ফটাঢোল

বিশেষ্য, বিশেষণ ইত্যাদি-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ  

“গুড মৰ্ণিং বৌ৷“ 

টুথপেষ্টেৰে ফেন বুৰবুৰ হৈ থকা মুখেৰেই বৌক পুৱাৰ সম্ভাষণ জনালোঁ৷ বৌ মোৰ ‘ভাড়া মেট’– মানে আমি একেজন মালিকৰ ঘৰতে ভাড়া থাকোঁ৷ অন্য দিনা হোৱা হ’লে বৌয়ে হাঁহিৰ ডুলি লুটিয়াই মোকো গুড মৰ্ণিং দিলেহেঁতেন কিন্তু আজি বতৰ গোমা৷ আমাৰনো আৰু কি গুড মৰ্ণিং বুলি বৌয়ে দুখৰ বস্তা বাকী দি কাপোৰ ধোৱাত লাগিল৷ 

: অ’ লাড়ুৰ নাম ঠিক হোৱাই নাই মানে..

নকবলগীয়া কথা এষাৰ ব’মৰ দৰে বৌৰ মনৰ নাগাছাকি, হিৰোচিমাত পেলাই দিলোঁ মই৷ ভুল কথা ক’লেই কালী গোঁসানীৰ দৰে মোৰ লেউলেউকৈ ওলাই অহা জিভাখন দুটুকুৰা হৈ যোৱাকৈ কামুৰি ধৰিলোঁ৷ বহুদিন ধৰি স্মাৰক পত্ৰ দিয়া, আমৰণ অনশন, প্ৰতিবাদ কাৰ্যসূচী আদি চলাই  থকাৰ পিছত যেতিয়া শাসনৰ গাডীত বহি থকা দাদাৰ গঁড়ৰ দৰে ডাঠ ছালত অংকুৰিত নোম এডালো লৰাব নোৱাৰিলে, যোৱাৰাতি বৌৱে আমাৰ অসম মুলুকৰ মানুহৰ দৰে জংগী আন্দোলন ঘোষণা কৰিলে,  বিষয় হ’ল সন্তানৰ নাম৷ 

দাদা-বৌৰ প্ৰথম আৰু এতিয়া একমাত্ৰ সন্তান লাড়ু, বয়স দুবছৰ পাৰ হৈছে৷ লাড়ুৰ এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট উলিয়াব পৰা নাই, কাৰণ এতিয়ালৈকে এনেকুৱা নাম এটা পোৱা নাই যিটো দুয়োজনৰে পচন্দৰ হয়৷ বৌৰ মতে নাম হ’ব লাগিব একদম আধুনিক যাতে ল’ৰাই আগলৈ নিজৰ নামটো ক’বলৈ লাজ নাপায়৷ নামটো উচ্চাৰণ যাতে যা তা মানুহে কৰিব নোৱাৰে৷ কিন্তু দাদাৰ মতে নাম হ’ব লাগে সহজ সৰল যাতে মাত ফুটাৰ লগেলগে ল’ৰাছোৱালীয়ে নিজৰ নামটো ক’বলৈ পাৰে৷ এদিনতো দাদাই ল’ৰাৰ নাম চিধাচিধি কমল ৰাখিম বুলি ঠিকেই কৰি পেলাইছিল, পিচে বৌৱে হায়ৈ-বিয়ৈ কৰি টালি-টোপোলা বান্ধি মাকৰ ঘৰলৈ খোজ লোৱাত যেনিবা কমলক বোকাতে এৰা গ’ল৷ বৌৱে গুগোল চলাথ কৰি মাজতে আচৰিত নাম এটা ৰাখিবলৈ লৈছিল যিটো নাম ক’বলৈ ল’লে মোৰ জিভাই গোটেই মুখৰ ভিতৰত খুন্দা থেতেলা খাই ফুৰে৷ দাদা হ’ল সাহিত্য আৰু ব্যাকৰণ ভালপোৱা মানুহ, তেওঁৰ মতে বিশেষ্যতকৈ বিশেষণতহে গুৰুত্ব দিব লাগে৷ বৌক বুজাবলৈ তেওঁ শ্বেক্সপীয়েৰৰ কথাও টানি আনে, বোলে নামত কি আহে যায় গোলাপক গো-ফুল বুলিলেও মিঠা মিঠা সুৱাসেই বিলাব৷ কেছটো নগেনৰ নগেন নে সাহিত্য ক্ষেত্ৰৰ নগেন হোৱা সেইটোহে গুৰুত্বপূৰ্ণ৷ অৱশ্যে বুৰঞ্জীপ্ৰসিদ্ধ নামৰ প্ৰতি দাদৰ দূৰ্বলতা থকাৰ কথা মই জানো৷ বিক্ৰমাদিত্য নামটো তেওঁৰ খুব পচন্দৰ, কিন্তু বৌৰ মতে লগৰ ল’ৰাই লাড়ুক “অ বিক্ৰম, বেতাল ক’ত?“ বুলি জোকোৱাৰ হেনো পূৰ্ণ সম্ভাৱনা আছে৷ এনেকুৱা বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে নাম ঠিক কৰিব পৰা হোৱা নাছিল যদিও এতিয়া সময়ৰ বিপুল দাবীত বৌক লাড়ুৰ বাবে আধুনিক অথচ অৰ্থপূৰ্ণ আৰু ওজন থকা নাম এটা প্ৰয়োজন হৈছে৷ চাৰিমাহমানৰ পিছতে লাড়ুৰ আঢ়ৈ বছৰ হ’ব- প্লে স্কুলত দিয়াৰ সময়৷ এতিয়া নাম নোহোৱাকৈ ল’ৰাটোক স্কুলত কেনেকৈ এডমিশ্যন দিয়াবলৈ নিয়ে! আৰু যদি ল’ৰাটোক সময়মতে মানে আঢ়ৈ বছৰত স্কুলত ভৰ্ত্তি নকৰাই জীৱনৰ মূল্যবান সময় নষ্ট নহ’বনে! এইবোৰ চিন্তাই বৌক হেনো খুলিখুলি খায়৷ আনহাতে দাদাৰ মতে শংকৰদেৱে বাৰ বছৰ বয়সতহে স্কুললৈ গৈছিল যেতিয়া লাড়ু স্কুললৈ ছয় বছৰত গ’লেও একো ক্ষতি নাই৷

