পূজাৰ নামত হেজাৰ হেজাৰ শাৰী, নকলী গহণা, ফল-মূল, মিঠাই আগবঢ়াই সেই দেৱীক পূজা কৰে, অথচ নিজে দিনটো একো নাখায়। ইমান কষ্টৰ প্ৰতিদানত আপুনি ঘপহ কৰে কাৰোবাৰ স্বামীৰ আত্মাক এনেকৈ লৈ যাব নোৱাৰে নহয়! সেই হিচাপত মোৰ স্বামীৰ উশাহৰ ইনকামিং বন্ধ কৰি দিয়াৰ নৈতিক অধিকাৰ আপোনাৰ নাই। আৰু এটা কথা (চাৎকৈ যমৰাজৰ লগত চেলফী এখন লৈ) আপুনি যদি তেখেতক এৰি এইমুহুৰ্ততে ইয়াৰ পৰা নাযায় তেন্তে ‘যমৰাজৰ অৱলা নাৰীক প্ৰৱঞ্চনা’ বুলি এইখন চ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিম।

চ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ কথা শুনিয়েই যমৰাজ তাতেই তাপ মাৰিলে। চ’চিয়েল মিডিয়াত ইন্দ্ৰদেৱক ৰাইজে কেনে জাৰণ দি থাকে তাকটো তেওঁ দেখিয়েই থাকে। আৰু ৰাইজকো জাৰিবলৈ স্কো’পহে লাগে,  স্কো’প পালেই কাৰ দোষ বাচ-বিচাৰ নকৰাকৈয়ে গুৰি গোষ্ঠীৰ নাম নোহোৱা কৰি দিয়ে। না বাবা না,  এটা আত্মাৰ লগত নিজৰ ইমান অপমান হোৱাতকৈ আঁতৰ হোৱাই ভাল বুলি ঠোঁট-মুখ চেলেকি খালী হাতেৰেই যমৰাজে যমপুৰীলৈ প্ৰস্থান কৰিলে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to ৰাজু কুমাৰ নাথ Cancel reply

Your email address will not be published. Required fields are marked *