ফটাঢোল

মালতী বুঢ়ীৰ আশীৰ্বাদ-ঈশান জ্যেতি বৰা

অৱশেষত চলিহাক তথ্যটোৰ যোগান ধৰিলে ব্যক্তিগত সচিব ফুকনে৷ ফুকনে তথ্যটো উদ্ধাৰ কৰিয়েই বাঘেখেদা মানুহৰ দৰে দৌৰি আহি চলিহাৰ ওচৰ পালেহি৷ ভাগ্য ভাল যে, চলিহা তেতিয়ালৈকে চাৰ্কিট হাউছতে বহি আছিল৷ পাছবেলালৈ চকৰিগুৰি গাঁৱত নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ কথা৷ গাঁৱৰ মানুহক গৈ কিদৰে ভুৱা সপোন দেখুৱাব লাগে, কিদৰে প্ৰতিশ্ৰুতিৰ উত্তাল বানপানী বোৱাব লাগে, কিদৰে কথাই কথাই  ‘দিম, কৰিম, হ’ব’  বুলি মূৰ জোকাৰি জোকাৰি শলাগি থাকিব লাগে-তাৰেই জোৰদাৰ অনুশীলন চলি আছিল৷ সমুখত থকা আইনাখনলৈ চাই চলিহাই কেইবাটাও সংলাপ ভাওনাত ভীমে মতাদি মাতিলে৷  জ্যোতিপ্ৰসাদৰ কবিতা এটা আগবেলাতে ভুলে-শুদ্ধই টুকি থৈছিল৷ সেইটোও সুযোগ বুজি মুখস্থ কৰি ল’লে৷ দুবাৰমান চকুলো উলিওৱাৰ আখৰাও কৰিলে৷

: ছাৰ, আপোনাৰ কাম হৈ গ’ল৷

হঠাতে পৰ্দাখন দাঙি সচিব ফুকন সোমাই আহে৷

: কোনটো কাম?

চলিহাই মূৰ নদঙাকৈয়ে সোধে৷

: মানুহজনীৰ নাম মালতী বুঢ়ী৷ বয়সে চেঞ্চুৰী কোবায় আৰু! আপোনাৰ কামটোৰ কাৰণে পাৰফেক্ট হ’ব৷

ম’বাইলত তুলি অনা ফটো এখন দেখুৱাবলৈ ফুকন আগুৱাই যায়৷

: অঁ,মানুহজনীক আজি পামনে?

ফটোখন চাই চলিহাৰ মুখমণ্ডল উজ্বলি উঠে৷

: কিয় নেপাব ছাৰ! আমি অলৰেডি খবৰ দিয়েই দিছোঁ৷ বুঢ়ীক ৰেডি কৰি ৰখা হ’ব৷ আপুনি বিশেষ একো কৰিব নেলাগে৷ গাঁওবুঢ়াই ৰসগোল্লা এটা আগবঢ়াই দিব৷ আপুনি কেৱল চামুচখন নি বুঢ়ীৰ মুখত সুমুৱাই দিলেই হ’ল৷ তেতিয়াই আমাৰ ফটোগ্ৰাফাৰে ধুনীয়াকৈ ফটো এখন তুলিব৷ সমুখত আটাইবোৰ মিডিয়া থাকিব৷ লগে লগে টিভিত লাইভ৷ ইপিনে টুইটাৰ আৰু ফে’চবুকত আপল’ড৷ কেপচন দিয়া হ’ব-‘অশীতিপৰ আইতাৰ আশীৰ্বাদ বুটলি সাজু হৈছে দেৱকণ্ঠ চলিহা৷’ মোৰ কথা লিখি ৰাখক ছাৰ, গোটেইখন কঁপি যাব!”

কথাষাৰ কওঁতে ফুকনৰ বুকুখন আঠ-দহ ছেণ্টিমিটাৰমান ফুলি উঠা যেন লাগে৷ ছাৰ্টৰ ওপৰফালৰ বুটাম দুটা ওলাই লৰ মাৰিবলৈহে বাকী৷  

: ব’লা তেন্তে৷ ছ’ছিয়েল মিডিয়া কঁপাই দিম আজি৷ ব’লা৷ এতিয়া আগবাঢ়োঁ৷

: অৱশ্যে কথা এটা আছে৷

: কিহে ফুকন!

