ফটাঢোল

ক্লেৰেন্স.!!!  দক্ষিণ আফ্ৰিকাৰ অন্য এক মুকুটা -অগ্নিভ দত্ত

দক্ষিণ আফ্ৰিকাত থকাৰ পৰা সুবিধা পালেই ফুৰিবলৈ ওলাই যোৱাটো এটা অভ্যাসৰ দৰেই হৈছেগৈ! শনিবাৰ, দেওবাৰৰ লগত এদিন দুদিন ছুটি বা বন্ধ  মিলাব পাৰিলে দুৰাতি তিনিৰাতিৰ বাবে ক’ৰবালৈ নহয় ক’ৰবালৈ যোৱা হয়েই! তেনেকৈ বন্ধ পালে বছৰটোত অন্ততঃ এবাৰ যোৱা হয় ঘৰৰ পৰা বৰ বেছি দূৰ নহয় অথচ অতি মনোমোহা ঠাই এখনলৈ! তাত গৈ পোৱাৰ পাছত যেন সমস্ত ভাগৰ যোগৰ নোহোৱা হৈ পৰে! 

ক্লেৰেন্স (Clarens)! সৰু টাউন এখন ফ্ৰী ষ্টেটৰ৷  জনসংখ্যা বুলিবলৈ প্ৰায় ৬০০০ মান৷ মানুহৰ মুখে মুখে শুনিয়েই কণমানি টাউনখনলৈ গৈছিলোঁ কেইবাবছৰো আগতেই৷ প্ৰথমবাৰ যাওঁতেই প্ৰেমত পৰিছিলোঁ আমিবোৰে অকণমানি টাউনখনৰ৷ আমাৰ বাসস্থানৰ পৰা ৩০০ কি:মি: মান দূৰত্বত অৱস্থিত টাউনখনলৈ দুই তিনিদিনৰ সময় ওলালে তেতিয়াৰে পৰা গৈ আহিছোঁ পাৰিলে বছৰত এবাৰ৷

যোৱা বছৰ মাৰ্চ মাহৰ শেষৰ ফালে ক্লেৰেন্সত তিনি ৰাতিৰ কাৰণে এটা চেল্ফ কেটাৰিঙৰ সুবিধা থকা ঘৰ বুক কৰিছিলোঁ যদিও ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ বাবে ক্লেৰেন্সলৈ যোৱাটো কেঞ্চেল কৰি থ’লোঁ! তাৰ আগতে শেষ বাৰৰ বাবে ২০১৮ চনৰ শেষৰ ফালে ক্লেৰেন্সলৈ গৈছিলোঁ! 

ক্লেৰেন্সলৈ যাওঁতে ৰাস্তাৰ কাষে কাষে অসংখ্য বগা আৰু বেঙুনীয়া ৰঙৰ ফুলেৰে ভৰি থাকে যদিহে ফেব্ৰুৱাৰী, মাৰ্চ মাহত যোৱা হয়! সেই বিশেষ ফুল বিধক কচমচ বুলি জনা যায়! উল্লেখযোগ্য যে কচমচ ফুলৰ সংখ্যা বগা বা বেঙুনীয়া বেছি হোৱা মানেই সেই বছৰটোত শীত কাল বেছি বা কম ঠাণ্ডা হোৱাৰ সংকেত বুলি প্ৰচলিত ধাৰণা চলি আহিছে! সেই ফুলৰো আকৌ এক ইতিহাস আছে সেয়া পাছত এদিন পাতিম! 

ক্লেৰেন্সলৈ গ’লে আমি ঘৰৰ পৰা খুব সোনকালেই ওলাওঁ কাৰণ ৰাতিপুৱা ৰাস্তাত কিছু ভীৰ কম হোৱাৰ লগতে হেইবৰ্ণ নামৰ সৰু টাউনখনৰ মাজেদি যোৱা ৰাস্তাটো অতি মনোমোহা! ৰাস্তাৰ চৌদিশে বিঘাই বিঘাই খেতি বাতি, কেৱল সেউজীয়া আৰু সেউজীয়া, আৰু উল্লেখযোগ্য যে ৰাতিপুৱাই তেনেকৈ ওলাই গ’লে কেতিয়াবা সেই খেতি পথাৰবোৰৰ মাজত ৰাস্তাৰ কাষতেই হওক বা ৰাস্তা পাৰ হৈ যোৱা লতামেকুৰী বাঘো দেখাৰ সৌভাগ্য হয়! 

আৰু এটা কথা ঘৰৰ পৰা সোনকালে ওলালে ৰাস্তাত কোনোবা এখন সৰু টাউনত কফি একাপ লগতে সৰুকে ব্ৰেকফাষ্টটো কৰি ক্লেৰেন্স টাউনৰ মাজ মজিয়াত থকা সুন্দৰ ৰেষ্টুৰেণ্টবোৰত ৰাতিপুৱাৰ জলপানটো গ্ৰহণ কৰাৰ এক বিশেষ আমেজ পোৱা যায়! ৰাতিপুৱাই টাউনখন যেন সূৰ্য্যোদয়ৰ লগে লগে খেলি উঠে! চাৰিওফালে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়! কোনোবাই তাৰ পৰা ট্ৰেকিং কৰিবলৈ যায়, কোনোবাই আকৌ তাৰ পৰা ড্ৰেকেন্সবাৰ্গৰ পাহাৰ ফুৰিবলৈ ওলাই যায়! 