: অ’ তুলি তুমিয়ে আমাৰ লাড়ুৰ বাবে ভাল নাম এটা ভাবিবাচোন৷

মোৰ তুলিকা নামটো কাটি বাচি লেপৰ সখীৰ নামেৰে নামকৰণ কৰি দিয়া বৌৰ মাতে মোক ভাৱনাৰ ক্ষেত্ৰৰ পৰা কুঁৱাৰ পাৰলৈ চোঁচৰাই লৈ আনিলে৷ নহয়নো কি, ইমান দিনে ময়ে দেখোন লাড়ুৰ কাৰণে নাম এটা ভাবি উলিয়াব পাৰিলোঁহেঁতেন৷ মুখখন কুলকুলাই কুলকুলাই মগজু ঠাইতে দৌৰাই চালোঁ৷ 

: অ’ বৌ, আপোনালোকেও দেখোন এই ৰাণী মুখাৰ্জী আৰু আদিত্যহঁতে জীয়েকৰ নাম আদিৰা ৰখাৰ দৰে, মাক দেউতাক দুয়োজনৰে নামৰ আগৰ আখৰকেইটা বা পাছৰকেইটা লগলগাই লাড়ুৰ নাম দিব পাৰে৷

কাপোৰ থুকুচিবলৈ এৰি বৌৱে মোৰ উৎসাহেৰে ভাৰাক্ৰান্ত  মুখলৈ এপাক মূৰ তুলি চালে আৰু ফোঁফোঁৱাই ভিতৰলৈ গুচি গ’ল৷ মোৰ কালী গোঁসানীৰ জিভাখন লেউলেউকৈ আকৌ এবাৰ বাহিৰলৈ ওলাই আহিল৷ নামকৰণ কৰিবলৈ পোৱা আনন্দৰ আতিশয্যাতে পাহৰিয়েই গৈছিলোঁ- দাদাৰ নাম গনেশ আৰু বৌৰ নাম ৰুক্মিণী৷

☆ ★ ☆ ★ ☆

2 Comments

  • ??উল্টাপাল্টা কৰিলেও কিন্তু ধুনীয়া নাম নাহে। মজা

    Reply
  • পূৰৱী কাকতী

    ? বঢ়িয়া। তোমাৰ লেখা সঁচাকৈয়ে এৰিব নোৱাৰি।

    Reply

Leave a Reply to পূৰৱী কাকতী Cancel reply

Your email address will not be published. Required fields are marked *