: মানে বুঢ়ীয়ে এতিয়ালৈকে এটাও চৰকাৰী সাহায্য পোৱা নাই৷ চৰকাৰী চাউলকেইটাও বেছি দামত কিনিহে খাব লগা হয়৷ লেট্ৰিন বুলিবলৈ একো নাই৷ নাই পানী আৰু বিদ্যুতৰ সংযোগো৷

: হেই ফুকন, সেইবোৰ দুদিনতে হৈ যাব৷ তুমি মাত্ৰ জাৰ্ণিটো প্লেন কৰা৷

 ফুকনৰ মুখত নেতিবাচক কথাবোৰ শুনি চলিহাৰ খঙেই উঠে৷ ফুকনক তাতে এৰি তেওঁ কোঠাৰ পৰা ওলাই আহে৷

দুখন স্কৰপিঅ’, তিনিখন পুলিচৰ জীপ, এখন এম্বুলেন্স সহিতে ৰাজনৈতিক নেতা আৰু দলৰ ষ্টাৰ কেম্পেইনাৰ চলিহাৰ বিয়াগোম কনভয়টো ক্ৰমাৎ চকৰিগুৰি গাঁৱৰ পিনে আগবাঢ়ে৷ এইখন গাঁৱলৈ চৰকাৰী আঁচনিৰ গোন্ধটোহে আহে৷ বস্তু-দ্ৰব্য নাহে৷ চহৰৰ ব্লকৰ অফিচৰ পৰা গাঁওখন বহু দূৰৈত৷ ইমান দূৰলৈ আঁচনিক অনা যায় কেনেকৈ! গতিকে আধাবাটতে আঁচনি অপহৃত হয়৷ অৱশেষৰ নামত ফুটাকড়ি অকণো নাহে৷ ৰাস্তা-পদূলিৰ অৱস্থা নৰকতকৈও দুৰ্গম৷ ওখ-ওখ শিলগুটিৰ ওপৰত গাড়ীৰ চকাকেইটা পৰি জোলোকা-জোলোকে পানী খাইছে৷ এটা ঠেকেচনিত চলিহাৰ মূৰটো এক ইঞ্চি ওপৰলৈ উঠি যায়, সচিব ফুকনৰ গাটো তিনি ইঞ্চি সোঁফালে চুঁচৰি আহে৷ ইমান কষ্ট স্বীকাৰ কৰিও চলিহা আজি এইখন গাঁৱলৈ অহাৰ একমাত্ৰ কাৰণটো হৈছে-ভোট৷ গাঁওখনত মুঠ এশটা জীয়া জীয়া ভোট৷ কেনেবাকৈ মানুহজাকক সৈমান কৰাই ভোটকেইটা সৰকাব পাৰিলে প্ৰতিদ্বন্দ্বী কেওটতকৈ আগুৱাই থাকিব পৰা যাব৷ ৰাইজে ভোটটো ফ্ৰিতে দিব নালাগে নহয়৷ ইমান কেঁচা কাম চলিহাই অন্ততঃ নকৰে৷ ভোটৰ বিনিময়ত ৰাইজে পাব বাৰ কুইণ্টল সপোন, সাত হাজাৰ লিটাৰ প্ৰতিশ্ৰুতি, তেৰশ মিটাৰ দীঘল আঁচনি৷ আৰু কিবা লাগেনে!

‘মালতী বুঢ়ীৰ ঘৰলৈ কিমান দূৰ আছে’- চলিহাই ফুকনক উক্ত প্ৰশ্নটো পাঁচ মিনিটৰ মূৰে মূৰে সুধি সুধি ব্যতিব্যস্ত কৰি ৰাখিছে৷ ফুকনেও ফোনটোৰ জিপিএছটো লিৰিকি-বিদাৰি একজেক্ট লোকেশ্যন উলিয়াবলৈ অহৰহ প্ৰয়াস কৰি আছে৷ গাঁৱত ইণ্টাৰনেটৰ অস্তিত্ব পাবলৈকে নাই৷ তথাপিতো ফুকনে ‘পালোঁহিয়েই আৰু, আৰু দহ মিনিট, আৰু পাঁচ মিনিট….’ বুলি সঁহাৰি জনাই গালি নোখোৱাকৈ নিজকে ৰক্ষা কৰি আহিছে৷ 

: ছাৰ, মানুহ একেবাৰে দলদোপ-হেন্দোলদোপ! আপোনাৰ দৰ্শন পাবলৈ সকলো সাজু৷

চালকৰ কাষতে বহি থকা চক্ৰধৰে সাংবাদিক ধনেশৰ পৰা গ্ৰাউণ্ড জিৰ’ ৰিপৰ্টটো সংগ্ৰহ কৰি গৌৰৱেৰে চলিহাক জনালে৷ চলিহাই মিঠা হাঁহি এটা উলিয়াই চক্ৰধৰক চাব্বাচি দিলে৷ 

: ফুকন মন কৰিব যে, বুঢ়ীৰ আশীৰ্বাদটো লৈ থাকোঁতে দহ-বিশখন ফটো মৰা হয়৷ পাছত আমি এংগলবোৰ চাই চাই বেষ্ট ফটোখন শ্বৰ্টলিষ্ট কৰিম৷ ফটোখন চাই ৰাইজৰ চকুপানী বৈ অহা হ’ব লাগিব৷ নিৰ্বাচনৰ আগত চিম্পেথিটোৱেই মেইন৷ আৱেগ য’ত, ভোটো ত’তেই৷

: হয় ছাৰ৷ আমাৰ প্লেন ৰেডি৷ মাত্ৰ এতিয়া জেগা পালেগৈয়েই হয় আৰু৷

চলিহাৰ ভাৱাৰ্থ বুজি পাই আত্মবিশ্বাসী ফুকনে হাততে থকা কাগজখন উলিয়াই দেখুৱালে৷ তাতেই কাৰ্যসূচীখন একাদিক্ৰমে লিখি থোৱা আছে৷ সূচীখন দেখি চলিহাই সন্তোষৰ হাঁহি এটা মাৰিলে৷

আবেলি চাৰিটামান বাজিছিল৷ চলিহাৰ কনভয়টো গৈ চকৰিগুৰি গাঁৱৰ পৰিসীমাত প্ৰৱেশ কৰে৷ দেখা গ’ল, এজাক পিলিকা-পিলিক ল’ৰা-ছোৱালী গাড়ীবোৰৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিছে৷ পদূলিতে ৰৈ থকা মহিলাসকলেও গতি আগবঢ়াই ক্ৰমাৎ গাড়ীৰ পিছে পিছে খোজ কাঢ়িছে৷ ভাৰতীয় ছবিৰ এগৰাকী মহানায়ক ৰজনীকান্তৰ অন্যতম ‘ফেন’ চলিহাই গাড়ীৰ ভিতৰৰপৰাই ৰজনীকান্তৰ ষ্টাইলত ৰাইজলৈ হাত জোকাৰিবলৈ ধৰে৷ মুখত এমোকোৰা হাঁহি৷ সচিব ফুকনেও মানুহৰ সমাগম দেখি ‘মিছন’ মোটামুটি সফল হোৱা বুলিয়েই ভাবিলে৷ 

কিছুবেলিৰ মূৰত এশবছৰীয়া মালতী বুঢ়ীৰ জুপুৰিটোৰ পদূলিত গাড়ীখন ৰ’লগৈ৷ চলিহাই গাড়ীৰ দুৱাৰ খুলি ওলাই আহিল৷ মুহূৰ্ততে মিডিয়াই হেঁচা মাৰি ধৰিলে চলিহাক৷ ফুকন ক’ৰবাতে লুকাল৷ ব্লকৰ উন্নয়ন বিষয়াই নাৰ্জিফুলৰ প্ৰকাণ্ড মালা এডাল চলিহাৰ আহল-বহল ডিঙিত ওলমাই দিলেহি৷ তাৰপিছত মালা পিন্ধাবলৈ দৌৰি দৌৰি আহিল চলিহাৰ চিৰলগৰীয়া তৈলমৰ্দনকাৰী বাহিনীটো৷ বাহিনীটোৰ প্ৰধান বিষয়া কৃপালু মজুমদাৰে তেলৰ বটল এটা লগতে লৈ ফুৰে৷ চাঞ্চ পালেই সানিবলৈ৷ আজি তেওঁ ধাৰা ব্ৰেণ্ডৰ উৎকৃষ্ট তেলটো আনিছে৷ তাৰে এপোৱামান তেল চলিহাৰ দুয়োখন ভৰিত সানি মজুমদাৰে বাকীখিনি ৰাইজৰ মাজলৈ দলিয়াই দিলে৷ বহুদিন তেলৰ গোন্ধ নোপোৱা দুজনমান গাঁৱলীয়াই তেলকণ সোণপানী মিহলোৱা গংগাজলৰ দৰে সাবটি ধৰিলে৷

: আহক, আহক৷

আগে আগে বাট দেখুৱাই ক’ৰবাৰ পৰা অহা ফুকনে চলিহাক ক্ৰমাৎ মালতী বুঢ়ীৰ জুপুৰিটোলৈ সুমুৱাই নিয়ে৷ পিছে পিছে গৈ থকা দুজনমানে জুপুৰিটোৰ লগত ছেলফি উঠি ইতিমধ্যেই ছ’ছিয়েল মিডিয়াত আপলোড কৰিলেই৷ হেছটেগ গাঁৱৰ নিভাঁজ পৰিৱেশ৷ পিচে ইণ্টাৰনেটৰ দুৰৱস্থাৰ বাবে আপলোড নোহোৱাত আম্বানীক ঠিকমতে ককৰ্থনা কৰিলে৷

চলিহা, ফুকন, মিডিয়াৰ সদস্যসকল আৰু অগ্ৰণী ফটোগ্ৰাফাৰজনে মালতী বুঢ়ী বহি থকা পিৰাখনৰ ওচৰ পালেগৈ৷ বুঢ়ীয়ে পিৰাখনতে বৰ সন্তোষ মনেৰে বহি আছে৷ এনেকুৱা অমলিন হাঁহি আগতে বুঢ়ীৰ মুখত দেখা পোৱা নগৈছিল৷ ৰাইজে ‘আইতাৰ হাঁহি চা’ বুলি কিৰিলি পাৰিছে৷ চলিহাইও বৰ ৰস পাইছে৷ সময় নষ্ট নকৰি তেওঁ ফুকনৰ হাতৰ পৰা ৰসগোল্লাৰ পেকেটটো লৈ তাৰ পৰা এটা গোল্লা প্লেটত ৰাখে৷ তাৰপিছত অতি কোমল মাত এটা উলিয়াই কয়-

: আইতা, আশীৰ্বাদ দিয়ক৷ এইবাৰ যেন আমি নিৰ্বাচনত জয়ী হওঁ৷

ৰসগোল্লাটো মুখৰ ওচৰলৈ আগবঢ়াই চলিহাই কাকূতিৰ সুৰত কয়৷

“আইতা,এইফালে চাওক আকৌ৷”

ফুকনে সহযোগী শিল্পীৰ দৰে মাত লগায়৷

“আইতা..৷ কি হ’ল, আইতাৰ মুখৰ হাঁহি নুগুচা হ’ল যে৷ হ’ব দিয়ক-এইফালে চাওক আকৌ!”

মিডিয়াৰ ফালৰ পৰা কোনোবা এজনে ৰিঙিয়ায়৷ তৈল-মৰ্দনকাৰী বাহিনীৰ সদস্যগণো ‘দেৱকণ্ঠ চলিহা জিন্দাবাদ’ৰ ধ্বনি দিবলৈ ৰেডি৷ 

“আইতা…”

ফুকনে মালতী বুঢ়ীৰ গাটো অলপ আগুৱাই আহি জোকাৰি দিয়ে৷ সকলোকে অবাক-বিস্মিত কৰি বুঢ়ী লগে লগে বাগৰি পৰে৷ পৰোঁতে অদ্ভুত শব্দ এটা হয়৷ বুঢ়ীৰ দেহত মাংস মোটামুটি নায়েই৷ গোটেইবোৰ হাড়েই৷ বোধহয় সেই হাড়বোৰৰে শব্দ৷

ৰাইজ থতমত খায়৷ কি হ’ল আকৌ !

“আইতা.. অ’ আইতা..!”

চলিহাই আৰ্তনাদ কৰি উঠে৷

“অঁ, বুঢ়ী সিফলীয়া হ’ল হ’বলা!”

মালতী বুঢ়ীৰ জুপুৰিটোৰ একমাত্ৰ দুৱাৰখনেদি সোমাই অহা তিনিজনমান মানুহে বুঢ়ীৰ শ্বাসক্ৰিয়া পৰীক্ষা কৰিলে৷ তাৰপিছত মূৰটো লৰাই ইংগিত দিয়ে৷ বুঢ়ী মৰিল৷ তাৰমানে চলিহাৰ আশীৰ্বাদ লোৱা নহ’ল৷ 

চলিহাইনো আৰু কি কৰিব! ফুকনক ক’লে-

: এইটো অঞ্চলত আৰু কোনোবা বুঢ়ী মানুহ আছেনে-খবৰ কৰাচোন৷ আশীৰ্বাদ এটা লাগে৷

☆ ★ ☆ ★ ☆

2 Comments

  • Rintumoni Dutta

    ক্ষুৰধাৰ

  • ৰাজশ্ৰী শৰ্মা

    বিৰাটেই ভাল লাগিল পঢ়ি। তীক্ষ্ণ ব্যংগ

error: Content is protected !!