ফটাঢোল

কভী খুছী, কভী গম-স্বপ্নালী বৰদলৈ

এঠাইত বহি আছোঁ মোবাইল টিপি টিপি। এবাৰ ফেচবুকৰ প’ষ্ট এটা দেখিলোঁ  কোনোবা মহিলা এগৰাকীয়ে ফটো দিছে, ব্যায়াম কৰি ক্ষীণ হোৱাৰ আগৰ হাতী যেন চেহেৰাৰ ফটো এখন, আনখন ক্ষীণ হোৱাৰ পিছৰ লাহি-পাহি ফিগাৰৰ ফটো। কাষতে বহি থকা এগৰাকীক শকত হৈ থকা ফটোখন দেখুৱায়।  

মই লেনিয়াই সুধিলোঁ, 

: চোৱাচোন মই বাৰু এনেকুৱা শকত নেকি? 

তাই ক’লে,

: ইইই.. নহয় দেই বা, আপুনি এই ক্ষীণ হৈ থকাখনৰ নিচিনাহে দেই।

মই : সঁচাই কৈছাতো?

তাই : মই মিছা কিয় ক’ম বাৰু? সঁচাই কৈছোঁ বিশ্বাস কৰক।

মই মানে কি ক’ম  আৰু! “আজ মে ওপৰ, আচমা নিছে” বুলি যেন এপাক ঘূৰিয়েই দিওঁ!

ইটনি খুচি… ইটনি খুচি..!

তেনেকুৱাতে অন্য এগৰাকীৰ প্ৰৱেশ। বহুতদিনৰ মূৰত আহিছে। লকডাউনৰ আগৰ জেংখৰি যেন চেহেৰাৰ মানুহ গৰাকীৰ এতিয়া ভীমকল গছৰ গুৰি যেন চেহেৰা দেখি সকলোৱে হায়ৈ বিয়ৈ কৰি উঠিল। মই মোৰ ফটা মুখখন চম্ভালিব নোৱাৰি কৈয়েই উঠিলোঁ,

: ৱাহ বহুত শকত হৈ গ’ল দেখোন!

 মোৰ কথা শুনি তেওঁ উত্তৰ দিলে, 

: এতিয়াতো বহুত ক্ষীণালোৱেই, মাজতেতো মই আপোনাৰ দৰে মোটকী হৈ গৈছিলোঁ!…

কথা শুনি মই তাতে থৰ লাগিলোঁ।

ইটনি দুখ… ইটনি দুখ…!

বাকী সকলে মুখ টিপি টিপি হাঁহিবলৈ ধৰিলে। মোৰ কাষৰ গৰাকীলৈ চালোঁ। তাই একো যেন শুনাই নাই এনে ভাৱত  দূৰলৈ চাই আছে। বহু দূৰৈত থকা বাঁহ গছকেইজোপাত কেইটা বগলী পৰি আছে হিচাপ কৰাত যেন তাই ব্যস্ত !

মোৰ হাতৰ তলুৱা দুখন চালোঁ। কোনোবা এডাল ৰেখাত ক্ৰাইম এটা কৰিম বুলি লিখা আছে নিশ্চয়!

☆ ★ ☆ ★ ☆

One comment

  • অবিনাশ পীড়াকটা

    সুন্দৰ লিখা।

    Reply

Leave a Reply to অবিনাশ পীড়াকটা Cancel reply

Your email address will not be published. Required fields are marked *