লিমাৰিক-অনসূয়া বৰঠাকুৰ
(১)
শুনা শুনা সভাসদ কওঁ এটি কথা,
চেনেল পেহীৰ হেনো ঘূৰাইছে মাথা।
যদিও তেওঁ কুমাৰী,
নহয় পিচে বেমাৰী।
ডাক্তৰে চাই বোলে গাত আছে লেঠা !
(২)
জোন বোলা ডেকাটো মোৰদৰেই তপা,
ফটোত দেখিলোঁ তাৰ মূৰত এটা খোপা!
“কেনেকৈ গজিল চুলি?,
কথাটো ক’বানে খুলি”,
সি বোলে “দাদা এয়া ফে’চএপৰ কৃপা”॥
(৩)
ভাত মোক নালাগেই, আছে যদি ৰুটী,
মাছপিচ নিদিবা, কণীকে দিয়া দুটি।
প্ৰেচাৰ, চুগাৰ বেছি,
কিন্তু তেওঁ দিলে যাচি,
না কৰোঁ কি সতে, যিহে জিভাৰ জুতি!
☆ ★ ☆ ★ ☆