এই সৰু টাউনখনৰ জন্মৰো এক ইতিহাস আছে৷ আজিৰ ক্লেৰেন্স টাউনখনৰ ঠাইকণ আছিল ব’ৰ (Boer) সকলৰ শাসনাধিষ্ঠিত অঞ্চলৰ অংশ৷ ব’ৰসকল হ’ল শেতাংগ আফ্ৰিকানসকল৷ আচলতে ডাচ্চ মূলৰ আফ্ৰিকানসকল৷ ডাচ্চসকলে সোতৰশ শতিকাত প্ৰথম আহি কেপ অঞ্চলত খোপনি পুতিছিল আৰু নেডাৰলেণ্ডৰ পৰা যথেষ্ঠসংখ্যক মানুহ আহি তাত বসবাস কৰিবলৈ লৈছিল৷ 

কিন্তু তাৰ পাছত এটা সময়ত বৃটিছসকলো আহি তাত উপস্থিত হ’লহি৷ প্ৰতাপী বৃটিছসকলৰ হেঁচাত লাহে লাহে ব’ৰসকল দক্ষিণৰ ফাললৈ গতি কৰিবলৈ ধৰিলে আৰু ট্ৰেন্সভাল আৰু অৰেঞ্জ ফ্ৰী ষ্টেট গঢ়ি তোলে৷ দুয়োখনৰে স্বতন্ত্ৰ ৰাষ্ট্ৰপতি আছিল৷ এই ব’ৰসকলৰ লগত হোৱা প্ৰথমখন যুদ্ধত (১৮৮০-৮১) বৃটিছ পৰাজিত হৈছিল৷ প্ৰথমখন যুদ্ধত ব’ৰসকলৰ কমাণ্ডাৰ আছিল প’ল ক্ৰুগাৰ, পাছত প’ল ক্ৰুগাৰ ট্ৰান্সভালৰ ৰাষ্ট্ৰপতি হৈছিলগৈ (১৮৮৩-১৯০০) কিন্তু দ্বিতীয়খন যুদ্ধত (১৮৮৯-১৯০২) ব’ৰসকলে বৃটিছৰ ওচৰত শিৰনত কৰিব লগা হৈছিল আৰু বৃটিছৰ বশ্যতা স্বীকাৰ কৰিব লগা হৈছিল৷

১৯১০ আৰু ১৯১১ চনত দুজন কৃষকে ৫০ পাউণ্ডকৈ দামত দুটুকুৰা মাটি বিক্ৰী কৰিছিল এখন গাঁও বনাবৰ কাৰণে এটা কোম্পানীক৷ ১৯১২ চনত সেই কামৰ বাবে কমিচন বহে আৰু গাঁওখনৰ নাম ৰাখে ক্লেৰেন্স৷ ক্লেৰেন্স নাম ৰখাৰো আন এক কাৰণ আছিল৷ ব’ৰসকলৰ হিৰ’ পল ক্ৰুগাৰ বৃটিছৰ হাতত পৰাস্ত হৈ ছুইজাৰলেণ্ডৰ  ক্লেৰেন্স নামৰ ঠাই এখনত স্ব-নিৰ্বাসিত জীৱন যাপন কৰিছিল মৃত্যু পৰ্য্যন্ত৷ পল ক্ৰুগাৰৰ সোঁৱৰণতেই গাঁওখনৰ নাম ক্লেৰেন্স ৰখা হয়৷

পাহাৰ পাহাৰ আৰু পাহাৰ! তাৰ মাজতেই এই ক্লেৰেন্স টাউনখন৷ ড্ৰেকেন্সবাৰ্গ মাউণ্টেইন ৰেঞ্জ, মালুটি মাউণ্টেইনেৰে আগুৰি আছে অকণমানি ক্লেৰেন্সক৷ কেতিয়াৰপৰা সৰু টাউনখন পৰ্য্যটকৰ আকৰ্ষণৰ কাৰণ হৈ পৰিল সেইটো নাজানিলেও ১৯১২ চনত স্থাপন হোৱা সৰু গাঁওখন আজি পৰ্য্যটকৰ অন্যতম কেন্দ্ৰবিন্দু৷ সৰু টাউনখনৰ আবাসীৰ সংখ্যা প্ৰায় ৬০০০ ৷ টাউনখনৰ মানুহৰ খেতিবাতিৰ লগতে উপাৰ্জনৰ মূল উৎস হ’ল পৰ্য্যটন৷ 

সৰু টাউনখনত বৰ্তমান প্ৰায় ৩৫০ টা ব্যৱসায়িক প্ৰতিষ্ঠান আছে৷ সেই প্ৰতিষ্ঠানসমূহ মূলত হ’ল হোটেল, ৰেষ্টুৰেণ্ট, আৰ্ট গেলাৰী, সৰু সৰু দোকান ইত্যাদি৷ এই সৰু টাউনখনলৈ বছৰি বিভিন্ন ঠাইৰ পৰা অহা পৰ্য্যটকৰ সংখ্যা প্ৰায় তিনি লাখমান৷ তাৰে সৰহ সংখ্যকেই টাউনখনত অন্তত এটা নিশা যাপন কৰে৷

বৰ্তমান টাউনখনত তিনিখন ডাঙৰ হোটেল (ৰূম  ৫০ ৰ পৰা ১০০ লৈ) অৱস্থিত৷ কিন্তু হোটেলতকৈ ডাঙৰ ব্যৱসায় হৈছে বেড এণ্ড ব্ৰেকফাষ্ট ( B&B)৷ টাউনখনত এটা নিশাত প্ৰায় ৪০০০ মান মানুহে নিশা যাপন কৰিব পৰাকৈ ব্যৱস্থা আছে৷ প্ৰায়বোৰ ঘৰৰ লগতে বেড এণ্ড ব্ৰেকফাষ্টৰ ব্যৱস্থা আছে, লগতে সৰু সৰু ল’জ আছে৷ দুটাৰ পৰা দহটা পৰ্য্যন্ত ৰূম থকা৷ 

টাউনখনৰ অন্যতম আকৰ্ষণ হৈছে টাউনখনত থকা আৰ্ট গেলেৰীবোৰ। তাৰ স্থানীয় মানুহৰ ওপৰিও দেশখনৰ বিভিন্ন ঠাইৰ পৰা অহা আৰ্টিষ্টৰ আৰ্ট প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ ব্যৱস্থা আছে৷ সেইবোৰ দেশ বিদেশৰ পৰ্য্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷

আনহাতে মালুটি মাউনণ্টেইন ৰেঞ্জৰ চেণ্ড ষ্টনৰ আকৰ্ষণীয় দৃশ্যই সকলোকে মোহিত কৰাৰ লগতে সেই পৰ্বতলানিত ট্ৰেকিং কৰা, হৰ্চ ৰাইদিং আদিৰ দৰে বিভিন্ন খেলায়ো অসংখ্য পৰ্য্যটকক আকৰ্ষণ কৰে৷ তাৰ ওপৰত ভিত্তি কৰিও ব্যৱসায় গঢ়ি উঠিছে৷ আনহাতে ৰেষ্টুৰেণ্টৰ ব্যৱসায়ো সেই অকণমানি টাউনখনৰ অন্যতম আকৰ্ষণ৷ 

অকণমানি টাউনখনত মেকডনাল্ড, কে এফ চি আদিকে ধৰি কোনো বৃহৎ প্ৰতিষ্ঠানৰ ব্যৱসায় তাত নাই, মানে তাত এতিয়ালৈ দিবলৈ দিয়া হোৱা নাই৷ তাৰ স্থানীয় মানুহৰেই প্ৰায় সকলো ব্যৱসায় প্ৰতিষ্ঠান৷ মুঠতে সৰু টাউনখনত কেৱল পৰ্য্যটকৰ ওপৰতেই ভিত্তি কৰি সবল অৰ্থনীতি গঢ়ি উঠিছে৷ স্থানীয় তথ্যৰ মতে ক্লেৰেন্স টাউনৰ বজাৰ প্ৰায় ৩০০ কোটি বছৰি৷ উল্লেখযোগ্য যে এই গোটেই প্ৰক্ৰিয়াটোত চৰকাৰৰ পোনপটীয়া অৰিহণা বিশেষ নাই৷ 

কেৱল বিদ্যুৎ, পানী আৰু ৰাস্তা পদুলিৰ সুন্দৰ ব্যৱস্থা কৰি দিছে বাকী সকলো গঢ়ি উঠিছে ব্যক্তিগত উদ্যোগীৰ প্ৰচেষ্টাত৷ মুঠতে সকলো ফালৰ পৰা পৰ্য্যটকৰ কাৰণে এক সুন্দৰ পৰিবেশ গঢ়ি উঠিছে সকলোৰে ব্যক্তিগত প্ৰচেষ্টাত ৷ ক্লেৰেন্সলৈ যাওঁতে প্ৰত্যেকবাৰেই মনলৈ আহে অসমৰো কিছুমান সৰু সৰু ঠাইকলৈ এইদৰে পৰ্য্যটনেৰে এক সবল অৰ্থনীতি গঢ়ি তুলিব পৰাৰ সম্ভাৱনা যথেষ্ট আছে৷ চৰকাৰৰ কাম হ’ব লাগিব আন্তঃগাঠনি ঠিক ঠাক কৰি দিয়াৰ৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *