ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

সংখ্যাটোৰ আঁৰৰ কথা লিখাৰ আগতে কিছু বছৰ পিছলৈ যাব বিচাৰিছো । ফটাঢোল গোটৰ জন্মলগ্নৰ দিনটোৰ কথা । গোটটো খোলা আধাঘণ্টামান হে হৈছিল । আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেৱে মোক গোটটোত অন্তৰ্ভুক্ত কৰিছিল । তেতিয়া সদস্য সংখ্যা ১০০ৰ তলত আছিল । আপাতঃ দৃষ্টিত একো ডাঙৰ কথা নহয়, কিন্তু মোৰ বাবে সেয়া এক আবেগিক ক্ষণ আছিল । কাৰণ? কাৰণটো তেনেই সাধাৰণ । ফটাঢোলৰ মানুহখিনি বৰ শ্ৰদ্ধাৰ, বৰ আদৰৰ । যদিওবা অভিজিত কলিতা দাদাৰ বাহিৰে আমাৰ আন কাৰোৱেই লগত আজিও ব্যক্তিগতভাৱে দেখা সাক্ষাৎকাৰ হোৱা নাই, তথাপিও গোটৰ মানুহখিনি বৰ আপোন ।  অভিজিত কলিতা দাদা,ৰিণ্টুমনি দত্ত দাদা, হেমন্ত কাকতি দাদা, শংকৰ জ্যোতি বৰা দাদা, সুকুমাৰ গোস্বামী দাদা,  ৰামানুজ গোস্বামী দাদা, প্ৰণীতা বৰঠাকুৰ বাইদেউ, চবিনা ইয়াচমিন বাইদেউ মোৰ বাবে আচ্ছাদন স্বৰূপ । ঠিক স্নিগ্ধ জোনাকৰ পোহৰৰ দৰে । বিজয় মহন্ত সদায়েই ঘৰৰ  কেতিয়াও সলনি নোহোৱা সেই আটাইতকৈ অঘাইটং ভাইটোৱেই হৈ থাকিল । সময়ৰ জোখাৰে প্ৰায় দহবছৰ ধৰি জানো তেওঁক, তেতিয়াও তেনেকুৱাই আছিল আজিও সেই একেই ।

সংখ্যাটোৰ সম্পাদনা সম্পৰ্কে  ৰিণ্টুমনি দাদাৰ পৰা অৱগত হৈছিলো যোৱা বছৰৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত । উৎসাহিত হৈছিলোঁ এনেকুৱা এটা সন্মানৰ বাবে বিবেচিত হোৱা বাবে । ঠিক হ’ল চলিত বৰ্ষৰ মে’ মাহৰ সংখ্যাটো আমাৰ সম্পাদনাত প্ৰকাশ পাব । পিছে ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি  ।’ ৰিণ্টুমনি দাদাৰ লগতে মোৰো ব্যক্তিগত লগতে পেশাদাৰী অসুবিধাৰ বাবে সংখ্যাটো ৰ লগত সংযুক্ত হোৱাৰ সৌভাগ্য নহ’ল । জুলাই মাহৰ শেষৰফালে এটা গল্প প্ৰতিযোগিতা সংক্ৰান্তীয় আলোচনা এটাৰ বাবে বিজয় মহন্তৰ লগত কথা হৈছিলোঁ । তেতিয়াই আলোচনীৰ  এটা সংখ্যা সম্পাদনা কৰাৰ কথাটো পুনৰ ওলাল । আমি লগ লগে সহমতি প্ৰকাশ কৰিলোঁ যদিও মনত এসোপামান শংকাও পুহি ৰাখিলো । পাৰিমনে? সম্ভৱ হৈ উঠিবনে কামবোৰ?  এসোপামান শংকা কঢ়িয়াই লৈ ঘূৰি ফুৰা দিনতেই দুটা ফোনক’লে অসম্ভৱ সকাহ দিছিল । এটা আছিল যোগেশ ভট্টাচাৰ্য্যৰ আনটো দেৱজিৎ শৰ্মাৰ । দুয়ো প্ৰাৰম্ভিক কামবোৰ ইমান সৰলকৈ বুজাই দিলে যে মুহূৰ্ততে সমস্ত ভয় শংকা বাষ্প হৈ উৰি গ’ল ।   আলোচনী সংক্ৰান্তীয় সকলো কাম কাজতে যোগেশ ভট্টাচাৰ্য্য, দেৱজিৎ শৰ্মা আৰু হিমাংশু ৰাজখোৱাৰ সহায় সহযোগিতা সদায়েই কৃতজ্ঞতাৰে স্মৰণ কৰিম । সাক্ষাৎকাৰ গ্ৰহণকে আদি কৰি সকলো দিশত তেওঁলোকৰ সক্ৰিয় সহযোগিতা আমাৰ বাবে এক নতুন, সুকীয়া তথা নতুন অভিজ্ঞতা ।

লেখকসকলে বহুমূলীয়া সময়ৰ পৰা সময় উলিয়াই তেওঁলোকৰ  যি বিবিধ স্বাদৰ লেখনিৰে আমাক সমৃদ্ধ কৰিলে তাৰ বাবে তেওঁলোকৰ ওচৰত  আমি সদায় কৃতজ্ঞ । আলোচনী এখনৰ মূল চালিকা শক্তি লেখকসকল । তেওঁলোকৰ হাতৰ পৰশতহে প্ৰাণ পাই উঠে এখন উচ্চমানৰ আলোচনী ।

নিজৰ ব্যস্ত জীৱনৰ পৰা সুৰুঙা উলিয়াই সময়মতে বৰ্ণাশুদ্ধি কৰি দিয়া ৰিমঝিম বৰঠাকুৰ আৰু ঋতুপৰ্ণা মহন্ত গোস্বামীলৈ অলেখ মৰম  । দুয়োগৰাকীয়ে খুব সুন্দৰকৈ আমনি নোপোৱাকৈ সময়ৰ আগতেই কামবোৰ কৰি তেওঁলোকৰ দায়িত্ববোধৰ অনুৰাগী কৰি তুলিলে । প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউৰ কথা কি ক’ম ! সময়মতে বৰ্ণাশুদ্ধিৰ লগতে ধৈৰ্য্য সহকাৰে আমাৰ অনুৰোধবোৰ ৰক্ষা কৰা বাবে তেওঁৰ লগতে পৰিস্মিতা গগৈক আন্তৰিক কৃতজ্ঞতা জনালো ।

 লেখাবোৰ পি ডি এফৰ পৰা ইউনিকোডলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত বহুত মৰমৰ ভাই শ্ৰীমান দিম্পল কলিতাক ধন্যবাদ নজনালে কথাবোৰ আধৰুৱা হৈ ৰ’ব ।

নিজৰ সাংঘাতিক ব্যস্ততাৰ মাজতো সংখ্যাটোৰ লগত সুন্দৰকৈ খাপ খোৱা এটি বেটুপাত অংকন কৰি দিয়া বাবে আৰাধনা বৰুৱা আৰু নানা দিহা পৰামৰ্শৰে উপকৃত কৰা দিগন্ত কুমাৰ ভট্টাচাৰ্য্য দাদাক এই চেগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আলোচনীখনৰ মূখ্য আকৰ্ষণ ফটাপ্ৰশ্নবোৰ সময়মতে যুগুতাই দিয়া বাবে ৰাজশ্ৰী শৰ্মাৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম  । তেওঁৰ কৰ্মস্পৃহা আৰু আলোচনীখনৰ প্ৰতি নিষ্ঠা খুবেই প্ৰশংসনীয় ।

অলংকৰণৰে আলোচনীখন সৰ্বাংগ সুন্দৰ ৰূপত পাঠক সমাজলৈ আগবঢ়াই দিয়া বাবে চন্দন বড়িৰ লগতে ডলী তালুকদাৰ আৰু নীলাক্ষী কাকতিক  বিভিন্ন সহায় সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ । আৰ্ট গেলেৰীৰ বাবে কল্যাণী অধিকাৰী আৰু কাৰ্টুনৰ বাবে অবিনাশ শৰ্মাক বিশেষভাৱে ধন্যবাদ জনালোঁ ।

টিম ৱৰ্ক কাক কয়, ফটাঢোলৰ পৰা শিকিলোঁ । এইটো এটা বৰ ডাঙৰ শৈক্ষিক অভিজ্ঞতা হৈ ৰ’ব আমাৰ বাবে । কেতিয়াও প্ৰত্যক্ষভাৱে লগ নোপোৱা মানুহবোৰেও যে শৃংখলাবদ্ধভাৱে নিয়াৰিকৈ কামবোৰ কৰিব পাৰে আলোচনীখনৰ সম্পাদনা সমিতিৰ পৰা শিকিবলগীয়া । আলোচনীখনৰ উত্তৰোত্তৰ আৰু সৰ্বাঙ্গীন উন্নতি কামনা কৰিলোঁ ।

জয়তু ফটাঢোল ই- আলোচনী

 


সুস্মিতা দাস,সম্পাদক

ফটাঢোল ই আলোচনী

পঞ্চম বৰ্ষ,চতুৰ্থ সংখ্যা

8 Comments

  • ৰিণ্টু

    তোমালৈ আন্তৰিক ধন্যবাদ সুস্মিতা। নিজৰ ব্যস্ততাৰ মাজতে ইমান ধুনীয়াকৈ আৰু নিয়াৰিকৈ কামবোৰ কৰিলা। ফটাঢোলৰ সমূহ সদস্য আৰু সম্পাদনা সমিতিৰ হৈ পুনৰাই অভিনন্দন আৰু ধন্যবাদ।

    Reply
  • Anonymous

    বৰ ধুনীয়াকৈ সংখ্যাটো সম্পাদনা কৰিলে।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনাৰ লগত বৰ ভাল লাগিল। আগলৈও আমাক দিহা পৰামৰ্শ দি থাকে যেন। আকৌ এবাৰ অভিনন্দন।

    Reply
  • Pranita Goswami

    তোমাকো বহুত মৰম আৰু ধন্যবাদ যাচিলোঁ। এটি মনপৰশা খণ্ড আমাক উপহাৰ দিলা।

    Reply
  • আন্তৰিক অভিনন্দন আপোনালৈ৷ সৰ্বাংগসুন্দৰ সুন্দৰ এটা সংখ্যা আমালৈ আগবঢ়াই দিয়াৰ বাবে আপোনাৰ লগতে সংখ্যাটোৰ আঁৰৰ ব্যক্তিসকলকো শলাগিছোঁ৷

    Reply
  • বন্দিতা জৈন

    অভিনন্দন জনালো আপোনাক টিমৰ,সকলোকে

    Reply
  • জয়ন্ত দাস

    এখন সৰ্বাংগসুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে আপোনাৰ লগতে গোটেই টিম টোকেই অভিনন্দন জনালোঁ৷

    Reply
  • অৰবিন্দ গোস্বামী

    “সংখ্যাটোৰ আঁৰৰ কথা”—পঢ়ি ভাল লাগিল।ফটাঢোল ই-আলোচনী টিমৰ প্ৰশংসা শত্ৰুৱেও কৰিব লাগিব।প্ৰত্যেকে সঁচাই বৰ দায়িত্বসহকাৰে কামখিনি কৰে।
    এইবাৰৰ আলোচনীখন সৰ্বাঙ্গসুন্দৰ হৈছে।আলোচনীখনৰ সফলতাৰ বাবে আন্তৰিক অভিনন্দন জনালোঁ।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *